সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(85) মনৰ জিৰনি নাই নেপোৱা বিচাৰি মায়া আৰু মোহৰ বলত । অনন্ত বিশ্বৰ ছবি আঁকোৱালি লৈ কত ফুৰে জিৰনি বিচাৰি, আদি অন্ত একো ভাৰ উৱাদিহ নাই অন্ধকাৰে ৰাখিছে আবৰি ৷ 0: তাহানিৰ পিতা ১৯ অতীত স্মৃতিয়ে মোক কৰে বিয়াকুল, আহা পিতা মাতাহি এবাৰ, তাহানি লগোৱা কত শত অপৰাধ ক্ষমা কৰা পুত্ৰক তোমাৰ ৷ জানিলো হেতেন যদি একেবাৰে তুমি এৰি যাবা চিৰকাল লৈ । আৰাধ্য দেৱতা মোৰ পূজিলো হেতেন যতনেৰে ফুল তুলি লৈ । কি দোষত একেবাৰে নিৰুত্তৰ হলা কি দোষত এৰি গলা মোক, বিপদত আশ্বাষেৰে কোনে আজি মোৰ শান্ত কৰি পাতলাব শোক ?