সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 00 ) জগতত এনে আৰু কত আছে আই বৈ থকা চেনেহ মলয়া, মুখৰ মাতত আৰু কত সৰে আই টোপা টোপে সাদৰ অমিয়া । সৰল নিস্বার্থ তুমি স্নেহৰ নিজৰা, সন্তানক ৰাখিছা উটাই, তোমাৰ পূজাৰ বিধি নেপালো বিচাৰি, জানা যদি কোঁৱা মোক আই । -:0: স্বপ্নৰ বাতৰি । ১৬ গভীৰ তন্দ্ৰাত জগত নিমাত কোন তেঁও অকলৈ । হিমাদ্রি শিখৰ শিতানত বহি চালে ঘুৰি তললৈ ৷ স্নেহত বিহ্বল চকু চল চল মুখত আশ্বাশ বাণী, অপুর্বর জেউতি অমৰ প্ৰকৃতি সাক্ষাৎ দেবী গোঁসাণী ।