এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( 80 ) পৰম আৰাধ্য মোৰ কুলৰ দেৱতা তুমি বিনে আন্ধাৰ সৰ্ববথা । জনমে জনমে যেন চিৰকাল ঘূৰি তোমাৰ আশ্ৰয় দাসে পাওঁ, তোমাকে আদর্শ লৈ তোমাকে বিচাৰি তুমি থাকা দেশলৈ যাওঁ । - --: 0: ধৰ্ম্ম । পোহৰাই নিতে যিবা কলুষিত চিত, হৃদয় উবাৰি উঠে ভাবময় গীত, যাৰ প্ৰভাবত বয় শাস্তিৰ নিজৰা, সততে সজাগ মন অমৃতেৰে ভৰা, দিব্য প্রফুল্লিত মুখ বিৰাজে মনত, অপাৰ অপুৰ্ব্ব শক্তি ক্ষুদ্ৰ শৰীৰত, আকাঙ্খ্যাৰ ঢৌৱে যাৰ নেচাপে কাষৰ, অহঙ্কাৰ অভিমান বহুত আঁতৰ । পৰৰ দুখত বলে চকুলো দুধাবি, জগৎ প্রিয় ভাবে থয় হৃদয় আবৰি, মনত নিৰ্ভয় নিতে হৃদয়ত জ্ঞান, ধৰ্ম্মসেয়ে জগতৰ চিৰকাল প্রাণ । -: 0: