মোৰ জীৱন-সোঁৱৰণ/প্ৰথম ভাগ

ৱিকিউৎসৰ পৰা
[  ]

মোৰ জীৱন-সোঁৱৰণ
॥প্ৰথম ভাগ॥
॥প্ৰথম আধ্যা॥

 কোন শকৰ কোন তাৰিখে মোৰ জন্ম হৈছিল,মোৰ মনত নাই। পিতৃ-মাতৃৰ মুখৰপৰা সেইটো সৰুতে শুনিছিলোঁ যদিও পাহৰিলোঁ। মই ডাঙৰ হ’লে যেতিয়া মনতে এটা শক ভাবি সাজি লৈ মোৰ জন্মৰ শক তাৰিখ নিদেলে নচলা কাৰ্যবোৰৰ নিমিত্তে সেইটোকে ব্যৱহাৰ কৰিছিলোঁ। কাৰবাক লাগিলে,সেই শক তাৰিখটোকে এইখিনিতে দিব পাৰোঁ। যথা – ১৮৬৮ খৃষ্টাব্দ,নবেম্বৰ মাহ। কিন্তু ইয়াৰ দ্বাৰাই কাৰ কি লাভ বা লোকচান হ’ব ক’ব নোৱাৰৰোঁ। এই পৃথিৱীত মোৰ প্ৰদত্ত এই শকটোৰ দুবছৰ নাইবা চাৰি বছৰৰ আগতে,নাইবা পিছতে মই অন্নাসুৰ ধ্বংস কৰিবলৈ জন্ম লোৱাৰ বাতৰি শুনি, জানি, ভণি, তাৰ দ্বাৰাই এই মনুষ্যলোকৰ কিবা হানি-বিঘিনি বা উপকাৰ-অনুপকাৰ হ’ব বুলি মোৰ মনে নধৰে।

 আমাৰ ঘৰত যে কাৰো জন্ম পত্ৰিকা বা সোঁৱৰণী কৰা নহৈছিল এনে নহয়,বৰং এই ৰীতি নিখুঁতকৈ অৱলম্বন কৰা হৈছিল আৰু এতিয়াও হৈ আহিব লাগিছে,এইটো থিৰাংকৈ জানো। মোৰো যে সোঁৱৰণী পূৰ্বাপৰ প্ৰচলিত প্ৰথামতে পিতৃ দেৱতাই কৰাইছিল, এইটোও নিঃসন্দেহ, কাৰণ সেইটোপোলাটো মই নিজ চকুৰে দেখিছিলোঁ। আমি ল’ৰাবোৰে কিন্তু সেই টোপোলাটো সহজে ঘোটা-ঘুটি কৰিবলৈ নাপাইছিলোঁ, কাৰণ পিতৃদেৱতাৰ হুকুম নাছিল। কোৱা বাহুল্য যে পিতৃদেৱতাৰ প্ৰতি আমাৰ অশেষ ভয় আৰু ভক্তি আছিল,সহজে কোনো এটা কথা লৈ তেওঁৰ কাষ চাপিবলৈ আমি ভয় কৰিছিলোঁ। তেওঁ যদি কোনো এটা কাম কৰিবলৈ আমাক হাক দিয়ে,সেইপিনে মুখকে নকৰিছিলোঁ। কোনো বিষয়ত তেওঁৰ অবাধ্য হোৱা বা তেওঁৰে সৈতে উত্তৰা-উত্তৰি কৰাটো আমাৰ সপোনৰ অগোচৰ আছিল। আমাৰ জীৱনৰ লেখ-বুজ থুপকৈ থোৱা সেই টোপোলাটো ছুবলৈ আমাক দেউতাই মানা কৰিছে যেতিয়া বছ! আমি তাৰ চিন্তা এক প্ৰকাৰ এৰিকে দিছিলো,যদিও এইখিনিতে কোৱা আৱশ্যক যে আমাতকৈ বয়সে ডাঙৰ দুজন এজনে লুকাই-চুৰকৈ কোনো কাচিৎ সেই টোপোলাৰূপী জ্ঞানবৃক্ষৰ ফল যে নাখাইছিল আৰু সেই ফলৰ এচকল আদচকল সেই ফলভোক্তাজনৰ পৰা আমিও যে নাপাইছিলোঁ সেইটো ন দি ক’ব নোৱাৰোঁ।

 ১৮৮৬ খৃষ্টাব্দত শিৱসাগৰৰ গৱৰ্ণমেণ্ট হাইস্কুলৰ পৰা এস্ট্ৰেন্স পৰীক্ষাত উঠি মই কলিকতাত পঢ়িবলৈ আহিলোঁ আৰু তাৰ দুবছৰৰ পিছত ১৮৮৮ খৃষ্টাব্দত এফ.এ. [  ] পৰীক্ষাত উঠিলোঁ যেতিয়া,তেতিয়া মই ভাবিলোঁ,মই আৰু আগৰ সেই ল’ৰাহঁতৰ ভিতৰত নাই,ডাঙৰৰ শাৰীলৈ প্ৰমোশ্যন পাইছোঁ,এতেকে মোৰ অনেক দিনৰ আকাংক্ষা এতিয়া সহজে পুৰোৱাতো আৰু কোনো বিঘিনি নঘটিব ইয়াকে ভাবি মই কলিকতাৰ পৰা এবাৰ মোৰ সোঁৱৰণীখন খুজি দেউতালৈ চিঠি লিখিলোঁ। কিন্তু এফ.এ. পাছ মোৰ স্বৰাজ লাভ কৰিবৰ যোগ্যতাৰ বিষয়ে দেউতাৰ যদিও তেতিয়া আপত্তি নাছিল,তথাপি মোৰ দুৰদৃষ্টৰ গুণত মোৰ চিঠি পাই তেওঁ ‘ওলোটা বুজিলি ৰাম’ হ’ল। দেউতাই ভাবিলে মই মনে মনে বিলাতত পঢ়িবলৈ যাবলৈ ফন্দি কৰিছোঁ সেই দেখিহে এতিয়া মোক সোঁৱৰণী লগা হৈছে। গতিকে উত্তৰত মই দেউতাৰ পৰা সোঁৱৰণী সলনি ডাবি আৰু বিলাত যাত্ৰাৰ বিৰুদ্ধে অলংঘনীয় শপত পালোঁ। এইখিনিতে লাহেকৈ কৈ থওঁ যে যদিও এই সোঁৱৰণী প্ৰাৰ্থনা-ব্যাপাৰৰ কালত মোৰ বিলাত প্ৰয়াণৰ নিচিনা কোনো দুৰভিসন্ধি নাছিল,তথাপি যে কিছুকালৰ পিছত মোৰ মনত এনে এটা অদম্য অকাংক্ষা উদ্ভুত হোৱা নাছিল আৰু সেই আকাংক্ষা পূৰ্ণ কৰিবলৈ চেষ্টা কৰাও নাছিলোঁ,মন খুলি এনেকৈ ক’ব নোৱাৰোঁ,কিন্তু এইটোও কওঁ যে তেতিয়াও পিতৃদেৱতাৰ অলংঘনীয় শপতে মোৰ সেই দুৰ্দান্ত আকাংক্ষাৰ “উছিত মঞ্চত চড়ি কেশত ধৰি তাৰ ঘণ্টা লাড়ি"পিতৃ ভক্তিৰূপ জগতৰ ভৰ দি তাক মাৰি মোৰ মন-সমজ্যাত পেলাই চোঁচৰাই লৈ ফুৰাবলৈ নেৰিছিল। পিতৃদেৱতা ঢুকুৱাৰ পিছত প্ৰপিতামহ,পিতামহ দেৱতাসকলৰ দিনৰেপৰা সংগৃহীত আৰু পিতৃদেৱতাৰ দ্বাৰাই অতি যত্নেৰে পৰিবৰ্ধিত আমাৰ ঘৰৰ মূল্যবান অসংখ্য পুৰণি পুথিবোৰেৰে সৈতে সেই সোঁৱৰণীৰ টোপোলাটো ক’লৈ গ’ল,আজিলৈকে মই নাজানো। ইত্যাদি কাৰণত,মোৰ জন্ম শকৰ সম্পৰ্কে মোৰ এই অজ্ঞাতৰ ইতিবৃত্ত আৰু স্বেচ্ছা প্ৰদত্ত কৈফিয়ৎ,যদি কোনোবাই বিচাৰে,সেইজনৰ সন্তোষৰ নিমিত্তে এইখিনি দিয়া গ’ল,নতুবাই অনাৱশ্যক আৰু অবান্তৰ মাথোন। মোৰ জন্মস্থান। ক’ত সেই important অৰ্থাৎ সাৰুৱা ঘটনা ঘটিছিল, মই থিৰাংকৈ ক’ব নোৱাৰোঁ। জীৱিতসকলৰ ভিতৰতে কোনোৱে ক'ব পাৰে বুলিও মই বিশ্বাস নকৰোঁ। ইয়াৰ কাৰণটো কি,অৱশ্যে মই ক’বলৈ বাধ্য। মোৰ জন্ম বিৱৰণ যিটো মোৰ শ্ৰুতিগোচৰ হৈছিল সেইটো নিম্নলিখিত প্ৰকাৰৰ – পিতৃদেৱতা মুন্সেফ কামত নগাঁৱৰপৰা বৰপেটালৈ বদলি হৈ নাৱেৰে গৈছিল। সেইকালত আসামত আজিকালিৰ নিচিনা জাহাজ চলাচল যে নাছিল,সেইটো কোৱাই বাহুল্য। আঁহতগুৰি নামেৰে এডোখৰ ঠাইৰ বালিত গধূলি নাও বন্ধা হ’ল। মাতৃদেৱীয়ে বালিত আঁৰ কাপোৰৰ ভিতৰত ভাত ৰান্ধিবলৈ সোমাইছিল,এনেতে তেওঁৰ গা বেয়া কৰাত তেওঁ ভাত ৰান্ধিবলৈ এৰি,নাৱৰ কুন্ধিলৈ আহিল,আৰু আজিৰ এই জীৱন সোঁৱৰণ-লেখক তেতিয়াৰ কোনো এক শুভমুহুৰ্তত ভূমিষ্ঠ নহৈ নৌকাস্থ হ’ল। শুনিছিলোঁ,সেইদিনা হেনো পূৰ্ণিমা আৰু লক্ষ্মীপূজা আছিল,সেইদেখিয়েই এই লেখকৰ নাম পিছত লক্ষ্মীনাথ ৰখা হৈছিল। বিৱৰণটোৰ গঢ়-গতি [  ] এই। আঁহতগুৰিৰ কাষৰ ব্ৰহ্মপুত্ৰৰ সেই ভাতৰন্ধা বালি কেতিয়া তল গ’ল,সেই বালিৰ পৰা,সেই চাপৰি খহাই শান্তনুকুলনন্দন আমোঘা-গৰ্ভসস্তুত লৌহিত্যই আকৌ কেতিয়া তাক ক’ত পাতিলে, মোৰ ভাৰসহোঁতা ব্ৰহ্মপুত্ৰৰ সেই চলন্ত পানী কলৈ বৈ গ’ল, কাঠৰ সেই নাওখন মোৰ জন্ম কুন্ধিটিৰে সৈতে কেতিয়া কত পচি ভাগি ছিগি কোন পঞ্চভূতত বিলীন হ’ল, কোনে জানে, কোনে ক’ব পাৰে? হয়তো ব্ৰহ্মপুত্ৰৰ সেই চলন্ত পানী সাগৰত পৰি, কালক্ৰমত উভতি আকাশলৈ উঠি, ডাৱৰ হৈ বতাহৰ কোবত আকৌ ব্ৰহ্মপুত্ৰত বৰষুণৰূপে পৰি বৈ গৈ আকৌ সমুদ্ৰত পৰি, আকৗ কতবাৰ সেই পৰিৱৰ্তনৰ খেল খেলিছে আৰু হয়তো তাৰে এটোপা গোটাদিয়েক কৃষ্ণবৰ্ণ দ্ৰব্যৰে সৈতে মিশ্ৰিত হৈ আজি এই লেখকৰ মৈলামত সোমাই কাপৰ আগেদি ওলাই এই তুলাপাতত লেখকৰ জীৱন-সোঁৱৰণ লেখাৰ সহায়ক হৈ পৰিছে, কোনে জানে, কোনে ক’ব পাৰে?

 বৰপেটাত পিতৃদেৱতা মুনচিফ হৈ তিনিবছৰমান আছিল। বৰপেটাৰ স্মৃতিৰ ভিতৰত মোৰ মাথোন চাৰিটা কথা ধুৱঁলি-কুৱঁলীকৈ মনত আছেঃ

১ম টো। — বৰপেটাত বাৰিষা বছৰি নৈৰ পানীৰ ঢলে চহৰখন প্ৰায় তল নিয়ায়। এবাৰ তেনেকুৱা ঢলত আমাৰ ঘৰৰ চোতালতো একাঁঠুৱা পানী হৈছিল,আৰু সেই পানীত নামি মই মোৰ লগৰীয়া ভাগিন আৰু ককাইদেওসকলেৰে সৈতে ওৰে দিনটো খেদ খেদাই আছিলো। সেই কথা গধূলি দেউতাই কাছাৰীৰ পৰা আহি শুনি তেওঁলোকক আৰু মোকো ধৰি চেকনিৰে কোবাইছিল।

২য় টো। — তেনেকুৱা বৰপানীত কৰবালৈ দেউতাৰে সৈতে আমি নাৱেৰে যাওঁতে দেখিছিলোঁ,কিছুমান বনৰীয়া ম'হ সাঁতুৰি গৈছিল, আৰু দূৰৈৰ পৰা সিহঁতৰ কলা শিংবোৰ মাথোন দেখা গৈছিল।

৩য় টো।– দেউতাৰে সৈতে আমি বৰপেটাৰ কীৰ্তন ঘৰলৈ গৈছিলো। কীৰ্তনঘৰৰ বৰখুঁটা, বৰগচা, আৰু কথিত অৰ্থাৎ বহল পিৰালিত বহি বুঢ়ী ভকতনীসকলে নাম গোৱা দেখিছিলো। কীৰ্তনঘৰৰ বিষয়ে এই তিনিটা কথাৰ সাঁচ আজিলৈকে মোৰ মনত পৰি আছে।

৪ৰ্থ টো – সত্ৰৰ হাটীত বৰবাহৰ আতৈৰ বহাৰ ভিতৰত হাতীখুজীয়া বাটিত ম'হৰ এঠা দৈ গাখীৰ আৰু এখামোচ গুৰেৰে সুন্দৰকৈ কোমলা বোকা-চাউল বা কোমল চাউলৰ জলপান খাইছিলো।

 বৰপেটাৰ পৰা পিতৃদেৱতা তেজপুৰলৈ বদলি হৈ আহে,আৰু লগে লগে তেওঁৰ [  ] উপসৰ্গ আৰু প্ৰত্যয় সকলোবোৰ যায়। নাৱেদি আহোঁতে বাটত দেউতাই আঙুলিয়াই আমাক দেখুৱা মনত আছে, “সেইটো হাতীমূৰা পৰ্বত। সৌটো যোৰা পৰ্বত। সৌটো শিঙ্গৰি পৰ্বত।” ইত্যাদি।

 মনত আছে – এদিন আমাৰ নাও পৰ্বত এটাৰ কাষেদি উজাই আহোঁতে দেখিবলৈ পোৱা গ’ল যে এজনী মাইকী পহু নৈৰ পাৰৰ যুঁৱলিত মৰি পৰি আছে। নাও ওচৰ চাপিলত,পহুজনী নাৱৰীয়াহঁতে টানি আনি নাৱৰ আগ-চৰঠত তুলিলে। দেখি অনুমান হ’ল, অলপমান বেলিৰ আগতে বাঘে পহুজনী মাৰিছিল,কাৰণ বাঘৰ কামোৰৰ ন সাঁচ তাইৰ গাত জাজ্বল্যমান,আৰু তাৰপৰা তেতিয়াও তেজ টোপাটোপে বৈ আছিল। বোধকৰোঁ,পৰ্বতৰ গাত বাঘে পহুজনী ধৰিছিল,আৰু দুয়ো দবৰা-দবৰি কৰি বাগৰি বাগৰি আহি পানীৰ যুঁৱলিত পৰিছিল,এনেতে আমাৰ নাও অহা দেখি বাঘটো আঁতৰি গ’ল। যি হওক,আমাৰ নাৱৰ নাৱৰীয়াহঁতৰ আৰু লগুৱাকেইটাৰ মহা আনন্দ মিলিল যে সিহঁতে গোট পহু এটা পাইছে,হেঁপাহ পলুৱাই পেট ভৰাই খাব। আমি ল’ৰাবোৰৰ মনতো যে তেনেকুৱা ভাবৰ সঞ্চাৰ নহৈছিল এনে নহয়;কিন্তু নাৱৰীয়া আৰু লগুৱাহঁতৰ অভিলাষ পূৰ্ণ হ’ল,আমাৰ নহ’ল;কাৰণ পহু মাইকী,সেইদেখি দেউতায়ো নাখালে,আৰু আমাকো খাবলৈ নিদিলে। বালকবৃন্দৰ মৃগ মাংস ভোজনৰ প্ৰবল প্ৰবৃত্তি এইদৰে পৰাভূত হ’ল। জীৱিত অবলা জাতীয় প্ৰাণীৰ প্ৰবল শক্তিৰ কথাই নাই,মৃত অবলাও কেনে প্ৰবলা সেইটোৰ প্ৰমাণ আমি হাতে হাতে পালোঁ।

 তেজপুৰলৈ আহি আমি কত উঠিছিলো,কাৰ ঘৰত আছিলো আৰু কেতিয়া নিজৰ সুকীয়া ঘৰলৈ গ’লোঁহক,মোৰ একো মনত নাই। মাথোন তেজপুৰৰ পৰ্বতৰ ওখ-চাপৰ টিলাবোৰ আৰু ৰঙা বাট-পথবোৰ দেখি মোৰ মনত যে নথৈ ৰং লাগিছিল,সেইটোহে মনত আছে ; যথা –(১) আমাৰ ঘৰৰ কাষতে মুকলি ঠাই এডোখৰত সুন্দৰ সুগন্ধ ফুলেৰে ভৰি থকা ঢেপাই-তিতাৰ সৰু সৰু গছবোৰ। (২) দেউতাৰ সৈতে আমি নিকামুল সত্ৰলৈ যোৱা। (৩) তেজপুৰত এখন কুমাৰ গাওঁ আছিল; কুমাৰবোৰ সততে আমাৰ ঘৰলৈ আহিছিল,আৰু সিহঁতে সদায় আমাক মাটিৰ জুনুকা আৰু ভুৰুকা উমলিবলৈ দিছিল। (৪) তেজপুৰতে মোৰ ভাই লক্ষ্মণৰ জন্ম হৈছিল;আৰু লক্ষ্মণ ওপজাৰ দিন চেৰেকৰ পিছতে আমাৰ আহিনী নামৰ বান্দীজনীৰ ল’ৰা এটা হৈছিল। আৰু মনত আছে, লক্ষ্মণক বিলাতী ‘পিৰেম্বুলেটৰ’ গাড়ীত তুলি ফুৰাবলৈ নিয়া দেখি অহিনীৰ পুতেক ঢৌৰামে সেই গাড়ীত উঠিবলৈ বৰকৈ কান্দিছিল; সেইবাবে দেউতাই বাঢ়ৈ এটা মতাই আনি তাৰ হতুৱাই কাঠৰ ঘিলা দিয়াই কাঠৰ সৰু মুকলি পেৰা এটাৰ গাড়ী এখন সজাই ঢৌৰামকো তাত উঠি ফুৰিবলৈ দিহা কৰাই দিছিল;আৰু গাড়ীত উঠি ঢৌৰামৰ যি মহানন্দ হৈছিল, সেইটো দেখি দেউতাই মহানন্দ পাইছিল।

 আমাক ফুৰাব-মেলিবলৈ আৰু সততে আমাৰ তত্ত্বাৱধান কৰিবলৈ আমাৰ দূৰ[  ] সম্পৰ্কীয় ককা এজন আছিল, তেওঁৰ নাম ৰবিনাথ মাজুদলৰ বৰুৱা। তেওঁৰ ঘৰ যোৰহাটৰ পকামৰা মৌজাত। তেওঁ যদিও সম্পৰ্কত আমাৰ ককা, কিন্তু বয়সত আমাৰ দেউতাতকৈ অনেক সৰু। তেওঁ আমাৰ ধেমালিৰ লগৰীয়া, কাৰ্যৰ অভিভাৱক, সাধু কথাৰ কুকি আৰু মহাভাৰত, ৰামায়ণ, পুৰাণ আদিৰ গল্পৰ টোপোলা আছিল। তেওঁ আমাক গধুলি পুৰাণ, মহাভাৰত, ৰামায়ণ আদিৰ পৰা ভাল ভাল উপাখ্যান সাধুকথাৰ গঢ়েৰে এনে মনমোহকৈ বণইি কৈছিল, যে আমি শুনি পৰমানন্দ ভি তো হৈ থাকোহক।পৰাণৰ কাহিনীৰ বাহিৰেও ককাই আমাক ৰজা, প্ৰজা, ভূত, প্ৰেত আদিৰ সাধও কৈ আমোদ আৰ, ভন্ন প্ৰদান কৰিছিল। আমি কান্দিলে, তেওঁ ‘বৰবঢ়া’, ‘মাজুবঢ়া' আৰু 'সৰুবুঢ়া' এই তিনি বুঢ়াৰ সাধুত এনে ৰহণ সানি ভয়ঙ্কৰকৈ কৈছিল যে আমি শুনি কন্দা এৰি ভয়তে টেপা খাইছিলোহঁক। এদিন আলিবাটেদি যোৱা এটা অদ্ভুত গঢ়েৰে কাপোৰ পিন্ধা ডটীয়া বঢ়া মানুহ দেখি তেওঁ আমাক মাতিলে, “ল’ৰাহত। চাহকচোন, সৌটো মাজু বুঢ়া যাব লাগিছে।‘’ আমি লৰি গৈ ‘মাজ বুঢ়া’ক সোঁ শৰীৰেৰে যোৱা দেখা পাই এনে ভয় খাইছিলোঁ যে আমি কন্দাকটা, ডেওপৰা আৰু দুষ্টালিৰ সৈতে এমাহমানলৈকে সম্পৰ্ক পৰিত্যাগ কৰি ছিলোহঁক, আৰু আমাক ধৰি নিবলৈ মাজু বুঢ়াক যেন তেওঁ আৰু, নকয়, আমি আৰু কেতিয়াও নাকান্দো, দুষ্টালি নকৰোঁ, এই কথা দঢ়াই দঢ়াই কৈ ককাক কাবৌ কৰিছিলোঁ। আমাৰ সৰ্বতোভাৱে এনে পৰাজয় আৰু নিজৰ জয় ককাই সম্পূৰ্ণৰূপে উপভোগ কৰিছিল। কিন্তু পৰাজয়ৰ হীনতাৰ ভাব আমাৰ মনত সৰহ দিন স্থায়ী হোৱা নাছিল, আৰু হোৱাটো সম্ভৱো নহয়। অচিৰতে আমাৰ বাঢ়োঁতা কুমলীয়া মনৰ পছোৱাত মাজুবুঢ়া আহিছে বুলিলেই আমি মাজুবুঢ়াক সাং কৰিবলৈ লাখুটি জোকৰা হৈ উঠিলোঁ।

 সুবিধা পালেই আমি ককাক জোকাবলৈ নেৰিছিলো। আমি বালকবৃন্দই এদিন তেওঁৰ মূৰত দুডাল কি এডাল পকাচুলি আৱিষ্কাৰ কৰিলোহঁক। একে জাপেই তেওঁৰ কাষৰপৰা আঁতৰি আমি দল বান্ধি হাত চাপৰি বাই নাচি গাবলৈ ধৰিলোঁ—“ককা বুঢ়া হ’ল। ককা বুঢ়া হ’ল।” যদিও ককাই ততালিকে আমাৰ হতুৱাই পকা চুলি কেইডাল নিৰ্মূল কৰোৱালে, তথাপি সেইদিনাৰ পৰা আমি দূৰৰ পৰা ফকৰা এটা মাতি তেওঁক জোকাই তেওঁৰ খং তুলিবলৈ আৰু তেওঁক আমাৰ ফালে চোঁচা লোৱা দেখি গিৰ্জনি মাৰি হাঁহি ফিৰিঙতি ভগাদি ভাগি পলাই পত্ৰং দিবলৈ নাপাহৰিছিলোঁ। ককাক আমনি কৰা ফকৰাটো আমি ল’ৰাবোৰৰ ভিতৰৰ কাৰো দ্বাৰায় বিৰচিত নহয়, কাৰণ তেনে ৰচনা সেই বয়সত আমাৰ দ্বাৰা ৰচিত হোৱাটো সম্ভৱ নাছিল। ককাৰ মূৰত পফা চুলিৰ আকস্মিক আৱিৰ্ভাবৰ বাতৰি আমাৰ পৰা অৱগত হৈ ককাৰ কোন বিপক্ষ দলৰ কোন প্ৰতিভাশালী ৰসিকে ককাৰ পকা চুলিৰ বিৰুদ্ধে সেইটো ৰচনা কৰি আমাক শিকাই দিছিল মোৰ মনত নাই, কিন্তু ককাৰ খং তুলি চাবৰ সপক্ষে এনে ব্ৰহ্মাস্ত্ৰ আমাৰ হাতত আৰু আন এটা নাছিল । [ ১০ ]  ককাক দেউতাই নাম কাঢ়ি নামাতি মাজুদলৰ বৰুৱা বুলি মাতিছিল। তেওঁলোকৰ ঘৰে ৰজাঘৰৰ পৰা সেই বিষয় পাইছিল। দেউতাৰ গোসাঁই ঘৰৰ মূৰ্তি আৰু শালগ্ৰাম পূজা কৰাৰ বাব ককাৰ গাত আছিল,আৰু আমাৰ নাম-প্ৰসঙ্গৰ অন্তত দেউতাকে প্ৰমুখ্য কৰি আমাক সকলোকে দীঘলীয়া আশীৰ্বাদ কৰিবৰ বাবটোও তেওঁৰ গাত আছিল। ককাৰ আশীৰ্বাদৰ দীঘলীয়া গত আজিলৈকে মোৰ মনত আছে।

 ককা পুৱাই সোনকালে শোৱাপাটীৰ পৰা উঠিব নোৱাৰিছিল; অথচ আমাৰ পিতৃদেৱতা early riser, ব্ৰহ্ম মুহুৰ্ততে দেউতাই শয্যা ত্যাগ কৰিছিল। ককাকো বেলিকৈ শুই থকা দেখিলে দেউতা বৰ অসন্তুষ্ট হৈছিল। বেলিকৈ শুই থকা ককাক সেই দেখি দেউতাই ডাবি হুকি দি শোৱাপাটীৰপৰা তোলাটো দেউতাৰ নিত্যকৰ্মৰ দৰে হৈ পৰিছিল। সেই সময়ত ককাৰ প্ৰতি দেউতাৰ সম্বোধনবোৰ আছিল, ‘টোপনি গধুৰ’ ! ‘গা গধুৰ’ ! ইত্যাদি। ককা কিন্তু নিদ্ৰাসুখত অটল স্বভাৱৰ আছিল। তেওঁ ডাবিও খাইছিল, মুখেৰে একাষাৰ কথাও নেমাতিছিল আৰু লগে লগে টোপনিৰ চিকুণ পুৱা এই বিচক্ষণ বচনৰ সাৰ্থকতা সম্পূৰ্ণৰূপে উপলব্ধি কৰি পুৱাৰ নিদ্ৰাসুখ ষোলঅনা উপভোগ কৰিবলৈকো নেৰিছিল। গতিকে দেউতা আৰু ককাৰ ভিতৰত এই প্ৰাত্যহিক প্ৰাতুযুদ্ধটো আমাৰ এটা উপভোগৰ বস্তু হৈ উঠিছিল।

 আমি সকলোৱে দেউতাৰ সৈতে একে মজিয়াতে বহি ভাত খোৱা নিয়ম আছিল। আমাৰ ঘৰত ভাত খোৱা মজিয়াখনো সৰু-সুৰা নাছিল,তাত কুৰি পচিশজনে নিৰ্বিবাদে শাৰী পাতি চাৰিওফালে বহি ভাত খাব পাৰে;আৰু সেইদৰে নিতৌ খোৱাও হৈছিল। দেউতা পূবফালে,পশ্চিমমুৱাহৈ বহিছিল। আন খাৱৈয়াসকল উত্তৰে-দক্ষিণে-পশ্চিমে পৰস্পৰ মুখামুখি কৰি বহিছিল। বেৰাৰ ওপৰত থোৱা ডাঙৰ কাঁহীত দেউতাই ভাত খাইছিল আৰু সেই কাঁহীৰ চাৰিওকাষে তিনি চাৰিখন আঞ্জাৰ বাটি আৰু ওচৰতে গাখীৰৰ বান-বাটি সজাই দিয়া হৈছিল। বেৰা-কাঁহীত ভাত খাবলৈ বহিবলৈ খুৰা দিয়া বৰপীৰা,ওচৰত মুখ ধুবলৈ বৰ চৰিয়া আৰু খৰিকা ল’বলৈ খৰিকাদানিত একোছা ভালকৈ কটা খৰিকা থোৱা হৈছিল। বাকীসকলৰ কাহী-বাটি মজিয়াৰ মাটিৰ ওপৰত দিয়া হৈছিল। সভাত সভাপতিৰ যি কাম,মজিয়াৰ সভাত দেউতাৰো প্ৰায় তেনেকুৱাই কাম আছিল। মজিয়াত হোৱা গম্ভীৰ গঢ়ৰ কথা-বাৰ্তাত দেউতাৰ সমালোচনা আৰু শেষ সিদ্ধান্ত এদনীয়া। সেই মজিয়াৰ সভাত আমাৰ ককা ৰবিনাথ বৰুৱা এজন সৰ্ববাদী সন্মত সংবাদদাতা আৰু সুযোগ্য বক্তা। দেউতাৰ অনুপস্থিতিত ওৰে দিনটো ঘৰে-বাহিৰে সংঘটিত কাৰ্য-কলাপবোৰ সংক্ষিপ্ত বা বাহুল্য বিৱৰণ ককাৰ অভিৰুচিমতে ককাই সেই সভাত দেউতাৰ আগত পেচ কৰিছিল। আমিতো ল’ৰাৰ দলে ওৰে দিনটো চট্‌ফটাই লৰি ঢাপৰিহাঁহি-খিকিন্দালি মাৰি ফুৰোঁৱেই, আৰু দেউতা কাছাৰীলৈ যোৱা ডোখৰ কাল আমাৰ ৰাম-ৰাজ্য, তেতিয়া তাৰ মাত্ৰা স্বভাৱতে চৰেই। ককাই প্ৰায় আমাৰ বাল্য ক্ৰীড়াৰ ৰসভঙ্গ কৰি আমাক হুমিয়ায়, “ৰ,আজি ডাঙৰীয়া আহিলে কৈ দিম।” বালকসুলভ চপলতাৰ বশৱৰ্তী হৈ আমি অনেক সময়ত ককাৰ [ ১১ ] গুৰুগম্ভীৰ গৰ্জন কাণৰ বিন্ধাত সোমাবলৈ নিদিওঁ,আৰু অনেক সময়ত ককাই খাই-বৈ দুপৰীয়া শোওঁতে তেওঁৰ গা পিটিকি দি,নাইবা পিঠিৰ ঘামচি মাৰি দি, সেই সেৱা শুশ্ৰুষাৰ ভেটীৰে তেওঁক শান্ত কৰি আগন্তুক বিপদৰ হাত সাৰোঁ। কিন্তু একো একো দিন আমাৰ দূৰদৃষ্টৰ ফলত এনেকুৱা শান্তিপ্ৰদ ভেটীয়েও ককাক শান্ত কৰিব নোৱাৰে। তেওঁ বালক আচামীবোৰৰ পৰা অসঙ্কুচিত চিত্তে ভেটীও খায়, আৰু নিমখহাৰামী কৰি আচামীৰ বিৰুদ্ধে সাক্ষীও দিয়ে। ফলত, দোষৰ গুৰুত্ব-লঘুত্ব অনুসাৰে দেউতাৰ পৰা আমাৰ দণ্ড লাভ হয়। আমাৰ দায়দোষৰ বৃত্তান্ত মজিয়াৰ সভাত দেউতাৰ আগত ‘পেচ’ কৰাৰ আগতে ককাৰ গাত কিছুমান পূৰ্ব লক্ষণ প্ৰকাশিত হয়। সেই পূৰ্ব লক্ষণবোৰ তেওঁৰ গাত এনেকৈ ফুটি ওলায়, যে আমাৰ তীক্ষ্ণ দৃষ্টিৰ অগোচৰ হোৱাটো এক প্ৰকাৰ অসম্ভৱ। ককাক এনে লক্ষণাক্ৰান্ত দেখিলেই আমাৰ ‘আহাৰানন্দ’ টুটি গৈ মন চুটি হৈ পৰে। ককাৰ মূৰটো যদিও খুৰুৱা,তথাপি মাজৰ চুলিকোছাৰ দখলত থকা ঠাইৰ ক্ষেত্ৰফল বা কালি খুৰুৱা ডোখৰৰ ক্ষেত্ৰফলতকৈ কোনো মতে ন্যুন নাছিল। তেওঁৰ দীঘল চুলি কোছাৰ আগত টিকনিৰ যিটো থোপোৰা গাঁথি আছিল,সেইটোও পৰি মৰা বিধৰ নাছিল। ভূঁইকঁপৰ আগতে যেনেকৈ প্ৰকৃতিৰ এটা গমগমীয়া আকৃতি দেখা যায়,আমাৰ বিৰুদ্ধে মোকৰ্দমা ‘ৰুজু’ কৰিবৰ আগতে ককাৰো তেনে এটা আকৃতি পৰিলক্ষিত হয়। মুহুৰ্ততে তেওঁৰ গলধনত সুগন্ধ ফুল আৰু তুলসীৰ নিৰ্মালিৰে বিভূষিত হৈ মহাসুখে পৰি থকা চুলিৰ অগ্ৰবিলম্বিত গাঁঠিয়ে উগ্ৰমূৰ্তি ধৰি ককাৰ হাতৰ সহয়েৰে তেওঁৰ ব্ৰহ্মতালুৰ ওপৰত উঠে আৰু আমাৰ প্ৰতি বিৰুদ্ধ ভাব প্ৰদৰ্শন কৰি নিৰ্মমভাৱে ফেৰ পাতে। এনে signal অৰ্থাত সাংকেতিক চিহ্নই আমাক ক’বলৈ আৰু বাকী নাৰাখে যে,“ল’ৰাহঁত,তহঁতৰ ফালে পতং”! আমাৰ বিৰুদ্ধে ককাৰ যুদ্ধ যাত্ৰাৰ এইটো প্ৰথম stage বা অৱস্থা। দ্বিতীয় অৱস্থাটোক বজ্ৰপাতৰ আগতে বিজুলীয়ে চমক মৰাৰে সৈতে ৰিজাব পাৰি। তেওঁ আমাৰ ফালে চাই মূৰ দুপিয়াই আৰু দুই তিনিটা মিচিকিয়া হাঁহি মাৰে। তৃতীয় অৱস্থা – ইয়াৰ পিছতে দেউতাৰ প্ৰশ্ন, –“কি হৈছিল?” চতুৰ্থ অৱস্থা – “আজি লক্ষ্মীনাথে” ইত্যাদি অভিযোগ। পঞ্চম stage বা conclusion অৰ্থাৎ সামৰণি – দেউতাৰ হাতত সেইদিনাই বা পিছদিনা আমাৰ লাঞ্ছনা। যি হওক,এইটো কোৱা উচিত যে তথাপি আমি ল’ৰাবোৰে ককাক প্ৰাণ ভৰি ভাল পাইছিলোঁহক,কাৰণ ককা আমাৰ ককা, আমাৰ ককা আমাৰ ধেমালিৰ লগৰীয়া আৰু সাধুকথাৰ ডাঙৰ থুনুপাক। এটা মহৎ গুণ ককাৰ গাত আছিল; তেওঁৰ অন্তৰটো বৰ কোমল। আমাৰ উদ্ভণ্ডালিৰ বাবে দেউতাৰ হাতত মাৰ খুৱাবৰ গুৰি যদিও তেৱেঁই হয়,কিন্তু দেউতাই আমাক একোব দুকোব লগাওঁতেই তেৱেঁই আমাৰ ওপৰত পৰি আমাক মাৰৰ হাতৰ পৰা ৰক্ষা কৰে।

