এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৭ )
ধীৰ মলয়াত শুনো প্ৰকৃতি কুঞ্জত
গছে গছে উলাহ চাপৰি,
সুৰম্য কান যুৰি নাচি হাঁহি থাকা,
চাঁও মই ফুলৰপাপৰি।
সেউজীয়া আসনত পদুম কলিটি
প্ৰনয়ত পৰে হালি জুলি,
চাও একেৰাহে আহি চোৰ মলয়ায়
ফুৰিলেহি সুৰভি বুতলি।
তমোময় ধুমুহাত চুৰমাৰ হোৱা
শোক পাও কুঁহিটি দেখিলে,
ধাৰাষাৰ বৰষাত সহিব নোৱাৰোঁ
ফুলপাহী মূচ্ কচ্ গলে।
প্ৰকৃতি ৰাজত্য শুনি মঙ্গল আৰতি
কল্পনাত উটিযাঁও মই,
প্ৰিয়ম্বদা তটিনীৰ কুলু কুলু মাত
শুনো মই একে থিৰে ৰৈ।
সুৱঁৰিলে কোলাহল জন সমাজৰ
ধুন পেচ ৰোল উলাহৰ,
নিফুট হাঁহিটি উঠে মন মনে মোৰ,
প্ৰজা মই প্ৰকৃতি ৰাজ্যৰ।
আপুনি ঈশ্বৰ মই, আপুনি সেবক,
সঙ্গী মোৰ বনৰ সন্তান,