এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( 29 ) আজলী বলাই যায় সঘনে কঁপনি তুলি অবসহিয়াৰ । -:0:- আই। সামৰা তোমাৰ আই মায়াৰ আঁচল চাঁও মই তোমাক এবাৰ, সমৰ আঁৰলৈ কজনো লুকুৱা দিয়া ছল এবেলি সেৱাৰ । নেদেখোঁ তোমাৰ আই প্ৰকৃত স্বৰূপ মমত থাকিলে লুকাই, নিলগত তুলি অনা ভক্তি ফুল পাহি ওচৰত জয় পৰি যায় । চকুমুদি চালে দেখা সাদৰী প্ৰতিমা দিঠকত কেনিবা আতঁৰে, চকুমুদি থাকোতেই দিনে অঞ্জলি হিয়াভৰা ভক্তি হেঁপাহেৰে । নিলগত ভাবো কত ইবার নিশ্চয় দেখুৱাম, কত হাবিয়াস, হৃদয় তলিৰ পৰা দেখুৱাম নিজে নিজে তোলা হিয়াৰ আভাস ।