সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৮ )


পৰৰ সুখতে সুখী, দুখত কাতৰ,
 নাই মোৰ হিংসা অভিমান।

⸻:০:⸻



স্মৃতি




ৰিনিকি ৰিনিকি দেখি  আশাৰ প্ৰতিমা
 হিয়া উঠে সজাগৰ হৈ,
ধিমিকি ধিমিকি জলে  কল্পনা প্ৰদীপ
 মনচিত বিয়াকুল কৈ।
কোনোবা দেশৰ পৰা উটিবুৰি অহা,
 কোনোবা কালৰ কথালৈ,
হিয়াৰ মাজেদি বয় সুখ দুখ ভৰা,
 অচিন এসুঁতি সৰুনৈ।
অতীত গৌৰব স্মৃতি থিতলয় আছি
 হৃদয়ৰ পদুম পাতত,
ভাবৰ অনন্ত সোঁত তলবল কৈ
 নাচি বাগি আহে বতাহত।
অতীজৰ কথাবোৰে মাৰেহি ভুমুকি
 আহি যেন হিয়া খুন্দিৱাই
নিৰুৎসাহে ঢকা দেখি হৃদয় আকাশ
 যাব খোজে উলটি দুনাই।