এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( 60 ) নিয়তী নিমাতী হল জীনগল কাঁহপৰি, লক্ষ্য পানীগিয়া উৰে পানী পিউ পিউ কৰি । এঠেং পাখিত লৈ এঠেং ডালত লৈ চৰাই ধ্যানত মগ্ন চকুমুদি আছে ৰৈ । হিংসকৰ দুষ্টভাবে মনত ললেহি ঠাই, চক্ক্ কৰি মাথোঁ চকু এটি মেলিচায় । অচল বতাহ যেন সমুলি লাগিল থিৰ, নাই কতো লচৰ গছলতা বনগীৰ । নিৰাশ ৰাগিণী ধৰি ছালত কপৌ পৰি অসাৰ সংসাৰ বুলি দিয়ে কন্ মনমাৰি । বেলিমুৱা কুকুৰৰ বিলাপ বিলৈ শুনি ইনাই বিনাই কান্দে আকাশী চিলনী জনী । চেনেহ গাঁঠিৰ দোল হিয়াই হিয়াই আতি সিচেহি ফুলত পাণী মিলি বাই ভণী দুটি, চতিয়াই একোবাৰ ৰ'দৰ উদ্দেশে আক কিজানি দুৰন্ত ৰ'দ নোহোৱা কৰিব পাৰোঁ । সোআধি বয়সত আগ পাছ লক্ষ কৰি ভৰ আকাশত যেন বেলিয়ে মেলিলে ভৰি । প্ৰকৃতিৰ শৰীৰত সাজৰ সলনি দেখি অদৃশ্য বেগেৰে কোনে আকাশত দিলে লেখি । সন্ধিয়া সন্ধিয়া বুলি অবুজ আখৰ শাৰী, ঢাকিলে আকৌ কেনে ৰহণ এছাটি মাৰি ৷