 সেইডোখৰ কালত ককাৰ বয়স ৩৫-ৰ কম আৰু ৪০-ৰ ওপৰ নাছিল। কিন্তু তেতিয়াও তেওঁ অবিবাহিত। আমি যতদূৰ জানো, আগৰ দিনত অসমীয়াৰ ভিতৰত মতা মানুহে কম বয়সত বিয়া কৰোৱা দস্তুৰটো নাছিল বুলিলেই হয়। ডেকা ত্ৰিশ[ ১২ ] পঁয়ত্ৰিশ বছৰীয়া হৈ উপাৰ্জনক্ষম হ’লেহে তেওঁৰ বিয়াৰ চেষ্টা কৰা হৈছিল। কিন্তু কি দুখৰ বিষয় আজিকালি বঙ্গদেশৰ টৌৱে কোবোৱা বাবেই হওক বা অসমীয়া ভদ্ৰ সমাজৰ অৱস্থাৰ কোনো কাৰণত পৰিবৰ্তন ঘটাৰ বাবেই হওক, সেই পুৰণি healthy সুস্থ প্ৰথা কমি আহি তাৰ ঠাই বঙ্গদেশৰ নিচিনা,শহুৰ-শাহুৰ পৰা ধন লৈ কম বয়সত বিয়া কৰোৱা (early marriage) ঘৃণিত প্ৰথাই অধিকাৰ কৰি আহিছে। অসমীয়াৰ ঘৰত বঙালীৰ শাৰীৰ আক্ৰমণৰ উপদ্ৰৱৰ নিচিনা ইও এটা আদিভৌতিক উপদ্ৰৱ মাথোন। আই আসাম! তুমি এই উপদ্ৰৱৰ প্ৰতিৰোধ কৰিব নোৱাৰানে? নিশ্চয় পাৰিবা। এই উপদ্ৰৱ তোমাৰ ক্ষন্তেকীয়া আত্ম-বিস্মৃতিৰ ফল মাথোন।

 তেজপুৰতে এঘৰ দুখীয়া ব্ৰাহ্মণৰ ছোৱালী এজনীৰে সৈতে দেউতাই ককাৰ বিয়া পাতে। বিয়াৰ দিনাৰে পৰা ককাৰ পত্নী আমাৰ ঘৰতে থাকি ডাঙৰ-দীঘল হয়। আমাৰ চুটি-মুটি বুঢ়ী আইক পাই আমাৰ মন আনন্দেৰে উপচি পৰিল। বুঢ়ী আয়ো সততে আমাৰ ধেমালিৰ লগীৰয়ানী হ’ল।

[ ১৩ ]

॥ দ্বিতীয় আধ্যা॥

 লখীমপুৰ। তেজপুৰৰপৰা পিতৃদেৱতা লখীমপুৰলৈ বদলি হ'ল; আৰু আমি ছাঁবোৰো লগে লগে লখীমপুৰ পালেহি। আহিয়েই আমি কাৰ ঘৰত উঠিছিলোঁ মনত নাই, কিন্তু দেউতাই দহ-বাৰ দিনৰ ভিতৰতে টোল, ঢাপ, টাটী, চকোৱাৰে সম্পূৰ্ণ কৰি সজোৱা আহল-বহল ন ঘৰলৈ যোৱাটো মনত আছে। আৰু মনত আছে—ন ঘৰৰ লোৱাৰ দিনা হোৱা নাম-প্ৰসঙ্গ, পূজা-সেৱাৰ উৎসৱৰ আহল-বহল উছাহটো।

 আমাৰ ঘৰৰ ওচৰতে সিদ্ধেশ্বৰ নামৰ সোণাৰি এজনৰ ঘৰ আছিল। তেওঁ সোণ-ৰূপৰ অলঙ্কাৰ গঢ়া কাম কৰিছিল দেখি সকলোৱে তেওঁক সিধাই সোণাৰি বুলিছিল। যেতিয়াই সুবিধা পাইছিলোঁ, আমি সিধাই সোণাৰিৰ সোণাৰিশাললৈ শুভাগমন কৰি তাত বহি একান্তমনে, তেওঁ কেনেকৈ সোণ ৰূপ মহীত দি ছাগলী ছালৰ ভাতীৰে ফোচ্ ফাচকৈ বতাহ দি গলাই লৈ নমাই চেঁচা পানীৰ চৰুত জুবুৰিয়াই অলপ টান কৰি নিয়াৰিৰ ওপৰত থৈ হাতুৰিবে কোবাই কোনো এবিধ অলঙ্কাৰ বা আন বস্তু গঢ়িছিল, সেইবোৰ অতি মনোযোগেৰে সৈতে নিৰীক্ষণ কৰি কৌতুহল চৰিতাৰ্থ কৰিছিলোঁ। সিধায়ে কেৰু-মণি আৰ খাৰুত কেনেকৈ বাখৰ পতাইছিল, কেনেকৈ মিনা কৰিছিল, ৰঙা, নীলা আৰু কলপতীয়া কাচৰ মণি ভাঙি তাৰ একো টুকুৰা সঁচা বাখৰৰ শাৰীত ধৰিব নোৱাৰাকৈ কেনেকৈ বহুৱাইছিল, ইত্যাদি কাৰ্য আমি উৎসাহ আগ্ৰহেৰে লক্ষ্য কৰি আমোদ পাইছিলোঁ যে অনেক সময়ত উৎসাহৰ সোঁতত মগ্ন হৈ ভাতীত হাত লগাই সোণাৰিক সহায় কৰি নিজক কৃতাৰ্থ মানিছিলোঁ। একো একো দিন মই মাতৃদেৱীক কুটুৰি কুটুৰি খুজি একোটা ডবল পইচা লৈ গৈ তাৰে সোণাৰিৰ হতুৱাই একোটি সৰু, খুৰি-বাটি সজাই লৈছিলোঁ আৰু সেই খুৰিত মোৰ কোমল মনৰ মৰম এখুৰিকৈ ভৰাই আপুৰুগীয়াকৈ সাঁচি থৈছিলোঁ। মনত আছে, এই সোণাৰিৰ হতুৱায়ে দেউতাই আইলৈ ১,২০০ টকা বেচৰ এযোৰ সুন্দৰ বাখৰ পতোৱা খাৰু গঢ়াই লৈছিল। সোণাৰিশালত সেই খাৰু বোধনৰ দিনাৰেপৰা বিসৰ্জনৰ দিনালৈকে তাৰ সকলো অৱস্থা মোৰ সাগ্ৰহ আৰু সকৌতুক নিৰীক্ষণৰ বিষয় হৈছিল। সিধাই সোণাৰিৰ জয়া নামেৰে সোণাৰি-গঢ়ী দীপলিপ্ ছোৱালী এজনী আছিল। মোক কোনে কি দিছিল ক’ব নোৱাৰো, অনেক দিনলৈকে মোৰ মনৰ এচুকত এটা ধাৰণাই ঠাই পাইছিল যে ধুনীয়া ছোৱালীটী সিছায়ে নিজৰ সোণাৰি-শালত গঢ়ি উলিয়াইছিল। জয়া আমাৰ ওমলাৰ লগৰীয়া হৈছিল; কিন্তু সততে নহয়, চকাচমকাকৈহে।

 দুৰ্গেশ্বৰ শৰ্মা নামেৰে আমোলা এজনো আমাৰ ওচৰ-চুবুৰীয়া আছিল। তেওঁৰ ঘৰতো আমাৰ সমাগমৰ ছুটী নঘটিছিল; ঘাইকৈ গোৰ্গোৎসৱৰ এমাহ মানৰ আগৰপৰা। দুৰ্গেশ্বৰে খনিকৰৰ বিদ্যা জানিছিল। নিজৰ ঘৰৰ পূজাৰ নিমিত্তে তেওঁ নিজ হাতে প্ৰতিমা সাজিছিল। প্ৰতিমা সাজিবলৈ আৰম্ভ কৰা দিনৰেপৰা তেওঁৰ কাষত আমাৰ সমাগম। কি উৎসাহেৰে মই প্ৰতিমাৰ নিমিত্তে বোকা খচা, জুমুথি বন্ধা আদি কাৰ্যত [ ১৪ ] শৰ্মাৰ সহায়ক হৈছিলোঁ আৰু লগে লগে নিজৰ কল্পনাৰ সহায়েৰে মোৰ মনোবৃত্তিকো খচি-বান্ধি মনতে কি অপৰূপ মাযাপুৰী সাজিছিলোঁ, ভাবিলে শৰীৰত ৰোমাঞ্চ হয়। মই ভাবিছিলোঁ, দুৰ্গেশ্বৰ খনিকৰে যেনেকৈ এই প্ৰতিমাৰ প্ৰত্যেক অংশ নিজৰ সুনিপুণ হাতেৰে গঢ়ি তুলিব লাগিছে, আমাকো আমাৰ বৰ খনিকৰ ঈশ্বৰে সেইদৰে পৰিশ্ৰম কৰি গঢ়ি এই পৃথিৱীত উমলিবলৈ পঠিয়াই দিছে। সৃষ্টিৰ এনে সহজ ব্যাখ্যা সহজভাৱে তেতিয়াই মোৰ মনত উদয় হৈছিল। শৰ্মাদেৱে প্ৰতিমা গঢ়ি তোলাৰ প্ৰত্যেক কাৰ্যৰ অংশতে মোৰ কৌতুহলৰ চকু পৰিছিল। ধল, হেঙুল, হাইতালৰ বৰণ পিহা-সনা কাৰ্যই প্ৰতিমাৰ গা, হাত, ভৰি, মুখ উজ্জ্বল কৰাৰ লগে লগে মোৰ মন উজ্জল কৰি তুলিছিল। মনত আছে, এদিন দুৰ্গেশ্বৰ শৰ্মাদেৱক সুধিছিলোঁ-“দুৰ্গেশ্বৰ ককাইদেউ, এই হেঙুল, হাইতালবোৰ ক’ত পোৱা যায়?” তেতিয়া বেলি পৰিছে; পশ্চিম আকাশ বিচিত্ৰ বৰণেৰে চিত্ৰিত হৈ উঠিছে। তেওঁ ততালিকে সেইফালে আঙুলিযাই দেখুবাই ক'লে, “এইবোৰ মই সৌ তাৰপৰা আনিছোঁ।” মই সুধিলোঁ, “আমিও আনিব নোৱাৰোঁনে?” তেওঁ উত্তৰ দিলে, “তহঁতে নোৱাৰ। গোসাঁনী-পূজাৰ সময়ত মই আকাশী দেৱতাক খুজি আনো। -মোক হে দিয়ে।” মই মিনতিকৈ ক'লোঁ, “ককাইদেও, মোকো চপৰাচেৰেক আনি দিয়ক।” তেওঁ ক'লে, “বাৰু দিম।” ইয়াৰ পিছতো মই তেওঁৰ সেই প্ৰতিশ্ৰুতি তেওঁক সোঁৱৰাই দিবলৈ অনেক দিনলৈকে নাপাহৰিছিলোঁ। কিন্তু তেওঁ “দিম দিম” কৰি লাহে লাহে গা এৰা দিলে দেখি মই হতাশ হৈ আৰু খুজিবলৈ এৰি দিলোঁ।

 শৰ্মাদেৱৰ প্ৰতিমা সজাত লাচনি-পাঁচনি কাৰ্যেৰে “মদৎ” দিয়াৰ বেচ-স্বৰূপে এদিন তেওঁ সেই খচা কুমাৰ-মাটিৰে এটা সুতুলি সাজি মোক দিলে; আৰু কেনেকৈ ফুটাত মুখ দি ফুৱাই বজাব লাগে সেই কৌশলটোও শিকাই দিলে। মই কৃতজ্ঞ মনেৰে সুতুলিটো হাতত লৈ, দুবাৰ-চাৰিবাৰৰ ব্যৰ্থ চেষ্টাৰ পিছত, মোৰ মুখৰ ফুৰে আৰু আঙুলিৰ বুলনিৰে যেতিয়া সুতুলিৰ সুৰ তুলিলোঁ আৰু ক্ষন্তেকতে তাৰ মিহি কম্পন-ধ্বনিৰে দশোদিশ কঁপাবলৈ ধৰিলোঁ, মোৰ হৃদয়-তন্ত্ৰীৰ আনন্দ-কম্পনো ততোধিক হৈ উঠিল। ক’ৰবাত এডোখৰ আহাৰৰ সম্ভেদ পাই ব্যস্ত-সমস্তভাৱে এটাৰ পিছত এটা, তাৰ পিছত এটা,— তাৰ পিছত আকৌ এটাকৈ, লানি নিছিগাকৈ লৰা গুৰিপৰুৱাৰ দৰে মোৰ সুতুলিৰ সুৰবোৰো লৰিবলৈ ধৰিলে। কেঁচা কুমাৰ-মাটিৰ দাগ লাগি মোৰ ওঁঠ বগা হ’ল, ফুৱাই ফুৱাই মুখত বিষে ধৰিবলগীয়া হ’ল, সেই উপসৰ্গবোৰলৈ মোৰ ভূক্ষেপ নাই; মোৰ সুতুলিৰ সুৰ অবিৰামভাৱে চলিবলৈ ধৰিলে; চেনেহৰ চুমাৰ এঠাৰে এঠা খাই সুতুলি মোৰ মুখত লাগি গ'ল। সুতুলিৰ দৌৰাত্ম বাঢ়িলত আমাৰ গতিবিধিৰ পৰিদৰ্শক ৰবিনাথ ককাই মোৰ কাকুতি-মিনতিলৈ আওকাণ কৰি সুতুলিটো মোৰ হাতৰ পৰা কাঢ়ি নি নিষ্ঠুৰভাৱে শিল এছটাত এছাৰ মাৰি ডাঙি পেলালে। ককাৰ এনে নিদাৰুণ আচৰণত মোৰ দুচকুৰপৰা দুধাৰ লো বৈ গল; মই দুখ-শোকত ম্ৰিয়মান হলোঁ। আমন-জিমনকৈ দুৰ্গেশ্বৰ শৰ্মাৰ ওচৰ পালোঁগৈ। মুখৰ গঢ় দেখি, মোৰ কি [ ১৫ ] হৈছে সুধি, জানি, মন পতিয়াই, তেওঁ মোলৈ আৰু এটা সুতুলি সাজি ৰ’দত শুকাবলৈ দিলে। সেইদিনাই আবেলি মই মোৰ হেৰোৱা নিধি নতুন সুতুলি লাভ কৰিলোঁ। অনতিবিলম্বতে সুতুলিৰ ভিতৰেদি সমুখিত আনন্দৰ কৰুণ সুৰে দিমণ্ডল মুখৰিত কৰিবলৈ ধৰিলে। দুখৰ বিষয়, এই সুতুলিৰো পৰমায়ু, সৰহখিনি পৰ নাছিল; কংসাৱতাৰ ককাই সংবাদ পাই পুনৰ্জন্ম লাভ কৰা সুতুলিটিকো পূৰ্বৱতে শিলত আফালি বধ কৰিলে। এইবাৰ তেওঁ আৰু; এখোজ আগবাঢ়ি সুতুলিব জন্মদাতা দুৰ্গেশ্বৰ শৰ্মাক বিশেষকৈ কৈ দিলে, যেন তেওঁ আৰু মোক ন-কৈ সুতুলি সাজি নিদিয়ে। ফলত, সুতুলি-সৃষ্টিৰ আদ্যাশক্তি নিষ্ক্ৰিয় হ’ল। কিন্তু উপায়হীনৰ উপায়দাতা সহায় হ’ল , মোক তেওঁ নতুন বাট উলিয়াই দিলে। মই আমাৰ ঘৰব লগুৱা ল'ৰা এটাৰ শৰণাপন্ন হলোঁ; সি মোক দ্বিতীয় শ্ৰেণীৰ সুতুলি এটা সাজি দিলে। কিন্তু যদিও পুনৰাগত এই সুতুলিত আগৰ দুটাৰ দৰে finish অৰ্থাৎ কাৰিকৰী নাছিল, আৰু; যদিও তাৰ “গলা সুৰ-সুধা” নাছিল, তথাপি এই কণা মোমায়েই মোৰ অনেকখিনি অভাৱ পূৰণ কৰিলে। মই তাক হেপাহ পলুৱাই বজাই অতি সংগোপনে লুকাই থলোঁ। কিন্তু কংসৰ চোৰাংচোৱাৰ তীক্ষ দৃষ্টি সি অতিক্ৰম কৰিব নোৱাৰিলে; কোনো চৰিয়াৰ সহায়েৰে ককাই সেই গুপ্ত নিধি আবিস্কাৰ কৰি লুপ্ত কৰি দিলে। অনুসন্ধানৰ ফলত ককাৰ জ্ঞানোদয় হ’ল যে, এইবাৰৰ সুতুলিৰ জন্মদাতা দুৰ্গেশ্বৰ শৰ্মা নহয় , আমাৰ লগুৱা ল’ৰাটোহে। তাক তেওঁ মাতি আনি কাৰাকৈ ডাবি দি ক'লে যে ভৱিষ্যতত সি যেন আৰু তেনে দোষাবহ কাম নকৰে। মই বাট এন্ধাৰ দেখি দুখত দুদিন নিৰুৎসাহ হৈ বহি আছিলোঁ। হঠাৎ বিজুলী মৰাৰ দৰে মনলৈ উছাহ আহিল; মই ভাবিলোঁ, মইনো নিজ হাতে সুতুলি এটা সাজি নলওঁ কিয়? যেনে ভাবোদয়, তেনে কাৰ্য। লৰি গৈ শৰ্মাৰ ঘৰৰপৰা কুমাৰ-মাটি এসোপা সংগ্ৰহ কৰি আনি সুতুলি সাজিবলৈ লাগি গলোঁ। প্ৰথম চেষ্টা বিফল হ’ল। দ্বিতীয় চেষ্টা সফল-বিফলৰ মাজতে ৰ’ল। তৃতীয় চেষ্টাত কৃতকাৰ্য হলো। একপ্ৰকাৰ চলি যাব পৰা সুতুলি এটা মই স্বহস্তে নিৰ্মাণ কৰি পেলালোঁ আৰু ফুৱাই তাৰপৰা মাতো উলিয়ালোঁ। কৃতকাৰ্যতাৰ সফলতাত মোৰ মন উৰুলীকৃত হ’ল। দুপৰীয়া ককাই ভাত খাই উঠি শোৱাপাটীত পৰি নিদ্ৰাক আহ্বান কৰি আছিল, এনেতে হঠাৎ সুতুলিৰ সুৰৰ ৰাম-নাম তেওঁৰ কাণত পৰিল। তেওঁ উত্তেজিত হৈ একে চাবেই উঠি মোৰ ফালে চোচা ললে , মই দিলোঁ লৰ। মোক সৰহ দূৰলৈ খেদি যোৱাটো নিষ্ফল বুজি তেওঁ আঁতৰৰপৰা ৰিঙিয়াই শাসন কৰি ক'লে—“বাৰু, আজি ডাঙৰীয়া কাছাৰীৰপৰা আহক, কোবত তোৰ পিঠিৰ ছাল তোলাম।” এই শাসন-বাক্য শুনি মোৰ মন দমি গ'ল, মই কিছুমান বেলিৰ মুৰত উভতি আহি, তেওঁৰ হাতত মোৰ বুকুৰ বান্ধ সুতুলিটো সমপণ কৰি কাবৌ কৰি ক’লো, “ককা প্ৰসন্ন হোৱা! এইটো সুতুলি; তুমি তাক শিলত আফালি চুচুৰ্মৈ কৰা বা যি মন যায় কৰা; মই আৰু, সুতুলি নবজাওঁ।”

 বিদ্যাৰম্ভ। এদিন শুনিলোঁ, মোৰ বিদ্যাৰম্ভ কৰা হব। মোৰ মহানন্দ মিলিল [ ১৬ ] —পুথি পঢ়িব পাৰিম, কিতাপ পঢ়িব পাৰিম, মানুহলৈ চিঠি লেখিব পাৰিম। ভাল দিন-বাৰ এটা চোৱাই এদিন সেই কাৰ্য সুসম্পন্ন কৰোৱা হ'ল। আমাৰ গুৰু-ঘৰ কমলাবাৰী থানলৈ সোণৰ ফুল এপাহ আগ কৰা, ঘৰত বামুণৰ হতুৱাই পূজা কৰোৱা, নিজৰ নামঘৰত ভালকৈ শৰাই এখন দি সকলোৱে মিলি-জুলি নাম গোৱা আৰু নামৰ অন্তত ৰবিনাথ ককাই, মই দীৰ্ঘায়ু আৰু সৰ্ব-বিদ্যাবিশাৰদ হৈ পিতৃ-কুল উজ্জ্বল কৰিবৰ অৰ্থে বিশেষৰূপে উচ্চাৰণ কৰি আশীৰ্বাদ কৰা কথাৰ স্মৃতি মোৰ মনত স্পষ্টকৈ পৰি আছে।

 প্ৰথমতে ককাই মোক কলাপাতত ক, খ লেখিবৰ কৌশল শিকায় আৰু দিনৌ কলাপাত কাটি আনি কেনেকৈ তাক ধুলিৰে মোহাৰি চাফ্ চিকুণ কৰি লৈ তাত আখৰ লেখিব লাগে তাৰ দিহা কৰি দিয়ে। খাগৰিৰ কাপ কাটি লবলৈ আৰু কেৰাহীৰ বা মাটিৰ চৰুৰ গাত লাগি থকা ছাইত চলু চলুকৈ গৰু-মুত সানি মহী কৰিবলৈ আৰু মহী থবলৈ মাটিৰ বা বাঁহৰ চুঙাৰ মৈলাম বাৰত আঁৰি থবলৈ মৈলামৰ কাণত জৰী, লগোৱা ইত্যাদি বিদ্যাও ৰবিনাথ ককায়েই মোক দান কৰে।

 বিদ্যাৰম্ভ কৰি ক-ফলা পঢ়ি দুদিন চাই-দিনতে যে মই পাকৈত হৈ উঠিছিলোঁ, এনে তীক্ষ বুধিৰ ল’ৰা বুলি মই মোক কেতিয়াও ভাবিব নোৱাৰো। কাৰণ লেখা পঢ়াত মই বৰ চোকা বুধীয়া বুলি কেতিয়াও খ্যাতি লাভ কৰা মনত নাই। পিছৰ কালৰ স্কুল-কলেজতে মই a boy of mediocre ability অৰ্থাৎ মজলীয়া বিধৰ ল’ৰা বুলিয়েই চলি গৈছিলোঁ। ক, খ, লেখিবৰ-পঢ়িবলৈ শিকাৰ পিছত, মদনমোহন তকলিঙ্কাৰৰ বঙ্গলা ‘শিশুশিক্ষা প্ৰথম ভাগ মোক দিয়া হ’ল; কাৰণ সেই কালত দেশাধিকাৰসকলৰ বিপৰীত বুধিৰ বলত বঙ্গলা ভাষাহে আসামৰ বিদ্যালয়বোৰত শিকোৱা হৈছিল; অসমীয়াৰ আচল মাক অসমীয়া ভাষাই বকৰাণিতহে ঠাই পাইছিল। আৰু বিদেশিনী বঙ্গলা ভাষাই আইৰ ঠাই অধিকাৰ কৰি লৈ অসমীয়া শিশুবোৰৰ মুখত মাতৃস্তনৰ সলনি “ফিডিং বটল” অথাৎ গাখীৰৰ কল দি সিহতক “কাল কাক, ভাল নাক” শিকাই তেওঁৰে সৈতে “খিলি খাই, মিলি যাবলৈ” কৈছিল। ঈশ্বৰৰ চৰণত সেৱা যে কালক্ৰমত দেশাধিকাৰসকলৰ এই ভ্ৰম ভাগিল, অসমীয়াই মাতৃ স্তনৰ স্বাভাৱিক ক্ষীৰধাৰা পান কৰিবলৈ পাই নিজক ধন্য মানিলে, অসমীয়াৰ মাতৃভাষা যে অসমীয়াহে, বঙ্গলা হয়, এই সত্য পুনৰ দৃঢ়ভাৱে সু-প্ৰতিষ্ঠিত হ’ল।

 পিতৃ-দেৱতাৰ গাত এটা লক্ষণ বৰ পৰিস্ফুট আছিল। তেওঁ যদিও অতি নিষ্ঠাৱান পুৰণি ধৰণৰ হিন্দু আছিল, কিন্তু তেওঁৰ মন সদায় আচৰিত ৰকমে Progressive অৰ্থাৎ উন্নতিশীল আছিল। সময়ৰ সোঁতৰ বিৰুদ্ধে অনিয়ন্ত্ৰিতভাৱে থিয় হোৱাটো তেওঁ অনুচিত বিবেচনা কৰিছিল; বৰং দেশ-কাল-পাত্ৰ বুজি তেওঁ অনেক কথাত সময়ৰ সোঁতৰ গতিত বাধা দিবলৈ চেষ্টা নকৰি সহায়তাহে কৰিছিল। তেওঁ যেতিয়া দেখিলে যে, ইংৰাজ ৰজাৰ ৰাজ্যত থাকি ইংৰাজী ভাষা, ইংৰাজী বিদ্যা নিশিকিলে মানুহৰ অৱস্থা পানীৰপৰা বামলৈ তোলা মাছৰ দৰে হয়, তেওঁ নিজেও অলপ-অচৰপ [ ১৭ ] ইংৰাজী শিকিবলৈ আৰু নিজৰ ল'ৰাবিলাককো ইংৰাজী স্কুলত নাম লগোৱাই দি ইংৰাজী শিকিবলৈ উৎসাহিত কৰিলে। লখীমপুৰত তেতিয়া ইংৰাজী-বঙলা কোনো বিধৰ স্কুল নাছিল। মোৰ অগ্ৰজ দুজন আৰু মোতকৈ ডাঙৰ ভাগিন এজনৰ ইংৰাজী শিক্ষাৰ সুবিধাৰ নিমিত্তে আৰু লগে লগে স্থানীয় মানুহৰ ল'ৰাকো সেই সুবিধা প্ৰদান কৰিবৰ নিমিত্তে অহোপৰুষাৰ্থ কৰি দেউতাই লখীমপুৰত এটা ঘৰ সজাই ইংৰাজী স্কুল এখন স্থাপন কৰিলে। সেই স্কুলত মাষ্টৰী কৰিবৰ নিমিত্তে শিৱসাগৰৰপৰা তীৰ্থনাথ উকীলৰ পুতেক পদ্মনাথ শৰ্মা নামে, আমাৰ দৰে সম্পকীয় আত্মীয় এজনক দেউতাই লখীমপুৰলৈ আনি নিজৰ ঘৰতে আশ্ৰয় দি ৰাখিলে আৰু দুই তিনিজন ইংৰাজী জনা মানুহ সংগ্ৰহ কৰি তেওঁলোককো মাষ্টৰ নিযুক্ত কৰিলে। দেউতা লখীমপুৰত মুঞ্চেফ হৈ থকাডোখৰ কাল সেই স্কুল সুন্দৰৰূপে চলিছিল।

 লখীমপুৰীয়া স্মৃতিৰ ভিতৰত আৰ এজন সজ লোকৰ কথা মোৰ মনত আছে। তেওঁৰ নাম শ্ৰীযুত ঘিণাৰাম বৰুৱা মৌজাদাৰ। মৌজাদাৰ ঘিণাৰাম বৰুৱা পুৱা-গধুলি সদায় আমাৰ ঘৰলৈ আহিছিল আৰু দেউতাৰ বৰ প্ৰিয়াপাত্ৰ আছিল। আমি ল'ৰাবোৰেও তেওঁক নথৈ ভাল পাইছিলোঁ; কাৰণ তেওঁ বৰ নিজ মানুহ আছিল আৰু আমাক বৰ মৰম কৰিছিল। কোৱা বাহুল্য যে মৰমে ল’ৰাৰ মন যেনেকৈ আকৰ্ষণ কৰি মৰম কৰোঁতাৰ ফালে টানে, আন একোৱে তেনেকৈ নোৱাৰে। তেওঁ দেউতাৰ কাষৰপৰা আঁতৰিলেই তেওঁৰ কোলা আমাৰ দখললৈ সম্পূৰ্ণৰূপে এৰি দিছিল। তেওঁ গা-গাৰিয়ে শকত আবত নাছিল বৰ; ক্ষীণোৱাও নাছিল; ওখইও মজলীয়া বিধৰ আছিল। দেউতাৰ কাষত বহি নিজৰ কাপ মৈলাম লৈ, তেওঁ সেই কালৰ ডাঙৰ ঘুৰণীয়া ৰঙা-ক’লা ছাবৰ ষ্টাম্প কাকতত খৎ দলীল ইত্যাদি লেখা দেখিছিলোঁ। তেওঁৰ তিনিটি পুতেক আছিল; তেওঁলোক সততে আমাৰ ঘৰলৈ আহি আমাৰে সৈতে ধেমালি ধুমুলা কৰিছিল। মৌজাদাৰৰ এটি পুতেক মোতকৈ ভালেমান ডাঙৰ আৰু দুটি মোৰ সমনীয়াই হওক, নাইবা মোতকৈ সৰুৱেই হওক, এনে বিধৰ আছিল। সেই দুটিৰ এটি আজি কালি আসামত সু-বিখ্যাত শ্ৰদ্ধাষ্পদ শ্ৰীযুক্ত পদ্মনাথ বৰুৱা।

 চিপাহী বিদ্ৰোহৰ ঢৌৰ কোব আসামতো আৱিষ্কাৰ কৰাৰ সম্পৰ্কে বিশেষ ৰূপে খ্যাতি লাভ কৰোতা হৰনাথ পৰ্বতীয়াৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীযুত হলিৰাম বৰুৱা (যি পিছত এছিষ্টেণ্টৰ পদ পাইছিল) কাছাৰীত হেডক্লাৰ্ক পদতেই হওক বা আন কোনো তেনে পদতেই হওক, লখীমপুৰলৈ আহি আমাৰ টোলতে, দেউতাই সজাই দিয়া ঘৰত আছিলহি। তেওঁ হিন্দুৰ অখাদ্য চৰাই-কুকুৰা ভোজন কৰে বুলি মিছাকৈ কোনে মোৰ মনত বিশ্বাস জন্মাই দিছিল কব নোৱাৰো, সই দেখি পৰাপক্ষত তেওঁৰ ঘৰৰ ফালে মই নগৈছিলো। সম্ভলতঃ তেওঁ নিজেই মোৰ সৈতে কৌতুক কৰিবলৈ সেই কথা কৈ মোক ভয় খুৱাইছিল, কাৰণ মোৰ মনত আছে, এদিন তেওঁ ভাত খাবৰ সময়ত, মোক মাতি নি তেঁওৰ বাটিত থকা পাৰচৰাইৰ আঞ্জা দেখুৱাই মোক কুকুৰাৰ আঞ্জা [ ১৮ ] বুলি কৈ তাৰে সৰু হাড় এডোখৰ মোৰ গাৰ ফালে দলি মাৰি দিছিল আৰু মই চুৱা হ’বৰ ভয়ত একে লৰে আমাৰ ঘৰ পাইছিলোঁহি। শ্ৰীযুত হলিৰাম বৰুৱাৰ ওপৰত মোৰ বিতৃষ্ণা জন্মাৰ আৰু এটা কাৰণ ঘটিছিল। দিন চেৰেকৰ আগতে তেওঁৰ ঘৰৰ চালত এটা হুদু পৰিছিল আৰু সেইটো অমঙ্গলৰ কথা দেখি তেওঁ পূজা শান্তিকৰম আদি কাৰ্য বামুণৰ হতুৱাই কৰাই, সেই অমঙ্গলৰ প্ৰতিবিধান কৰিবলীয়াত পৰিছিল। এদিন মই গধুলি মোৰ পাঠ্য বঙ্গলা কিতাপ এখন পঢ়ি থাকোঁতেই তেওঁ আহি মোৰ ওচৰত বহিল। কিতাপখনত এটা ফেঁচাৰ ছবি আছিল। তেওঁ ছবিটো দেখিয়েই, ততালিকে মোৰ আগতে জিয়াচলিৰ কাঠী এটা মাৰি তাৰে ফেঁচাটোৰ মুখাগ্নি কৰিলে। ফেঁচাৰ মুখেৰে অলঙ্কৃত মোৰ কিতাপৰ পাতটোৰ সেই ডোখৰ পুৰি গৈ তাত ভাঙৰ ফুটা এটা হ’ল। মুখাগ্নি কৰা ফেঁচাৰ শোকাগ্নিত মোৰ কুমলীয়া মনৰো এডোখৰ দগ্ধ হৈ গ'ল; মই কান্দিবলৈ ধৰিলোঁ। মোক যদিও ঘৰৰ আন মানুহে নানা কথা কৈ চেঁচনি-বুজনি দি কিছুমান বেলিৰ মৰত শান্ত কৰিলে, কিন্তু মোৰ dislike বিতৃষ্ণা শ্ৰীযুত বৰুৱাৰ প্ৰতি আৰু বদ্ধমূল হ’ল। ঘাইকৈ আৰু এইবাবে যে ফেঁচা-পোৰা বৰুৱা ডাঙৰীয়াই তেওঁৰ দুস্কৃতিৰ নিমিত্তে এখুদমানো অনুতাপ নকৰি আৰু মোৰ শোকাগ্নি নিৰ্বাপন কৰিবলৈ এতিলমানো চেষ্টা নকৰি, লঙ্কা দাহ কৰি হনুমন্তই নিজৰ বিবেকত এটা বেজাৰৰ ঘোচাকো অনুভৱ নকৰাকৈ বীৰদৰ্পে অশোকবনলৈ গুচি গল।

 আমাৰ ঘৰৰ কাষতে তোলন সাজতোলা নামেৰে দিহিঙৰ গোসাঁইৰ সাজতোলা এজন আছিল। সাজতোলা বয়সত বুঢ়া, জাতত আহোম আৰু দিহিঙৰ গোসাঁইৰ বৰ নিষ্ঠাৱান সেৱক আছিল। নাম-প্ৰসঙ্গ, গীত-পদ আদিত সদায় তেওঁৰ ৰতি আছিল দেখি আৰু দেউতাক বৰ মান-সৎকাৰ উপাসা-ভাৰসা কৰি চলিছিল দেখি, সাজতোলাক দেউতাই বৰ ভাল পাইছিল। আমিও ভাল পাইছিলো। সাজতোলা ঘৈণীয়েক, পুতেক, বোৱাৰীয়েকেৰে সমৃদ্ধিশালী আছিল।

