( ৩৫ ) ইষ্টনাম মুখেমুখে নিস্তব্ধতা ভেদকৰি, সুষুপ্ত কাৰত আহি পৰিছেহি জৰি জাৰি । ব্ৰাহ্মমূহুৰ্ত্তৰ হল মন্ত্র পূজা সমাপন, কাৰ্য্যতৎ- পৰতা ভাবে দিলে আহি দৰিশন । নীল আকাশৰ গাত তৰাৰ চাকিৰ দৰে সেউজীয়া পঠাৰৰ বুকুত জিলিকি পৰে । অসংখ্য নিলাজী ফুল লাজত ৰাঙ্গলী হৈ বিশ্ব নিরন্তাৰ ষশ গায় যেন ৰৈ ৰৈ জগতৰ প্ৰাণ ৰক্ষা ব্রত উপাসনা কৰি কৃষক কৰ্ত্তব্য ভোলা দুখ মুখ পৰিহৰি । অন্তৰৰ উদাৰতা মুখৰ গঢ়ত আঁকি । জগতৰ হিত চিন্তি দিয়ে যেন হিয়া বাকি, সাত্ত্বিকৰ কপালত ৰাজসিক ফোঁত যেনে, উদ্যম সামৰি লৈ সাম্য তাও হল তেনে । 1370/21: অন্তহল প্রভাতৰ প্রাকৃতিক লীলা খেলা, মাৰিলে ভুমুকি আহি ভৰদুপৰিয়া বেলা । মাগল, মাথে। এতি ক্ষুদ্ৰ ঢৌ অনন্তৰ, বিয়পি সূৰ্য্যৰ তেজে ললে দিগ দিগন্তৰ । প্ৰখৰ ৰ'দৰ তাপ লগত লিগীৰা লৈ ভৰ আকাশৰ সীমা সূৰ্য্যদেবে পালেগৈ । বিষম তাপত যেন ভস্ম হয় বসুন্ধৰা, নিজৰ তাপত বেলি নিজেই পৰিছে ধৰা ।
পৃষ্ঠা:কুঁহি.pdf/৪১
অৱয়ব