এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫১)
নিয়ৰত তিতি থকা গোলাপ পাহীৰ
সৌন্দৰ্য্য সুবাস কনি আনি,
মালতীৰ মনোৰম মধুৰিমা সানি
দিবলৈ তাতো দেখো হানি।
দিব পাৰো মাথো মোৰ অটুট বাসনা
তোমাকে কেৱল ভাল পোৱা,
তোমাৰ হাঁহিত ফুটা প্ৰানৰ হাঁহিটি
বিষাদত বিষাদ অমিয়া।
⸻:0:⸻
সমাচাৰ।
২৪
বৈগল সমাচাৰ সভ্য জগতত
উঠিছে নতুন এটি ঢৌ
কোনে কয় দীপ্তিময় জ্ঞান পোহৰত
চকু কান লৰাবৰ নৌ!
গৰজিছে আতৰত জ্ঞানৰ সাগৰ,
চৌদিশে প্ৰতিধ্বনি তাৰ
উঠিছে নামিছে তাত সহস্ৰ লহৰি,
আদি অন্ত নাই একোষাৰ।
নাৱৰীয়া কতজনে সুথিৰ দৃষ্টিৰে,
দিনে দিনে তুলিছে মানিক,