 ধনী নামৰ আমাৰ এটা লগুৱা আছিল। তাৰ ঘৰ যোৰহাটৰ ওচৰৰ চাওখাত মৌজাত। বাস্তৱিক পক্ষত সেই কালত চাওখাতক আমাৰ ঘৰৰ পক্ষে লগুৱাৰ বৰ-ভঁৰাল বুলিলে বঢ়াই কোৱা নহয়। বেঙ্কলৈ চেক ( cheque) পঠিয়াই দিলে টকা পোৱাৰ দৰে আমাৰ দেউতা আৰু ককাইদেওসকলে আৱশ্যকমতে চাওখাতলৈ বাতৰি পঠিয়াই তাৰপৰা লগুৱা পাইছিল। ধনীৰে সৈতে তাৰ ককায়েক গোজৰ আৰু ভায়েক সিদ্ধিৰাম, এই তিনিও পাল পাতি এবছৰ দুবছৰকৈ দেউতাৰ লগত নগাওঁ, বৰপেটা, তেজপুৰ, লখীমপুৰ আৰু গুৱাহাটীত লগুৱা কাম কৰিছিল; আজি-কালি লগুৱা আৰ গিৰিহঁতৰ ভিতৰত যেনেকৈ মাথোন দৰমহাৰহে সম্বন্ধ, সেই কালত তেনে নাছিল, সেই কালত লগুৱা-লিগিৰীবোৰ গৃহস্থৰ পৰিয়ালৰ একো একোটা অপৰিহাৰ্য অঙ্গ আছিল। ধনৰ সম্বন্ধতকৈ মৰমৰ সম্বন্ধ প্ৰবল আছিল। হিন্দু শাস্ত্ৰৰ সুন্দৰ অনুশাসন-“ছায়া স্বদাসবৰ্গশ্চ” অৰ্থাৎ দাস-দাসীবোৰ গৃহৰ গাৰ ছাঁৰ [ ১৯ ] নিচিনা, এইটো বৰ্ণে বৰ্ণে প্ৰতিপালিত হৈছিল। অসমীয়া ‘লগুৱা’ শব্দটোৱেই এই কথাৰ সাক্ষী ফট্‌ফটীয়াকৈ দিয়ে। মনত আছে, আমাতকৈ বয়সত ডাঙৰ লগুৱা লিগিৰীক আমি সম্মানেৰে সৈতে মাতিছিলোঁ। তোলন আৰু ঘিণলাগী গিৰিয়েক-ঘৈণীয়েক। সতি-সন্ততিৰে সিহঁত এঘৰ ভাল গহস্থ। এই ঘৰ লগুৱা-লিগিৰী আমাৰ ৰংপুৰৰ ঘৰৰ টোলৰ ভিতৰত সদায় আছিল। তোলনক “ঘৰগিৰী” আৰু ‘ককাই’ বুলি আৰু ঘিণলাগীক ‘ঘিণলাগী বাই’ বুলিহে আমি ল’ৰাবোৰে মাতিছিলোঁ। কেতিয়াবা তোলনক অকল ‘তোলন’ ঘিণলাগীক অকল ‘ঘিণলাগী’ বুলি আমি মাতিলে আমাৰ অভিভাৱকসকলৰপৰা ডাবি খাইছিলোঁ।

 তিনিও ভায়েক ককায়েকৰ ভিতৰত ধনী, টেঙ্গৰ, বলী, বুধিয়ক, খৰ, ৰঙিয়াল, অঘাইতং আৰু কামত সন্তোষ দিব পৰা আছিল। দিনে ৰাতিয়ে আমাৰ ঘৰৰ এশ এটা কাম ধনীষে উছাহেৰে কৰি সুবিধা পালেই ৰং-ধেমালিৰে আমাক আমোদ দিছিল। তাৰ বৰণ ক’লা-বগাৰ মাজতে গা, হাত-ভৰি আটিল আৰু পেটত এটা ডাঙৰ মেৰুণ আছিল। ধনীয়ে সদাষ সকলোকে কৈছিল যে মেৰুণটো তাক ঈশ্বৰে হেনো ধন ভৰাই ভৰাই থবলৈ দিছে আৰু সেই দেখি তাৰ নামটোও ধনী। আনে তাৰ এই কথাত হাঁহিছিল; কিন্তু মই সেই কথা ভালেমান দিনলৈকে নিৰহ-নিপানীকৈ পতিয়াই আছিলোঁ। ধনীৰ তেতিয়া ভৰ ডেকা বয়স। গাৰ বল আৰু মনৰ স্ফুৰ্তিত সি খোলাত ভজা আখৈ ওফৰাদি উফৰি ফুৰিছিল আৰু উফৰি ফুৰাটোৱেই তাৰ normal condition সহজ অৱস্থা আছিল। তাৰ গাত উপতি পৰা বলে তাক ইমান দিগ্ দিছিল, যে তাৰ শাৰীৰ কোনো সমনীয়া ডেকা দেখিলে সি উপচি আগবাঢ়ি গৈ তাৰে সৈতে এখুন্দা যুজঁবাগৰ নকৰি নোৱাৰিছিল আৰু যুজঁৰ জয় পৰাজয় নামৰ দুইটা মিঠা-তিতা ফল অম্লানবদনে গিলিছিল; দপৰীয়া পল বোৱা মানুহৰ উঁকি কাণত পৰিলেই ধনীৰ গা সাতখন-আঠখন হৈ পৰিছিল আৰু সেই মুহুৰ্ততে সি সকলোৰে হাক-বচন, গালি শপনি কাতি কৈ থৈ ঘৰৰ সকলো কাম এৰি হাতত পল লৈ মাছ মাৰিবলৈ লৰিছিল আৰু কেতিয়াও শুদা হাতে নুভতিছিল। শুদা হাতে নোভতাৰ মানে যে, সদায় সি মাছ ধৰা কাৰ্যত কৃতকাৰ্য হৈছিল এনে নহয় বৰং ষোল অনা দিনৰ ভিতৰত পোন্ধৰ অনা দিনত তাৰ ওলোটাটোহে সংঘটিত হৈছিল। উপমা দি কবলৈ গ'লে মুঠতে ধনীৰ পলৰে সৈতে মাছৰ সম্পৰ্ক, বাঁৰী বামুণীৰ আঞ্জাৰ বাটিৰে সৈতে মাছৰ সম্পৰ্কেৰে ৰিজালেও বেছি ৰেঙাই নাযায়। সি তাৰ আত্মসম্মান নিখুঁত ৰাখিবলৈ অনেক ৰকম টেঙৰালিৰ আশ্ৰয় লৈছিল; যেনে-পলৈয়াহত বামলৈ উঠিলে সিঁহতৰপৰা খুজি-মাগি নাইবা ডকা-হকা দি দুটা-চাইটা মাছ আনি আমাৰ ঘৰত দি, সেই মাছ তাৰ পলত পৰা বুলি, একুৰি এটা মিছা কথাৰে বুকু ফিন্দাই কৈ বাহাদুৰি লৈছিল। কিছুদিনলৈকে যদিও সকলোৱে তাৰ কথাৰ তলনিলা ধৰিব নোৱাৰিছিল, কিন্তু তলিফুটা পানীৰ কলহৰ দৰে তাৰ এই মহতালি কথাৰ তলিত ফুটা থকা বাবে অচিৰতে তাৰ সম্ভেদ তাৰ গুণগ্ৰাহীসকলৰ আগত ওলাই পৰিল আৰু তাৰ বাহাদুৰিৰ [ ২০ ] বৰ নাও অচল হ’ল। মাঘৰ বিহুত হাঁহকণী যুঁজোৱা বিদ্যাতো ধনী পিছপৰা নাছিল। কিন্তু তাৰ মাছধৰা বিদ্যাৰ দৰে, হাঁহ-কণী যুঁজোৱা বিদ্যাতো শীঘ্ৰে জাল-জুৱাচুৰি ধৰা পৰিল। খবৰ পোৱা গ'ল যে ওৰে দিনটোৰ মুৰত যে সি এপাচি মুৰ ভগা হাঁহকণী নিজৰ জয়লদ্ধ চিন (trophy) স্বৰূপে ঘৰলৈ আনিছিল, তাৰো তিনি ভাগৰ দুভাগত পানী দিয়া (adulterated) অৰ্থাৎ সেই এটাইবোৰ তাৰ স্বোপাৰ্জ্জিত নহয়, লোকৰ পৰা খুজি-মাগি বা ডকা-হকা দি আনি তাৰ লেখ বঢ়োৱা।

 মুঞ্চেফ হাকিম ডাঙৰীয়াৰ বৰ লগুৱা বুলি ধনীক হাট-বাটৰুৱা দোকানী-পোহাৰীয়ে খাতিৰ আৰু ভয় কৰিছিল আৰু সি সেই অৱস্থাৰ সুবিধাটো ষোল অনাৰ উপৰি আদায় কৰিবলৈ ত্ৰুটি নকৰিছিল। লাহে লাহে তাৰ দুষ্টালিৰ জোখ ইমান বাঢ়ি উঠিছিল, যে সি মাছ কিনিবলৈ আমাৰ ঘৰৰপৰা পইচা লৈ গৈ সেই পইচা পোহাৰীক দিয়া অভ্যাসটো বদ অভ্যাস থিৰাং কৰি একেবাৰেই তাক পৰিত্যাগ কৰিছিল আৰু বলেৰে পোহাৰীৰপৰা মাছ কাঢ়ি আনি সেই মাছ আমাৰ পইচাৰে কিনি অনা বুলি বঢ়িয়াকৈ আমাৰ ঘৰত চলাই দি মাছৰ পইচা কঁকালৰ জালৰ মোনাত ভৰাইছিল। প্ৰথম ডোখৰত তাৰ এনেবোৰ অত্যাচাৰ-অবিচাৰ দোকানী পোহাৰীয়ে ভয়তে নিৰ্বিবাদে সহি হজম কৰিছিল আৰু সিও “চলাও পাঞ্চি” বুলি সেই ব্যৱসায়ৰ পাঞ্চৈ নাওখন ভো-ভো কৰে চলাই দিছিল। কিন্তু এদিন ধনীৰ নাও লাগিল ঘপহ্ কৰে চটত আৰু খালে উবুৰি। তাৰ এনে অত্যাচাৰৰ কোব অসহ্য হ’লত বজাৰৰ এজাক দোকানী পোহাৰীয়ে মৰোঁ-জীওঁ সো-আধিকৈ দেউতাৰ আগত ‘ধনী বৰ ভাণ্ডাৰী’ৰ নামে গোচৰ দিলেহি। ধনীযে বিপদ সমুপগত দেখি ততালিকে পলাই ফাট মাৰিলে। ‘আসামী ফেৰাৰ’ দেখি, দেউতাই সেই পোহাৰীবোৰক সিঁহতৰ মাছৰ দাম যিমান দূৰ সম্ভৱ সুধি-পুছি লৈ, দি, বিদায় দিলে আৰু পিছদিনা ধনীক বিচৰাই ধৰাই আনি বঢ়িয়াকৈ এজাউৰি কিল-কীৰ্তন দিলে। এই কিল-কীৰ্তনৰ effect গুণ যে সৰহ দিন ধনীৰ গাত আছিল, এনে মনে নধৰে; কাৰণ সি সেই পা্চৈ নাৱৰ বেহা ইমান লাভজনক দেখিছিল যে, দিনচেৰেকৰ মূৰতে আকৌ তাত মনপতি লাগি গ'ল। তাৰ এই ৰোগ দূৰাৰোগ্য হৈ উঠা দেখি দেউতাক তাক ‘চচ্‌পেণ্ড’ কৰি তাৰ ঘৰ চাওখাতলৈ বদলি কৰি তাৰ ঠাইত তাৰ ককায়েক গোজৰক আনি বাহাল কৰিলে। এবছৰৰ পিছতহে ভালেখিনি চেঁচা পৰা ধনীক আকৌ অনাই তাৰ পূৰ্বৰ কামত ভৰ্তি কৰা হ'ল।

 মহাপুৰুষ শ্ৰীমাধৱদেৱৰ প্ৰিয়তম শিষ্য, উজনিত মহাপুৰুষৰ গাৰ নিবিকাৰ পদ্ম আতা বা বদলা আতাৰ থান কমলাবাৰী পিতৃদেৱতাৰ প্ৰাণ আৰু কমলাবাৰীৰ গোসাঁই-ভকতসকল বুকুৰ সম্বল আছিল। এইসত্ৰ আৰু ভকতৰ অৰ্থে তেওঁ যথা সৰ্বস্ব দিবলৈ সাদায় সাজু আছিল; আৰু দিছিলোঁ। পিতৃদেৱতাই সদায় কৈছিল, “মহাপুৰুষ গুৰুজনে নিজৰ নাৱৰ পৰা সৰ্বহ পানীত দলিয়াই পেলাই দি ভক্ত-বস্তুক তুলি লৈছিল; এতেকে ভক্ত-বস্তুতকৈ শ্ৰষ্ঠ বস্তু নাই।” মোৰ মনত আছে দলে দলে [ ২১ ] কমলাবাৰী সত্ৰৰ ভকত সদায় দেউতাৰ ওচৰলৈ অহা যোৱা কৰিছিল আৰু সিধা আদি খাদ্য-দ্ৰব্য সম্ভাৰৰ উপৰিও থানৰ কীৰ্তন-ঘৰত তেওঁলোকে জাৰকালি গাত লৈ বহি নাম গাবলৈ ৰঙা বানত একোখন লাভ কৰিছিল। এইটো নিশ্চয়কৈ কব পাৰোঁ যে কমলাবাৰী বৰপেটা, মধুপৰ সত্ৰৰ গোসাঁইভকতসকলক দান কাৰ্যত পিতৃদেবতাৰ মাহে মাহে দৰমহাৰ আদখিনি ধন ভগন হৈছিল। দেউতা লখীমপুৰত থাকোঁতেই কমলাৰাবী সত্ৰত কন্দল উপস্থিত হৈ সত্ৰখন দুভাগ হৈ ফাটি এভাগ আঁতৰি খাৰিজা বা ন কমলাবাৰী সত্ৰ হয় আৰু এই নতুন সত্ৰৰ ঘাই ধৰণী পিতৃদেৱতা হৈছিল।

 কমলাবৰী সত্ৰৰ ভকতসকলে এবাৰ কি দুবাৰ পিতৃদেৱতাৰ আহ্বানত আহি লখীমপুৰত ভাওনা কৰিছিল। সেই ভাওনা চাই যে আমাৰ কি মহানন্দ হৈছিল, কৈ শেষ কৰিব নোৱাৰো। ভাওনা হৈ যোৱাৰ এবছৰমান পিছলৈকে আমাৰ মুখৰপৰা ভাওনাৰ ভাৱৰীয়াৰ বচনবোৰ নুগুচিছিল আৰু সময়-অসময়, থল-অথল বিবেচনা নকৰি আমি ভাৱৰীয়াৰ ভাও দি ফুৰিছিলোঁ। এটা ভাওনা বোধৰে জৰাসন্ধ বধ আছিল। মই আৰু মোৰ ককাইদেও শ্ৰীনাথ, দুয়ো কলা-ঠহুৰাৰ ডাল গদা কৰি লৈ ঘৰৰ চোতালত বীৰৰসাত্মক বচন মাতি পৰম বিক্ৰম প্ৰকাশ কৰি মজি ফুৰিছিলোঁ আৰু দুইৰ পিঠিত কলা-ঠহুৰাৰ গদাৰে দুুইও ধপ ধপ কৰে কোবাই গদা ডাল ধুগুলা পচলা কৰিছিলোঁ। আমাৰ দুইৰো তুমুল যুদ্ধত প্ৰদৰ্শিত বল-বিক্ৰম দেখি ঘৰুৱা তিৰোতাসকল আৰু চাকৰ-নাকৰবোৰে পৰম বিশ্ময় মানি তধা লাগিছিল আৰু সেই দৰ্শকসকলৰ উচ্চাৰিত শলাগ আৰু উছাহ বাক্যত আমি দুই ভাই ভীম-জৰাসন্ধ ওফন্দি পৰি দুয়ো আৰু বেগেৰে তয়াময়া যুঁজ লগাই দিছিলোঁ। লাহে লাহে এই জাল আৰু বাউলা ভীম-জৰাসন্ধ-যোৰৰ যুঁজৰ কোব ইমান বাঢ়ি উঠিছিল যে আমাৰ ‘চুপৰ ভাইচৰ’ ককা ৰবিনাথে, “নাম নহৈ কোঁদোৰ বাহ” হবগৈ বুলি আশংকা কবি, to preserve Law and Order, অৰ্থাৎ আইন আৰু শান্তিৰক্ষাৰ নিমিত্তে, এক মাথোন তেওঁৰ দ্বাৰাই সঙ্কলিত, প্ৰচাৰিত আৰু প্ৰচলিত দণ্ডবিধি আইনৰ কোনো এটা section বা ধাৰামতে কৰা হকুম জাৰি কৰি further যুদ্ধ বন্ধ কৰি দিলে। কোনো সোঁত বা বেগৰ স্বাভাৱিক outlet অৰ্থাৎ বাট বন্ধ কৰি দিলে যেনেকৈ সি বাস্তৱিকতে বন্ধ নহৈ underground হয়, অৰ্থাৎ আত্মগোপন কৰি অন্তঃসলিলা হয়, সেইদৰে ইয়াৰ পিছত এই ক্ষুদ্ৰ যোদ্ধা দুটিয়ে শাসকৰ চকু এৰাই বাৰীৰ পিছফালে, নাইবা ঘৰৰ পিছ-চোতালত, নাইবা গৰু-গোহালিত ছগ বুজি একো একোখন ক্ষুদ্ৰ ক্ষুদ্ৰ সঙ্ঘটন কৰিবলৈ ধৰিলে। ভেকুৰিগুটীয়া যুঁজাৰু দুটিৰ গাত লম্ভা ভইৰ ভীম-জৰাসন্ধ দুটা কালক্ৰমত স্বভাৱতে বিলয়প্ৰাপ্ত হ’লতহে প্ৰকৃত পক্ষত সম্বৎসৰ-ব্যাপী সেই দুৰ্ঘোৰ মহাৰণৰ ওৰ পৰিল। ইয়াৰ পিছৰ বছৰত ‘নৃসিংহযাত্ৰা’ ভাৱনা দেখিছিলোঁ। আকৌ দুই ভাইক ভাৱনাৰ ভূতে পালে। বচন মাতি মাতি আকৌ দুয়ো যুক্ষেত্ৰত প্ৰৱেশ কৰিলো। মনত আছে, এদিন মই হিৰণ্যকশিপু হৈ[ ২২ ]

ৰহ ৰে ৰহ ৰহ
মাতৃবৈৰী হৰি
হাতে শূল ধৰি
পঠাইবো যম নগৰী।

 এই বচন মাতি হাতত লাখুটি এডাল লৈ নৰসিংহ হোৱা শ্ৰীনাথ ককাইদেওৰ ফালে চোচা লওঁতেই কলিৰ হিৰণ্যকশিপুতকৈও ডাঙৰ ককা শ্ৰীযুত ৰবিনাথ মাজুদলৰ বৰুৱা আহি ক'ৰবাৰ পৰা হিৰণ্যকশিপুৰ ওপৰত জপং কৈ পৰিল। নিমিষতে নৰসিংহ ফিৰিঙতি ভগাদি ভাগি অদৃশ্য হৈ সাৰিল, কিন্তু হিৰণ্যকশিপুৱে কাণ-মলা খালে।

 মনত আছে, এবাৰ ভাৱনাত এটা ভাও দিয়া হৈছিল, তাৰ নাম মঙ্গলা খৰিকটীয়াৰ ভাও। মঙ্গলাই খৰি কাটিবলৈ হাবিলৈ যাবলৈ ওলাইছে, কিন্তু সেইদিনা আছিল মঙ্গলবাৰ। ওচৰ চুবুৰিয়াই বাৰটো বেয়া দেখি মঙ্গলক খৰি কাটিবলৈ হাবিলৈ যাবলৈ হাক দিলে; কিন্তু মঙ্গলাই নশুনিলে, ফলত মঙ্গলাক বাঘে খালে। ভাৱনাৰ সভাঘৰত পিতৃদেৱতা, ৰবিনাথ ককা আৰু আন আন মানুহেৰে সৈতে আমি বহি ভাও চাই আছোহঁক। মঙ্গলাই খৰি পৰি থাকোতেই যেই তাক খাবলৈ পিছফালৰপৰা হাওঁ-হাওঁকৈ মুখা পিন্ধা বাঘ এটা ওলাল ওপৰত কৈ অহা ভীম-জৰাসন্ধৰ প্ৰধান নায়ক, জৰাসন্ধৰ সিদ্ধহস্ত, বীৰৰসাত্বক বাক্য-বচনত লব্ধপ্ৰতিষ্ঠ ককাইদেউ শ্ৰীনাথে ভয়ত চিয়ঁৰ মাৰি উঠি মাৰিলে লৰ। ভাৱনাৰ সভাঘৰত হাঁহিৰ ৰোল উঠিল। গতি বিষম দেখি উপস্থিত বুদ্ধিসম্পন্ন ককা ৰবিনাথে to save the situation, একেচাবেই উঠি গৈ ব্যাঘ্ৰ ভীতি-বিহ্বল শ্ৰীনাথ ককাইদেওক ধৰি আনি নিৰ্ভৰ দি নিজৰ কোলাত বহুৱাই বকুত সুমাই ল'লে; আৰু লোকৰ হাকবচন নুশুনি গৰুৱালি কবি বেষা বাৰ নমনা বপৰা মঙ্গলাক মুখা পিন্ধা ঢেকিয়াপতীয়া বৰ বাঘে নিৰ্বিবাদে খালে।

 অথচ সভাঘৰ ভৰি থকা বাবে কুৰি মানুহৰ ভিতৰত এটা-এড়োখৰেও এটি টু শব্দ নকৰিলে, একাষাৰ ইচ ইচ বা ৰাম বিষ্ণুকে নুবুলিলে, টোকোন লাখুটিৰ কথাকে নকওঁ, এডাল মেমেৰা খাগৰিকে নাইবা হালোৱা এচাৰিকে নোজোকাৰিলে নাইবা তৰ্জনী আঙ্গলি বা কেয়া আঙ্গলি এটাকে বাঘটোক নেদেখুৱালে!!!

 মনত আছে, আমি লখীমপুৰত থাকোঁতেই ককাইদেউ শ্ৰীযুত গোবিন্দ বেজবৰুৱা (G. Bezbaroa) আৰু শ্ৰীযুত গোলাপচন্দ্ৰ বেজবৰুৱা (Dr. G. C. Bezbaroa) কলিকতাত পঢ়িবলৈ গৈছিল। সেই কালত কলিকতাত পঢ়িবলৈ যোৱাটো অনেক বিষয়ত আজি-কালিৰ নিচিনা উজু ব্যাপাৰ নাছিল। ডাক−জাহাজ আৰু ৰেলৰ আবিৰ্ভাব তেতিয়াও আসামত হোৱা নাছিল; সদাগৰী জাহাজ চলাচল হৈছিল মাথোন, আৰু তাৰ সহায়েৰে ১৫/২০ দিনেহে গৈ কলিকতা যাত্ৰীয়ে কলিকতাত ওলাবগৈ পাৰিছিল। কলিকতাত পঢ়িবলৈ গৈ বঙালীৰ হাতে ভাত খালে সম্ভৱত আমাৰ ককাইদেওসকলৰ জাত যায়, এই ভয়ৰ আন্দোলন আমাৰ ঘৰত প্ৰবলভাৱে চলি বিষম সমস্যা উপস্থিত কৰিছিল। এই সমস্যাৰ সমাধান, শশধৰ নামৰ অসমীয়া বামুণ [ ২৩ ] এটাক তেওঁলোকৰ ভাত ৰান্ধনি কৰি পঠিয়াই কৰা হয়। কিন্তু লাহে লাহে দেখা গ’ল যে ককাইদেওসকলৰ দ্বাৰাই কলিকতাত অচিৰতে ৰান্ধনি শশধৰ অনাৱশ্যক বিবেচিত হ’ল; আৰু এবছৰমানৰ পিছতে অসমীয়া শশধৰ বঙ্গাকাশৰ মেঘমুক্ত হৈ পুনৰ অসম আকাশত উদয় হ’লহি। সিফালে কলিকতাত, জাতৰ বাৰখৰে শুকাই ককৰীয়াকৈ থোৱা দুই ভাইক বিদেশী ৰান্ধনিৰ আঞ্জা-ভাতে ধাৰাসাৰে বোৱাই পেলালে। সন্তানসকলৰ বিপৰ্যৰ বুদ্ধি দেখি বেচেৰা পিতৃদেৱতাই কলিকালৰ প্ৰকাণ্ড প্ৰতাপ অনুভৱ কৰি ঈশ্বৰক চিন্তি বিষাদ মনেৰে ৰ'ল।

 দুইজন ককাইদেওৰ চুলি-কটা ব্যাপাৰ লৈও আমাৰ ঘৰত কম আন্দোলন উপস্থিত হোৱা নাছিল। অথচ তেনে চুলি কটা বা টিকনিকটা ঘটনা সাতোটা বাৰৰ ছাপন্ প্ৰহৰত আজি-কালি নিতৌ ঘটিব লাগিবে, “ব্ৰাহ্মণ ক্ষত্ৰিয় পুণ্য-তনু” সকলে নিৰ্বিবাদে, অপ্ৰতিৰোধ গতিৰে নিতৌ স্ব স্ব মস্তকৰ শিখা কাটি তহিলং কৰিব লাগিছে, কিন্তু তেনে কাণ্ড-কাৰখানা দেখি অলেখ কাউৰীৰ এটা কোৱাইও একাষাৰ ‘কা’ কৰা নাই, অসংখ্য চিলনীৰ এটা চিলাইও এটা “চি” বোলা নাই, বৰ গছে এটা টোপাল পেলোৱা নাই, ৰান্ধনীয়ে পুহমহীয়া চৰুৰ তলত জাল দিওঁতে গেৰেহা কাঠ-খৰিৰে সৈতে এবাৰ সেহোৱা নাই, আন কি ‘সনাতনী’ ধৰ্ম সম্প্ৰদায়সভাৰপৰা এটা unanimously passed resolution অৰ্থাৎ সৰ্বসম্মতিক্ৰমে নিৰ্ধাৰিত প্ৰস্তাৱৰ সিদ্ধান্ত লাট আবু বৰলাট বাহাদুৰৰ সভালৈ দূৰ্ঘোৰ প্ৰতিবাদ স্বৰপে পঠিওৱা হোৱা নাই আৰু সেই ‘ৰিৰাট’ সভাৰ সেই বিষয়ৰ কাৰ্যাৱলী কোনো দৈনিক মাসিক বাতৰি কাকতত প্ৰৱেশ কৰি শদিয়াৰপৰা ধুবৰীলৈকে তুমুল আন্দোলনৰ তৰঙ্গ তোলা নাই। কালৰ কি প্ৰৱল প্ৰতাপ, আগৰটো আন্দোলনৰ দৰে এই টিকনি-বিনাশনৰ আন্দোলন টোৱেই কালক্ৰমত আমাৰ ঘৰত নিৰ্বাণ-মুক্তি লাভ কৰিলে , আৰ, কলেনো কোনে হাতত ধৰিব, যে টিকনিতো একৰকম সৰু কথাই, দেখোঁতে দেখোঁতেই চাহাবী হেট কোট আৰু পট্‌লুঙৰ বৰ বৰ কথাবোৰ পৰ্যন্ত সৰুৰো সৰু একোটি হৈ কেনিবা সৰকি.পৰিল।

 পিতৃদেৱতা লখীমপুৰত থাকোঁতেই কিছুমান দুষ্ট মানুহে ষড়যন্ত্ৰ কৰি তেওঁৰ ওপৰত এটা মিছা অভিযোগ আনে; আৰু সেই অভিযোগৰ বিচাৰৰ নিমিত্তে তেওঁ ডিব্ৰুগড়লৈ যাবলগীয়াত পৰে। তেতিয়া ডাক জাহাজ বা ৰেল আসামত নাছিল; গতিকে তেওঁ নাৱেৰে আহিবলগীয়াত পৰিছিল। পিতৃদেৱতা বাটত থাকোঁতেই কিবা স্বৰুপে জুই লাগি ডিব্ৰুগড়ৰ কাছাৰী ঘৰটো পুৰি যায়। তেওঁৰ ওপৰত অভিযোগ আনোতা দুষ্ট মানুহকেইটাই চেলু পাই, তেওঁ মানুহ লগাই দি কাছাৰী ঘৰটো পোৰালে বুলি ডেপুটি কমিশ্যনৰ কৰ্ণেল ক্লাৰ্কক কৈ দিলে। কৰ্ণেল ক্লাৰ্কে কোনো বিচাৰ আৰু বিবেচনা নকৰি, দণ্ডবিধি আইনৰ ‘ঘৰ জ্বালানি’ অভিযোগ ধাৰাত পিতৃদেৱতাক পেলাই তেওঁ ডিব্ৰুগড় পালতে তেওঁক হাজোতত দিলে। এই মোকৰ্দমাই সেই কালত আসামৰ ইমূৰৰপৰা সিমূৰলৈকে সকলো মানুহৰ মনত [ ২৪ ] তোলপাৰ লগাই পেলাইছিল; আৰু সকলোৱে তাৰ নিচিনা ধাৰ্মিক আৰু পুণ্যাত্মা মানুহৰ দ্বাৰাই তেনে ঘৃণণীয় কাম কোনোমতেই হোৱাটো অসম্ভৱ বুলি বুজি, বেজাৰ আৰু শোকত মগন হৈছিল, আৰু যাতে পিতৃদেৱতা সেই অগ্নি-পৰীক্ষাৰপৰা নিষ্কলঙ্ক হৈ সম্মানেৰে সৈতে উদ্ধাৰ হৈ ওলাই তাৰ অৰ্থে ঈশ্বৰৰ ওচৰত কায়মনোবাক্যে প্ৰাৰ্থনা কৰিছিল। এই বিপদৰ গোটেইডোখৰ কালতে ডাঙৰীয়া দীননাথ বেজবৰুৱা স্থিৰ, ধীৰ অটল হৈ আছিল আৰু তেওঁৰ নিষ্পাপ নিৰ্মল অন্তঃকৰণত এক মুহূৰ্তৰ নিমিত্তে ভয়ৰ সঞ্চাৰ হোৱা নাছিল। তেওঁৰ নিৰ্ভৰ উত্তৰ, ঈশ্বৰ-বিশ্বাসেৰে বলী পৌৰুষপূূূৰ্ণ ব্যৱহাৰে কৰ্ণেল ক্লাৰ্ককে প্ৰমুখ কৰি তেওঁৰ শত্ৰুদলৰ প্ৰাণত আতঙ্ক আৰু ডিব্ৰুগড়ৰ প্ৰজাৰ মনত বিস্ময়-বিমিশ্ৰিত আনন্দ উৎপাদন কৰিছিল। বিচাৰৰ শেষত পিতৃদেৱতা মেঘমুুুক্ত শশধৰৰ দৰে নিজৰ পূূূৰ্ণ যশস্যাৰ জেউতিৰে আৰু উজ্বল হৈ ওলাল। গৱৰ্ণমেণ্টে তেওঁক আকৌ আগৰ কামত নিযুক্ত কৰি, কামৰপৰা স্থগিত (চ্ চপেণ্ড) হৈ থকা কেইমাহৰ পূৰা বেতন দিলে। ইযাৰ পিছত তেওঁৰ শত্ৰুদলৰ যিবোৰ নানা লটিঘটি-হৈছিল, সেইবোৰৰ বৰ্ণনা দি লেখনী কলুষিত কৰিব নোখোজোঁ। সেই মোকৰ্দমাত পিতৃদেৱতাৰ বিস্তৰ ধন ভগন হৈছিল। ব্ৰেন্সন নামে (পিছত ইলবট বিলৰ সময়ত ভাৰতীয় মানুহক ঘাইকৈ বঙালীক গালি পাৰি বিখ্যাত হোৱা) এজন ইংৰাজ ডাঙৰ বেৰিষ্টাৰক আৰু শৰৎচন্দ্ৰ বানুুুৰ্জী নামে এজন চাপৰ বঙালী উকীলক পিতৃদেৱতাৰ পক্ষ সমৰ্থন কৰিবৰ নিমিত্তে কলিকতাৰপৰা অনোৱা হৈছিল। ব্ৰেন্সন অহাৰ আগেয়েই উকীল শৰৎচন্দ্ৰ বানুুুৰ্জীয়ে ডিব্ৰুগড় পাই সেই মিছা মোকৰ্দমাৰ জাল খণ্ড বিখণ্ড কৰি উৰাই দিলে। ব্ৰেন্সন আহি গোৱালপাৰা পাওঁতেই তাৰেপৰা পিতৃদেৱতাৰ নাতিয়েক সুবিখ্যাত হাকিম পূূূৰ্ণানন্দ বৰুৱা ‘ছোটচাহাবে’ তেওঁক ওভোতাই পঠিয়ালে। সেই মোকৰ্দমাত অহা সুযোগ্য উকীল বাবু শৰৎচন্দ্ৰ বানুুুৰ্জীয়ে তাৰ পিছত আসাম গৱৰ্ণমেণ্টৰ চাকৰি লৈ ‘এক্‌ষ্ট্ৰা এছিষ্টেণ্ট’ হৈ আসামতে থাকিল।

 আমাৰ সুযোগ্য বন্ধু সদাগৰ শ্ৰীযুত ভোলানাথ বৰুৱা ডাঙৰীয়াই (B. Barooah) মোক এদিন কলিকতাত কৈছিল যে তেওঁ ঢাকাত থাকোতে ডিব্ৰুগড় কাছাৰী পোৰাৰ ৰহস্য হঠাৎ এদিন তেওঁৰ আগত এটা ঘটনা সূত্ৰত উদ্ঘাটিত হৈ পৰিছিল। হেনো ৰগকা কোনো এটা মুছলমান বেপাৰীৰ মোকদৰ্মাৰ নথি এটা পূৰি নষ্ট কৰিবৰ নিমিত্তে সেই বেপাৰীৰে এটা মুছলমান কৰ্মচাৰীৰ দ্বাৰাই সেই কাৰ্যটো সঙ্ঘটিত হৈছিল। অনেক বছৰৰ পিছত, সেই ৰহস্য প্ৰকাশৰ বিপদ সম্পূৰ্ণৰূপে বিদূৰিত হোৱা জানি, সেই মানুহে বৰুৱা ডাঙৰীয়াৰ আগত কোনো সূত্ৰত সেই কথা স্বতঃপ্ৰকাশ কৰি নিজৰ বাহাদুৰীৰ আনন্দ উপভোগ কৰিছিল।

