এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( 14 ) আত্মাৰ সমান ভাবি অন্তৰ আত্মাত চেনেহৰ সৌৰভ ঢালিবা । ছা এক জানহৈ চিনাকি নিদিবা, নাচাকিবা কৃত্রিম মুখাবে, প্রবঞ্চনাৰূপ মহাপাতকৰ সাৰাহাত অতি যতনেৰে । হৃদয় দাপোন খুলি প্রতি নিমিষতে স্তৰে স্তৰে দোষ গুণ চাবা, পৰিলে পাপৰ ছাৰ মচি ততালিকে জগতৰ চকুত ধৰিবা । খন্তেকীয়া দুখ শোকে আবৰিলে মন পাহৰিবা ক্ষনস্থায়ী বুলি, অকলশৰীয়া চাবা এই জীৱনৰ লক্ষ্য আছে নহয় ধেমালি । লগা ভগা সংসাৰৰ সকলো পাহৰি লোঁরা চিন্তা এবাৰ নিজৰ, • নিৰলে কৰ্ত্তব্য তুমি লাগিব সাধিব নিবিচাৰি সহায় আনৰ । পাখিৰ তলত তুমি লুলুকাবা! আৰু. নাথাকিবা আও জনি লৈ, বীরবেশে সোমোৱাহি সৰৰ ক্ষেত্ৰত পতিভাৰ চিন থবলৈ ।