সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(so) জিৰনি । জিনি জিৰনি বুলি কত আছে প্রকৃত জিনি ব্যাকুল সংসাৰ, যেনি চোঁৱা সকলোতে জিৰনিৰ শেষ অশান্তিৰ চিৰ উদগনি । অসীম জগত যাক থিৰ যেন দেখি কলীয়া ভোমোৰাহৈ বোলা তুমি জিৰনি আধাৰ চৌপাশে কৰিছে বিহাৰ । পদুম সূৰ্য্যৰ অপাৰ নক্ষত্ৰ পুঞ্জ আকাশৰ গতি নাই তাৰে৷ অকনো জিৰণি, ইটিক মাজতলৈ ঘুৰিছে সিটিয়ে পৰস্পৰ কৰি টনাটনি । চকুৰ আগত তুমি থিৰ দেখা যাক পৃথিবীৰ গতিত অস্থিৰ, কাৰ্য্যত বিভোল বিশ্ব ঘুৰিছে সততে, অবিৰাম অথিৰ অবিৰ । চকুমন উভয়তে সততে জিলিকে লাগি থকা কামৰ ছবিটি, জিৰণিৰ কেন্দ্ৰ কত নেপোৱা বিছাৰি যেনি চোঁৱা অবাচিত গতি ।