 লখীমপুৰীয়া স্মৃতিৰ ওচৰত বিদায় লবৰ আগতে লখীমপুৰৰ চেনিমাছ আৰু পাভমাছৰ কথা মনত পৰিল। এনে ডাঙৰ আৰু তেলাল চেনি আৰু পাভমাছ লখীমপুৰ এৰিবৰপৰা আজিলৈকে আৰু মই ক'তো দেখা নাই। সেই দুবিধ লখীমপুৰীয়া মাছ সোশৰীৰে মোৰ আগৰপৰা অন্তৰ্ধান হ'ল যদিও তাৰ সোঁৱৰণ অন্তৰ্ধান নহ'ল। [ ২৫ ]  লখীমপুৰতে এই সোঁৱৰণ-লেখক হৈ-গুদু খেলৰ বিদ্যাত দীক্ষিত হৈ সেই খেলৰ কোনো এখন অস্থায়ী ‘ক্লাব’ খুদমান হাতৰ সভ্যৰূপে পৰিগণিত হৈছিল। অৱশ্যে সেই যুদ্ধ-ক্ষেত্ৰ, এই লেখকতকৈ অনেক গুণে ডাঙৰ আৰু বলী যুঁজাৰু ৰথী-মহাৰথীসকলৰ শৌৰ্য-বীৰ্যৰ আস্ফালনেৰেহে বিশেষকৈ পৰিকল্পিত হৈছিল; এই ভেকুৰিগুটীয়া আন দুই চাৰিটা ভেকুৰিগুটীয়াৰে সৈতে প্ৰতিদন্দী পক্ষৰ কোনো এক পক্ষৰ দ্বাৰাই ৰণুৱাৰ লেখ বঢ়াবলৈ ক্ষুদ্ৰ পদাতিকৰূপে মাথোন ব্যৱহৃত হৈছিল; আৰু ভেকুৰিগুটীয়া ৰণুৱাৰ ‘ডিউটি’ (duty) কাম হৈছিল— গুদু-গুদুকৈ দলৰপৰা বিশ্বাশৱদেলৰি ওলাই গৈ বিপক্ষ দলৰ কোনো এজনৰ হাতত বন্দী হৈ উশাহ এৰি হৈ-গুদুৱা প্ৰাণ পৰিত্যাগ কৰাটো মাথোন। উশাহ এৰি হৈ-গুদৱা মোৰ ককাইদেউ আৰু ভাগিনৰ বাহিৰে সেই ৰথী-মহাৰথীসকলৰ ভিতৰত দুজনৰ নাম মনত আছে। এজন শ্ৰীযুত হৰিবৰ দাস, আনজন শ্ৰীযুত গভীৰচন্দ্ৰ দাস।

[ ২৬ ]

॥তৃতীয় আধ্যা॥

 পিতৃদেৱতা লখীমপুৰৰপৰা গুৱাহাটীলৈ বদলি হয়। অসম-বুৰঞ্জী লেখক কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্ৰ, গুৱাহাটী-নিবাসী শ্ৰীযুত কমলানাথ ফুকনৰ ঘৰত আমি উঠিলোঁহি। ফুকনৰ ঘৰৰে সৈতে বেজবৰুৱাৰ ঘৰৰ ঘনিষ্ঠ সম্বন্ধ পুৰণিকালৰে পৰা চলি আহিছে। তাৰউপৰি কমলানাথ ফুকনৰ ভাযেক, শিৱসাগৰ নিবাসী শ্ৰীযুত মুক্তানাথ ফুকন খাজাঞ্চী পিতৃদেৱতাৰ জোৱায়েক। আমি অলপ দিন মাথোন ফুকনৰ ঘৰত আছিলোঁ। আমাৰ বংশৰ সুবিখ্যাত ৺লক্ষীনাথ গজপুৰীয়া বৰুৱা ডাঙৰীয়াৰ খালী হৈ থকা ঘৰ-বাৰীলৈ সোনকালে উঠি গলোহঁক।

 | গুৱাহাটীৰ বিশাল ব্ৰহ্মপুত্ৰ আৰু চাৰিওফালৰ পৰ্বতমালাৰে বিভুষিত মনোৰম দৃশ্যই মোৰ মন অনিৰ্বচনীয় আনন্দেৰে পূৰাই পেলালে। সেই দৃশ্যৰ চিত্ৰপট মোৰ হৃদয়-চিত্ৰশালত যাবজ্জীৱন থাকিব। অশ্বক্লান্ত, উমানন্দ, উৰ্বশী, নৱগ্ৰহ, শুক্ৰেশ্বব, বশিষ্ঠাশ্ৰম আদি তীৰ্থস্থানলৈ পিতৃদেৱতাৰে সৈতে গৈ মই যে কি অপাৰ আনন্দ উপভোগ কৰিছিলোঁ, কৈ অঁতাব নোৱাৰোঁ। মাথোন কামাখ্যা আৰু হাজোলৈ মোক সৰু বুলি পিতৃদেৱতাই লগত নিয়া নাছিল।

 গুৱাহাটীতে প্ৰথমতে মোৰ স্কুলত প্ৰবেশ ঘটে। সঁচাকৈ ক'বলৈ গ'লে, স্কুললৈ যোৱাটো মোৰ মনত বব-ফাটেকলৈ যোৱা যেন লাগিছিল। মোৰ পক্ষে স্কুলত প্ৰবেশ মানে বনবিহঙ্গৰ সজাত প্ৰবেশ; যদিও তাৰ অৱস্থিতি চাৰি-পাঁচ ঘণ্টাৰ নিমিত্তেহে। কিন্তু হলে কি হব, সেই চাৰি-পাঁচ ঘণ্টাৰ পিছত মুকলি হৈ গৈ আকৌ যে কাইলৈ তাত পুনৰাবদ্ধ হোৱা অনিবাৰ্য, সেই চিন্তাৰ ভয়ে মোক খুলি খুলি খাইছিল। পিতৃ দেৱতাৰ হুকুম, মই স্কুললৈ যাবই লাগিব-তেনেহলে মোৰ মনোৰাজ্যত “বামুণেই মৰক বা লগুণেই ছিগক।”

 স্কুলত সোমায়েই যেই দেখোঁ, কৰধৃত-ঘূৰ্ণিত-শোভিত-বেত্ৰং মাষ্টৰ মহাপ্ৰভুসকলৰ বজ্ৰ-বজ্ৰ-গভীৰ নিনাদ ছাত্ৰসকলৰ সম্মিলিত সংযত কণ্ঠ-নিসৃত মদু-মণ্ড গুৰু গুৰু ধ্বনিৰ কটাহ ভেদ কৰি স্কুল ঘৰৰ মুধচ পাইছেগৈ, মোৰ ধাতুটিও মূৰৰ মুধচত উঠিবলৈ লৰ ধৰে। মোৰ মুৰৰ ব্ৰহ্ম-ৰন্ধ্ৰৰ কাষতে ধাতুটিক এৰি থৈ মই বহি স্কুলত কিবা শিকা-বুজাৰতো কথাই নাই, ঘৰত অলপ অচৰপ যি পঢ়ি-শুনি শিকি বুজি আহোঁ, সিয়ো পাহৰণিৰ পঞ্চবটীত সোমাই মায়া-মৃগ হৈ কৰবালৈ লৰি পলাই গুচি যায়। হায়! স্কুল মোৰ মনত ভয়ৰ ভৱন নহৈ যদি আনন্দভৱন হ'লহেঁতেন আৰু মোৰে নিচিনা দূৰ্ভগীয়া “স্কুলাতঙ্কৰোগহগ্ৰস্ত” এশ-এটা ল’ৰাৰ পক্ষেও যদি তেনেকুৱাই হ'লহেতেন, তেন্তে আমাৰ দেশত কি সুস্থ সবল দেহৰ আৰু মনৰ এচাম প্ৰজাৰ (generation) সৃষ্টি হ'লহেতেন। স্কুলত শিক্ষা দিবৰ কঠোৰ নিৰ্মম নিৰস এটা মাথোন ব্যৱস্থাৰ সলনি যদি তাৰ ওলোটা অৱস্থাৰ প্ৰচলিত হ’লহেতেন, তেন্তে কেনে হাঁহিমুখীয়া কাৰ্যক্ষম আৰু নিজৰ সাধ্য সীমাত প্ৰফুল্লিত প্ৰজা চামে চামে বাঢ়ি আমাৰ জন্মভুমিক [ ২৭ ] উজ্জ্বল আৰু মহিমাশ্বিত কৰিলেহেতেন। দেৱী সৰস্বতীৰ বছেৰেকীয়া পূজাৰ উৎসৱ ছাতৰসকলৰ পক্ষে কেনে আনন্দময় হয়—তেওঁৰ দৈনিক পূজাও যদি ছাতৰ-সকলৰ পক্ষে তেনে আনন্দময় হ'লহেঁতেন, তেন্তে তেওঁৰ অক্ষয় জ্ঞানভাণ্ডাৰৰপৰা জ্ঞান-ৰত্বৰ সম্ভাৰ হৰিষ 'মনেৰে সংগ্ৰহ কৰি কত লোক ধনী আৰু সুখী হ’ব পাৰিলেহেঁতেন।

 স্কুলত আমাক অঙ্ক শিকোৱা এজন মাষ্টৰ আছিল; তেওঁৰ নামটো (যদি মই পাহৰা নাই) চাখাৱত আলি। তেওঁক দেখিলেই মোৰ মূৰত থাকিব নোখোজা অঙ্কৰ আকৃতি কেইটা বিকৃতি হৈ, মাতৃস্তন্যৰে সৈতে মাতৃদত্ত মাতৃকেইটাক সিহঁত লগত লৈ মোক স্কুলৰ ক্লাছৰ কাঠৰ বেঞ্চৰ ওপৰতে নিৰুপাষ কৰি অকলশৰীয়াকৈ এৰি, তাহানি নিষ্ঠুৰ নলে দমযন্তীক হাবিৰ মাজত এৰি পলোৱাদি পলাইছিল। তাৰ পিছত কিন্তু মুন্সি চাহাবৰ ৰঙা চকু আৰু চোকা মুখৰ বাক্যবাণ এই মৃতকৰ ভেলটোৰ ওপৰত যিমান কোবেৰে পৰিছিল, উত্তৰৰ আশাত নিৰাশ হৈ সিমান কোবেৰেই সেইবোৰ তেওঁৰ টোণলৈ উভতি গৈছিল। মঠেতে এইফেৰা ক’লেই হ'ব যে গুৱাহাটীৰ স্কুল মোৰ পক্ষে আনন্দালয় নহৈ যমালয হৈ উঠিছিল।

 মনত আছে, স্কুলত মোৰ এনে বিদ্যাভ্যাসৰ সঙ্কটময় অৱস্থাতে এবাৰ কলিকতাৰপৰা তেওঁলোকৰ কলেজৰ বন্ধত ককাইদেওসকল গুৱাহাটীলৈ আহিছিল। মোৰ কলিকতীয়া ককাইদেওসকল আজি আহি পাবহি, এই উৎসাহৰ আনন্দাতিশয্যত মোৰ মাটিত ভৰি পৰা নাই। ককাইদেওসকল আহিল; গুৰুজনসকলক তেওঁলোকে সেৱা কৰি আদৰ অভ্যৰ্থনা লাভ কৰিলে , সৰুবোৰক দুই-চাৰি আষাৰ মিঠা কথাৰে আপ্যায়িত কৰি সেৱা নমস্কাৰ গ্ৰহণ কৰিলে। কিন্তু এই দূৰ্ভগীয়া দূৰদৃষ্টৰ কথা কি কম। মোক দেখিয়েই ককাইদেৱে মাত লগালে-“এইটো ইমান ডাঙৰ হ’লনে। হেৰ তই কি পঢ়িছ?” প্ৰশ্নটো শুনিষেই মোৰ মনৰ আনন্দৰ বাণ একে হেচোকতে হুহঁকি শুকাই গৈ তাৰ তলিৰ ওখোৰামোখোৰাবোৰ ওলাই পৰিল; মুখ শুকাই কৰাই খোলা যেন হল। ভাবিলো, হৰি হৰি! মোক স্কুলৰ বৰ বাঘে খেদি আহি দেখোন আজিৰ নিচিনা এনে আনন্দৰ দিনতো ঘৰ পালেহি।

 কিছুমান বেলিৰ পিছত ককাইদেৱে মোৰ পঢ়া কিতাপকেইটা মোৰ হতুৱাই অনাই, মোৰ পঢ়াৰ পৰীক্ষা কৰিবলৈ লাগি গ'ল; আৰু তেওঁৰ প্ৰশ্নৰ উত্তৰত মোৰপৰা তেওঁ একো একোটা ফোপোলা আলুগুটি পাবলৈ ধৰিলে। তেওঁৰ উঠিল খং। মোক ধৰি কিল-কীৰ্তন দিবলৈ উঠি দিলে খেদা। মই মাৰিলো লৰ। ক্ষন্তেকতে মই আমাৰ গোটেইখন বাৰীত, পছোৱা বতাহৰ আগ উৰাদি উৰি ফুৰিবলৈ ধৰিলো আৰু মোৰ পিছে পিছে তেওঁ লৰি ফুৰিবলৈ ধৰিলে। তেওঁ অসাৰ্থক খেদাত ক্লান্ত হৈ পৰিল, মোৰ বেগ কোবতকোব চলিল। সকলোৱে অবাক হৈ এই বিপৰীত দৃশ চাবলৈ ধৰিলে। অন্তত খেদা আৰু ল’ৰাৰ ধুম যেতিয়া তমোময় হৈ উঠি উঠিলগৈ, মাতৃদেবীয় বৰ পুতেকক এই wild goose chase অৰ্থাৎ পলৰীয়া হাঁহ ধৰিবলৈ খেদি ফুৰি হায়ৰাণ হোৱাৰপৰা [ ২৮ ] নিযুত হবলৈ বৰকৈ কৈ, তেওঁক অলপ ভৎসনা কৰি ক'লে—“বাবু হেৰ তই কলিকতাৰপৰা আহিছ দেখি হেপাহ কৰি তোৰ সৰু ভায়েৰে তোক চাবলৈ আহিল। তই তাক ক’ত দুই-চাৰিটা কথা কৈ পোনতে মৰম কৰিবি নাই, তাক আকৌ এইদৰে মাৰিবলৈ চোৰ খেলাদি খেদি লৈ ফুৰাইছ। লাহে-ধীৰেও দেখোন তই তাৰ পঢ়া-শুনাৰ মহলা লব পাৰ।” আইৰ কথা শুনি যদিও ককাইদেও ক্ষান্ত হ’ল, তথাপি আইক মৃদু-মন্দ প্ৰতি-ভৎসনা কৰিবলৈ নেপাহৰিলে যে তোমালোকে তাক মৰম কৰি কৰি তাৰ মূৰ খালাহঁক। ইমানটো ঢোদোঙাল’ৰাই একো পঢ়াশুনা নকৰে—এটা big dunce হ’ল। এই ঘটনাৰ পিছত ককাইদেওসকল থকা কেইটা দিন মই মন মাৰি আলেঙে আলেঙে ফুৰি কোনোমতে কটাই দিছিলোঁ। বোধকৰো এই ঘটনা, পিতৃদেৱতাই গুৱাহাটীতে কামৰপৰা অৱসৰ লৈ পেন্সন পাই শিৱসাগৰলৈ আহিবৰ কিছুদিনৰ আগতে ঘটিছিল; কাৰণ মোৰ মনত আছে, শিৱসাগৰলৈ আহিবলৈ যাত্ৰা কৰি গুৱাহাটীৰ ঘাটতে আমি সকলোটি নাৱত উঠি থাকি, ৰাতি বালিত ভাত খাবৰ সময়ত, বৰ ডাঙৰ মহা বতাহ এটাই আমাৰ ৰন্ধা-বঢ়া ভাত বালিৰে পুতি পেলাইছিল, আৰু বালিত তৰা আঁৰ কাপোৰখন উৰাই নি ব্ৰহ্মপুত্ৰৰ মাজত পেলাই দিছিল; আৰু সেই ৰাতিৰ সেই দূৰ্যোগৰ সময়ত দেউতা আৰু ককাইদেওসকলে আন আন মানুহ আৰু নাৱৰীয়াহ’তৰে সৈতে পানীত নামি কান্ধ পাতি আমাৰ নাও দুখন ধৰি থাকি কোনো মতে ৰক্ষা কৰিছিল। মনত আছে, ধুমুহাৰ পিছত, সেই ৰাতিয়েই তেওঁলোক দুযো কলিকতালৈ উভতি যাবলৈ বুলি সদাগৰী জাহাজত উঠেগৈ আৰু পিছদিনা মাতৃদেৱীয়ে চকুৰ লো টুকি এইবুলি বেজাৰ কৰিছিল যে-“লৰা দুটাই কালি ৰাতি ইমান দূখো পালে আৰু যোৱাৰ আগেযে এসাজ ভাত খাবলৈ আহি খাবলৈকো নাপালে।”

 ওপৰত উনুকিয়াইছোঁ, যে পিতৃদেৱতাই গুৱাহাটীতে একাষ্ট্ৰা এছিষ্টেণ্ট কামৰপৰা অৱসৰ লৈ পেন্সন পায়। গুৱাহাটীৰ অনেক ভদ্ৰলোকে ঘাইকৈ লক্ষীনাথ গজপুৰীয়া বৰুৱা ডাঙৰীয়াই পিতৃদেৱতাক উজনিলৈ উভতি নগৈ গুৱাহাটীতে ঘৰবাৰী কৰি থাকিবলৈ অনুৰোধ কৰে। কিন্তু পিতৃদেৱতাই নিজৰ পুৰণি ঠাই শিৱসাগৰলৈ উভতি যোৱাটোকে থিৰ কৰিলে।

 গুৱাহাটীৰ ভদ্ৰলোকসকলৰ ভিতৰত উকীল শ্ৰীমন্ত সেন, যশোমন্ত সেন, এই দুজনৰ কথা আৰু গোবিন্দৰাম চৌধাৰীৰ কথা মোৰ মনত আছে। এওঁলোক আমাৰ ঘৰলৈ সততে আহিছিল আৰু দেউতাৰ আদৰৰ পাত্ৰ আছিল। গোবিন্দৰাম চৌধাৰী ওখ, ডাঙৰ আৰু দেখিবলৈ বৰ সভাশুৱনি লোক আছিল। হেজাৰৰ ভিতৰত গোবিন্দৰাম চৌধাৰী চকুত পৰা “চেহেৰাৰ” মানুহ।

 কমলানাথ ফুকনৰ কথা প্ৰথমতে অলপ কৈছোৱেই। ফুকন ডাঙৰীয়া ৰঙিয়াল, ৰসিক, witty আৰু কৌশল কৰি লোকক বিদ্ৰুপ কৰিব পৰা লোক আছিল। মোৰ শুনা এতিয়াও মনত আছে—কোনোবা এজনে হেনো ডবা এটা কিনিবলৈ তেওঁৰপৰা ধন ধাৰে নিছিল। ডবা কিনাও হ'ল আৰু দিনৌ তাৰ ব্যৱহাৰ কিনোতাৰ ঘৰত হবলৈ [ ২৯ ] ধৰিলে; কিন্তু ধাৰে নিয়া ধন অনেক দিনলৈকে সেইজনে ফুকৰ ডাঙৰীয়াক ওভোতাই দিবৰ নাম নকৰে। ধৰৱাৰ নিশ্চিন্ত গতি দেখি বাৰচেৰেক ফুকনে ধাৰ সাধিলে, কিন্তু ফল একো নফলিল। শেষত নিজৰ মনৰ সন্তোষৰ অৰ্থে, তেওঁ এই পদ্যটো ৰচনা কৰি সমাগত বন্ধু সকলৰ আগত সুৰ ধৰি গাবলৈ ধৰিলে। যথা-

দলৈ ( অমুক) ৰে
ডবা বাদ্য কৰে,
তাৰ ধন আজিলৈকে বাকী।
(অমুকৰ) কথা শুনি
মৰোঁ টকা ভৰি,
ইকি (অমুকৰ) ফাকি॥

 এই lampoon অৰ্থাৎ বিদ্ৰুপাত্মক পদ্য কেইশাৰীয়ে ধৰুৱাৰ দ্বাৰাই ধাৰ শুজাব পাৰিছিলনে নাই কব নোৱাৰোঁ; কিন্তু ইযে ফুকনৰ মনৰ খেদ অনেক পৰিমাণে কমাইছিল, তাৰ ভুল নাই; কাৰণ তেতিযা প্ৰায় সকলো ৰসিক ভদ্ৰলোকৰ মুখে মুখে এই পদ্য কেশাৰী বাগৰি ফুৰি তাৰ উদ্দেশ্য ( mission) এক প্ৰকাৰে সিদ্ধি কৰিছিল।

 গজপুৰীয়া বৰুৱা ডাঙৰীয়াৰ সম্পৰ্কেও এটি ক্ষুদ্ৰ আমোদজনক কথা মোৰ মনত আছে। তেখেতৰ এটা ঘোঁৰা আছিল , ঘোঁৰাটো বেগী বা চোকা যে নাছিলেই, বৰং সি বটুৱা বদ্‌নামৰো হাত সাৰিব পৰা নহয়। ঘোঁৰাটোৰ মন্থৰ গতিত বা “বেগতিত” বৰুৱা ডাঙৰীয়া বিৰক্ত হৈ, এদিন তাক প্ৰকাশ্যে এইবুলি ভৎসনা কবি লজ্জা দিছিল- “ইস্ নেদেখিছা। জানিবা ইন্দ্ৰৰ উচ্চৈশ্ৰৱাডোখৰহে? বোলোঁ তিওয়া বুটমাহ খোৱাহে খোৱা, খোজ কাঢ়িবৰ ফালে মন হলে নাই।”

 দুখন ডাঙৰ শুৱালকুচীয়া হোলোং নাৱেৰে আমি গুৱাহাটীৰপৰা শিবসাগৰলৈ যাত্ৰা কৰিলোঁঁহঁক। গুৱাহাটীৰপৰা শিৱসাগৰলৈ উজাই আহোঁতে আমাৰ ২২|২৪ দিন লাগিছিল। ব্ৰহ্মপুত্ৰইদি উজাই অহা এই কালডোখৰ মোৰ পক্ষে অপাৰ আনন্দৰ কাল। ফাগুনৰ শেষ-ছোৱা আৰু চ'তৰ আগছোৱাত বোধকৰো এই নৌকাযাত্ৰা সঙ্ঘটিত হৈছিল। ধৌতময শুভ্ৰ বালিৰে দুকাষে দুটা তিৰবিৰোৱা পাৰি দিয়া, নিৰ্মল ব্ৰহ্মপুত্ৰখন মোৰ মনত ফটিকৰ সূতাৰে বোৱা এখন ডাঙৰ চেলেং কাপোৰ যেন লাগিছিল। আৰু তৰি থোৱা সেই বগা চেলেংখনত দুটা কলা টোকাপৰুৱা বগাই যোৱাৰ নিচিনাকৈ আমাৰ নাও দুখন চৰিব ঠেলাত যোৱা যেন লাগিছিল। একো একোটা বালিক দূৰৰপৰা একো একোটা “দানাদাৰ দোবৰা” চেনিৰ পৰ্বত যেন আৰু একো একোটা মটীয়া বৰণৰ কাশীৰ চেনীৰ দম যেন দেখিছিলোঁ; আৰু দুপৰীয়া টেঙা খাবৰ মন যোৱা কালডোখৰত একো একোটা বালি লোণৰ পৰ্বত বুলি কল্পনা কৰিছিলোঁ। দুপৰীয়া আৰু গধুলি কোনো এটা বালিৰ কাষত নাও ৰাখিলেই, মই সকলোৰে আগেয়েই একেজাপেই নাৱৰপৰা বালিত পৰি আনন্দত ম’ৰাচৰাইৰ পোৱালি লৰি ফুৰাদি ফুৰিছিলোঁ। মনত এনে ভাব, যেন চকুৰে দেখা দূৰলৈকে য’ত বালি দেখিবলৈ পোৱা গৈছে, এটাকো বাদ [ ৩০ ] নিদি এটাইবোৰৰ ওপৰত জপিয়াই লৰি-পৰি ভটাগুটি বাগৰাদি বাগৰি ফুৰি শেষ কৰিহে এৰিম।

 এদিন দুপৰীয়া ভাত ৰান্ধিবৰ নিমিত্তে এটা বালিত নাও ৰখা হ’ল। দেখিলোঁ, বহুত গঙ্গাচিলনী চাৰিওফালে উৰি ফুৰিছে। কোনোবাই মোক কৈ দিলে যে সেই বালিত নিশ্চয় গঙ্গাচিলনীৰ কণী পোৱা যাব। মই, মোৰ ককাইদেও শ্ৰীনাথেৰে সৈতে, বিচাৰি বিচাৰি সচাকৈয়ে দুটা গঙ্গাচিলনীৰ কণী পাই আনি বকু ফুলাই সকলোকে দেখুৱালোঁ। শুনিলো, গঙ্গাচিলনী যদিও নাখায়, কিন্তু তাৰ কণী হলে খায়। এই সন্তোষজনক বিধান শ্ৰৱণ কৰি কণী দুটা ভজোৱাই দুই ভাযে পৰম তৃপ্তিৰে সৈতে ভোজন কৰিলোঁ। এদিন আন এটা বালিত বিচাৰি বিচাৰি দুটা ঘৰিয়ালৰ কণী পাইছিলো। প্ৰকাণ্ড কণী। কণী দুটা ফুটাই তাৰ ভিতৰৰ কুহুমবোৰ দলিয়াই পেলাই, গোট খোলা দুটা বহুত দিনলৈকে নাৱৰ কুন্ধিৰ বাৰত আঁৰি থৈ দিছিলোঁ। ৰংপুৰ পাই নাৱৰপৰা নামিবৰ সময়ত কিন্তু সেই দুটা মোৰ দৃষ্টিৰ বহিৰ্ভুত হ’ল। বোধকৰোঁ “ছুপাৰ্ভাইছৰ” ৰবিনাথ ককাই দয়া পৰবশ হৈ অন্তঃসাৰশূন্য অণ্ড-যুগলক মাক ঘৰিয়ালৰ বুকুলৈ পানীয়েদি “চালান” দিলে।

 এদিন আবেলি চাৰিমান বজাত এটা ঘুলিত আমাৰ নাও ৰখা হ’ল। সিমান সোনকালে সেই দিনা বন্ধাৰ কাৰণ, ফেৰ্ফেৰীয়া বতাহ, সম্ভৱতঃ বতাহৰ কোব ৰাতিলৈ বাঢ়ি সেই বতাহ ধুমুহাত পৰিণত হবগৈ পাৰে, এই আশঙ্কা-কৰি। ঘুলিটো ভাল; তাত নাও বান্ধি থাকিলে কোনো ভয় নাই, আৰু শীঘ্ৰে তেনে ঘুলি পোৱা নাযাবও পাৰে। নাও বন্ধাৰ পিছত দেখা গ'ল, দূৰত বালিৰ ওপৰত দুটা কি তিনিটা ডাঙৰ কাছ বগাই গৈছে। নাৱৰীয়াহ’তে ক'লে যে কাছকেইটা কাল্‌ধাপ কাছ। সিহঁতে এনে বতৰত বালিত কণী পাৰিবলৈ উঠে। আমাৰ লগুৱা ধনীয়ে এই খবৰ শুনিয়েই কাছৰ ফালে চোচা ল'লে। আমি লৰ দিলোঁ। মানুহ অহা গম পাই, কাছকেইটাই অভী স্পিত কাৰ্য-স্থগিত ৰাখি, উভতি নৈৰ ফালে প্ৰাণপণে লৰ দিলে। ধনীৰ বেগ অনুপাতত কাছৰ বেগতকৈ বেছি হোৱাত, সি কাছ এটাক আগচি ধৰি ততালিকে লুটিয়াই পেলাই তাৰ বুকুত ডাঙৰ গোৰ এটা মাৰি দিলে, যাক চলিত ভাষাত কাছগোৰ বোলে। কাছটো একে গোৰতে অৱশ হৈ পৰিল। বাকীকেইটাই ইতিমধ্যতে পানীত পৰি প্ৰাণ ৰক্ষা কৰিলে। কাছটো কাটিলত তাৰ পেটত দুকুৰিমান কণী ওলাল।

 এদিন নাওখন পাৰৰ নল-খাগৰিৰ কাষে কাষে যাওঁতে নাৱৰীয়াহঁতে চৰিৰ ফেৰেকা মুখেৰে হেঁচা মাৰি ধৰি এটা দুৰা কাছ ধৰিছিল। কাছটোৰ পিঠিত এটা ভোটা কাঁইট বা খড়্গৰ দৰে আছিল। সেই কাছটোক হেনো নল-দুৰা বোলে; আৰু সি হেনো অখাদ্য। নাৱৰীয়াহঁতে কাছটো কি কৰিলে কব নোৱাৰোঁ; সম্ভৱতঃ তাক খাদ্যৰ শ্ৰেণীভুক্ত কৰি ৰান্ধি-বাঢ়ি পেটত ভৰাই থলে। আমাৰ ধনীয়ে কিন্তু কি কৰিছিল কব নোৱাৰোঁ; কাৰণ কাছটো অখাদ্য বুলি শুনি সি দেউতাই নুশুনাকৈ আমাৰ আগত প্ৰতিবাদ কৰি তলত দিয়া শাস্ত্ৰৰ বচন মাতি তাৰ অদ্ভুত ব্যাখা কৰি কৈছিল,— [ ৩১ ] “কীৰ্তন ঘোষাত এই দুৰা কাছ খাবলৈ কৈছে; যেনে, ‘দুৰাচাৰ মন মোৰ ৰাম হৰি বোল’ অৰ্থাৎ মোৰ মনে তোক খাবলৈ কৈছে, তই মই খাব পৰা হ?”

 আমাৰ নাৱৰীয়া এটাই এদিন বালিত ফুৰি উভতি আহি তাৰ চুৰিয়াৰ কোঁচ উবুৰিয়াই আমাৰ আগত একোঁচ কাছ-কণী বাকি দিলে; তাৰ কিছুমান সম্পূৰ্ণ ঘুৰণীয়া, কিছুমান দীঘলীয়া। ঘুৰণীয়াবোৰ বৰ-কাছৰ কণী আৰু দীঘলীয়াবোৰ দুৰা কাছৰ কণী। পাঁচ-ছদিনলৈকে সেই কণী সিজাই নাইবা ভাতত দি আমি সকলোৱে খাই তৃপ্তি লভিছিলোঁ।

 এদিন ৰাতি খাই বৈ আমি নাৱত শুই আছোহঁক; এনেতে নাৱৰীয়াহতে দেউতাক ক'লে যে বৰ ধুমুহা বতাহ আহিবৰ সম্ভৱ, কাৰণ ক’লা মেঘ এটা পশ্চিমফালে আকাশত ওলাইছে। লৰালৰিকৈ দেউতাই সিহঁতৰ হতুৱাই নাও দুখনৰ গোজ কাচি মজপুতকৈ পোতাই বন্ধালে আৰু আন আন যি সতৰ্কতা অৱলম্বন কৰিব লাগিছিল, কৰালে। পোন্ধৰ মিনিটমানৰ পিছতে গোটেইখন আকাশ ক’লা মেঘে চাটি পেলালে; হুৰ্ হুৰ্ গিৰ্ গিৰ্ শৱদ হ’ল; বিজুলী মাৰিবলৈ ধৰিলে আৰু লগে লগে ভয়ানক ধুমুহা আৰম্ভ হ’ল আৰু আমাৰ নাও দুখনক ধুমুহাই পানীত পেলাই বোন্দা থেকেচা দিবলৈ ধৰিলে। যাত্ৰা কৰি গুৱাহাটীৰ ঘাটত নাৱত উঠাৰ দিনাৰ দৰে সেইদিনাও দেউতাই নাৱৰীয়াহঁত আৰু চাকৰ-নাকৰবোৰৰে সৈতে ৰাতি পানীত পৰি কান্ধ পাতি নাও দুখন কোনোমতে ৰক্ষা কৰিছিল। পিছদিনা উজাই যাওঁতে এঠাইত দেখিলো, আমাৰ নাৱৰে নিচিনা নাওঁ এখন উবুৰি হৈ এটা ডাঙৰ জাঁজিত লাগি আছে। পিছত শুনিলোঁ বোলে সেই নাৱৰ সকলোকেইটা আৰোহী, গল ৰাতিৰ সেই ধুমুহাত নাও বুৰি নৈৰ গৰ্ভত চিৰকাললৈ বিলুপ্তি হ’ল। কৰাল কালে কোন দুৰ্ভগীয়াক সপৰিবাৰে এইদৰে পানীৰ মৈদামত দিলে কোনে কব!

