এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( 2 ) তুমি মোৰ । সাংসাৰিক জানিত শান্তিৰ নিজৰা তুমি, নিৰাশ্রয় জীৱনত আশাৰ আশ্ৰয় ভূমি হৃদয় বিলত তুমি ৰূপহ পদুম ফুল, চিন্তা ৰূপ সাগৰত বিপদৰ তুমি কুল; কল্পনা বীণাৰ তুমি একেটি শুৱলা সুর, ৰিণিকি ৰিণিকি দেখা লক্ষ্যৰূপ কহিনুৰ । দুখে চেপা জীৱনত সুখ টিপনি বোৰ । তুমিয়েই অধীনৰ ; তুমি মোৰ তুমি মোৰ মৌভৰা বসন্তৰ তুমিয়েই সুখ গীত ; মানস কুঞ্জৰ কুলি, হৰা তুমি মন চিজ ।