এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( 29 ) কোঁৱা তুমি সাদৰেৰে নুশুবা সোনাই শুলে তুমি কত করা শোক । অসুখত পৰি তুমি আছিল৷ এবেলি মোক তুমি কাষত বিচাৰা । কেতো মাতেৰে কত গুছি যাও আই তেওঁ তুমি মোৰ নাম নেৱা ৷ শুন৷ যদি মোৰ যশ উত্ৰাল হোৱা আনন্দত, নেপোৱ৷ আহৰি, পৰিলে বেয়াৰ চাত কানত তোমাৰ ৰেজাৰত যোৱা পমি সৰি । তাহানিযে কৈছিলা তেজীমলা সাধু তাহানিবে' গাইছিলা নাম, তেতিয়াই ফুলি পৰা সুখৰ তৰাটি তেতিয়াই হল পৰিণাম, চেনেহত পমো পমো চকু দুটি আই পাতিছিলা সদায় ৰখীয়া, সুৱৰি আজিও উঠে কিয় মোৰ আই হৃদয়ত বা মৰলীয়া । প্ৰথম জ্ঞানৰ ফোত দিলা যিটি আই জিলিকিলে বহুত এতিয়া, তুমি বোৱা পুলিটিৰে ঠাল পাত ধৰি হল আজি ফুল দেখনীয়া ।