এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৯ )
কোঁৱা তুমি সাদৰেৰে নুশুবা সোনাই
শুলে তুমি কত কৰা শোক।
অসুখত পৰি তুমি আছিলা এবেলি
মোক তুমি কাষত বিচাৰা।
কেতেৰা মাতেৰে কত গুছি যাঁও আই
তেওঁ তুমি মোৰ নাম নেৰা।
শুনা যদি মোৰ যশ উত্ৰাৱল হোৱা
আনন্দত নেপোৱ৷ আহৰি,
পৰিলে বেয়াৰ চাত কানত তোমাৰ
বেজাৰত যোৱা পমি সৰি।
তাহানিযে কৈছিলা তেজীমলা সাধু
তাহানিযে গাইছিলা নাম,
তেতিয়াই ফুলি পৰা সুখৰ তৰাটি
তেতিয়াই হল পৰিণাম,
চেনেহত পমো পমো চকু দুটি আই
পাতিছিলা সদায় ৰখীয়া,
সুৱৰি আজিও উঠে কিয় মোৰ আই
হৃদয়ত বা মৰলীয়া।
প্ৰথম জ্ঞানৰ ফোঁত দিলা যিটি আই
জিলিকিলে বহুত এতিয়া,
তুমি বোৱা পুলিটিৰে ঠাল পাত ধৰি
হল আজি ফুল দেখনীয়া।