এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৫ )
এপাহ দুপাহকৈ কেইবা পাহিও
ৰৈ গল্ বছা ফুল্ স্মৃতি চানেকীত।
নোৱাৰি সামৰি থৈ জীবনৰ লীলা
দিলে জাপ সকলোটি মৰন সুতিত,
হেফোলনি আন্দোলনি নোৱাৰি সহিব
উফৰিল দেহাকল কানৰ জুটিত।
জ্ঞানৰ পোহৰলৈ প্ৰান বায়ু উৰি
মাৰগল মহাপ্ৰান বায়ুৰ কোলাত,
কৰুন বিননি আহি মায়াদোল ছিঙ্গি
কন্দুৱালে সকলোকে মৰণ খোলাত।
হোৱা হল যোৱা গল চিনচাব নাই,
স্মৃতিৰ অগনি কুৰা আছে মাথো শেষ,
জীবন মৰণ দুয়ো লুকা লুকি খেলি
ইটিক বিচাৰি সিটি ফুৰিছে অশেষ।
জীবনৰো এটি দুটি অতীৎ কাহিনী
পাৰ হয় লাহে লাহে স্মৃতিৰ পটত,
কালি আছে আজি নাই সকলোটি হায়,
লুকা লুকি খেলি মাথো ফুৰে অবিৰত।
মেঘৰ কোলাতে থাকি চঞ্চলা বিজুলী
কন্দুৱাই খন্তেকতে মেঘক দুনাই,
সন্ধিয়াৰ আগে আগে দূৰ আকাশত
নাচে তৰা পথিকৰ নয়ন জুৰাই।