এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
হিয়াৰ আভাস ( ৩১) মুখত বিকাশ হাতত অভয় বালা, “হোৱা লোৱ৷” বুলি দিলে হাত তুলি অমৰ বাঞ্চিত মালা, অমত বৰ্ষা শুনিসেই ভাষা স্তব্ধ হল হিমাচল ; নিলগতে যেন দক্ষিন সাগৰো নিৰলে নিমাত হল । উভতিল শুনি ভবিষ্যৎ বানী পৰ্ববত জীয়াৰী নৈ, মলয় সঞ্চাৰী বিহঙ্গৰ দলো শুনি গল ৰৈ ৰৈ ৷ দেবী শৰীৰ ৰেখা পোহৰৰ বিজুলী সঞ্চাৱে পৰি উজলালে ধা আকাশৰ তৰা সৰীৎ সাগৰ গিবি । সহস্ৰ হিয়াৰ সম্মিলনী তাঁৰ সহানুভুতিৰ সুৰ শূন্যর কোলাত উঠি অকস্মাৎ মাৰ গল জুৰ জুৰ । অতীৎ জগায় ভবিষ্য সজায় বাজিল আশাৰ ৰেলু,