এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১২ )
৬
সন্তান বৎসলা দেবী দ্ৰৌপদী ৰাণীৰ
অক্ষয় স্নেহৰ ভাগ লভি সকলোৱে,
ক্লান্তি, শোক শেষ কৰি মনৰ হৰিষে
মাগিছিলে অনুমতি বিদায় আগয়ে।
৭
আকৌ এদিন হাঁয় এই নগৰতে
পৰাক্ৰমী মগলৰ বিজয় নিশান,
শান্তিময় মলয়াত কঁপি ঘনে ঘনে
নাচিছিল শুনি যেন ৰাজ গুন গান।
৮
বিশৃঙ্খলা ডাৱৰৰ দুদিনীয়া ছাত
পৰিছিল কলা মাথো মুখ নগৰৰ,
আকৌ তেনেতে পৰি জিলিঙ্গনি এটি
স্বৰ্গীয় ৰহন ঢালি দিলে পশ্চিমৰ।
৯
তাৰেপৰা কতকাল ৰাজ অদৰ্শন,
লাগিছিলে ভাৰতৰ বেজাৰ আমনি,
কিবাভাগ্য আজি আই আকৌ তোমাৰ
মিলিল হঠাতে আহি মুকুতৰ মনি।