এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬ )
বনবাসী।
৪
নিৰ্জম বনৰ মাজ দিব্য প্ৰান্তৰত
থাকোঁ মই অকলে নিৰলে,
বনচৰ লগৰীয়া পশু বিহঁঙ্গম
পাওঁ সুখ ওচৰ চাপিলে।
সংসাৰৰ সুখ দুখ বহুত আঁতৰ
নাহে মোত আশ্ৰয় বিচাৰি,
মায়ামোহ ধেমালিৰ নেলাগে একোকে
আছে মোৰ কল্পনা লগৰী।
দিনৰ দিনটো ঘুৰি মাগিলে মেলানি
পাওঁ ভাল বেলিটিক চাই,
দেবকন্যা সকলোৱে বিবিধ সাজেৰে
সন্ধিয়াক যেতিয়া সজায়।
চাওঁ মই নিজৰাত পহুপোৱালিটি
ঘুৰি ফুৰা পানীৰ আশাৰে,
জিলিকা গছৰ আগ সান্ধ্য কিৰনত
শোভে যেবে খদ্যোৎ মালাৰে।
চাওঁ আৰু আকাশৰ নক্ষত্ৰ পুঞ্জত
জগতৰ অমিয়া মাধুৰী,
নীল আকাশৰ গাত উৰি উৰি ফুৰা
লক্ষ্য ভ্ৰষ্ট বিহঙ্গৰ শাৰী
।