এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( 2 ) পবিত্র প্রণয় । হাৰ, ভাব, লাবণ্যৰ মোহিনী ছবিটি নীচ স্বার্থ পৰতাৰ দূৰতে পলায়, মৃত্যুৰো অবাধ্য যাৰ গতি অবিৰাম | হুখ দুঃখ জীবনৰ তুচ্ছ কৰি যায়, হৃদয় মকত যার শাস্তি ধাৰা পৰি বিষাদতো হৰষৰ বাঢ়ে অভিলাষ, মনৰো অগণ্য যার আদর্শ স্বৰূপ, চলন ফুরণ মাথো কার্যত প্রকাশ, এবেলি প্ৰাণত যাৰ পৰিলে পোহৰ কঠিন অন্তৰো পুনু গলি পমি যায়, বহুদূৰ বহুদূৰ বিৰাগ নৈৰাশ, অনন্ত আশাৰ ৰাশি পুনৰ খেলায় । নাই যাও ক্ষণ স্থায়ী স্থল প্রলোভন, নাই যাৰ উৰি ফুৰা স্বভাব স্নেহত, আত্মায় আত্মায় মাথো মিলন বান্ধনি, পবিত্র প্রণয় সেয়ে এই জগতত । -::-