এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( 22 ) নতু কাৰো বেজাৰৰ তপত নিশ্বাস, পৰিছিল একালত মোৰ উদ্দেশেৰে অভিলাশ গ্ৰস্ত হৈ অবশ মনত, নোৱাৰো ধৰিব স্মৃতি ইহ জনমৰে ! লৰালিৰে কথা৷ কিম্বা আকৌ উভত্তি, উঠিছে পুনৰ আহি স্মৃতিৰ পথত, দুৱৰি কোমল মন নুবুজা কালৰে, পমিছে হৃদয় কিম্বা তাৰে বেজাৰত ! নিলগৰ পৰা পিতা আহিলে উলটি, লৰমাৰি ধৰা সুখ পদূলিমূৰত, মাতৃর সোনাই মাত, ভনীৰ সৰ্বাৰ, নাই যেন নাই আৰু এই জনমত । হিয়াৰ মাজেদি কিন্তু৷ পাৰ হৈ গল নোৱাৰে?, কেতিয়া কর এছাটি পোহৰ, লাহে লাহে মাৰগৈ দূৰ দূৰনিত মুমালে সুখৰ আশা চিৰ জীবনৰ । মৰম ফুলৰ চাকি উদ্দেশে কি কাৰো দিন বুলি ভাবিছিলো যতনেৰে লৈ, নেচালে উভতি তেও, নেমাতিলে একো বেজাৰতে কিম্বা মোক গল এৰিথৈ ! ৰাচিছিলোঁ নতু কাকো প্ৰেম পাৰিজাত ? আকুল ব্যাকুল ভাব উৰাৰি হিয়াৰ,