সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪ )


সংসাৰ সমুদ্ৰ মাজে
 উটিব দুনাই ধৰি,
অভগন হকা বাধা
 অতিক্ৰম কৰি কৰি,
পাবগৈ জীৱনৰ
 আশাৰ সঁফুৰা ফেৰি।
পৰিব পৰিব তাতে
 সংসাৰ ভাৱনাওৰ,
শেষ লক্ষ্য হবা তাতে;
 তুমি মোৰ তুমি মোৰ।

⸻:০:⸻


দুটি ভাব

আলসুৱা প্ৰকৃতিৰ কোমল কোলাত
 জনমিল ফুল শিশু এটি,
অমৃত কনিকাপাই লৱনু দেহাত
 নিতে ধৰে নতুনজেউতি।
মৃদুমলয়াৰ হাত পৰি শৰীৰত
 অপৰূপ মন মোহাকায়,
পোহৰে পিন্ধায় তাতে ৰূপ অপৰূপ্
 প্ৰকৃতিৰ অনুমতি পাই।