এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( 88 ) তোমাৰ বুলনী ঘৰে করুন মূৰ্ত্তিৰে আছে আজি শোক চিনলৈ, নেপায় আসন তাত সাধু মহন্তই, নাই কোনো পুখী গাবলৈ । বহুল বাহিৰ চৰা কেৱলে উৰুঙ্গা, নাই চিন সাধু সন্যাসীৰ, শুৱা বিষয়াৰ নাই সমাগম, শোভা নাই জিলিকা ছবিৰ । তোমাত আশ্ৰয় লোৱা অসংখ্য প্রজায় ভুলক্রমে তোমাক বিচাৰি, পাহৰি উলতি যায় নিৰানন্দ মনে আগলৈ নিপিচলে ভৰি । মুর্তিমতী শোকে তাত কৰিছে বিৰাজ, বাহিৰত নিৰানন্দময়, তোমাৰ যত্নত হোৱা জুতি ফুল জুপি শোকতেই আছে পৰি জয়। তোমাৰ আসন পিতা তোমাৰ ববীয়া একোতেই লেশ, তেজ নাই, তোমাৰ আৰাধ্য যিবা ফুলৰ দেবতা তেওঁ যেন নিৰ্বানন্দ ময় । পামনে তোমাক দেখা কোনোবা কালত, শুনি মনে একেষাৰি কথা ?