সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩)


আধাফুলা ভাৰখিনি
 তোমাৰ বিকাশ পাই,
জীৱনৰ আশালতা
 তুলি ধৰে জিলিকাই।
ইচ্ছাৰূপ বিমানত,
 জীৱন যুদ্ধত ঘোৰ,
সাৰথি সুধীৰ, নাথ,
 তুমি মোৰ তুমি মোৰ।
বাঢ়ো আগ মাজে মাজে
 কাষ চাপোঁ চাপোঁ বুলি,
সংসাৰ ধুমুহা আহি
 দিয়েহি চকুত ধুলি।
কানিমুনি লাগি কত
 খেপিয়াওঁ আন্ধাৰত,
ঘোৰ ব্যবধান মাথোঁ
 থিয় দেখোঁ সমুখত।
নোৱাৰোঁ চাপিব কাষ,
 থাকা তুমি নিলগতে,
হিয়াত বিকাশ মোৰ
 দিবা মাথো যতে ততে।
মুকলি বতৰ পাই
 জীৱনৰ ক্ষুদ্ৰতৰী,