এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( ৪৬ ) প্রাকৃতিক শিক্ষা । দিব্য জ্ঞান লভি যদি পাব খোজা তুমি, নিৰ্ম্মল আনন্দ ময় মনৰ পোহৰ, প্রকৃতি ৰাজ্যত নিতে ফুৰা সযতনে, আছে ভাত অবিৰাম শিক্ষা মনোহৰ । কৰ্ত্তব্য-পালন ব্রত পালিব খুজিলে জগতৰ প্ৰাণ বেলি আদর্শ তোমাৰ, যদিও সামান্য দেখি সামান্য চকুত, অপাৰ কৰ্ত্তব্য জ্ঞান কৰিছে প্ৰচাৰ । ইর্যা ক্রোধ হিংসা যদি ঘিন কৰা তুমি ছিংসকৰ অত্যাচাৰ চোৱা একোবাৰ, ভীষন প্রাণীক কেৱে নকৰে আদৰ, সত্ত্ব ভার মূলমন্ত্র এই জগতৰ । সৌন্দৰ্য্যৰ ছবি আছে প্রফুল্ল ফুলত প্রকাশিছে ঐশ্বৰিক ৰূপ নিৰন্তৰ, অমিয়া হাঁহিৰে যেন হাঁহি চিৰ কাল বিলায় অমৃত ময় শান্তি হৃদয়ৰ । বসন্তৰ বিয়াকুল উলাহৰ ধ্বনি পৰেহি যেতিয়া আহি নিৰল কালত, স্বৰ্গীয় আনন্দ ভাব উপজি মনৰ হৰিনিয়ে দুখ ৰাশি উদ্বিগ্ন প্ৰাণত ।