এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
মৃত্যু সঞ্জীবনী সেই মহামন্ত্র গাই মৃত প্রাণ জগোৱা দুনাই । আশাৰ প্ৰতিমা হেৰা লাজমুৱা হৈ লুলুকাৱা দুৰণি হাবিত, তোমাক পূজিম বুলি অজলা প্রজাই কইছেহি ফুল, ফুলনিত । অমিয়া ৰূপৰ সেই অমিয়া করুন। নিম্নগৰে পৰা ঢালিদিয়া, মঙ্গল মলয় ছাটি ৰিব ৰিব কৰে শেবকৰ শিৰত বলোৱা । -:0:- আবাহন । আহা আজি নৃপবৰ লোঁবাহি তোমাৰ শেষ গৌরবান্বিত বিজয় কিৰীটি, লোৱাহি পুনৰ সেই দিল্লি নগৰীত দিল্লীশ্বৰ নাম আৰু সৰল ভকতি।