সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫২)

তুমিকি নিৰবে ৰবা, মুখলৈ চাই,
 ভাবি এই জীবন অলিক?
এৰা এৰা অলিকতা চকু মেলি চোৱাঁ
 নাই আৰু চকুমুদা দিন,
জ্ঞানৰ পোহৰ নিতে জিলিকি উঠিছে
 অতীতক কৰি প্ৰভা হীন।
এৰিদিয়া নাওখনি উটক আকৌ,
 তুলি আনা নতুন ৰতন,
আহে চোঁৱা ব্যোমজান বায়ুপথ ভেদি
 উঠা তাত নোহোৱা পতন।
ইপাৰে সিপাৰে চোঁৱা মহা সাগৰৰ
 পৰে ৰশ্মি কেনে মনোহৰ!
লোৱাঁ শীঘ্ৰে লোৱাঁ তাত ঢৌ পোহৰৰ
 মেলা মন নহবা কাতৰ।
জ্ঞানৰ পদুম পাহী তুলি আনি দিয়া,
 আছো আমি তোমাৰ আশাতে,
নোৱাৰো নেযাও বুলি পাচ পৰি পৰি
 নাথাকিবা ভয়ত মিচাতে।
তুমি কি নোহোৱা সেই আৰ্য্যৰ সন্তান
 জ্ঞান দাতা নৰ জগতৰ
নাইকি তোমাৰ সেই অতুল্য প্ৰভাব,
 যি তেজত মুগ্ধ দেব নৰ!