এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আছে শক্তি আগ বাঢ়া (অপঠনীয়)
বহুকাল শুনা একেথিৰে
নাই আজি নাই আৰু জিৰনিৰ ৱেলা,
শোৱা নাই আজি কোনো বীৰে।
⸻0⸻
অন্তৰ্ধান্ অদ্ভূত শিশুটি!
(২৫)
কৰপৰা আহিছিলা অদ্ভূদ শিশুটি
ক'ত হলা অদৃশ্য পূনৰ৷
কিবা প্ৰয়োজন তাকো একোকে নকলা
নুফুটালা ভাব হৃদয়ৰ৷
শূন্যে শূন্যে আহিছিলা মিলিলা শূণ্যত,
এখন্তেক মাথো প্ৰকাশিলা,
মনৰ গোপন কথা মনতে সামৰি
কিয় তুমি নিৰুত্তৰ হলা৷
কিম্বা ভুল ক্ৰমে আহি, স্বগীয় অতিথি।
দুখীয়াৰ পঁজাত নামিলা,
আত্ম ভ্ৰম বুজি পাছে, লাজ বেজাৰত
খন্তেকতে অন্তৰ্ধ্যান হলা?
পোহৰালা দুখীয়াৰ সামান্য পঁজাটি,
পোহৰালা দুখীয়াৰ মন,