 যাওঁতে যাওঁতে এদিন পুৱা নল খাগৰি আৰু কঁহুৱা থকা জেকা বালি এটাৰ ওপৰত এজাক বনৰীয়া ম’হ দেখিলোঁ। সশিঙ্কত হৈ নাৱৰীয়াহঁতে নৈৰ সিপাৰলৈ পাৰি দি যাবৰ মনোগত কৰোতেই, ম’হ জাকেই আত্মশক্তি-বিস্মৃত হৈ, ভয় খাই টেঁটাই ঢপলিযাই লৰ মাৰি হাবিত সোমাল। ডাঙৰবোৰৰ লগে লগে সমানে লৰিব নোৱাৰা চাৰি-পাঁচোটা সুন্দৰ ম’হ পোৱালি পিছ পৰি লৰি যোৱা দেখি এনে ভাল লাগিছিল! সিহঁতক পাৰিলে ধৰি মৰম কৰি পুহিবৰ মোৰ বৰ মন গৈছিল।

 এদিন দেখা গ’ল, এজোপা ডাঙৰ গছত বহি এটা কুৰুৱা চৰায়ে এটা ডাঙৰ ৰৌমাছ খাবৰ দিহা কৰিছে। আমাৰ নাৱৰ আগোৱাল এটাই কুৰুৱাটোৰ ফালে কাঠখৰি এডাল ফৰ্মুঠি মাৰি পঠিয়ালে। ভোজত বহা কুৰুৱাটোৱে ভোজনৰ আগেয়ে ভয় খাই উৰি লৰ মাৰিলে, আৰু মাছটো তাৰ নখৰ পৰা খহি ধুপুৰ্ কৰে গছৰ তলত পৰিল। ফৰ্মুঠি মাৰোতা আগোৱালটোৱে একে জাপেই নাৱৰপৰা নামি বামত পৰি, লৰি গৈ মাছটো লৈ আহি আমাৰ আগত বুকু ফিন্দাই পেলাই দিলেহি। বৰ ডাঙৰ ৰৌ। কাটিলত পেটৰ ভিতৰত তিনি সেৰমান কণী পোৱা গ’ল। ভোজত বহি [ ৩২ ] বিফল মনোৰথ হৈ গুচি যোৱা কুৰুৱাটোৰ বাহিৰে সকলোৱে সেই মাছ সেইদিনা ভোজন কৰি তৃপ্তি লভিলে।

 এদিন দেখিলোঁ, পাৰৰ বালি এটাত থকা জুপুৰি এটাৰপৰা জালোৱা বুঢ়া-বুঢ়ী দুটা আমাৰ নাৱৰ ফালে বেগাই আহিছে। দেখিলোঁ, বুঢ়াৰ হাতত কিবা এটা ওলমি আহিছে। “দেউতা এখন্তেক নাও ৰাখক” বুলি কোৱা বুঢ়াৰ মাত শুনি আমাৰ নাও ৰখা হ’ল। দেউতাৰ আগত বৰকাছৰ পোৱালি এটা থৈ বুঢ়া-বুঢ়ীয়ে সেৱা কৰি কলে, “দেউতা ঈশপৰে পেন্সন লৈ উজাই আহিছে বুলি আমি শুনিছোঁ; সেইবাবে দেউতা ঈশ্‌পৰক সেৱা কৰিবলৈ আহিলোঁ।” দেউতাই মিঠা কথা কৈ বুঢ়া-বুঢ়ীক আপ্যায়িত কৰাৰ পিছত, বুঢ়াই তাৰ ঘুংৰোগৰ বৃত্তান্ত কৈ দেউতাৰপৰা দৰব লৈ সস্ত্ৰীকে সেৱা কৰি প্ৰস্থান কৰিলে। নিজান বালিৰ ওপৰত বুঢ়া-বুঢ়ীহালি সেইদৰে অকলৈ থকা দেখি মোৰ ল’ৰা মনলৈকো এটা উদাস ভাব আহিছিল। ভাবিছিলোঁ, মোক মোৰ অভিভাৱকসকলে যদি এৰি দিযে, ময়ো অকলৈ এইদৰে এনে এটা বালিৰ ওপৰত পঁজা এটা সাজি লৈ যাবজ্জীৱন থাকিম।

 নল-খাগৰি থকা বালিৰ গৰাৰ পানীৰ যুৱলিত কাতি হৈ পৰি থকা নল-খাগৰিৰ ওপৰত সৰু সৰু কাছ-পোৱালিবোৰ উঠি থাকে; আৰু আমাৰ নাও কাষ পালেগৈযে টুপং কৰে পানীত পৰি বুৰ মাৰে। এই দৃশ্যটো মোৰ বৰ ভাল লাগিছিল। ভাবিছিলোঁ, ময়ো যদি কাছ-পোৱালী হলোঁহেঁতেন এইদৰে টুপুং কৰে বুৰ মাৰি কৰবালৈ গুচি গলোহেঁতেন। এনেকুৱা কাছ-পোৱালি দেখিলে মই লেখি যাওঁ। এদিন এটাৰ পিছত এটাকৈ লেখোতে একুৰি তিনটা হৈছিল।

 ব্ৰহ্মপুত্ৰৰ দাঁতিত একো একো ঠাইত মাদুৰি বন হয়। বাকলি গুচাই মাদুৰিৰ শাহটো আৰু কেঁওটো খাবলৈ ভাল লাগে। দেউতাই কিন্তু আমাক মাদুৰি খাবলৈ নিদি কৈছিল, “এই মাদুৰিৰে কোবাই মৰিয়া-মৰি কৰি যদু বংশ ধ্বংস হৈছিল; এতেকে মাদুৰি খাব নাপায়।” এনে innocent মাদুৰিৰে সৈতে যে এনে ভীষণ স্মৃতি বিজড়িত হৈ আছে, জানিব পাৰি সেইদিনাৰপৰা মাদুৰি ভোজনৰপৰা প্ৰতিনিবৃত্ত হলোঁ।

 একো একো ঠাইত বালিৰ গৰাত খহনীয়াই ধৰা বাবে, সেইপিনে উজাই যোৱাটো বিপদজনক। সেইদেখি পেই পাৰৰপৰা সিপাৰলৈ পাৰি দিব লগীয়া হয়। চকুৰে ইপাৰ সিপাৰ মণিব নোৱাৰা ব্ৰহ্মপুত্ৰত এইদৰে আমাৰ অনেকবাৰ পাৰি দিবলগীয়া হৈছিল। পাৰি দিওঁতে নাৱৰ আগোৱালকেইটাই নাৱৰ টিং আৰু গলত বহি প্ৰাণপণে দাঁৰ মাৰি আৰু গুৰিয়ালে গুৰিৰপৰা গুৰি-বঠাৰে চাব দি দি অতি কষ্টেৰে এই দুখৰ কাম সমাপন কৰিছিল। এনেকৈ পাৰি দিওঁতে আমি অনেকবাৰ পিতৃদেৱতাকে গুৰিয়ালৰ হাতৰ বঠা ধৰা দেখিছিলোঁ। নাও পাৰি দিওঁতে পিতৃদেৱতাই “ৰাম পাৰ কৰা, এ, ৰঘুনাথ সংসাৰ-সাগৰে।” এই ঘোষা লগাই পদ দিছিল, আৰু আমি সকলোৱে উচ্চৈস্বৰে গাইছিলোহঁক। বাস্তৱিকতে এই নামৰ তালৰ লগত পানীতপৰা [ ৩৩ ] দাঁৰৰ ছেও মিলি নাৱৰীয়াহঁতৰ মনত এক অপূৰ্ব উৎসাহৰ সোঁত বোবাইছিল; আৰু ফলত নাও হাফোলা-হাফোলে আগবাঢ়ি গৈছিল। এদিন এইদৰে ব্ৰহ্মপুত্ৰত পাৰি দি যাওঁতে এবাৰ নৈৰ মাজতে আমাৰ নাওখন ঘপহ্ কৰে এটা চটত লাগিল। ততালিকে নাৱৰীয়াবোৰেৰে সৈতে পিতৃদেৱতাই চটৰ তৰাং পানীত নামি পৰি নাওখন বলেৰে টানি টানি কোনোমতেহে সেই চোৰ বালিৰ চটৰ বিপদৰ পৰা তাক ৰক্ষা কৰিলে।

 এদিন পিতৃদেৱতাই আমাক দূৰৰপৰা আঙ্গুলিয়াই দেখুৱাই ক’লে, “সৌৱা মোৰ আতাৰ থান ৺কমলাবাৰী সত্ৰৰ গছ দেখা গৈছে!” পিতৃদেৱতাৰ আদেশ আৰু আৰ্হি অনুসৰণ কৰি আমি নাৱৰ চৰথত আঁঠুকাঢ়ি পৰি থানৰ উদ্দেশে ভক্তিপূৰ্ণ সেৱা কৰিলোহঁক। পিতৃদেৱতাই সেৱা কৰি উঠি, তলত দিয়া ঘোষাকেইটা সুৰ ধৰি গাই তাৰ মানে অতি ভক্তিভাৱে ব্যাখ্যা কৰি আমাক শুনাইছিল—

যিদিশত মহা ভক্তসৱে    শ্ৰীমন্ত কমললোচনক
  পৰম সন্তোষে কীৰ্তন যিটো কৰয।
সিদিশক নমস্কাৰ কৰি    দুৰ্ঘোৰ সংসাৰ সুখে তৰি
  আপুনি অচ্যুত-স্বৰূপ সিটো হোৱয়॥
ৰমানন্দ-পদ-যুগলৰ    মকৰন্দ-মধুব্ৰত প্ৰায়
  ভকতসকলে যিদিশত প্ৰকাশয়।
সিদিশ জানিবা গঙ্গাদেৱী    অনেক প্ৰৱাহ-ৰূপে আতি
  পৰম নিৰ্মল স্বৰূপে শোভা কৰয়॥
শ্ৰীমধুদ্বিষ ঈশ্বৰৰ    কীৰ্তন মঙ্গল নিৰন্তৰ
  যিটো ভুমিভাগে শুদ্ধৰূপে হোৱে জাত।
তাৰ ধুলি যিটো পিবে ধৰে    নিশ্চয়ে জানিবা সিটো নৰে
  কৃষ্ণৰ পৰম বল্লভ হোৱে সাক্ষাত॥

 মোৰ ভালকৈ মনত আছে, যিদিনা আমি দিখৌমুখত সোমাওঁ সোমাওঁ হৈছোঁ, সেইদিনা দুপৰীয়া, ওচৰৰ মিৰি গাওঁ এখনত বৰকৈ ল’ৰা এটাই কন্দা আমি শুনিলোঁ। দেউতাই তেতিয়াই নাও ৰখাবলৈ দি, নাৱৰপৰা নাৱৰীয়া এটাক কন্দনা ল’ৰাটোৰ মাক-বাপেকক মাতি আনিবলৈ পঠিয়াই দিযে। সিহঁত আহিলত, ল’ৰাটোক সিহঁতে কিয় সিমানকৈ কন্দুৱাইছিল, দেউতাই সুধি আৰু নকন্দুৱাবলৈ ভালকৈ কৈ সিহঁতক বিদায় দিলে। সিহঁতে দেউতাৰ কথাত সন্তোষ লভি, আমাৰ নাওখন অলপ ৰাখিবলৈ কৈ, লৰি গৈ চাইটা মানুহে সাঙ্গী কৰি অনা এটা ডাঙৰ বৰকাছ দেউতাক উপঢৌকন দি সেৱা কৰিলে। লগতে গোটেইখন মিৰি গাৱঁৰ ল’ৰা, বুঢ়া আৰু তিৰোতা আহি আমাৰ নাৱৰ কাষত জুম বান্ধিলে। দেউতাই কাছটো তাতে কটাই তাৰ এটা কি দুটা পিৰা ৰাখি বাকীবোৰ সিহঁতকে বিলাই দিয়ালে। সিহঁতে ৰং মনেৰে মঙ্গহ লৈ দেউতাক সেৱা কৰি গুচি গ’ল। বৰজাপি এটাৰ সমান ইমানটো ডাঙৰ বৰকাছ আগেয়ে মই কেতিয়াও দেখা নাছিলোঁ। [ ৩৪ ]  তেতিয়া মোৰ বয়স কিমান কব নোৱাৰো। মই চুৰিয়া যদিও পিন্ধিছিলোঁ, কিন্তু এৰা-ধৰাকৈহে। মই শুনিলোঁ, আৰু দুই-এদিনতে আমি ৰংপুৰ পামগৈ। মই ভাবিলোঁ, আমাৰ ৰংপুৰৰ ঘৰৰ ন মানুহবোৰৰ আগত মোৰ কঁকালেৰে সৈতে চুৰিয়াৰ এনে এৰা-ধৰা সমন্ধটো বৰ লাজৰ কথা হ’ব; ইয়াকে ভাবি, দিনে ৰাতিয়ে সমন্ধ নিছিগাকৈ পিন্ধি থাকিবলৈ দুখন চুৰিয়া মোক দিবলৈ মাতৃদেৱীক কলোঁ। মাতৃদেৱীয়ে মোৰ প্ৰাৰ্থনা যুক্তিসঙ্গত বিবেচনা কৰি সেইমতে মোক চুৰিয়া দুখন দিলে আৰু মই ভব্য−গব্য সভ্য ল’ৰা হৈ আমাৰ ৰংপুৰৰ ঘৰত প্ৰবেশ কৰিলোঁ।

[ ৩৫ ]

 অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগৰৰ দৃশ্য অসম ৰাজপ্ৰতিনিধিৰ চহৰ গুৱাহাটীৰ দৃশ্যতকৈ সুকীয়া। গুৱাহাটীৰ গাত লুইতৰ ৰিহা মেখেলা, ডিঙিত পৰ্বতৰ সাতসৰী হাৰ, মূৰত ভুবনেশ্বৰীৰ ধৱল কিৰীটি, বুকুত উমানন্দ আৰু উৰ্বশী। শিৱসাগৰ সমতল, চকুৰে দেখালৈকে প্ৰায় পৰ্বতশুন্য নিৰাভৰণা; মাথোন তেওঁৰ ক্ষীণ হাত দুটি দিখৌ আৰ, দিচাং নামৰ সৰু, বলয় এবুৰিয়ে অলপ উজলাই ৰাখিছে। গুৱাহাটীৰপৰা নাৱেৰে আহোঁতে, ব্ৰহ্মপুত্ৰৰ ওচৰত বিদায় লৈ দিখৌৰ বুকুত সোমাওঁতেও মোৰ যেনে লাগিছিল, নামনি আৰু মাজ অসম এৰি ৰংপুৰ চহৰত সোমাওঁতেও মোৰ তেনে লাগিছিল। নতুন ঠাই, আমাৰ নিজা পুৰণি ঘৰ ৰংপুৰলৈ যাব লাগিছোঁ, ৰংপুৰ নোপোৱালৈকে এই আনন্দই যেনেকৈ মোক আপ্লুত কৰি ৰাখিছিল, ৰংপুৰ পালত, সেই আনন্দ এটা অনিৰ্বচনীয় বিৰাগে শুকাই পেলালে।

 অসম দেশখনক গোটেই ভাৰতৰ আন আন দেশবোৰেৰে সৈতে ৰিজাই কোনো কোনোৱে জকাইচুক বুলি উপলঙা কৰা শুনিছোঁ; তেনেকুৱা উপলুঙীয়া ৰিজনিকে দি যদি নামনি অসমৰে সৈতে উজনিৰ শিৱসাগৰক চোৱা যায়, তেনেহলে শিৱসাগৰকো অসম জকাইৰ চুক বুলিলে বুলিব পাৰি। অন্ততঃ আকৃতিত নহলেও প্ৰকৃতিত—কিন্তু জকাইৰ চুকটোক অগ্ৰাহ্য আৰু অমান্য কৰি চলিলে যেনেকৈ জকাইখনৰ কোনো মূল্য নাথাকে, শিৱসাগৰকো সেইদৰে অগ্ৰাহ্য অমান্য কৰিলে অসমৰ মূল্য নাথাকে। যিহওক অতি শীঘ্ৰে শিৱসাগৰৰ সম্পৰ্কে বিৰাগৰ এনে ভাব মোৰ মনৰপৰা আঁতৰি তাৰঠাই অনুৰাগে অধিকাৰ কৰিলে। তাৰ কাৰণ, শিৱসাগৰৰ বিশাল বিতোপন বৰপুখুৰী আৰু পাৰত ওখ ডাঙৰ দৌল তিনিটা। শঙ্কৰদেৱৰ ভাষাৰে কবলৈ গ'লে,এই দৌল তিনিটাৰ বিষ্ণুদ'ল আৰু দেৱীদ’ল—দুকাষৰ এই দ'ল

সুৱৰ্ণ ৰজত লোহা জ্বলে তিনি শৃঙ্গ।
চক্ষুত জমক লাগে দেখিতে বিৰিঙ্গ।

দ টাত যদিও ৰজতৰ শৃঙ্গ নাথাকি লোৰ চকু আৰু ত্ৰিশূলে সেই কাম কৰিছে, মাজৰটোৰ অৰ্থাৎ শিৱদ'লৰ ওপৰত চকুত জমক লগোৱা বিৰিঙ্গ শৃঙ্গই তিৰি-মিৰি কৰি দশোদিশ প্ৰকাশি যে শিৱসাগৰৰ মহিমা উজ্জ্বল কৰি ৰাখিছে, তাক এশখন মুখেৰে কব পাৰি। সুশীতল নিৰ্মল জলেৰে, চপ্চপীয়া শিৱসাগৰৰ বৰপুখুৰীটোকো সৰোবৰৰ সম্মান দি, শ্ৰীশঙ্কৰদেৱৰ অমৃতমৰ ভাষাৰে আকৌ এইদৰে বৰ্ণাব পাৰি-

তাহাৰ মাঝে সৰোবৰ এক।
সাগৰ-সঙ্কাশ দেখি প্ৰত্যেক॥
সুৱৰ্ণময় পদ্মে আছে জুৰি।
ভ্ৰমৰে মধু পিয়ে তাত পৰি।
ৰাজহংস আদি যতেক পক্ষী।
পৰি পাৰ থাকে নাযায় উপেক্ষি॥

[ ৩৬ ] এনে বিধৰ বৰপুখুৰীটোৱেও অচিৰতে মোৰ মন হবণ কাৰ্য সম্পাদন কৰিলে। ইয়াৰ উপৰিও কোবাল-সোঁতীয়া আৰু “মানহ-পৰি−মৰা” ওখ গৰাৰে দিখৌ নৈয়ে আৰু দিখৌৰ সিপাৰৰ ৰংঘৰ, কাৰেংঘৰ, তলাতলি ঘৰ, জয়সাগৰৰ দৌল আৰু প্ৰকাণ্ড পুখুৰী প্ৰভৃতিয়েও যে সোনকালে এই মোৰ মন-হৰণ ভাওনাত ডাঙৰ ডাঙৰ ভাৱৰীয়াৰ ভাও দি সহায় কৰি সেই ভাৱনা সুকলমে সমাপন কৰিলে এইটো কোৱা বাহুল্য মাথোন। মোৰ পক্ষে শিৱসাগৰ শীঘ্ৰে আনন্দ-সাগৰ হ’ল, ৰংপুৰ ৰঙৰ আলয় হ’ল।

 শিৱসাগৰৰ ঘৰত উমলিবলৈ মোৰ দুটা ভতিজাক লগৰীয়া স্বৰূপে পালো; এটি মোতকৈ ডেৰ বছৰৰ বৰ, আনটি মোতকৈ অলপ সৰু। প্ৰথম দিনতে মই আবিস্কাৰ কৰিলোঁ যে সিহঁত দুয়ো মোতকৈ বেছিকৈ পঢ়িছে; অৱশ্যে বঙ্গলা কিতাপ। সিহঁত দুয়ো সিহঁতৰ বঙ্গলা বিদ্যাৰ “তুবৰিবাজীৰে” খন্তেকতে মোক অবাক কৰি দিলে। বঙ্গলা পদ্য-পাঠৰ পদ্য মোৰ আগত সিহঁতে মাতি মোক এক প্ৰকাৰ পুতি পেলালে বুলিব লাগে। তাৰ এটা পদ্য মোৰ এতিযাও মনত আছে যথা-

পৰ্বতে ধূসল মেঘ হইল উদয।
ভয়ঙ্কৰ শব্দ কৰি বেগে বাযু বয॥
পাতা উড়ে ফল পড়ে ভাঙ্গিতেছে ডাল।
উড়িল বাতাসে সব কটীৰেৰ চাল॥
নদী জ্বলে উঠে ঢেউ পৰ্বত সমান।
উপায নাপায় মাঝি কৰে হায় হায॥

দুয়ো লগ লাগি “ভয়ঙ্কৰ শব্দ কৰি” এই প্ৰচণ্ড পদ্য মাতি মোৰ ওচৰত প্ৰথম দিনতে এনে “বেগে বায়ু” বোৱাবলৈ ধৰিলে যে মোৰ লখীমপুৰীযা আৰু গুৱাহটীযা বিদ্যাৰ গৰ্বেৰে ছোৱা মন-কুটীৰৰ চাল উৰি কৰবাত পৰিলগৈ; মোৰ শান্ত মনাহ নৈৰ জলত পৰ্বত সমান ঢৌ উঠিল, তুলনাত মোৰ বিদ্যাহীনতাৰে চৈ দিয়া টুলুঙা নাওখনি টুলুং ভুটুং কৰি বুৰোঁ বুৰোঁ হ’ল আৰু মই উপায় নাপায় অন্তৰত হায়! হায়! কৰিবলৈ ধৰিলোঁ। তেতিয়াই মই মনতে সঙ্কল্প কৰিলো যে সিহঁতে যিটো খাৰ ঘৰৰপৰা খাৰ বাৰুদ সংগ্ৰহ কৰি মোৰ ক্ষুদ্ৰ কিল্লাটো ফতে কৰিলে, সেই খাৰ ঘৰৰপৰাই অতি শীঘ্ৰে ময়ো খাৰ−বাৰুদ সংগ্ৰহ কৰি সিহঁৰে সৈতে সমানে ৰণ দিম। যেনে সঙ্কল্প তেনে কাৰ্য হ’ল; সিহঁতে পঢ়া বঙ্গলা পদ্যৰ কিতাপখন দুই-চাৰি দিনতে পঢ়ি আৰু সিহঁতে মুখস্থ কৰি থোৱা কবিতাকেইটা মুখস্থ কৰি পেলালো। তেতিয়া সিহঁতে পদ্য মাতিলে ময়ো যেতিয়া সিহঁতেৰে সৈতে সমানে সেই পদ্য মাতি বা সিহঁতে মাতোঁতে লৰি আগবাঢ়ি কাউণ্টাৰফায়াৰেৰে (counterfire-এৰে) অৰ্থাৎ প্ৰত্যাগ্নিৰে পদ্যাগ্নি নুমাবলৈ ধৰিলোঁ, আমাৰ ভিতৰত সংঘটিত পদ্য যুদ্ধখন স্থগিত হৈ শান্তি স্থাপিত হ’ল। কিন্তু কুইনিনে হেঁচা মাৰি ধৰি ৰখা মেলেৰীয়া জ্বৰৰ নিচিনাকৈ সোনকালে সি আন আকাৰেৰে দেখা দিবলৈ সৰহ দিন নালাগিল। ওপৰত কৈ অহা খণ্ডযুদ্ধত যদিও যোদ্ধা দুজন হাৰিছিল, সিহঁতে আকৌ শক্তি সংগ্ৰহ কৰি নোৰে [ ৩৭ ] সৈতে গেৰিলা-ৱাৰফেয়াৰ (guerrilla-warfare) অৰ্থাৎ অনিয়মিত ভাবে “হায়ৰানি যুদ্ধ” আৰম্ভ কৰি দিলে। এই যুদ্ধত বঙ্গলা যাত্ৰা-গানৰ “টেঙ্ক” (tank) ওলাল। আমি শিৱসাগৰলৈ যোৱাৰ কিছুদিনৰ আগতে হেনো বৰপেটাৰ বিখ্যাত তিথিৰাম বায়নে তেওঁৰ বঙ্গলা “যাত্ৰা-গানৰ-পালা” লৈ উজনি দিগ্বিজয় কৰি ফুৰিছিল। বায়নৰ সেই যাত্ৰা-গানৰ অন্তৰ্গত বাধাৰ “মানভঞ্জন পালা”ৰ পৰা একো একোটা গানৰ একো একো বিকৃত টুকুৰা সুৰ-লয়-তাল−শূন্য কৰি “গিৰি-গুহা-বন-নদী-সৰোব”ৰ ওপৰেদি দুয়ো হুৰ্ হুৰ্ কৰে চলিবলৈ ধৰিলে; আৰু তাৰ প্ৰবল গতিত মানভঞ্জনৰ গানবোৰ ডালে-পাতে চুৰ্ণীকৃত হবলৈ ধৰিলে। সেই গীতবোৰৰ এডোখৰ কঙ্কৰ এতিয়াও মোৰ মনত গধুৰ হৈ পৰি আছে; যেনে-

ও ৰাই! আগে প্ৰেম কৰিলি হেসে হেসে।
এখন কান্দ কেন নিৰ্জনে বসে॥

মই ভাবিলোঁ, ই কি হ’ল! এইবাৰতো মোৰ আৰু ৰক্ষা নাই। মোৰ দেখোঁ পতং! তেতিয়ালৈকে মই কোনো বঙ্গলা যাত্ৰা গান দেখা নাছিলোঁ, শুনা নাছিলোঁ। গতিকে এই musician “সঙ্গীতজ্ঞ” দুজনৰ হাতত মোৰ ঘাট অনিবাৰ্য। মই দেখা আৰু শুনা অসমীয়া ভাৱনাৰ গীত-পদ-বাইক-বচন দুটা-এটা মাতি এই ভবানক “ধাক্কা” চম্ভালিবলৈ প্ৰাণপণে চেষ্টা কৰিলোঁ হয়; কিন্তু প্ৰতিপক্ষই মোৰ সেইবোৰক ধুলি−মাকতি rubbish আৰু অসভ্য বুলি একে টিলিকিতে উৰাই দিলে। যদিও সিহঁতে তেতিয়ালৈকে কোনো ভাৱনা দেখা নাছিল। বঙ্গলা ভাষা, বঙ্গলা গান, বঙ্গালীৰ নিচিনাকৈ চুলি কটা, চুৰিয়া-চোলা পিন্ধা, মুঠতে বঙ্গালী “ফেশ্যন" (fashion) আৰু everything Bengali অৰ্থাৎ যি−কি নহওক সকলো বঙ্গালী আমাৰ অসমীয়াতকৈ যে শ্ৰেষ্ঠ, এই ৰোগে তেতিয়াৰ ডেকা তৰপৰ গাত ভালকৈযে ধৰিছিল; আৰু এই ৰোগৰ প্ৰকোপ ইমান বাঢ়িছিল যে ডাঙৰ ডাঙৰ সত্ৰবোৰত সুন্দৰ অসমীয়া অঙ্কীয়া ভাৱনাৰ লগে লগে নাইবা অঙ্কীযা ভাৱনাক খেদাই নাট ৰচোঁতা গোসাঁই মহন্তসকলে বাৰেবাঙ্কৰা অশুধ বঙ্গলা ভাষাত নাট ৰচি, ভাৱনা কৰি, নিজক গৌৰৱান্বত আৰু দৰ্শকক সুখী বিবেচনা কৰিছিল। বৰবোৰ যেনি যায় সৰুবোৰো তেনি যায়, গতিকে ময়ো ভাবিলো যে মোৰ বঙ্গলা গানৰ অনভিজ্ঞতা অমাৰ্জনীয়। আকৌ ভাবিলোঁ মোৰে বা দোষ কি? মই বঙ্গলা যাত্ৰা দেখিবৰ, বঙ্গলা গান শুনিবৰ সুবিধা ক’ত পালোঁ যে মই ইহঁতেৰে সৈতে সেই বিষয়ত সমানে জোৰ মাৰিম? ইয়াকে ভাবি মৌন হৈ, আকাৰে ইঙ্গিতে প্ৰতিদ্বন্দ্বী সকলৰ ওচৰত ঘাট মানি শিৱসাগৰলৈ তিথিৰাম বায়নৰ পুনৰাগমনৰ প্ৰতিক্ষা কৰি “নিচুকি স্তম্ভিয়া ৰৈলোঁ।”

 কিন্তু যি হওক, অচিৰতে আন আন সকলো বিষয়তে ঘৰৰ ল'ৰাবোৰৰ আৰু ওচৰ-চুবুৰীয়াৰ সমবয়স্ক বালকবৃন্দৰ নেতাৰ স্থান মই অধিকাৰ কৰিলোঁ, আৰু সেই অধিকাৰত কোনো বিবাদী নহ'ল। মোৰ পৰিচালনাত পৰিপক্ক বালকবৃন্দেৰে সৈতে অনেক প্ৰকাৰ ৰং-ধেমালী আৰু খেলত মই পৈণত হৈ পৰিছিলোঁ; যেনে⸺হৈ−গুদু, [ ৩৮ ] টাংগুটি, লুকাভাকু, পঁচি, কচুগটি, বাঘ-গৰু খেলা, গছত উঠা, বৰশী বাই মাছ ধৰা,ইত্যাদি, ইত্যাদি। সেইকালত ফুটবল, হকী আৰু টেনিছ খেলে আমাৰ দেশত ‘উকি মৰা’ নাছিল; অৱশ্যে ক্ৰিকেট খেলা দেখিছিলোঁ, আৰু অলপ ডাঙৰ হৈ দুই চাৰিদিন খেলিছিলোঁও। আমাৰ এটা পানীখোৱা পুখুৰী আছিল, আৰু সি আহল-বহলত পৰিমৰা বিধৰো নাছিল; অৰ্থাৎ সেইকালত তাক এটা বুজন বিধৰ পখুৰীকেই বুলিব লাগে। বাৰিষা তাত পানী উপচি থাকিছিল, আৰু খৰালি পানী শুকাই সি কেটেঙাও নহৈছিল। বাৰিষা পৰ্বতৰ টিঙত যেনেকৈ ম’ৰাৰ আনন্দৰ চালি, বাৰিষা আমাৰো সেই পুখুৰীৰ পাৰত হাঁহি ধেমালি আৰু খিকিন্দালি। দিন নাই, ৰাতি নাই, সময় নাই, অসময় নাই, কাৰণ-অকাৰণত সেই পুখুৰীত আমাৰ নাদোৰ-সাঁতোব জাঁপ আৰু খৰ। থিয়-সাঁতোৰে, চিলনী সাঁতোৰ আদি কত ৰকমৰ সাঁতোৰৰ আন্দোলনেৰে সেই পুখুৰীত হেন্দোলদোপ লগাইছিলোঁ, তাক আমি জানিছিলোঁ আৰু সেই পুখুৰীয়ে জানিছিল। বোধকৰো আমাৰ অতিৰিক্ত উৎপাতৰ প্ৰতিবাদ স্বৰপেই হ’বলা, এদিন আবেলি সকলোৱে দেখি আচৰিত মানিলে যে হঠাৎ সেই পুখুৰীটো খলকিবলৈ ধৰিলে। চাৰিওফালৰপৰা পানীবোৰ, কিহে কব নোৱাৰো, সামৰি নি পুখুৰীৰ মাজৰ নাদৰ ওচৰত গোটাই পৰ্বতৰ ওখ টিং যেন কৰিলে আৰু খন্তেকতে চাৰিওপাৰৰফালে মাৰি পঠিয়ালে; আকৌ সেইদৰে চপাই ওখ কৰিলে, আকৌ মেলি দি চাৰিওপাৰ ধৌৱাই পেলালে, ঠিক যেন পুখুৰীৰ সাগৰৰ পানীৰ ঢৌৰ উঠা-নমা আৰু আগবঢ়া পিছহোঁহকা। এনেকৈ দহ মিনিটমান আন্দোলিত হৈ পখৰীটোৱে আকৌ আগৰ সৌম্য শান্ত মুৰ্তি ধাৰণ কৰিলে। এইটো কিবা আধিদৈৱিক বা আধিভৌতিক উৎপাত বুলি ধৰি পিতৃদেৱতাই পণ্ডিত ব্ৰাহ্মণসকলৰ দ্বাৰাই ইয়াৰ পিছত স্বস্ত্যয়ন, শান্তিকৰম কৰোৱালে আৰু নামঘৰ বা গোসাঁই-ঘৰত পাল-নাম গোৱালে। এই ঘটনাৰপৰা কিছুদিনলৈকে আমি সেই পুখুৰীত আমাৰ উৎকট জল-ক্ৰীড়া স্থগিত কৰি ৰাখিছিলোঁ; কিন্তু তাৰ পিছত—“যথা পুৰ্বং তথা পৰং।” সকলোতকৈ সৰহ সময় মই পানীৰ তলত বুৰ মাৰি থাকিব পাৰিছিলোঁ আৰু একে বুৰতে চাৰিপৰীয়া পুখুৰীটোৰ এচুকৰপৰা diagonally আনটো চুকত ওলাইছিলোঁগৈ। পুখুৰীটোৰ এটা পাৰত একে ঠাইতে লগালগিকৈ এজোপা কঠাল, এজোপা তামোল আৰু এজোপা তেতেলি গছ আছিল। তেতিলি গছৰ ডালবোৰ পুখুৰীটোৰ পানীৰ ওপৰলৈকে মেল খাই গৈছিল। তেতেলিৰ ডালত উঠি তাৰপৰা জাপ মাৰি জপং কৰে পানীত পৰাটো মোৰ নিত্যকৰ্মৰ এটা কৰ্ম আছিল। পাৰৰপৰা ওলোটা খৰ মাৰি পুখুৰীত পৰাটোও মোৰ আন এটা বাহাদুৰীৰ কাম আছিল। মুঠতে ঘাটেদি বা সোঁবাটেদি পুখুৰীত নামি গা ধোৱা বা পুখুৰীৰ সৈতে “লেনদেন” কৰাটো মোৰ স্বভাৱবিৰুদ্ধ হৈ পৰিছিল।

 মই সাঁতোৰা বিদ্যাত পৰিপক্ক হলোঁ যেতিয়া সঙ্গীসকলেৰে সৈতে যুক্তি কৰি একো একোদিন দিখৌত সেই কাৰ্য কৰিবলৈ ধৰিলোঁ। বাৰিষা দিখৌত সাপৰ-নেগুৰ-ছিগা সোঁত। একো একোদিন তেনে দিখৌত পৰি সাঁতুৰি ইপাৰ-সিপাৰ হৈছিলোঁ। দিখৌৰ [ ৩৯ ] দুই পাৰে দুটা খুটা পুতি তাৰপৰা লোৰ তাঁৰ লগাই তাত পাৰ-নাও বান্ধি মানুহ, ঘোঁৰা, গাড়ী আদি পাৰ কৰা হয়। বাৰিষা আমি সেই পাৰ-নাৱত উঠি নৈৰ মাজ পাই তাত নাৱৰপৰা খৰ মাৰি দি পৰি সাঁতুৰি পাৰ হওঁ। এইটো উজু কাম যে নহয়ই বৰং risky বিপদজনকেই বুলিব লাগে; কিন্তু মোৰ মনত ভয়-সংশয় একো নুপজিছিল। এই কাৰ্য কিন্তু আমি পিতৃদেৱতাৰ অগোচৰতহে কৰিছিলোঁ, কেনেবাকৈ তেওঁৰ গোচৰলৈ আহিলে শাস্তি পাইছিলোঁ।

 বুদুৰাম মুক্তিয়াৰ নামৰ ভকত এজনক আমাৰ পুখুৰী পাৰতে ঘৰ দি দেউতাই ৰাখিছিল। তেওঁ কমলাবাৰী সত্ৰৰ ভকত আছিল। কমলাবাৰীৰ ভকতক সদায় পুৱা-গধুলি একো কঠা চাউল দি আমাৰ ঘৰত পোহা পিতৃদেৱতাৰ এটা অখণ্ড কাৰ্য আছিল। বুদুৰাম মুক্তিয়াৰক আমি সকলোৱে “বুদু আতৈ” বুলি মাতিছিলোঁ আৰু শ্ৰদ্ধা আৰু সম্মান কৰিছিলোহঁক। তেওঁ বাঢ়ৈৰ কাম ভালকৈ জানিছিল। তেওঁৰ দ্বাৰাই আমি পমা কাঠৰ সৰু নাও এখন কৰাই লৈ পুখুৰীত নাও বাই ফুৰি, মাজতে আপোন ইচ্ছাতে নাওখন বুৰাই, পানীতে আকৌ সিঁচি লৈ তাত উঠি অপাৰ আনন্দ ভোগ কৰিছিলোঁ। মোৰ এই নৌ-বিহাৰ ইমান বঢ়া-বঢ়িত পৰিছিলগৈ যে দেউতা শুলে জোনাক ৰাতি মনে মনে আহি নাও খেলাই ফুৰিছিলোঁ। “সৰ্ম্বমত্যন্ত গাৰ্হিতং” বুলি কোৱা কথাই ফলিল। এদিন ৰাতি সেই কাৰ্য কৰি থাকোতেই হাতে-কলমে ধৰা পৰিলোঁ; “ফলং প্ৰহাৰং” হ'ল আৰু পিছদিনা নাওখন forfeited অৰ্থাৎ “জপৎ” বা জৰিমনা হৈ কটা পৰিল আৰু দুই-চাৰি দিনতে সি বুদু আতৈৰ সহায়ত এখন তক্তাপোছ বা চাল্ পীৰাত পৰিণত হ'ল। ইন্দ্ৰৰ দোষত আশ্ৰম-বিহাৰী অহল্যা সুন্দৰী পাষাণী, হৈছিল, আৰু মোৰ দোষত আমাৰ জলবিহাৰী নাও-সুন্দৰী চালপীৰা হ'ল।

