সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪৯ )

চকুত জিলিকে নিৰাশাৰ ছবি,
দীঘল দুখৰ জীৱন দেখি
আজি গলে দুখ, কাহানি আতঁৰে
নাপাই একোকে মনত লেখি।
নাই আজি আৰু এনে কোনো জন
কয় যাক সুখ দুখৰ কথা,
নাই কোনে মচে চকুলো দুধাৰি
কোনে পাতলায় হিয়াৰ ব্যথা।
শূন্য শূন্য ভাবে দহিছে হৃদয়,
একোতেই যেন একোটি নাই,
পৃথিবিত এনে নাই মনোৰম
যাৰ সৌন্দৰ্য্যত হৰিষ পাই।
কুসুমত নাই কোমলতা ভাব,
সৌন্দৰ্য্যত নাই অকনো প্ৰাণ,
সাদৰত নাই সাদৰি উত্তৰ,
সমাজত নাই অকনো মান।
মিচাতে অবলা ভাবি জলাকলা
কেতিয়া পৰিব জীবন শেষ
দীঘলীয়া আয়ু নিচিগে নুটুটে,
ভুগিব লাগিব অশেষ ক্লেশ।
উদাস প্ৰাণেৰে শূন্য জগতত
বিষাদ মুৰ্ত্তিটি দেখিলে হায়,