সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 9 ) ধীৰ মলয়াত শুনো প্রকৃতি কুঞ্জত গছে গছে উলাহ চাপৰি, সুমা কান ঘূৰি নাচি হাঁহি থাকা, চাঁও মই ফুলৰ পাপৰি । সেউজীয়া আসনত পদুম কলিটি প্রনয়ত পৰে হালি জুলি, চাও একেৰাহে আহি চোৰ মলয়ায় ফুৰিলেহি সুৰভি বুতলি । তমোময় ধুমুহাত চুৰমাৰ হোৱা শোক পাও কুঁহিটি দেখিলে, ধাৰাষাৰ বৰষাত সহিব নোৱাৰোঁ ফুলপাহী মূচ কচ গলে । প্রকৃতি ৰাজত্য শুনি মঙ্গল আৰতি প্ৰিয়ম্বদা তটিনীৰ কুলু কুলু মাত কল্পনাত উটিযাও ম‍ই, শুনো মই একে থিৰে ৰৈ । হুৱঁৰিলে কোলাহল ধুন পেচ ৰোল নিফুট হাঁহিটি উঠে প্রজা ম‍ই প্রকৃতি আপুনি ঈশ্বৰ মই, জন সমাজৰ উলাহৰ, মন মনে মোৰ, ৰাজ্যৰ । আপুনি সেবক, সঙ্গী মোৰ বনৰ সন্তান,