 লগুণ-দিয়নি। একেদিনাই মোৰ আৰু মোৰ ভতিজা এটাৰ লগুণ-দিয়নি হৈছিল। যদিও “প্ৰাইভেট” (private) অৰ্থাৎ অশাস্ত্ৰীয় ৰকমে মোৰ কৰ্ণবেধ অৰ্থাৎ কাণ-বিন্ধনি কেতিয়াবাই হৈ, কাণৰ ভোমোলা পিন্ধাত সীহৰ কৰিয়া, খৰিকা আৰু কুহিলাৰেপৰা আৰম্ভ কবি সোণৰ বাখৰ পতোৱা লংকেৰু পৰ্যন্ত সোমাই ওলমি টিঘিল্ ঘিলাইছিল, তথাপি “অফিচিয়েলি” (officially) অৰ্থাৎ শাস্ত্ৰীয় ৰকমে কৰ্ণবেধ আৰু চুড়াকৰণ আদি ব্ৰাহ্মণৰ দশসংস্কাৰৰ ভিতৰুৱা সংস্কাৰ সেইদিনা লগুণ-দিয়নিৰে সৈতেহে সমাপিত হৈছিল। এটা কথা এইখিনিতে কৈ থোৱা যাওক যে লগুণ-দিয়নিলৈ চাৰি-পাঁচ দিন থকাৰেপৰা দিনৌ আমাৰ টোলৰ ভিতৰত নিবাস কৰোঁতা অব্ৰাহ্মণসকলৰ বহাৰ পৰা অন্ন-ব্যঞ্জন ভোজনৰ অৰ্থে মোলৈ ভুৰি ভুৰি নিমন্ত্ৰণ আহিছিল; আৰু মই আনন্দ মনেৰে নিমন্ত্ৰণবোৰ ৰক্ষা কৰি আত্মতুষ্টি আৰু পৰতুষ্টি সম্পাদন কৰিছিলোঁ। এনে মুৰামুৰি সময়ত এনে নিমন্ত্ৰণৰ জাউৰি উঠাৰ অৱশ্যে মানে আছিল। —শাস্ত্ৰৰ বচন হৈছে, “জম্মনা জায়তে শূদ্ৰ”; অৰ্থাৎ উপজিবৰেপৰা যদিও মই বামুণৰ ল’ৰা, তথাপি শাস্ত্ৰমতে সংস্কাৰ নোহোৱালৈকে এজতুৱা শূদিৰ হৈয়ে আছিলোঁ :—যদিও এনেকুৱা শূদ্ৰত্ব অমুক শৰ্মা পণ্ডিত বিদ্যানৰ বাপুৰ ঘৰৰ পখিলী নামৰ মেকুৰীজনীৰ [ ৪০ ] “মেকুৰীত্ব”ৰ শাৰীৰহে। অৰ্থাৎ পণ্ডিত বাপুদেউৰ মেকুৰীজনী যদিও বামুণৰ ঘৰৰ মাৰ্জাৰী, তথাপি তাই থিতাতে ওচৰ-চুবুৰীয়া কৈৱৰ্তৰ ঘৰত সোমাই পোৰা মাছ পঁইতা ভাত খাই জিভাৰে কোৱাৰি চেলেকি আহি, পণ্ডিত বাপুৰ ভাতৰ পাতৰ পৰাও তপত তপত ভজা মাছ লৈ যদিও দ্ৰুত গতিৰে প্ৰস্থান কৰে, তথাপি বাপুৰ বঢ়া ভাতে অশুচি হব নোখোজে; কাৰণ বাপুৱে বিৰালীৰ ব্যৱহাৰ দেখি কিংকৰ্তব্যবিমূঢ় নহৈ “মাৰ্জাৰী গমনে শুদ্ধি” বুলি মন্ত্ৰ মাতি সেই অন্নকে শুদ্ধ কৰি লৈ, নাগ-কুৰ্মকে প্ৰমুখ্য কৰি পঞ্চ দেৱতাক অৰ্পণ কৰি পঞ্চগ্ৰাস কৰি ভোজন কৰাত ত্ৰুটি নাই। যি হওক, “সংস্কাৰাৎ দ্বিজ উচ্যতে” অৰ্থাৎ মোক লগুণ দিলেই মই দ্বিজ হম, আৰু দ্বিজ হলেই শূদিৰৰ ঘৰত ভাত খোৱাৰ স্বাধীনতা মোৰ নাইকিযা হব; মই বামুণৰ শাৰীলৈ উঠিম, আৰু উঠিলেই চিৰকাললৈকে মই শূদিৰ বন্ধুসকলৰপৰা বিহাৰত নহলে অন্ততঃ আহাৰত এৰা-এৰি হম; এই নিমিত্তে, অৰ্থাৎ মই বামুণ হোৱাৰ বিপদত বা সম্পদত পৰাৰ আগতে, মোক তেওঁলোকৰে এটা বুলি ইমানদিন ভাব কৰি আহোঁতা তেওঁলোকে ভালকৈ একো সাজ খুৱাই তৃপ্তিৰ ধাৰ শুজি লৈছিল।

 শিৱসাগৰত ত্ৰিলোচন শৰ্মা নাজিৰ বলি এজন ডাঙৰ পণ্ডিত ব্ৰাহ্মণ আছিল। তেওঁ সকলো বামুণীয় বিধি-বিধান দিযা কাৰ্যত, আৰু শান্তি-কৰম, গ্ৰহযজ্ঞ, তিলহোম, বটুক-পাঠ, বিয়া-শৰাধ আৰু লগুণ-দিয়নি আদি কাৰ্যত অতি পৰিপক্ক আছিল। সঁচাকৈয়ে ত্ৰিলোচন নাজিৰদেউ বৰ পণ্ডিত মানুহ আছিল। নাজিৰ আমাৰ ঘৰৰ পুৰোহিত আছিল। মোৰ লগুণ-দিয়নিত তেওঁৱেই প্ৰধান দ্ৰষ্টা আছিল। অপ্ৰধান কাৰ্যকাৰক আন আন অনেক পণ্ডিতেৰে সৈতে, লম্বোদৰ নামেৰে বৃদ্ধ পণ্ডিত এজনৰ কথাও মোৰ মনত আছে। হোমৰ অন্তত লম্বো বাপুৱে যেতিযা হাতত দুৰ্বা লৈ, শ্ৰুবৰ নালৰ তলিত হোমৰ ঘিউৰে সৈতে ভস্ম বা ছাই সানি সেই ভস্মৰ ফোট মন্ত্ৰ মাতি আমাৰ কপালত দিবলৈ উদ্যোগ কৰিছিল, সেই উদ্যোগ-পৰ্বৰ অভিনয় দেখি, হাঁহিযে মোৰ পেটত আঙোৰ-পাঙোৰ কৰি মুখৰপৰা খুক্‌খুকনি তুলি দিছিল। পিতৃদেৱতাৰ এটা ডাবিয়েহে সেই বিদ্ৰোহী হাঁহিক দুবাই তেতিয়া মোক প্ৰকৃতিস্থ কৰিব পাৰিছিল। হাঁহিৰ কাৰণটো অৱশ্যে মই কওঁ-লম্বো বাপু বঢ়া মানুহ। তেওঁৰ হাত বৰকৈ কঁপিছিল। ‘কাণ্ডাৎ কাণ্ডাৎ প্ৰৰোহস্তী পৰুষঃ পৰুষঃ পৰি এৱা নো দুৰ্বে প্ৰতনু সহস্ৰণে শতেন চ' (ইয়াৰ মানে—প্ৰত্যেক কাণ্ড বা গাঁঠিৰপৰা দুৰ্বাষ্কুৰ যেনেকৈ উদ্‌গত হয় আৰু পুৰুষ-পৰম্পৰাক্ৰমে বৰ্ধিত হয়, তুমি, হে দুৰ্বা! সেইদৰে বংশপৰম্পৰাক্ৰমে শত-সহস্ৰ বৰ্ধিত কৰাঁ)—বেদৰ এই শ্লোকটো মাতি লম্বো বাপুৱে যেতিয়া আমাৰ কপালত ভস্মৰ ফোট একোটা দিবলৈ গৈছিল, আমি পৱিত্ৰ ফোট লবলৈ তেতিয়া তেওঁৰ আগত আঠু কাঢ়ি আছিলোঁ। তেওঁ কঁপা হাতেৰে অতি কষ্টেৰে ফোট দিবলৈ গৈ, সেই ফোট ঠিক ঠাইত দিব নোৱাৰি, কাৰো চেলাউৰিত, কাৰো নাকত, কাৰো গালত, তেওঁৰ অতি অনিচ্ছাসত্বে দিছিল; দিছিল মানে, তেওঁ দিয়া ফোট আপোন মতলবেৰে য’তে ত’তে পৰিছিল। ফোটৰ এনে বিপৰীত বিন্যাস লক্ষ্য কৰি বেদমন্ত্ৰৰ [ ৪১ ] উদাত্ত-অনুদাও স্বৰবিকম্পিত গাম্ভীৰ্যৰ ব্যোম ভেদ কৰি মোৰ খু্ক্‌খুকীয়া হাঁহি বিষম বিদ্ৰোহী হৈ উঠিছিল। এই ব্যাপাৰটো ঠিক যেন—কোনো দ্বাপৰযুগীয়া পূজাৰীয়ে তেওঁৰ গোসাঁইঘৰত অকলৈ বহি শালগ্ৰাম বা দেৱতাৰ মুৰ্তিৰ আগত মৃদু কণ্ঠেৰে একান্ত মনেৰে স্তোত্ৰ পাঠ কৰি থাঁকোতে সেই গোসাঁইৰ-ঘৰৰ মুধচত জানিবা দুটা ডালশলিয়াৰ দ্বন্দ-হাইৰ ধ্বনিৰে অকস্মাৎ সেই পৱিত্ৰ স্তোত্ৰৰ পৱিত্ৰাৱৰণ-ভেদ।

 লগুণ-দিয়নিৰ অন্তত যেতিযা টকলামুৰীয়া এডলীবা টিকনীয়া “বাচ্চা” ব্ৰহ্মচাৰী ল’ৰা মই হাতত পলাশৰ ডাল এটাৰ দণ্ড, কমণ্ডলু আৰু ভিক্ষাৰ মোনা হাতত লৈ মাতৃদেৱীৰ আগত উপস্থিত হলোগৈ, আৰু “ভৱতি মাতৰ ভিক্ষাং দেহি।” বুলি তেওঁক ভিক্ষা মাগিলোঁ, আৰু মোক বেঢ়ি থকা নামতী তিৰোতাবোৰে “—এ নাযাবা বৰাগী হৈ এ!” বুলি কৰুণ ৰসাত্মক গীত ধৰিলে, দেখিলো মাতৃদেৱীৰ চকু চল্‌চলীয়া হ’ল আৰু তেওঁ ৰিহাৰ আঁচলেৰে চকু মচিবলৈ ধৰিলে। কিয় কব নোৱাৰোঁ, ততালিকে মোৰো চকুৰপৰা দুধাৰ লো বৈ গ’ল। মই তিনি দিনলৈকে এই ব্ৰহ্মচৰ্য ৰাখি অন্তত দণ্ড পৰিত্যাগ কৰিলোঁ। সন্ধ্যাৰ সৰু পুথি এখনৰ মন্ত্ৰ এই তিনি দিনৰ ভিতৰত সম্পৰ্ণেকৈ মুখস্থ কৰিবলগীযাত পৰিছিলোঁ; আৰু অগত্যা কৰিছিলোঁও। প্ৰথম দিন চেৰেকলৈকে আনে দেখুৱাই দি মোক সন্ধ্যা কৰিবলৈ শিকাইছিল। পিছত নিজেই কৰিব পৰা হলোঁ।

 তেতিযা সন্ধ্যাৰ মন্ত্ৰবোৰ মোৰ মনত নগাৰ দোৱান যেন লাগিছিল; কাৰণ তাৰ মানে একো নুবুজিছিলোঁ; আৰু আনে বুজাইও নিদিছিল, অথচ মুখস্থ মাতি সেইবোৰেৰে সন্ধ্যা কৰিবলগীযাত পৰিছিলো; নকৰিলে হেনো ব্ৰাহ্মণ পতিত হয়। সেই দেখি প্ৰাণপণে সেই কাৰ্য সমাপন কৰিছিলোঁ। মই অনেক কালৰ পিছতহে হৃদয়ঙ্গম কৰিছিলোঁ যে সন্ধ্যাৰ বেদমন্ত্ৰবোৰৰ মানে অতি সুন্দৰ; অথচ মোক আগে সেইবোৰৰ মানে কোনেও ভালকৈ বুজাই নিদি সেইবোৰক মোব পক্ষে সন্নিপাত জ্বৰত পৰা মানুহব বী-বিয়নি আৰু সন্ধ্যাৰ অনুষ্ঠানবোৰক সেই নৰিয়াৰে আনুষঙ্গিক বহু বুলি ভবা কৰি তুলিছিল। আগডোখৰত সেই দেখিয়েই মই দিনে পাঁজি মেলি আঁউশী একাদশী বিচাৰি ফুৰিছিলোঁ, যাতে সন্ধ্যা খতি পাওঁ; কাৰণ “সাযং সন্ধ্যা ন্যাস্তি” পাঁজিৰ বচন মোৰ পক্ষে স্বস্তি-বচন হৈ পৰিছিল।

 প্ৰথমতে মোক বঙ্গলা স্কুলত নাম লগাই দিয়া হ’ল, একেবাৰেই তৃতীয় শ্ৰেণীত। সেইকালত অসমীয়াৰ মাতৃভাষা বঙ্গলা; অসমীয়া ভাষাটো এটা স্বতন্তৰীয়া ভাষা নহয়, মাথোন বঙ্গলা ভাষাৰহে এটা হেনাহুচা মাত, এই ভ্ৰমৰ বশবৰ্ত্তী হৈ গৱৰ্ণমেণ্টে আসামত অসমীয়া ল'ৰাৰ নিমিত্তে “আদৰ্শ বঙ্গ বিদ্যালয” নাম দি ছাত্ৰবৃত্তি পাছ কৰিবলৈ বঙ্গলা স্কুলবোৰ পাতি দিছিল। আমাৰ শিৱসাগৰতো ইংৰাজী স্কুলৰ ওচৰতে শাৰী পাতি এনেকুৱা মিছা দাবীৰ ঢোকাৰে থিয হোৱা আদৰ্শ-বঙ্গ-বিদ্যালয় এটাই বৰ ঘৰ, বৰ মেজ, বৰ চকী, বেঞ্চ লৈ, অসমীয়া কুমলীয়া ল'ৰাৰ কুমলীয়া মনৰ ওপৰত ঘেঁহু পিহা জাতৰ নিচিনা বঙ্গলা ভাষাৰ জাত এখন ঘৰ্ঘৰ কৰে ঘূৰাই আছিল। সেই স্কুলতে প্ৰথমতে [ ৪২ ] মোৰ প্ৰবেশ ঘটিল। তাৰ হেডপণ্ডিতজন আৰু দ্বিতীয় পণ্ডিতজন বঙ্গদেশীয়; তৃতীয় পণ্ডিতৰেপৰা আৰম্ভ কৰি তলৰ কেইজন অসমীয়া আছিল। হেডপণ্ডিতজনৰ নাম তাৰক বাবু (তেওঁৰ উপাধিটো পাহৰিলোঁ), দ্বিতীয়জনৰ নাম প্ৰাণকৃষ্ণ কৰ। যিজন তৃতীয় পণ্ডিতৰ তলত মই বঙ্গলা বিদ্যা উপাৰ্জ্জন কৰিবলগীয়াত পৰিছিলোঁ তেওঁৰ নাম লম্বোদৰ আছিল। তেওঁ তেওঁৰ উপাধিৰ ঠাইত দত্ত নে দাস লেখিছিল, মোৰ মনত নাই; কিন্তু এই দুটাৰ এটা নিশ্চয় হব। সেইকালত অনেক অসমীয়া শূদ্ৰ জাতৰ মানুহে, বঙ্গালীৰ দেখাদেখি নিজৰ নামৰ লগত দত্তৰ নিচিনা বঙ্গালী উপাধি লগাই দিয়া দেখিছিলোঁ। তেওঁলোকৰ মনত এবাৰো বোধকৰোঁ খেলোৱা নাছিল যে দাস উপাধিটো শাস্ত্ৰমতে লেখি চলাই দিব পাৰিলেও, দত্ত উপাধি অসমীয়াৰ পক্ষে অচল। যি হওক, কোনো কোনো অসমীয়াইতো দত্ত হৈয়েই আহুকাল-খৰিয়ালৰ হাত সাৰি ডাঢ়ি-চুলি পকাই দিছিল। মাথোন এদিন এজন অসমীযা দত্তৰ নাওখন দৈবাৎ এদিন আমাৰ ঘৰত ঘপকৰে চটত লগা দেখিছিলোঁ। আমাৰ ঘৰৰ চৰাতে পৰ্বতীয়া গোসাঁইৰ সম্পৰ্কীয় এজন বঙ্গালী ভদ্ৰলোক বহি আছিল; এনেতে অসমীযা দত্ত এজন উপস্থিত হ’লহি। তেওঁক সেই বঙ্গালী ভদ্ৰলোকজনেৰে চিনাকি কৰি দিয়াৰ পিছত, বঙ্গালীজনে তেওঁৰ নাম সুধি যেতিয়া দত্ত পালে, তেতিয়াই তেওঁ কোন খেলৰ, কোন মেলৰ দত্ত এইবোৰ প্ৰশ্নেৰে তেওঁক তহিলং কৰি পেলালে। দত্তই “আম্‌তা আম্‌তা” কৰি অলপপৰ থাকি সভা ত্যাগ কৰিহে এই আহুকলীয়া অৱস্থাৰ হাত সাৰিছিল।

 লম্বোদৰ পণ্ডিতৰ বৰণটো ক'লা, মুখত গুটি-সাঁচ আৰু বয়স ভৰ ডেকা আছিল। তেওঁব ছাতৰক পঢ়োৱা গঢ়টোও সেইকলীয়া স্কুলমাষ্টৰীয়া প্ৰথাৰে অভিন্ন আছিল। মই তেওঁৰ ৰুদ্ৰ তেজেৰে তাপিত হৈ, তেওঁৰ অসমীয়া মুখৰ দ্বাৰাই উচ্চাৰিত হৈ জাত এৰা বঙ্গলা শুনি, শিকি আৰু পঢ়ি, চকু মূৰ মুদি কোনোমতে এবছৰ কটাই দিছিলোঁ। মোৰ বঙ্গলাস্কুলীয়া জীৱনত ঘটা দুটা কথা মাথোন মনত আছে। এদিন মোৰ পেট কামুৰিছে বুলি মই হেডপণ্ডিত তাৰক বাবুৰ ওচৰত ছুটী লবলৈ গৈছিলো। তাৰক বাবুৱে মোক পাই আমাৰ কোমল-চাউল-ভোজনৰ বিৰুদ্ধে অনেক ৰসিকতা কৰি এটা বুজন বিধৰ বক্তৃতা শুনাই দিলে। কাৰণ তেওঁৰ সুযোগ উপস্থিত যে মোৰ ছুটীৰ দখাস্ত “পেচ কৰা” কাৰণটো পেট-কামোৰণি আছিল। হেড্ পণ্ডিত বাবুব বক্তৃতাৰ অন্তত মোৰ মনত খেলাইছিল যে কি লাজৰ কথা, কি “শৰমত মৰিবৰ” কথা, যে আমি অসমীয়াবোৰে কোমল-চাউল খোৱাৰ নিচিনা অসভ্য কাম কৰোঁহঁক। অৱশ্যে এই ধিক্কাৰৰ কাৰণটো মোৰ পেটৰ কামোৰণি নহয়; কিয়নো, আমুকাই একো একোদিন তাতকৈও ডাঙৰ ডাঙৰ পেট কামোৰণি নাগাৰ্জ্জুনৰ বড়ি খাই অম্লানবদনে হজম কৰিছিলোঁ; কাৰণটো হেড্পণ্ডিতৰ বক্তৃতাৰ ফলত হোৱা জাতীয় কাৰ্যৰ নিমিত্তে আত্মাগ্নানিৰ পোৰণি। আমাৰ আদৰ্শ বঙ্গবিদ্যালয়”ৰ আদৰ্শ বঙ্গালী হেড্পণ্ডিত সৰ্ববিদ্যা-বিশাৰদ তাৰক বাবুৱে কোমল-চাউলক এনেকৈ কুকুৰে কাঁইট নোখোৱাকৈ যেতিয়া ককৰ্থনা কৰিছে, আৰু সেই ককৰ্থনা তেওঁৰ বিদ্যাৱন্ত মুখ-নিঃস্বত, কোমল[ ৪৩ ] চাউল খোৱাটো নিশ্চয় আমাৰ অসভ্যতাৰ চিন। দ্বিতীয়টো;—আমাৰ শ্ৰেণীৰে দুষ্ট ল'ৰা এটাই এদিন মোৰ ক্ষেত্ৰত (জ্যামিতি) কিতাপটোৰ পাত এটা (যিটোত ৫ম প্ৰতিজ্ঞা আছিল) মোৰ অসাক্ষাতে বেজী এটাৰে ফুটাই ঠকা-সৰকা কৰি দিলে। সিযে কিয় তেনে কৰিলে, তাৰ মনৰ কি ভাৱ, মই বুজিব নোৱাৰিলো; অনুমান কৰোঁ সি সেই প্ৰতিজ্ঞাটো আয়ত্ত কৰিব নোৱাৰি সম্ভৱতঃ লম্বোদৰ পণ্ডিতৰ হাতত লাঞ্চিত হৈ, মোৰ কিতাপত থকা প্ৰতিজ্ঞাটোৰ ওপৰত সেইদৰে প্ৰতিশোধ ললে। যি হওক, শতছিদ্ৰযুক্ত পাঁতটিৰ লগে লগে মোৰ মনতো শোকৰ ছিদ্ৰ এশটা হ’ল আৰু শতধা বিভক্ত ছিদ্ৰবোৰৰপৰা ততালিকে সম্মিলিত দুধাৰ লো বৈ গ'ল। কিন্তু কাৰো দ্বাৰাই সেই প্ৰবাহিনীৰ গতি পৰিলক্ষিত হৈছিল যেন মোৰ মনে নধৰে; কাৰণ সান্ত্বনা বাক্যৰ শুকান কাপোৰৰ আচলৰূপী অগস্ত্যক আনি, কোনেও সেই প্ৰবাহিনীৰ প্ৰবল জল পান কৰি দিবৰ অৰ্থে মোৰ ওচৰত উপস্থিত কৰা নাছিল।

 ইয়াৰ এবছৰ পিছত মোক ইংৰাজী স্কুলৰ তলৰ শ্ৰেণী এটাত নাম লগাই দিয়া হ’ল। শ্ৰীযুত লোকনাথ শৰ্মা নামেৰে এজন মাষ্টৰৰ তলত পৰিলোঁ। তেওঁৰ মতা নাম টেপু আছিল। টেপু মাষ্টৰ ভয়ানক disciplinarian অৰ্থাৎ নিয়ম-প্ৰিয় শিক্ষক আছিল। ল’ৰাক পঢ়োৱাতকৈ discipline-অৰ ফালে তেওঁৰ প্ৰখৰ দৃষ্টি। স্কুলীয়া নিয়মেই হওক বা ঘৰুৱা নিয়মেই হওক, সেইবোৰ নিখুতভাৱে ল’ৰাৰ দ্বাৰাই যাতে পালিত হয়, তাৰ নিমিত্তে তেওঁ যত্নশীল আছিল, যদিও সেই নিয়মবোৰৰ অধিকখিনি প্ৰচলিত পুৰণিকলীয়া অনিয়মৰ নামান্তৰ মাথোন। কোনো ল’ৰাৰদ্বাৰাই ওপৰত কোৱা কোনো নিয়মৰ গাত আঁচোৰ এটা লাগিলেই তাৰ বেত্ৰাঘাত পৰিছিল। নিজৰ ঘৰতো কেতিয়াবা কোনো ছাতৰে যদি কোনো ঘৰুৱা নিয়মৰ ব্যতিক্ৰম কৰে-যেনে, ককায়েকৰ মুখে-মুখে উত্তৰা-উত্তৰি কৰা, দদায়েকে কিবা কৰিবলৈ পাচিলে না বা কৰিবলৈ গাফিলি কৰা, ইত্যাদি—আৰু সেই সংবাদ যদি কিবা স্বৰপে মাষ্টৰ শ্ৰীযুত লোকনাথ শৰ্মাৰ গোচৰীভুত হ’ল, তেন্তে তাৰ বাবে পিছদিনা স্কুলত সেই ছাত্ৰৰ পিঠিত বা হাতৰ তলুৱাত তেওঁৰ দ্বাৰাই স্বহস্তদত্ত বেত্ৰাঘাত, নাইবা বেণৰ ওপৰত হোৱা শাস্তি। এই লেখকৰ কপালতো যে তেনেকুৱা কাৰণৰ নিমিত্তে তেনে বিধৰ দণ্ড দুদিন-এদিন নঘটিছিল, এনে নহয়। টেপু মাষ্টৰক লৈ আমি বৰ আহুকালত পৰিছিলোঁহক। তেওঁ ক্লাছত বহি থাকোতে, কেতিয়াবা থাকি থাকি, আমাক মাৰিবৰ কাৰণ উলিয়াবলৈকে হবলা, মুখখন ওফোন্দাই, বা ওঁঠ দুটা বেকা কৰি অঙ্গিভঙ্গি কৰিছিল আৰু পাতল মনৰ আমি সেই অঙ্গিভঙ্গি দেখি হাঁহি সামৰিব নোৱাৰি হাঁহি দিছিলোঁ আৰু হাঁহিলেই লাগিছিল লেঠা; তাৰ ফল—হাতৰ তলুৱাত বা পষ্ঠদেশত এটি বেতৰ মজলীয়া বিধৰ কোব। কিন্তু মুঠতে শ্ৰীযুত লোকনাথ শৰ্মা মাষ্টৰ ৰঙিয়াল মানুহ আছিল; আৰু আমি তেওঁক যে বেয়া পাইছিলোহঁক এনে নহয়।

 শ্ৰীযুত ধৰ্মেশ্বৰ নামৰ আৰু এজন মাষ্টৰ আছিল। তেৱো কম “ডিছিপ্লিনেৰিয়ান” নাছিল; কিন্তু ওজনত তেওঁৰ পঢ়োৱাৰ জোখ বেছি আছিল দেখি “ডিছিপ্লিন”ৰ ভৰ [ ৪৪ ] আমি কেঁকোজেকোকৈ সহিছিলোহঁক। তেওঁৰ মূৰটো টপা আছিল দেখি, আমাৰ ভিতৰৰ দুষ্টবোৰে তেওঁৰ নাম ৰাখিছিল “টপা মাষ্টৰ” আৰু তেওঁৰ অসাক্ষাতে তেওঁৰ উল্লেখ সেই নামেৰেই কৰিছিল। মতিলাল ঘোষ নামেৰে বঙ্গালী ছাতৰ এজনে প্ৰথম শ্ৰেণীত অৰ্থাৎ এণ্ট্ৰেঞ্চ ক্লাছত পঢ়িছিল। তেওঁক প্ৰথম ধ্ৰুবতৰাৰ দৰে কত বছৰ যে দেখিছিলোঁ, ঠিক নাই। তেওঁ কঁটীয়া আৰু ডঢ়ীয়া আছিল। তেওঁৰ মুখত ভোবোকাৰ ডাঢ়িৰ প্ৰভাৱ ইমান সৰহ আছিল যে তেওঁৰ মুৰটোতকৈ ডাঢ়িৰ ভৰ সৰহ, এই ভুল ধাৰণা অনেক কাললৈকে মোৰ মনত আছিল। তেওঁক মাজে মাজে আমাৰ শ্ৰেণীত পঢ়াবলৈ হেডমাষ্টৰে পঠিয়াই দিছিল। মনত আছে, তেওঁ আহিলেই গোটেইটো স্কুলৰ চকু তেওঁৰ ফালে পোন হৈছিল; কাৰণে তেওঁ আহিয়েই ক্ষন্তেকৰ ভিতৰতে ইটোক “Stand up on the bench, Sir!” সিটোক “Go out of the class, Sir! You!” এনেবোৰ হুকুমৰ ভৈৰৱ নিনাদেৰে স্কুল-ঘৰটো থলক লগাই পেলাইছিল।

 শ্ৰীযুত গোপালচন্দ্ৰ ঘোষ নামেৰে এজন মাষ্টৰে আমাক ওপৰ ক্লাছত পঢ়াইছিল। তেওঁ মৃদু, স্বভাৱৰ আৰু সৰল প্ৰকৃতিৰ মানুহ আছিল। তেওঁলোক বহুকলীয়া আসাম-প্ৰবাসী বঙ্গালী। আচাৰ-ব্যৱহাৰ, মাত-কথাত তেওঁলোক প্ৰায় অসমীয়াৰ নিচিনা হৈ গৈছিল। তেওঁৰ পিতাক ঠাকুৰদাস ঘোষক দেখা মোৰ এতিয়াও মনত আছে। ঠাকুৰদাস ধাৰ্মিক আৰু মৃদু, স্বভাৱৰ মানুহ আছিল। গোপাল বাবুৱে আমাৰ ক্লাছলৈ আহি দিনৌ ছপা কৰা মানে-কিতাপ এখন হাতত লৈ ক্লাছত বহা প্ৰথম ল’ৰাটোৰেপৰা আৰম্ভ কৰি, মানে-কিতাপখনত থকা শব্দবোৰৰ মানে এটাৰ পিছত এটাকৈ সুধি গৈছিল। আমি তেওঁৰ গতি বুজি জুৱাচুৰি বুদ্ধি উলিয়াই, ক্লাছত য’ত বহো তালৈকে, প্ৰথমটো ল'ৰাৰেপৰা লেখি আনি আৰু মানে থকা কিতাপৰ শব্দবোৰো সেইদৰে লেখি আনি, কাৰ গাত কোনটো শব্দৰ মানে কোৱাৰ ভাৰ পৰিব সেইটো ঠিক কৰি লৈ মুখস্থ কৰি থওঁহক আৰু গোপাল বাবুৱে আমাৰপৰা টপুৰ কৰে নিৰ্ভুল উত্তৰ পাই ভাবে ল’ৰাহঁতে বঢ়িয়াকৈ সিহঁতৰ “লেছন” তৈয়াৰ কৰি থৈছে। এনেকৈ অনেকদিন চলি আছিল, আৰু আমিও ভটীয়া পানীত উটি গৈ আছিলোঁহক। কিন্তু এদিন বিধি বিবাদী হ’ল আৰু আমাৰ বিড়ম্বনা ঘটিল! গোপাল বাবুৰ বকুত কিহে খুন্দিয়াই দিলে কব নোৱাৰোঁ, তেওঁ সেই কৰালবন্ধা নিয়ম ভঙ্গ কৰি, মানে কিতাপখন হাতত লৈ শব্দ-শ্ৰেণীৰ প্ৰাস নাৰাখি য’ৰে ত’ৰেপৰা মানে সুধিবলৈ ধৰিলে; ফলত আমাৰ ছত্ৰভঙ্গ হ’ল। আমাৰ ফলিয়া ৰণুৱাবোৰ বিদ্যাৰ পৰ্বতৰ গাৰপৰা খহি পৰিবলৈ ধৰিলে। মনত আছে, গোপাল বাবুৱে মোৰপৰা তেওঁৰ প্ৰশ্নৰ বলিয়ালি অৰ্থাৎ ভুল উত্তৰ শুনি লাহেকৈ মোক তিৰস্কাৰ কৰি কলে, “আজি মদৎ-খানাৰপৰা এইফালে বতাহ মাৰিছিলনেকি?” মই সেই তিৰস্কাৰৰ আচল মৰ্মত যদিও তেতিয়া প্ৰবেশ কৰিব নোৱাৰিছিলোঁ, তথাপি এইটো বুজিছিলো যে মাষ্টৰে মোক খুব শুনাই দিলে। যি হওক, সেই দিনাৰপৰা মই সকলো চালাকি পৰিত্যাগ কৰি লেছনটোৰ [ ৪৫ ] শব্দৰ মানে মুখস্থ কৰি তেওঁৰ সমুখ হবলৈ ধৰিলোঁ। ইয়াৰ পিছত দুদিন-চাইদিন গোপাল বাবুৱে আমাক মানে-কোৱা বিদ্যাত ঠিক পাই, আকৌ আগৰ ৰীতিলৈ উভতি গ'ল আৰু আমাৰ ভিতৰৰো অনেকে পৰিত্যক্ত টেঙৰালি পুনৰ অৱলম্বন কৰিলে।

 শ্ৰীযুত তোয়ধৰ শৰ্মা-পণ্ডিত নামেৰে পণ্ডিত এজন কিছুদিনৰ নিমিত্ত আমাক সংস্কৃত পঢ়োৱা পণ্ডিত হৈছিল। সংস্কৃতত তেওঁৰ প্ৰগাঢ় বুৎপত্তি আছিল। তেওঁৰ সাজ-পাৰ আমাৰ দেশৰ পুৰণিকলীয়া বিধৰ আছিল। এদিন তেওঁ মুগাৰ চুৰিয়া পিন্ধি আহি ক্লাছত বহিলতে আমাৰ ভিতৰৰ টপটপীয়া লৰা এটাই মাত লগালে, “আজি ছাৰ (sir) মুগাৰ চুৰিয়া পিন্ধি আহিছে।” এই কথা শুনি পণ্ডিতৰ বৰ খং উঠিল আৰু তেওঁ ল’ৰাটোৰ ফালে চাই ক'লে, “হেৰ, তোৰ বাপেৰৰ ঘৰৰ মুগাৰ চুৰিয়া মই পিন্ধি আহিছোঁনে?” এই কথা শুনি দমি যোৱা দূৰত থাওক, কি কব নোৱাৰোঁ, ল’ৰাবোৰে গিৰ্জনি মাৰি হাঁহিবলৈ ধৰিলে। দুখব বিষয় সিহঁতৰ ভিতৰত এই লেখকো আছিল। পণ্ডিতে মোৰ পিতৃদেৱতাক বৰ সন্মান আৰু ভক্তি কৰিছিল আৰু পিতৃদেৱতাইও তেওঁক পুত্ৰৱতে স্নেহ কৰিছিল; তাৰ ঘাই কাৰণ পণ্ডিত পিতৃদেৱতাৰ বন্ধু সুবিখ্যাত মিত্ৰধৰ অধ্যাপকৰ ছাত্ৰ আছিল। পণ্ডিতে আনবোৰক এৰি, মোৰ ফালে চাই বিৰক্তি প্ৰকাশ কৰি ক'লে—“তুমি সিংহৰ পোৱালি হৈ শৃগালব নিচিনা হ’লা কিয়?” মই সেই তিৰস্কাৰ শুনি লাজত তললৈ মূৰ কৰি ৰলোঁ আৰু সেই দিনাৰেপৰা আন আন দুষ্ট ল’ৰাৰ লগ নলওঁ বুলি মনতে সঙ্কল্প কৰিলোঁ।

