এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
(89) বোৱাই সহস্ৰ ধাৰে স্মৃতিয়ে এতিয়া মন মোৰ বিয়াকুল কৰি ৷ তাহানিৰ আমগছ, কোঁৱাছে৷ এবাৰ জানা যদি পিতাৰ বাতৰি, তোমাৰ তলতে মই উলাহ মনেৰে ফুৰিছিলে৷ পিতৃ- লগ ধৰি । উলাহৰ ৰোল শুনি তোমাৰ কুঞ্জত, দেখি শত অতিথি তোমাৰ, মানস মোহিনী বীণ কানে কাণে মোৰ বাজিছিল নব বাৰিষাৰ । স্বৰগ মৰত ভেদি উলাহ সঙ্গীত উঠিছিল দিগন্ত কঁপাই, সুখত বিভোল মোৰ আলসুৱা মন হৰিষত নিজে মোহ যায় । তোমাৰ সভাত পিতা নাই আজি আৰু তাহানিৰ ধৰ্ম্ম আলোচনা, নুশুনো এসাৰে৷ আজি পুৱানৰ কথা, নাই একো সজ বিবেচনা । ৰীতি নীতি সংসাৰৰ লৰিল বহুত, নাই আৰু সৰলতা ভাব, কোমল স্বভাব বোৰে কঠুৱা আকাৰে প্রকাশিছে উদ্বেগ অভাৰ ।