সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৯ )


স্মৃতিৰ পদুম পাহী  থান বান হৈ
 উটি আহে সোতৰ বুকুত;
আলাই আখানি দেহি  পাহি পাহি হোৱা
 দেখো যেন কল্পনা চকুত।
পুৰনি বীণাৰ সুৰ নেবাজে হিয়াত
 মন প্ৰাণ উল্লাসিত কৰি,
উৎসাহ মলয়ে কিয় নধৰেহি তান,
 সাহ বল নিদিয়ে উজাৰি?
নেলাগে আথানি হব স্মৃতিৰ পদুম,
 প্ৰিয়তম অচিৰে ওলাব,
হেঙ্গুলীয়া বোলসানি মুখত তোমাৰ,
 তোমাৰেই জেউতি চৰাব।
হালি জালি আসনত নাচি বাগি তুমি
 মলয়াক কটকী পাচিবা,
আপোন প্ৰতিভালৈ দশোদিশ যুৰি
 ৰেহৰূপ প্ৰচাৰ কৰিবা।
নেলাগে নিমাতী হব আশাবীণ খনি,
 বাজি উঠা দুনাই এবাৰ,
আৰ্য্য সকলৰ হাতে বাজিলা যিদৰে
 মুগ্ধ কৰি গোটেই সংসাৰ।
জয় বীণা পাণি নাম উচ্ছাৰণ কৰি,
 নিৰাশাক আশা দেখুৱাই,