 বৰ আচৰিত কথা যে ইমানবোৰ শিক্ষকৰ তলত মোৰ বিদ্যা শিক্ষা ঘটিছিল, কিন্তু প্ৰকৃত শ্ৰদ্ধা, ভক্তি বা ভালপোৱাৰে এজনেও মোৰ মন আকৰ্ষণ কৰিব নোৱাৰিছিল। এইটো শিক্ষকসকলৰ গুণৰ ত্ৰুটিৰ বাবতকৈও সেইকালৰ শিক্ষা-প্ৰণালীৰ দোষ বুলি ধৰিলেহে ঠিক হ’ব হবলা। যি হওক, ইয়াৰ এটা ব্যতিক্ৰম ঘটিছিল, এমাহমানৰ নিমিত্তে শ্ৰীযুত কেশৱনাথ ফুকনে (যি পিছত তেজপুৰত হেডমাষ্টৰ হৈ সুখ্যাতিৰে কাম কৰিছিল) এমাহমানলৈ আমাৰ স্কুলত কাম কৰি আমাক পঢ়াইছিল। তেওঁৰ পঢ়োৱা প্ৰাঞ্জল প্ৰণালীয়ে আৰু মিষ্ট ব্যৱহাৰে আমাক তেওঁৰ প্ৰতি শ্ৰদ্ধাৱান কৰি তুলিছিল। দুখৰ বিষয, তেওঁ আমাৰ স্কুলত সৰহদিন নাথাকিল।

 আমাৰ স্কুলৰ ছেকেণ্ড মাষ্টৰ আছিল বাবু বিষ্ণুচন্দ্ৰ চক্ৰবৰ্তী। তেওঁ দীৰ্ঘকাল অসম-প্ৰবাসী বঙ্গালী। কিন্তু আশ্চৰ্য্যৰ বিষয় যে তেওঁ এষাৰো অসমীয়া কথা কব নাজানিছিল। তেওঁৰ তলত মই সৰহদিন পঢ়া নাছিলোঁ; কাৰণ মই ছেকেণ্ড ক্লাছলৈ উঠাৰ অলপ দিনৰ পিছতে তেওঁ বদলি হৈ গ'ল। তেওঁৰ সম্পৰ্কে মোৰ তিনিটা কথা মনত আছে। —তেওঁৰ গোফ্‌তাৰ সৰ্বসাধাৰণ গোফ্‌তকৈ দীঘল। দ্বিতীয়টো, তেওঁ কথা কওঁতে খোনাই খোনাই কথা কৈছিল আৰু প্ৰত্যেকষাৰ কথাত “অ কৰ্চ” “অ কৰ্চ”(of course) শব্দটোৰ পোহ ইমানকৈ দিছিল যে শিৱসাগৰ জিলাৰ বান্‌মুখ নামৰ গাৱঁৰ গাখীৰ বেচোঁতা মানুহে গাখীৰত পানী দি বেচিবলৈ অনা গাখীৰৰ দৰে তাত [ ৪৬ ] তিনি ভাগ “অ কৰ্চ” পানীৰ পোহ পৰিছিল। তৃতীয়টো, তেওঁ আনতকৈ যে ভালকৈ ইংৰাজী জানে, এইটো বুজাবলৈ দেশৰ মানুহৰ ইংৰাজীত ভুল ধৰি দেখুৱাই আমাৰ আগত পেংলাই কৰিবলৈ ভাল পাইছিল। গণিত বিদ্যাৰে সৈতে কিন্তু বিষ্ণুবাবুৰ সতিনীৰ আঁহ আছিল আৰু ঘনে ঘনে নিজেই সেই কথা জাহিৰ কৰি সুখ লভিছিল।

 আমাৰ হেডমাষ্টৰজনৰ নাম আছিল শ্ৰীশ্ৰীনাথ গুহ। আমাৰ দেশত জোৰাজোৰে শ্ৰীব্যৱহাৰ কৰোতাসকলক কোনো সত্ৰৰ গোসাঁই বলি মই জানিছিলো। সেইদেখি এযোৰ শ্ৰীৰে গুহ বাবুৰ চহীৰ বঙ্গলা হস্তলিপি এখন এদিন দেখি, সৰুতে মই ভাবিছিলো, যে আমাৰ হেডমাষ্টৰজনো বঙ্গদেশৰ কোনোবা এখন সত্ৰৰ গোসাঁই প্ৰভু বা অধিকাৰ পুৰুষ। অনেক দিনৰ মূৰতহে মোৰ এই বালক-সুলভ ভ্ৰম ভাগিছিল আৰু জানিছিলোঁ যে শ্ৰীনাথৰ শ্ৰীটো নামটোৰেই অন্তৰ্গত। শ্ৰীনাথ গুহ গা-গাৰিয়ে বৰ শকত-আৱত মানুহ আছিল আৰু তেওঁৰ বৰণটো একেবাৰেই কেতোৰ-ক’লা হলেও দিব্য ক’লা আছিল। তেওঁৰ মাতৰ গমগমনিত শিৱসাগৰৰ ডাঙব কুলঘৰটোৱে দিনো থক থক, কৰে কঁপি মোক কোৱা যেন শুনিছিলো-“আৰু মই নোৱাৰো। দেউতা ঐ। মোৰ কাণ ফাটি যাওঁ ফাটি যাওঁ কৰিছে?” এঘাৰ বজাৰপৰা চাৰি বজালৈকে তেওঁ তেওঁৰ ক্লাছ প্ৰথম শ্ৰেণীত পঢ়াবলৈ নবহি, স্কুল সম্পৰ্কে লেখা-পঢ়াৰ কাম কৰিবলৈ থকা কাষৰ ঠাই এডোখৰত বহি desk work অৰ্থাৎ অফিচৰ কামত ব্যস্ত থাকিছিল আৰু মাজে মাজে থাকি থাকি “Silence?” অথাৎ “চুপ” বুলি বুকু কপি যোৱা প্ৰকাণ্ড গোঁজৰণিৰ ফৰ্মঠি গোটেইটো স্কুলৰ ছাত্ৰবন্দৰ উদ্দেশ্যে মাৰি পঠিয়াইছিল। মই বোধকৰো, ওপৰত কৈ অহা মাষ্টৰ হবলৈ ক্ষন্তেকীয়া ক্ষমতা পোৱা, প্ৰথম শ্ৰেণীৰ ছাতৰ মতিলাল ঘোষৰ সেই গোঁজৰণিও হেডমাষ্টৰীয়া গোঁজৰণিৰ হাস্যকৰ নকল মাথোন। যি হওক, শ্ৰীনাথ বাবুৰ “ছাইলেঞ্চ” নামৰ গোজৰণিৰ ধ্বনিত গোটেইটো স্কুলৰ ছাতৰ আৰু মাষ্টৰৰ মাত দুই তিনি মিনিটলৈকে মুখৰপৰা পলাই ফাট মাৰিছিল। এই গোঁজৰণিৰ আচল মানে হৈছিল “ছাতৰহত”! তহঁতে ভাবিছ হ’বলা যে তহতৰ হেডমাষ্টৰে নিজৰ কাম লৈয়ে ব্যস্ত আছে, তহঁতৰ ফালে তেওঁৰ চকু নাই? সেইটো নহয়; তেওঁ সজাগ।” এই অৰ্থটো তেওঁ আৰু সুস্পষ্ট কৰিছিল এইদৰে, কোনো ক্লাছৰ কোনো ল’ৰাৰ ব্যৱহাৰত ক্ষুদ্ৰ ব্যতিক্ৰম কেতিয়াবা তেওঁৰ চকুত পৰিলে তেওঁ তেওঁৰ সেই সুদূৰস্থিত চকীৰপৰা চেৰেকনি মাৰি “You! You!” অৰ্থাৎ তই। তই! বুলি তাক তেওঁৰ ওচৰলৈ মাতি নি, সোধ-পোছ নাই, তাক “এই হাত!” “সেই হাত”! বুলি হাত পাতিবলৈ কৈ তাৰ হাতৰ তোত বেতেৰে কোব লগাই দিছিল। এনে বেত্ৰাঘাতৰ সুখ ভোগ এই দুখীয়াৰ ভাগ্যতো এদিন ঘটিছিল। আমাৰ ক্লাছত মহীকান্ত নামেৰে দুষ্ট ল'ৰা এটা আছিল। মোৰ ভাগ্যৰ নিমিত্তে এদিন সি মোৰ ওচৰত ঠাই অধিকাৰ কৰি বহিলহি। মোৰ অমত আৰু আপত্তি অগ্ৰাহ্য কৰি, সি মোৰে সৈতে “পাঞ্জা লড়িবলৈ” অভিলাষ কৰি মোৰ হাতটো ধৰি টনা-আজোৰা লগাই দিলে। “পাঞ্জা যুদ্ধৰ” এই উদ্যোগ পৰ্বটো [ ৪৭ ] পৰিল হেডমাষ্টৰৰ চকুত আৰু যাওঁ কলৈ? প্ৰচণ্ড "You! You!” নিনাদে স্কুলঘৰ কঁ‌পাই দি ততালিকে যুদ্ধ স্থগিত কৰি পেলালে। উভতি চাওঁ যে হেডমাষ্টৰ বাবুৱে অকল মোৰ ফাললৈহে সেই “ইউ" বজ্ৰ মাৰি পঠিয়াইছে। হৰি হৰি!ঘাই দোষী মহীকান্তৰ ফালে নহয়; সি সাৰিল। মই মতলীয়া মানুহৰ দৰে থৰক্-বৰক্ কৰে উঠি গৈ, ততালিকে হাতৰ তলুৱা পাতি দিলোঁ; আৰু তেখেতে তাত বেতৰ দুটি কোব বহুৱাই দি মোক আপ্যায়িত কৰি বিদায় দিলে। এনে অযথা বিচাৰ বা অবিচাৰ দেখি মনত ধিক্কাৰ লাগি, ক্লাছলৈ আহি, হিতোপদেশৰ এই শ্লোকটো মোৰ ছিলেট্খনত লেখিলো— "ন স্থাতব্যং ন গন্তব্যং দুৰ্জনেন সমং ক্কচিৎ।” দুৰ্জনৰ লগত থাকিলে বা গ'লে, গছৰ ডালত কাউৰীৰ লগত বহা হাঁ‌হটোৰ দশা ঘটে।

 শ্ৰীনাথ বাবুৰ এটা পুতেক আছিল, তাৰ নাম অতুল। সি হেডমাষ্টৰৰ পুতেক, এই বাবেই observed of all observes অৰ্থাৎ গোটেই স্কুলৰ সসভ্ৰম আৰু কুতুহলী চকুৰ বিষয় হৈছিল। অতুলেৰে সৈতে যি ছাতৰ বন্ধুতাৰ ডোলেৰে বান্ধ খাব পাৰিছিল। বা অতুলে যাৰে সৈতে হাঁহি মাতি কথা কৈছিল, সেই ছাতৰৰ ভাগ্যক আনবোৰ হাতৰে ঈৰ্ষাৰ লোলুপ দৃষ্টিৰে চাইছিল।

 দুইমান বজাত হেডমাষ্টৰৰ ঘৰৰপৰা হেডমাষ্টৰ আৰু পুতেক অতুললৈ জলপান আহিছিল। হেডমাষ্টৰে পুতেকেৰে সৈতে স্কুলঘৰৰপৰা ওলাই গৈ বাহিৰৰ পিৰালিত থিয় দি সেই জলযোগ সমাপন কৰিছিল। সেই বয়সতে মই ভাবি নাপাইছিলো, কিয় হেডমাষ্টৰ বাবুৱে স্কুলঘৰৰ ভিতৰতে, তেওঁৰ অফিচৰ এচুকত এখন আঁ‌ৰ-কাপোৰ বা আন ৰকমৰ আঁ‌ৰ দি লৈ সেই ভোজৰ ব্যৱহাৰৰ ব্যৱস্থা কৰি নলৈছিল? এই প্ৰশ্ন মোৰ মনতে উঠি অনেক দিনলৈকে থাকি, “উত্থায় হৃদি লীয়ন্তে” হৈছিল।"

 শ্ৰীনাথ বাবুৰ তলত মোৰ পঢ়া নঘটিল। কাৰণ মই প্ৰথম শ্ৰেণী পোৱাৰ আগতে শিৱসাগৰতে তেওঁ তেওঁৰ বিপুল বপুটি পেলাই থৈ পলাল। মই পঢ়িবলৈ পাইছিলোঁ অসমৰ সুপ্ৰসিদ্ধ চন্দ্ৰমোহন গোস্বামী হেডমাষ্টৰৰ তলত। সকলো বিষয়তে এনে প্ৰগাঢ় পণ্ডিত চন্দ্ৰমোহন গোস্বামীৰ নিচিনা কোনো লোকে অসমত হেডমাষ্টৰী কৰা নাছিল। চন্দ্ৰত কলঙ্কৰ দৰে চন্দ্ৰমোহনৰ এটি কলঙ্ক আছিল, যে অতিৰিক্ত মদ্য পান। আচল চন্দ্ৰৰ দৰে চন্দ্ৰমোহনো মাহেকত দুই পক্ষ আছিল। তেওঁ মদ খাবলৈ আৰম্ভ কৰিলে ১৫ দিনমান একেৰাহে চলিছিল আৰু, তাৰ পিছত ১৫ দিনমান একেবাৰেই শুকান বাৰে খৰ। তেওঁৰ নিৰামহীয়া কালডোখৰক মই শুক্লপক্ষ বুলিছিলোঁ আৰু, সিডোখৰক কৃষ্ণপক্ষ বুলিছিলোঁ। বেজাৰৰ কথা এইটোহে যে, এই কৃষ্ণপক্ষতো তেওঁ একো একোদিন স্কুলত ভটং কৰে উদয় হৈছিলহি আৰু ছাতৰবোৰে তেওঁৰ স্ফূৰ্তিৰ গঢ়-গতি দেখি আমোদ উপভোগ কৰিছিল। এদিন মনত আছে তেওঁ তেওঁৰ কৃষ্ণপক্ষৰ ভিতৰতে ঘপহ্ কৰে স্কুলত ওলালহি; লগতে বঙ্গলা স্কুলৰ হেডপণ্ডিত বাবু প্ৰাণকৃষ্ণ কৰ। প্ৰাণকৃষ্ণ বাবু, নিশ্চয় চন্দ্ৰমোহন বাবুৰ তদাৰক আৰু চম্ভালক হৈ আহিছিল। কিন্তু আচৰিত কথা যে গোস্বামী ভাঙৰীয়াৰ পট্লুঙৰ ভিতৰত থকা চুৰিয়াৰ পোন্ধটো যে পট্লুঙৰ [ ৪৮ ] ওপৰেদি ওলাই ওলমি আছিল, সেইটো গোস্বামী ডাঙৰীয়াৰ চম্ভালক কৰ বাবৰ প্ৰফুল্লিত নয়ননিকৰত নপৰিছিল, পৰাহেঁতেন তেওঁ সেইটোকো সেইদৰে নিৰাশ্ৰয় কৰি নেৰি গোস্বামী ডাঙৰীয়াৰ পট্‌লুঙৰ ভিতৰতে ৰক্ষা কৰিবৰ এটা দিহা কৰি দিলেহেঁতেন। গোসাঁয়ে প্ৰথম শ্ৰেণীৰপৰা আৰম্ভ কৰি ষষ্ঠ শ্ৰেণীলৈকে পৰিভ্ৰমণ কৰি ছাতৰক কিতাপৰ পাঠৰ প্ৰশ্ন সুধি ফুৰিছে আৰু প্ৰাণকৃষ্ণ বাবু লগে লগে ছাঁৰ দৰে ফুৰি সেই প্ৰশ্ন দোহাৰি (repeat) কৰি ল'ৰাক বুজাই দিছে; অথচ এই গোটেইডোখৰকালত বিদ্ৰোহী, জাতীয় (natural) চুৰিয়াৰ পোন্ধৰ অগ্ৰভাগে পতাকাৰ ৰূপ ধৰি বিৰাট বৃটিছ গৱৰ্ণমেণ্টৰ স্কুলৰ বিজাতীয় “ইউনিয়ন জেক্” পতাকাৰ “ম্পিৰিট” বা আত্মক অগ্ৰাহ্য আৰু সম্ভৱতঃ অমান্য কৰি উত্ৰাৱলভাৱে উৰি ফুৰিছিল, কিন্তু তাৰ ফালে কৰ বাৰ চকু নাই। দৃশ্যটো দেখি, গোটেইটো স্কুল ছাতৰৰ suppressed হাঁহিৰ অৰ্থাৎ হেঁচা মাৰি ধৰি থকা হাঁহিৰ হেঁচাত অধীৰ। যি হওক, ইয়াৰ পিছত স্কুলৰ ছেকেণ্ড মাষ্টৰ আৰু মোৰ সহপাঠী প্ৰথম শ্ৰেণীৰ ছাত্ৰ গোস্বামী ডাঙৰীয়াৰ পুতেকে গোস্বামীক ঘৰলৈ লৈ গৈ সেই দৃশ্য পট পৰিবৰ্তন কৰি দিলে।

 বিদ্যাৰ গৌৰৱত চন্দ্ৰমোহন গোস্বামী পূৰ্ণিমাব জোন যেন আছিল। তেওঁ আমাৰ অশেষ ভক্তি-শ্ৰদ্ধা আকৰ্ষণ কৰিছিল। কলেজত শিক্ষা শেষ কৰি সংসাৰত সোমাই বিষয়ী হৈও যেতিয়াই অসমলৈ গৈছো বা যেতিয়াই কলিকতাত গোস্বামী ডাঙৰীয়াৰে সৈতে মোৰ দেখা হৈছে, তেতিয়াই তেওঁৰ ওচৰত মোৰ ভক্তিপণ মূৰ দোঁ খাইছে। তেওঁৰো পুৰণি ছাত্ৰ মোৰ প্ৰতি সদায় অশেষ স্নেহ থকাটোৰ নিদৰ্শন পাইছিলোঁ। “জোনাকী” আৰু “বাঁহী”ত ওলোৱা মোৰ প্ৰবন্ধবোৰ তেওঁ পঢ়ি আমোদ পাইছিল আৰু সেইবোৰৰ বিষযে মোৰে সৈতে দেখা হলে, মোৰ আগত মতামত প্ৰকাশ কৰিছিল। মোৰ বিয়াৰ কিছুমানদিনৰ পিছত তেওঁৰে সৈতে এবাৰ কলিকতাত মোৰ দেখা হৈছিল। তেওঁ in a fatherly way অৰ্থাৎ বাপেকে পুতেকক উপদেশ দিব দৰে মোক কৈছিল- “ঠাকুৰবাড়ীত তুমি বিয়া কৰাই ভাল কৰিছা। মই বৰ সন্তোষ পাইছোঁ। তেওঁলোকৰ পৰিয়াল বঙ্গদেশত বৰ aristocratic (সম্ভ্ৰান্ত)। কিন্তু সেইবুলি তুমি তেওঁলোকৰ আগত এচুলমানো হীনতা অনুভৱ আৰু প্ৰকাশ নকৰিবা; কাৰণ এইটো মনত ৰাখিবা যে তেওঁলোকৰ দেশত তেওঁলোক বংশগৌৰৱত যেনেকৈ ডাঙৰ, তোমাৰ দেশতো তুমি তেনেকুৱা।” মই অশ্ৰুগদ্‌গদ্, লোচনেৰে মূৰ দোঁৱাই তেওঁৰ কথাৰ মৰ্য্যাদানুভৱ কৰি appreciation জনালোঁ।

[ ৪৯ ]

পঞ্চম আধ্যা

 শিৱসাগৰলৈ আহি মই শ্ৰীযুত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়াক ( Mr. G. G. Phookan) দেখোঁ। তেওঁ তেতিয়া শিৱসাগৰত একষ্ট্ৰা এছিষ্টেণ্ট কমিশ্যনৰ। শিৱসাগৰ বৰপুখুৰীৰ পাৰৰ বঙ্গলা এটাত তেওঁৰ থকা ঠাই আছিল। ফুকনৰ ঘৰৰ সৈতে আমাৰ ঘৰৰ বন্ধুতাৰ ঘনিষ্ঠতা আৰু কুটুম্বিতা আছিল। মোৰ পিতৃদেৱতাৰ নাতিযেক ৺পূণানন্দ ছোট চাহাবৰ ভায়েক ফুকনৰ বাইদেৱেকৰ স্বামী আছিল। ইয়াৰ উপৰি আমাৰ বৰ ককাইদেউ ৺ব্ৰজনাথ বেজবৰুৱাৰে সৈতে ফুকনে সখি পতাইছিল, দুয়ো দুইকো ইংৰাজীত “নন্” (Nun) বলি মতা শুনিছিলোঁ। ফুকন ডাঙৰীয়াৰ চলা-ফুৰা থকা-মেলাৰ গঢ় য়ৰোপীয়ৰ নিচিনা আছিল, কিন্তু সেইবুলি যে সকলো বিষযতে তেওঁ য়ুৰোপীয় আৰ্হি লৈ চলিছিল, এনে নহয়। প্ৰায় দেখা যায় যে য়ুৰোপীয় সকলৰ ভিতৰত মদ্যপান প্ৰচলিত। হিন্দুৰ চকুত প্ৰধান দোষ ‘পান-দোষ’ৰ তেওঁ বহিৰ্ভুত আছিল। এদিনলৈকে আমি তেওঁক চেলেউ এটা খোৱা বা আন প্ৰকাৰে ধপাত খোৱা, আনকি তামোল এখনকে খোৱা নেদেখিছিলোঁ। ফুকন ডাঙবীযাব গৌৰবৰ্ণ, সুগঠিত অঙ্গ-প্ৰত্যঙ্গ, সুদীৰ্ঘ সুঠাম আকৃতি আৰু ধীৰ গম্ভীৰ প্ৰকৃতিয়ে মোৰ মনত তেতিয়া এটি চিৰকলীয়া চাব মাৰিছিল। তেওঁ দেখিবলৈ যেনে সভা-শুৱনি পুৰুষ, কথা-বাৰ্তা আৰু বুদ্ধিতো তেনে প্ৰখৰ। বাস্তৱিকতে ফুকন ডাঙৰীযা হেজাৰৰ ভিতৰত জিলিকা মানুহ। অসমীয়াৰ ভিতৰত ফুকনেই প্ৰথমতে নিজৰ সহধৰ্মিনীক পাশ্চাত্য উচ্চ শিক্ষাত শিক্ষিত কৰিবৰ নিমিত্তে কলিকতালৈ পঠাইছিল। কিছুদিনৰ পিছত ফুকন শিৱসাগৰৰ পৰা গোলাঘাটলৈ বদলি হয় আৰু বোধকৰো তাতে তেওঁ গৱৰ্ণমেণ্টৰ চাকৰি এৰি আকৌ শিৱসাগৰলৈ উভতি আহি, “ফুকন-নগৰ” নামৰ ঠাইত বাস কৰিবলৈ ধৰে। গৱৰ্ণমেণ্টৰ চাকৰি পৰিত্যাগ কৰাৰ পিছত তেওঁ ৰাজনৈতিক আন্দোলন আৰু স্বাধীন ব্যৱসায়ত লাগে। ঈশ্বৰৰ কৃপাত ফুকন ডাঙৰীয়া আজিও জীয়াই থাকি শিৱসাগৰৰ মুখ পোহৰাই আছে। তেওঁৰ নিৰ্মল চৰিত্ৰ মিতাচাৰেই ( abstemious habit) এই দীৰ্ঘ জীৱনৰ গুৰি বুলি মোৰ মনত হয়। তেওঁৰ উদ্যম শক্তি (energy) ইমান বেছি যে, যোৱা বাছনিত তেওঁ অসমৰ আইন সভাৰ সভ্য হবলৈ আগবাঢ়িছিল। গোটেই অসমৰ আৰু ঘাইকৈ শিৱসাগৰ মঙ্গলৰ অৰ্থে সকলো কাৰ্যতে ফুকন ডাঙৰীয়া সদায় অগ্ৰণী।

 মোৰ পিতৃদেৱতাৰ দুজন ভাৰ্য্যা আছিল। মোৰ মাতৃদেৱী সৰু-জনা ভাৰ্য্যা। মাতৃদেৱীৰ বিষয় পিতৃদেৱতাই তেওঁৰ ৰচিত “বেজবৰুৱা বংশাৱলীত” লেখিছে-

“দ্বিতীয় বিবাহ মোৰ দিবো পৰিচয়॥
অনন্ত কন্দলি ঘৰে যাৰ জন্ম ভৈল।
তনু বৰপূজাৰী তাহাৰ নাম ৰৈল॥
পৰম বিশিষ্ট বিপ্ৰ গুণে অতিশয়।
তাৰ সুতা ঠানশ্বৰী বিবাহিলোঁ মই॥”

[ ৫০ ]

 আমাৰ দুইজনা আইৰ ভিতৰত অতি মধুৰ ব্যৱহাৰ আছিল। বৰজনাই সৰুজনাক নিজৰ ভনীয়েকৰ নিচিনা যেন দেখিছিল আৰু সৰু জনাইও বৰজনাক আপোনাৰ বায়েকৰ নিচিনাকৈ সেৱা-ভক্তি কৰিছিল। সতিনীৰ আঁহত ওপজা স্বাভাৱিক হিংসা-দ্বেষ দুজনাৰ ভিতৰত কেতিয়াও দেখা মোৰ মনত নপৰে। মই শিৱসাগৰলৈ অহাৰপৰা বাস্তৱিকতে মোক মোৰ নিজৰ আইতকৈ বৰজনা আয়েহে বেছি যতনেৰে তুলিছিল। সৰু ডোখৰত মই তেওঁৰ লগত খাইছিলোঁ, তেওঁৰ লগত শুইছিলোঁ আৰু তেওঁৰ অনুষ্ঠিত সকলো পূৰ্ণকাৰ্যত উৎসাহেৰে যোগদান কৰিছিলোঁ। মাঘমহীয়া গোটেইটো মাহত মই দোকমোকালিতে উঠি তেওঁৰ সৈতে দিখৌত প্ৰাতঃস্নান কৰিবলৈ গৈছিলোঁ, কাতিমহীয়া তুলসীৰ ভেটি মচি তুলসীৰ তলত চাকি আৰু ‘আকাশ-বাতি’ দিছিলোঁ।

 আমাৰ ঘৰত ৰাতি অনেক পলমকৈ ভাত খোৱা দস্তুৰ আছিল। আমি সৰুবোৰে এঘুমটি দিয়াৰ পিছতহে আমাক ভাত খাবলৈ জগাই তুলি অনা হৈছিল। এদিন মোৰ আয়ে মোক তুলি আনি ভাতৰ পাতত বহুৱাই দিলে; কিন্তু তেতিয়ালৈকে মোৰ চকু মেল খোৱা নাছিল। আয়ে “খা” “খা” কৈ মোক কৈ আছে, মই ভাতৰ কাঁহীৰ ওপৰত বঢ়িয়াকৈ চেঙেলি টোপাই আছোঁ। তেওঁৰ আমনি লাগি উঠিল খং। মোৰ গলধনটোত ধৰি তেওঁ মোক ভাতৰ পাতত হেঁচা মাৰি ধৰিলে। ওচৰতে এচৰিয়া পানীৰে সৈতে এটা মুখ-ধোৱা চৰিয়া আছিল, হেঁচাত মই ভাতৰ কাঁহীত নপৰি, পৰিলোঁ মুখ- জোবোৰা খাই চৰিয়াৰ পানীত—পুহমহীয়া জাৰৰ ৰাতি। মোৰ দুৰ্দশা দেখি বৰজনা আই লৰি আহি মোৰ আইক তেনে কাৰ্যৰ বাবে নথৈ ককৰ্থনা কৰি মোক আতৌ-পুতৌ কৰি নি তপত পানীৰে ভালকৈ গা-পা ধুৱাই গা মচি দি, চুৰিয়া পিন্ধাই আনি তেওঁৰ লগত ভাত খাবলৈ বহুৱালে; আৰু মোৰ আইক টান হুকুম দিলে-সেইদিনাৰপৰা যেন তেওঁ মোক ভাত খাবলৈ তুলি নানে; বৰ আয়ে নিজে বা তেওঁৰ দুজনী বোৱাৰীয়েকৰ এজনীয়েহে আনিব।

 বৰ ককাইদেও ৺ব্ৰজনাথ আৰু মাজু ককাইদেউ জগন্নাথ, এই দুজনৰ ঘৈণীয়েক দুজনাই মাথোন তেতিয়া আমাৰ ঘৰত বোৱাৰী। দুয়ো আকৃতিত যেনে শুৱনী প্ৰকৃতিতো তেনে আছিল। দুয়ো মোক নথৈ মৰম কৰিছিল; ময়ো তেওঁলোকক নথৈ ভাল পাইছিলো। বৰ-বৌৰ পিতা জোক্ তলীৰ মৌজাদাৰ আছিল। শৰাধ-বিধি বা আন কাম-কাজৰ সময়ত তেওঁ বাপেকৰ ঘৰলৈ গলে আমাকো পিছত মাতি লৈ গৈ এনে আদৰ-সাদৰকৈ খুৱাই-বুৱাই পঠিয়াইছিল যে সেই সুমধুৰ স্মৃতি এই জীৱন-স্মৃতি লেখকৰ স্মৃতিৰ ভিতৰত স্থায়ী হৈ আছে। বৰবৌ সৰবৌতকৈ বয়সত অনেক সৰু, আছিল, কাৰণ তেওঁ বৰ ককাইদেওৰ প্ৰথমা স্ত্ৰী-বিয়োগৰ পাছত বিয়া কৰোৱা দ্বিতীয়া স্ত্ৰী। সেইদেখি বৰবৌৱে সৰুবৌক নিজৰ জা-সম্পৰ্কতকৈও বায়েক সম্পৰ্কৰ চকুৰে দেখি সম্মান কৰিছিল। মুঠতে দুয়োজনী জাকৰ ভিতৰত মিলা-প্ৰীতিৰ দৃশ্যে অতি মনোৰম আছিল; দুয়ো অলপ অসমীয়া লেখা-পঢ়া জানিছিল। সৰুবৌৱে কাশীৰাম দাসৰ বঙ্গলা ছপা মহাভাৰতৰ কোনো এটা সৰু পৰ্ব পঢ়িব পাৰিছিল; কিন্তু লেখিব [ ৫১ ] নাজানিছিল বা অইন কিতাপো পঢ়িব নাজানিছিল। কোনো বিশেষ পৰ্ব বোলাৰ মানে আছে। তেওঁ আনৰ ওচৰত শুনিয়েই হওক বা শিকিয়েই হওক, সেই পৰ্বতো তেওঁৰ একৰকম মুখস্থ হৈ পৰিছিল; সেইদেখি তাৰ প্ৰত্যেক শাৰীৰ প্ৰথম শাৰীৰ প্ৰথম দুটা- এটা আখৰ দেখিলেই বাকীডোখৰ তেওঁ আখৰৰফালে ভালকৈ নোচোৱাকৈয়ে মাতিব পাৰিছিল; আৰু সেই পৰ্বৰ বাজ হৈ পৰিলেই তেওঁৰ বিদ্যাৰ ওৰ পৰিছিল। বৰবৌৱে চিঠি লিখিব পাৰিছিল। মোৰ মনত আছে-বৰ ককাইদেউ ডিবুৰু বা গুৱাহাটীৰ নিচিনা ঠাইলৈ গ'লে বৰবৌৱে অতি সংগোপনে তেওঁলৈ চিঠি লিখিছিল; কাৰণ তিৰোতাই আৰু ঘাইকৈ ঘৰৰ বোৱাৰী-জীয়ৰীয়ে চিঠি লেখাটো (নিজৰ স্বামী হলেও) সেই সময়ত অকৰণীয় অকাৰ্যৰ ভিতৰুৱা বুলি বিবেচিত হৈছিল। সেইদেখি বৰবৌৱে অতি সংগোপনে তেওঁৰ চিঠি লেখি তাক মোৰ হতুৱাই শুধৰাই চলিব পৰা কৰি, মোৰ হতুৱাযেই অতি গুপুতভাৱে ডাকত দিয়াইছিল। তেতিযা মোৰ বিদ্যাই বা কিমান, বুদ্ধিয়েই বা কিমান। তথাপি বৰবৌৱে মোক বৰটো পাতি বিদ্যাৱন্ত ভাবি নিজৰ চিঠি কটাই-কুটাই নিৰ্দোষ কৰি লোৱা বাবে মই নিজক গৌৰৱাম্বিত বিবেচনা কৰিছিলোঁ। কিন্তু প্ৰকৃততে মোক বিদ্যাৰ বৰপুখুৰী ভবাতকৈ আন এটা কাৰণতহে বৰবৌৱে তেনে কৰিছিল। মযেই ঘৰত সৰু ল’ৰা; মোৰ বাহিৰে মোতকৈ জনা শুনা ডাঙৰ এজনৰ হাতত তেওঁৰ সেই প্ৰেম-পত্ৰ সঁপি দিয়াটো তেওঁৰ পক্ষে অসম্ভৱ আছিল। বুদ্ধিৰ ঢেঁকী-ঠোৰা মই কিন্তু তেওঁৰ প্ৰথমখন চিঠি ডাকত দিওঁতেই লগালোঁ জেঙা। চিঠিখন চেলেঙৰ তলত ভৰাই লৈ মই ডাকঘৰ পালোঁগৈ; কিন্তু ক’ত চিঠিখন পেলাব লাগে নাজানি, ডাকঘৰৰ সন্মুখতে পৰি থকা ভগা পেৰা এটাৰ ভিতৰত দিলোঁ সুমাই। ওচৰতে এটা মানুহ আছিল, সি ক'লে, “সেইখন চিঠি ডাকত দিবলৈ আনি তাত সুমাই। দিলা কিয়? ডাকত এইপিনে ইয়াতহে দিব লাগে।” মোৰ ভুল বুজিব পাৰি মোৰ মুখ শুকাই গ'ল। সেই ভগা পেৰাটোৰ যি সুৰঙাইদি চিঠিখন সুমাই দিছিলোঁ সেই সুৰুঙাত হাত নোসোমায়। মই মোৰ বিপদৰ কথা “পোষ্ট-মাষ্টৰ” বাবুক ক’লত, তেওঁ মোৰ মুখৰফালে অলপমান চাই থাকি দয়াপৰবশ হৈ উঠি আহি বাকচটোৰ ভগাডোখৰ আৰু ভাঙি বহলাই লৈ চিঠিখন উলিয়াই আনি, মোৰ হাতত দি ক’ত দিব লাগে দেখুৱাই দিলত, মই তাতে দি নিশ্চিন্ত মনেৰে ঘৰলৈ উভতি আহিলোঁ। মই শিৱসাগৰত থাকোঁতেই এইজনা বৌৰ মৃত্যু হ’ল। তেওঁ এটি ল’ৰা থৈ গৈছিল, সিও এঘাৰ কি বাৰ বছৰ বয়সত ঢুকাল।

 সিংদুৱাৰ নামেৰে এখন নিষ্কৰ “গ্ৰাণ্ট” দেউতাই লৈছিল। অসম ৰজাৰ ৰাজধানীৰ গড়ৰ সেইখিনিতে সিংহদুৱাৰ আছিল দেখি তাক সিংদুৱাৰ বুলিছিল। তাত বাঁহ- কাঠ অপৰ্য্যাপ্ত;কিন্তু তাৰ মাটি চাহ-খেতিৰ নিমিত্তে উপযোগী নহয়। বৰ ককাইদেৱে তাতে চাহখেতি কৰি তাক চাহ-বাগিচাত পৰিণত কৰিবলৈ বিচাৰিছিল আৰু কৃতকাৰ্য্যও হৈছিল। তেওঁ প্ৰায় দিনৌ দুপৰীয়া ঘৰৰপৰা খোজকাঢ়ি বাগিচালৈ গৈছিল আৰু গধুলি সেইদৰে খোজকাঢ়ি আহিছিল। ঘৰৰপৰা বাগিচা প্ৰায় তিনি [ ৫২ ] মাইলমান দূৰত, তেওঁ উভতি আহোঁতে ডাঙৰীয়া শ্ৰীযুত গঙ্গাগোবিন্দ ফুকনৰ ঘৰত সোমাই মেল পাতি অহাটো তেওঁৰ নিত্যকৰ্মৰ নিচিনা হৈছিল। ফলত, সেইদেখি দিনৌ ঘৰ পাওঁতে ৰাতি দুপৰ হৈছিল। তেওঁ নহালৈকে তেওঁৰ ঘৈণীয়েক, বোৱাৰীয়েক আৰু আই দুজনে ভাত নাখাই তেওঁলৈ খাপ লৈ বহি থকা দৃশ্যটো অতি কষ্টকৰ হৈ পৰিছিল। দেউতাই আৰু আইসকলে তেওঁক কৈ কৈ নিজৰ কষ্ট জনাযো তেওঁৰ এই বেয়া অভ্যাসটো এৰুৱাব নোৱাৰিছিল।

 দেউতাই ঘোঁৰাত উঠিবলৈ বৰ ভাল পাইছিল। সদায় দেউতাৰ ঘোঁৰা শালত তুটীয়া ঘোঁৰা এটা বন্ধা থাকিছিল। বাস্তৱিকতে দেউতা এজন পকা ‘ঘোৰ-চোৱাৰ' আছিল। ঘোঁৰাত উঠি দেউতাইও দুদিন এদিনৰ অন্তৰত সিংদুৱাৰ বাগিচালৈ কাম চাবলৈ গৈছিল। এদিন তেওঁ বাটতে ঘোঁৰাৰপৰা পৰি তেওঁৰ ভৰি এটা ভগাৰ নিচিনা হ’ল। সেইদিনাৰপৰা সকলোৱে কৈ মেলি তেওঁক এই বুঢ়া বয়সত ঘোঁৰাত উঠা এৰুৱালে। দেউতাৰ পুৰণি ধৰণৰ ডাঙব বাগী এখনো আছিল , কিন্তু সি সদায় অব্যৱহাৰ্য্য অৱস্থাত পৰি আছিল। সেই বাগীৰ এটা ইতিহাস এইখিনিতে কওঁ। দেউতা তেজপুৰত মুঞ্চেফ হৈ থাকোঁতে এদিন ৺ৰামদয়াল নামেৰে এজন অসমীযা ডাক্তৰে দেউতাৰ ঘোঁৰা গাড়ী খুজি লৈ “হাৱা খাবলৈ" গৈ গাড়ী ঘোঁৰা একেবাৰেই ব্ৰহ্মপুত্ৰত পেলাই দিলে। ঘোঁৰাটো মৰিল, ডাক্তৰে পানীত পৰাৰ আগতে জাপ মাৰি ভৰিৰ এবকলা ছাল গাড়ীতে থৈ কোনোমতে ৰক্ষা পৰিল। গাড়ীখন খৰালি ব্ৰহ্মপুত্ৰৰ বালি খানিহে উলিয়াই অনা হৈছিল। তেতিয়াৰে পৰা সেই গাড়ীখন আৰু 'মেৰামত' হোৱা নাছিল।�

 পিতৃদেৱতাৰ চাৰিজনী জীযেক। সৰুজনী জীযেক স্বামীৰ ঘৰলৈ যোৱাৰ আগতে বিধৱা হৈ আমাৰ ঘৰতে আছিল। মাজুজনা এটি ল’ৰাৰ মাক হোৱাৰ পিছত বিধৱা হয়। জোঁৱাই বিষয়ত যে দেউতাৰ ভাগ্য ভাল আছিল, এনে মনে নধৰে। জীয়াই থকা দুজনৰপৰাও যে দেউতাই অনাবিল সুখ ভোগ কৰিছিল, এনে বুলিব নোৱাৰোঁ। জীয়ৰীক জোঁৱায়েকৰ ঘৰলৈ উলিয়াই দিবৰ দিনৰেপৰা জীয়ৰীয়ে বাপেকৰ ঘৰত ভাত বা সান্দহ-চিৰা-পিঠা খোৱা বন্ধ; কাৰণ জোঁৱায়েকহঁতৰ ভয়, পাছে তেওঁলোকে বিয়া কৰাই শুচি কৰি লোৱা নিজৰ সহধৰ্মিণীয়ে বাপেক-মাকৰ ঘৰত পকা জলপান বা ভাত ভোজন কৰি আকৌ স্বকীয দেহা অশুচি কৰি তেওঁলোককো টানি আনি পাতকৰ পাট- নাদত পেলাই দিয়ে। এনে দস্তুৰ অকল আমাৰ ঘৰতেহে আমাৰ ঘৰৰ জোঁৱাইসকলে চলাইছিল, এনে বুলি ভাবিলে ভুল কৰা হ’ব; অসমত ঘাইকৈ উজনি অসমত এনে কুলক্ষণীয়া প্ৰথা প্ৰায়বোৰ ভদ্ৰলোকৰ ঘৰত প্ৰচলিত আছিল। ক'ৰপৰা এনে বৰ্বৰতা অসমত সোমাইছিলহি কব নোৱাৰোঁ। আশাকৰোঁ আজিকালি শিক্ষিত অসমীয়াসকলে এই বৰ্বৰতাৰ খৰ্বতাৰ খৰ্বতা সাধন কৰি, তাক খেদি নি দেশৰপৰা উলিয়াই দি হাদিৰা-চকিত এৰে।

 মোৰ তৃতীয়জন ককাইদেও গোলাঘাটৰ গুড়যোগনীয়া মৌজাৰ মৌজাদাৰ আছিল। [ ৫৩ ] এইখিনিতে কোৱা যাওক যে সেইকালত ওকালতি কৰা ব্যৱসায়টো বৰ সম্মানজনক বিবেচিত নহৈছিল। তেতিয়া উকীল হবলৈ ‘প্লিডৰম্বিপ্‌’বা বি-এল পৰীক্ষা “পাছ” কৰিবলগীয়া হোৱা নাছিল। হাকিমে কাকো উকীল হবলৈ হকুম দি কাছাৰীৰ কিতাপত নাম লেখাই দিলেই তেওঁ উকীল হৈ ওকালতি কৰিব পাৰিছিল। এইদৰে। নাম লেখাই দি দেউতাই কত লোকক উকীল পাতি দিলে, কিন্তু সেই ব্যৱসায় নিজৰ পুতেকৰ অনুপযুক্ত বুলি ভাবি এটি পুতেককো উকীল নকৰিলে। তেওঁৰ পুতেক- সকলৰ ভিতৰত সেইদেখি কোনো কেৰাণী, কোনো স্কুল-মাষ্টৰ আৰু কোনো মৌজাদাৰ।

 গোলাঘাটৰ ফালৰে ন গোসাঁইৰ ঘৰত তৃতীয়জন ককাইদেউৰ বিয়াৰ সম্বন্ধ ঠিক হয়। মাঘমহীয়া আমি ঘৰে-ঘৰোৱাহে সেই বিয়ালৈ যাবলৈ উদ্যোগ কৰিছোঁহক, এনেতে মেঘ-দেৱতা বাম হ’ল। এজাক বৰষুণ হ’ল। সেই বৰষুণ হেনো অকাল- বৃষ্টি , গতিকে অমঙ্গলীয়া। বিয়াৰ দিন সেইবাবে হোহকি গ’ল। অকাল-বৃষ্টিৰ দুদিনৰ দোষ এৰাই হোঁহকা দিনত আমি নাৱেৰে গৈ বিয়াৰ কাৰ্যক্ষেত্ৰত উপস্থিত হলোহ’ক। শিৱসাগৰৰপৰা যাত্ৰা কৰিবৰ আগতে আমাৰ বৰজনা আইৰ বৰ ইচ্ছা হ’ল যে তেওঁৰ জীয়েকৰ বৰপুতেকক (১৩/১৪ বছৰীয়া ল’ৰা) বিয়ালৈ লগত লৈ যায়। তেওঁৰ ইচ্ছাৰ কথা জোঁৱায়েকলৈ কৈ পঠিয়ালত জোঁৱায়েকে পিতৃদেৱতালৈ চিঠি লেখিলে যে তেওঁৰ পুতেকক বিয়ালৈ যাবলৈ দিব পাৰে, যদি তাক ককাক-বুঢ়ীমাকৰ ঘৰত প্ৰস্তুত 'সিদ্ধান্ন’-'পাকান্ন’ নুখুৱায বুলি দেউতাই অঙ্গীকাৰ-পত্ৰ লেখি দিয়ে। জোঁৱায়েকৰ এই অদ্ভুত চিঠিৰ কথা শুনি ববজনা আই খঙত ঘৃতাহুতি হ’ল আৰ, দেউতাই চিঠিৰ উত্তৰ নিদি মনে মনে থাকিল। দৈৱ-দুৰ্বিপাকত আকৌ এজাক অকাল বৃষ্টি-হৈ আকৌ বিয়াৰ প্ৰতিবন্ধকতা জন্মালে। তাতে কিছুদিন থাকি আকৌ বিয়া হোঁহোকাই দুৰ্বিপাকৰ দোষৰ হাত এৰাই সেই বিয়া সম্পাদন কৰি ঘৰলৈ প্ৰত্যাৱৰ্তন কৰা হ’ল। ওপৰত উল্লেখ কৰা প্ৰতিবন্ধকতাই নিশ্চয় ভবিষ্যতৰ সঙ্কেত দিছিল। বিয়াৰ কিছুদিনৰ পিছতে সেই ককাইদেউজন কাহৰনৰিয়াত পৰি শিৱসাগৰলৈ আহিল। দেউতাই অশেষ চেষ্টা আৰু পৰিশ্ৰম কৰি অনেক নতুন নতুন ঔষধ পুথি চাই উলিয়াই নিজে কৰি খুৱাই চিকিৎসা কৰিও পুতেকক ৰক্ষা কৰিব নোৱাৰিলে। তেওঁৰ ঘৈণীয়েকো স্বামীব মুখ নেদেখাকৈ বাঁৰী হ’ল। বিয়াৰ দিনা কন্যাৰ ককায়েক নে কি কব নোৱাৰোঁ--ন গোসাঁই প্ৰভুৰ প্ৰতিমূৰ্ত্তিটো আৰু, তেওঁৰ ব্যৱহাৰ অতিকৈ চকুত পৰা হৈছিল। বিয়াৰ সভাত তেওঁ এটা কাঠৰ মূঢ়াৰ দৰে বহি আছিল; আৰু পাছে, আমাৰ নিচিনা সাধাৰণ মানুহেৰে সৈতে কথা-বাৰ্তা পাতি আমাক (হলোঁৱেই বা দৰাঘৰীয়া) আদৰ-অভ্যৰ্থনা কৰিলে, কেনেবাকৈ তেওঁলোকৰ গোসাঁই প্ৰভুৱা দীঘল ভেমটোৰ চুটি এডোখৰ হৈ পৰিব—এই ভয়তে তেওঁ সশঙ্কিত হৈ আছিল। এওঁলোকতো পুৰণি সজ্ঞৰ দাবী কৰিব পৰা ন গোসাঁয়েই। অসমত ফেঁচামৰীয়া গোসাঁইৰেপৰা আৰম্ভ কৰি খৰিকটীয়া গোসাঁইলৈকে গোসাঁই-নামধাৰী প্ৰাণীসকলে সাধাৰণ ভদ্ৰলোকৰ [ ৫৪ ] ঘৰলৈ ছোৱালী দিবলৈ ওলায়, অথচ বিয়াৰ সময়ত আঁকোৱালে নোপোৱা ভেমৰ খুটাত আউজি থাকি কি যে কৰে তাক কি কবা। এবাৰ মনত আছে—এজন শিৱসাগৰৰ ভদ্ৰলোকৰ বিয়াত নিমন্ত্ৰিত হৈ মই দৰাঘৰীয়াৰে সৈতে বিয়ালৈ গৈছিলো। আমি কন্যাঘৰীয়া গোসাঁইৰ পদূলিমূৰ পাওঁতেই গোসাঁইৰ ঘৰৰপৰা আদেশ আহিল যে আমি আমাৰ ভৰিৰ জোতা-মোজা সোলোকাই পদব্ৰজে গৈহে তেওঁৰ চাৰি ঢাপৰ ভিতৰ সোমাব পাৰিম। আমিও জোতা-মোজা নেসোলোকাওঁ তেওঁলোকেও নেৰে। শেষত দৰাঘৰীয়া আৰু কন্যা ঘৰীয়াৰ ভিতৰত হতাহতি হোৱাৰ উপক্ৰম। অনেক কষ্টৰ আৰু অনেক কথাৰ আজোৰ-পিজোৰৰ পিছতহে এটা হেস্ত নেস্ত হৈ এই গজ-কচ্ছপীয়া যুদ্ধৰ ওৰ পৰে। ভেমেই অসমীয়াখনক থালে। অৱস্থা বুজি ব্যৱস্থা নকৰা আৰু সময়ৰ সোঁতৰ বিপৰীতে যাবৰ প্ৰয়াসেই আমাৰ গোসাঁইসকল আউজি থকা বৰখুটাবোৰ হেলেক্‌লেক্‌ কৰি পেলাইছে।

 স্বামীৰ মুখ নেদেখাকৈয়ে আমাৰ যিজনা বাইদেও বাঁৰী হৈছিল, তেওঁৰ নাম পিয়ালী। মই শিৱসাগৰলৈ অহাৰ দই-তিনি বছৰৰ পিছতে মত্যু হ’ল। তেওঁ মোৰ চকুত এটি বিষাদৰ প্ৰতিমূৰ্তি আছিল। চুকত এলাগতীয়াভাবে পৰি থকা নিৰ্জ্জু, আৰ, সুমধুৰভাষী এই প্ৰাণীটিৰ হৃদয়ত শোক আৰু নিষ্ফলতাৰ কি তুঁহ জুয়ে তেওঁক একেবাৰে পৰি ছাই কৰিছিল, তাক অন্তৰ্যামী ঈশ্বৰেহে জানিছিল। কঠোৰ নিৰ্ম্মম শাসনেৰে শাসিত হিন্দু সমাজৰ কেইজনে এই কথা দকৈ ভাবি তাৰ প্ৰতিকাৰ কৰিবলৈ অগ্ৰসৰ হয়? বঙ্গদেশৰ দয়াৰ সাগৰ বিদ্যাসাগৰৰ বাহিৰে আৰু কেইজন? পিয়ালী বাইদেউৰ মত্যুৰ চিত্ৰটো এতিয়াও মোৰ মনত আছে। যিদিনা তেওঁৰ মত্যু হব, সেইদিনা ৰাতি তিনিমান বজাত, তেওঁ গাইপতি সকলোকে নাম আৰু সম্বন্ধ ধৰি মাতি বন্দী-বেটী, লগুৱা-লিগিৰীবোৰলৈকে সকলোকে স্বকৃত দায়-দোষ এটিৰ বাবে ক্ষমা- প্ৰাৰ্থনা কৰিছিল। মই সৰু ল’ৰা, শুই আছিলোঁ। মোকো টোপনিৰপৰা জগাই তোলাই মতাই অনাই মোৰ ওচৰতো তেওঁ ক্ষমা মাগিবলৈ নেপাহৰিছিল। মই নিৰ্ব্বাক- নিষ্পন্দভাৱে তেওঁৰ কথা শুনি উচুপি উচুপি কান্দিবলৈ ধৰিলোঁ। মোৰ ভাই এটা তেতিয়া কেঁচুৱা। তাৰ নাম কাঢ়ি তেওঁ কলে-“মই তোৰে সৈতে ধেমালি কৰিবলৈ নাপালোঁ।” এই কথাৰ দহ মিনিটমানৰ পিছতে, তেওঁ ঈশ্বৰৰ নাম লৈ, মাকৰ কোলাত মুৰটি থৈ, ইহসংসাৰ পৰিত্যাগ কৰিলে। কান্দোনৰ কোঢ়ালেৰে ঘৰ ভৰি পৰিল।

 আগেয়ে কৈছো, আকৌ কওঁ যে, পিতৃদেৱতাৰ হৃদয় কুসুম-কোমল আৰু আত্মীয়- সকলৰ প্ৰতি স্নেহ-মমতাৰে ভৰা আছিল। তেওঁৰ পৰিবাৰৰ কোনো এজনে যদি কোনো কাৰণত—ৰোহ পাতিয়েই হওক বা এলাই কষিয়েই হওক, ৰাতি ভাত নোখাৱাকৈ থাকে তেন্তে তেওঁ নিজে গৈ মাতি মাতি সেইজনক ভাত খুৱাইহে এৰিছিল, নতুবা তেওঁ তেওঁৰ মনত শান্তি নাপাইলি। নিজৰ নিজৰ বংশৰ দুখীয়াই হওক বা চহকীয়েই হওক কাকো তেওঁ পালে মমতাৰ ডোলেৰে নাবান্ধি নেৰিছিল। কিন্তু [ ৫৫ ] আনপিনে তেওঁৰ নিচিনা দৃঢ়চিত্ত আৰু ধৈৰ্য্যশীল মানুহ মই আজিলৈকে দেখা নাই বুলিলে বঢ়াই কোৱা নহয়। কোনো সজ কাম তেওঁ কৰিব বুলি সঙ্কল্প কৰিলে, তেহেলৈ যি হয়, কৰিবই কৰিব। সজ কাম বুলিছোঁ এই বাবে যে কোনো কাৰ্য্য যদি কাৰো অপকাৰী হয়, সেই কথা তেওঁক বুজাই দিব পাৰিলে তৎক্ষণাৎ তেওঁ তাক পৰিত্যাগ কৰিছিল। তেওঁৰ মূৰৰ ওপৰেদি অনেক ডাঙৰ ডাঙৰ বিপদ গৈছিল; কিন্তু কেতিয়াও তেওঁক ‘nervous অৰ্থাৎ অস্থিৰ আৰু, অধৈৰ্য্যশীল হোৱা নেদেখিছিলোঁ। বিপদ যিমানেই ডাঙৰ হওক তেওঁ অচল-অটল হিমাচল। ঈশ্বৰৰ বিধানত সুদঢ় বিশ্বাস আৰু ঈশ্বৰত সম্পূৰ্ণৰূপে আত্মসমৰ্পণেই ( resignation) ইয়াৰ মূল কাৰণ। তেওঁৰ চকুত আনন্দাশ্ৰ, ভক্তি-বিগলিত প্ৰেমাশ্ৰু, মই দেখিছিলোঁ, কিন্তু ন দি কব পাৰে যে শোকাশ্ৰু কেতিয়াও দেখা নাছিলোঁ। মত্যুৰ আগতে তেওঁৰ পুতেক গোপালক বাহিৰলৈ আনি তুলসীৰ তলত থোৱা হ’ল। ঘৰে ঘৰোৱাহে কান্দি কান্দি আকুল; কিন্তু দেউতাৰ চকুত এটোপা পানী নাই; তেওঁ মত্যু শয্যাশায়ী পুতেকৰ মত্যু-মঙ্গলৰ অৰ্থে যি যি আয়োজন কৰিব লাগে, ধীৰভাৱে কৰি আছে। সেই মৃত্যুমঙ্গলৰ ব্যাঘাতৰ ভয়ত তেওঁ সকলোকে ডাবি দি নকন্দা কৰি, পুতেকৰ মুৰ-শিতানৰ ফালে বহি ধীৰ-স্থিৰ-গম্ভীৰভাৱে, উচ্চৈস্বৰে “ওঁ ৰামঃ” “ওঁ ৰামঃ”। এই মহামন্ত্ৰ সোঁৱৰাবলৈ ধৰিলে। চাৰিওফালৰ সকলো মানুহ কাঁহ-পৰি জীণ গ’ল। “সমস্ত শাস্ত্ৰৰ, সমস্ত মন্ত্ৰৰ মল বীজ” এই ‘ৰাম’ নাম তেওঁ আধা ঘণ্টাৰো বেছি সময় পুতেকক সোঁৱৰাওঁতে, সোঁৱৰাওঁতে মত্যুৰ মুখত পৰি থকা পুতেকে এবাৰ স্পষ্টকৈ “ৰাম” বুলিলে। পিতৃদেৱতাৰ মুখ আনন্দত প্ৰফুল্ল হৈ উঠিল। বেঢ়ি থকা সকলোৱে উচ্চৈস্বৰে ‘ৰাম’ নাম ধ্বনি কবিলে। ক্ষন্তেকতে মৃত্যুশয্যাশায়ীজনৰ প্ৰাণ পাৰ্থিব জড় দেহৰপৰা ওলাই চিৰানন্দ ধামলৈ গতি কৰিলে। দৰ্শকসকলৰ ভিতৰত শিৱসাগৰৰ এজন বৃদ্ধ ভদ্ৰলোক আছিল। তেওঁ আকাশলৈ চাই হাতযোৰকৈ প্ৰাৰ্থনা কৰিলে, “হে ঈশ্বৰ। ডাঙৰীয়া দীননাথ বেজবৰুৱা থাকোতেই তেওঁৰ আগতে যেন মই মৰিবলৈ পাওঁ!”

 পুতেক গোপাল আৰু জীয়েক পিয়ালীব মৃত্যুত আমাৰ বৰজনা আয়ে অন্তৰত নথৈ আঘাত পাইছিল। তেওঁ আৰু বেছিদিন নিজীলে। জীয়েকৰ ছমহীয়া শৰাধলৈ তেওঁ নিজ হাতে বয়-বস্তুৰ যো-জা কৰিছিল; আৰু সেইদিনাই হঠাৎ অতিসাৰ ৰোগত পৰি প্ৰাণ পৰিত্যাগ কৰিলে। সেইদিনাও পিতৃদেৱতাৰ ‘নিবাত- নিষ্কম্প তৰুৰ নিচিনা ধীৰ আৰু প্ৰশান্ত মুৰ্ত্তি দেখি আমি আচৰিত মানিছিলোঁ।

 মোৰ জ্যেষ্ঠ সহোদৰজনে বঙ্গদেশৰ কলিকতাত থাকোতেই, তেওঁৰ পিছৰজনৰ আসামত বিয়া হয়; অৱশ্যে জ্যেষ্ঠৰ অনুমতি আদায় কৰি। এই কাৰ্য মোৰ সমূলি ভাল নালাগিছিল; কিন্তু তেতিয়া মোৰ নিচিনা অৰ্বাচীনৰ মতামতৰেই বা মূল্য কি, আৰু তাক শুনেইবা কোনে? মোৰ মনেৰে জ্যেষ্ঠজন থাকোঁতে তেওঁৰ কনিষ্ঠজনৰ তেওঁতকৈ আগেয়ে বিয়া হোৱা কাৰ্যটোৱে নিশ্চয় জ্যেষ্ঠজনৰ মন ক্ষুদ্ৰ কৰিছিল, কাৰণ [ ৫৬ ] ইয়াৰ পিছত তেওঁক কোনো কাৰ্যত reckless অৰ্থাৎ “বে-পৰোৱা” দেখা গৈছিল। এই বিবাহ যোৰহাটত সম্পাদিত হয়। সেই বিয়ালৈ যাওঁতে বাটত দৰাঘৰীয়া আমাৰ যি ভয়ানক কষ্ট হৈছিল; সেই কথা মোৰ এতিয়াও মনত আছে। শঙ্কৰ নামেৰে এটা মেতৰে তাৰ নিজা ব্যৱসায়ত ধন গোটাই ধন গোটাই ধনী হৈ তিনি চাৰিখন ঘোঁৰাৰ গাড়ী কৰিছিল। তাৰে দুখন কি তিনিখন গাড়ী আমি ভেৰোণীয়াকৈ লৈ শিৱসাগৰৰ পৰা যোৰহাটলৈ যাত্ৰা কৰিলোঁহক। যোৰহাট পাবলৈ পাঁচ ছয় মাইলমান বাট আছে, এনেতে আঠুঅনীয়া বোকাই আমাক আগচি ধৰিলে। যোৰহাটলৈকে সেই গোটেই- ডোখৰ বাটৰ তেনে ভয়ানক দশা। কুৰুক্ষেত্ৰৰ যুদ্ধত কৰ্ণৰ বথৰ ঘিলা মাটিত পোত যোৱাৰ দৰে যোৰহটীয়া কন্যাঘৰৰ বিপক্ষে অভিযান কৰোঁতা আমি দৰাঘৰীয়া গাড়ীৰ চকাবোৰো ধৰালৈকে পোত খাই গ'ল। “ঘোঁৰাই আৰু গাড়ী টানিব নোৱাৰো” বুলি স্পষ্ট জবাব দি শুই পৰিল। অনতি বিলম্বে ঘোঁৰাৰ বাব পৰিল আমি মতাবোৰৰ গাত। ঘোঁৰাৰ সলনি অগত্যা আমি গাডী টানিব আৰ ঠেলিবলগীযাত পৰিলোঁ। এচাবি যি কেইডাল গাঢ়োৱানৰ হাতত আছিল, সেই এটাই কেইডাল ঘোঁৰাৰ পিঠিত ছিঙি, বাটৰ কাষৰবপৰা যি গঢ়ৰ আৰু যেনে জাতৰ গছৰ ডাল পোৱা গ’ল, তাকো সংগ্ৰহ কৰি আনি এচাৰিৰ গঢ়দি হয় সকলৰ গ্ৰীৱাৰপৰা টিকালৈকে সেই বোৰ সংযোগ বিয়োগ কৰা হ'ল; কিন্তু ‘তেৰাসকল’ শয়নৰপৰা অতি অনিচ্ছাপূৰ্ব্বক উঠিল যদিও, কোনোমতেই ‘তেৰাসকলে’ ৰথ টানিবৰ ইচ্ছা প্ৰকাশ নকৰিলে। অগত্যা আমি একটিং ঘোঁবাৰ কামত নিযুক্ত হৈ, গাড়ীৰ ভিতৰতে মহিলাসকলক এৰি আঠুৱনীয়া বোকাত নামি সেই বোজাই গাড়ী ঠেলিবলৈ ধৰিলোঁ। গাড়ী লাহে লাহে কইনা খোজেৰে যাবলৈ ধৰিলে, অৱশ্যে কান্ধত যুৱলি লৈ অনুগ্ৰহ কৈ থিয় হৈ থকা আচল ঘোঁৰালোক”ৰ সহাযত নহয়, নকল ঘোঁৰা আমি 'আদ্ মিলোক’ৰ ঠেলাতহে। আৰু কপালৰ কথা কি কম, সেই ঠেলাৰ সুবিধাৰ ভাগ, গাড়ীৰফালে সত্য কথা এৰি দিয়া হয়গ্ৰীৱসকলেও গাড়ীৰে সৈতে সমানে লোৱাত অলপো ক্ৰটি নকৰিছিল; অৰ্থাৎ আমি গাড়ীৰে সৈতে ঘোঁৰাবোৰকো ঠেলি লৈ যাবলগীয়াত পৰিলোঁহক। যি হওক, সকলো কাৰ্যৰে এটা অন্ত আছে , আমাৰ ঘোঁৰাৰ “এক্‌টিনি” কামৰো অন্ত পৰিল। আমি আৰু ঘোঁৰা সেই অৱস্থাতে অৰ্থাৎ in harness যোৰহাট চহৰ ওলালোঁগৈ।

 এই বিয়াৰ এবছৰমানৰ পিছতে আৰু এজন ককাইদেওৰ বিয়া হয়। এই বিয়াখন শিৱসাগৰৰ অৰ্জুনগুৰিত হৈছিল। এই বিয়াত পিতৃদেৱতাই ঘোৰ আপত্তি কৰিছিল; কিন্তু দৰাক আৰু দৰাৰ ভায়েক এজনক হাত কৰি, ল’ৰাবোৰৰ ওপৰত নানা উপায়েৰে প্ৰভাৱ বিস্তাৰ কৰি প্ৰভাৱশীল হওঁতা আমাৰ টোল নিবাসী মানুহ এজনে কৌশল কৰি পিতৃদেৱতাৰ আপত্তি ব্যৰ্থ কৰি দিলে। কিন্তু যেতিয়া বিয়া হবইলগীয়া হ’ল "নান্যঃ পন্থা বিদ্যতে,” তেতিয়া পিতৃদেৱতাই নিজৰ পূৰ্ব অমত পৰিত্যাগ কৰি আনন্দমনেৰে সেই বিবাহ সম্পন্ন কৰিলে।

 এইজনৰ পিছৰজন ককাইদেৰ বিয়া হৈছিল "ৰোমাণ্টিক” ( romantic) ধৰণৰ। [ ৫৭ ]

এই বিয়াৰ কল ভুকুটোতে পকোৱা হৈছিল। শিৱসাগৰত ঘৰৰ ওচৰতে দিখৌ নৈৰ পাৰত এজনা ভদ্ৰলোেক আছিল। তেওঁৰ জীয়েকেৰে সৈতে এজনৰ বিয়াৰ ঠিক হৈছিল। দূৰণীবটীয়া দৰা , অন্ততঃ বিযাৰ দিনা পুৱা শিৱসাগৰ পাবৰহি কথা। আছিল। কিন্তু পুৱা প্ৰায় দহ বাজিল, তথাপি দৰা আহি পোৱাৰ কোনো উম্ঘা‌মেই নাই। কন্যাৰ বাপেক লৰুৱাই বাটৰ অনেক দূৰলৈকে মানুহ পঠিযালে, কিন্তু দৰা অহাৰ কোনো লক্ষণকে দেখা নগ'ল। গতি বিষম যেন দেখি তেওঁ লৰি ফোপাই জোপাই আহি, পিতৃদেৱতাক ধৰিলে যে তেওঁ ঠিক কৰা দৰা অহাৰ কোনো আগন্তুক নাই, অথচ তেওঁ সেইদিনা বিযা পাতি বহি আছে; তেওঁৰ ছোৱালীৰ বিষা নহলে তেওঁ বিপাঙে মৰিব; এতেকে পিতৃদেৱতাই সেই ছোৱালী অমুক বোপালৈ বিয়া কৰাব লাগে! ব্ৰাহ্মণৰ বিপদৰ কথা হৃদয়ঙ্গম কৰি দেউতাৰ মন কুমলিল; তেওঁ সেইজন পুতেকক মতাই আনি ব্ৰাহ্মণৰ উপস্থিত বিপদৰ কাহিনী বিবৃত কৰি, বিযা কৰিবলৈ ৰাজী আছে নে নাই সুধিলে। কন্যাটি সুন্দৰী। আমাৰ ঘৰলৈ সেই কন্যাৰ সততে গতিবিধি আছিল। সেইদেখি “গৰ্‌-হাজিৰ” হৈ বৰখাস্ত হোৱা দৰাৰ ঠাইত হাজিৰ হৈ “বাহাল” হবলৈ আমাৰ ককাইদেওজনৰ একনিষ্ঠামানো আপত্তি নহ’ল, আৰু আমাৰ ঘৰৰো আন সকলোৱে সেই শুভকাৰ্যৰ সমৰ্থন কৰি আনন্দ প্ৰকাশ কৰিলে। ফলত সেইদিনাই সেই বিবাহ নিৰ্বাহ কৰি, ৰংমনেৰে সুন্দৰী বৌক পিছদিনা পুৱা আমাৰ ঘৰলৈ অনা হ’ল। মোৰ ওপৰতে যিজন সেইজন ককাইদেওৰ বিয়া হয় “আসাম বুৰঞ্জী” লেখক সুবিখ্যাত কাশীনাথ তামুলী ফুকনৰ জ্যেষ্ঠ পুত্ৰ কমলানাথ ফুকনৰ জীয়েকৰ সৈতে। কমলানাথ ফুকনৰ কথা আগেযে ওপৰৰ এঠাইত কৈ আহিছোঁ। এই জীয়েকৰ বিযাৰ সময়ত ফুকন জীৱিত নাছিল। ফুকনৰ মৃত্যুৰ পিছত তেওঁৰ ল'ৰা-ছোৱালীকেইটিক ভাযেকে শিৱসাগৰলৈ আনি নিজৰ আশ্ৰযত ৰাখিছিল। এই বিয়াত মই দুৰ্ঘোৰ প্ৰতিবাদ কৰিছিলোঁ। প্ৰতিবাদৰ কাৰণ, -ককাইদেওজনৰ তেতিয়াও স্কুলত পাঠ্যাৱস্থা। কিন্তু মোৰ আপত্তি নিটিকিল। আৰু নিটিকিবৰ কথাও, কাৰণ নগণ্য ল’ৰা এটাৰ নগণ্য আপত্তিলৈ কোনে কাণ দিয়ে? সি ফুটুকাৰ ফেনসোপা হৈ ৰ'ল। তাৰ উপৰি ককাইদেওজন অতি সৰল প্ৰকৃতিৰ মানুহ আছিল। মই তেওঁক বুজাই বৰাই বিয়া নকৰাবলৈ যিফেৰা টান কৰিছিলোঁ, সেইফেৰা ডাঙৰসকলৰ হেচাত ভাগি চুৰ্চুমৈ হ’ল। এতেকে বিয়া সম্পাদিত হ’ল; সকলোৱে ভোজ-ভাত খাই আনন্দ কৰিলে; কিন্তু ককাইদেওজনৰ ছাত্ৰজীৱনৰ তেতিয়াৰেপৰা ওৰ পৰিল।

 পাঠ্যাৱস্থা-ফাঠ্যাৱস্থা কোনে মানে? ইযাৰ পিছত, পৰাহেঁতেন মোৰ বিয়া পাতি পেলালেহেঁতেন। কিন্তু ওপৰত কোৱা ককাইদেওৰ বিয়াত মোৰ তুমুল অথচ নিস্ফল সংগ্ৰাম দেখি, মোক যে ডবুৱা কটাৰীৰে সতকাই কাটিব নোৱাৰা টান তামোল সেইটো সকলোৱে হৃদয়ঙ্গম কৰিছিল। সেইদেখি আগৰ মোৰ মাটিমহীয়া মাৰ দেখি পিছত মোৰ বিয়া পাতিবৰ অভিলাষ পোষণ কৰোঁতা তিলবোৰে বেঁত মেলিয়েই ৰ'ল।

 আগেয়ে কৈছোঁ যে যোৰহাটৰ ওচৰৰ চাওখাত মৌজা আমাৰ লগুৱাৰ বৰভঁৰাল [ ৫৮ ]

আছিল। মনপুৰ নামেৰে আমাৰ এটা লগুৱা আছিল, তাৰো ঘৰ চাওখাততে। আমাৰ ঘৰত চাকৰি কৰোঁতে কৰোঁতে তাৰ বয়স ভাটী দিলে, তথাপি তাৰ বিয়া নহয়। বিয়া হয়নো কেনেকৈ? তাৰ বিযালৈ তিনি কুৰিমান ৰূপৰ দৰকাৰ। সি খাই বৈ পায় দৰমহা তিনি টকা। মাহে মাহে সি দৰমহা নলৈ, তাৰ বিয়ালৈ বুলি দৰমহাৰ ধনখিনি দেউতাৰ হাতত গোট খুৱাই থয। ছমাহমানৰ দৰমহা গোট খালেই, তাৰ ককায়েক ঘিণ আহি ঘপহ্‌ কৰে ওলাই, তাৰ ওপৰত চিলনী থাপ মাৰে। মাটিৰ চৰকাৰী খাজনা দিবলৈ বা আন কোনো জৰুৰী টকা আনে বুলি ঘিণে মনপুৰক বুজাই, তাৰ দৰমহাৰ ধনখিনি লৈ গুচি যায়; আৰু সিফালে মনপুৰলