সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহল বিলনী যুৰি পদুমৰ শাৰী নাচি হাঁহি হৰিৰ্ষত থাকে কতদিন, কিন্তু, সময় অতীৎ হলে পুনৰ শুকাই জনায় অন্তিম কাল হৈ প্রতাহীন । চিৰস্থায়ী জগতত কোনো এটি নাই, ময়মত অহঙ্কাৰ ধাৰনা ভুলৰ, মিচা মোৰ মোৰ বুলি আন্ধাৰ মনত উঠিছে নিতৌ ভাব নানা প্ৰকাৰৰ ৷ অপাৰ ব্ৰহ্মাণ্ড ভেদি দৃষ্টি কল্পনাৰ নিতে যদি দিব পৰা সুথিৰ মনেৰে, অন্তৰৰ পাপ তাপ লুকাব সমুলি, ভৰিব তোমাৰ মন স্বৰ্গীয় প্ৰেমেৰে । মাতৃৰ স্নেহত লবা আদর্শ স্নেহ পিতৃৰ যত্নত পাবা যতনৰ শেষ শিশুৰ হৰিষে দিব মনত হৰিষ তিৰোতাৰ স্বাৰ্থ ত্যাগে নিব চিন্তা ক্লেশ । আকাশি স্বৰ্গ চোৱা পৰ্ববত দেখিলে শিকিব পাৰিবা তাত উচ্চতা মনৰ গম্ভীৰ গাজনী শুনি বাৰিষা মেঘৰ শিকিব পাৰিবা কথা গহীন ভাবৰ । মুনিৰ্ম্মলা নিজৰাৰ কোমল বুকুত মিলাবা সততে নিজা হৃদয়ৰ ভাৰ