সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( . २৬ ) অপাৰ আঁহেৰে গঁঠা কাঠ কিবা কুঁহি ঠাল নোৱাৰো বুজিব, বিচ্ছেদ বতাহে বল কৰি চুৰমাৰ তাৰ তাহানিৰো প্রীতিভাৱ পাৰে মোহাৰিব জানিলা হেতেন সখি অন্তৰৰ ভাব ভাশি আজিও তোমাতে বন্ধা অতিযনেৰে, অকিঞ্চিৎ বাসনায় সন্যাসী বেশেৰে হায় আজিও নিদিৰ পৰা একো নিবিচাৰে। কোৱা সখি, লাগেনে থাকিব সৰল কোমল হিয়া তাহানি সাবতি লোৱা সহস্র কোমল ভাব তোমাৰ আমাৰ ? মনোৰম ভাব এৰি অঠানত মৰি পৰি গোলাপ পাহিৰ দৰে হৈ চাৰখাৰ ? আজিও আজিও সখা তোমাৰ হিয়াতে গঁঠা আছে যত অসম্পূর্ণ হৃদয়ৰ তাঁৰ, বিচ্ছেত বতাহে হায়