সমললৈ যাওক

পৃষ্ঠা:কুঁহি.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪০ )


ক্ষুদ্ৰ এটি ফুল সৰি শব্দ এটি হল,
 তাতে তাৰ নপৰিল শেষ,
বিশাল ব্ৰহ্মাণ্ড ভেদি উঠিল কঁপনি
 শকতিৰ কিম্বা আন বেশ।
সমান্য কাৰ্য্যতো নাই প্ৰকৃত বিৰাম,
 ফলতাৰ নাই থকা ৰৈ,
শব্দ হক শক্তি হক নতুবা পোহৰ
 চলি আছে ৰূপান্তৰ হৈ।
পশ্চিমত মাৰগল বেলিৰ পোহৰ
 তাতে তাৰ অন্ত পৰা নাই,
বঢ়ালে চন্দ্ৰৰ গাৰ শীতল কিৰণ,
 শাঁত কৰি জগত দুনাই।
একেছাটি বৰষুণে নানা ৰূপ ধৰি
 নানা ভাব কৰিছে প্ৰচাৰ,
জিৰনি বিচৰা হলে সূৰ্য্যৰ তাপতে
 সকলোটি হয় চাৰ খাৰ।
মনৰ অনন্ত সোত বলিব লাগিছে
 নাই তাৰ কতো সামৰণি,
সুখ বেজাৰৰ ঢৌ সততে উঠিছে
 শেষ কৰি মনৰ জিৰণি।
যোগীয়ে বিচাৰে যাক  সংযত মনেৰে
 চকুমুদি হিয়াৰ মাজত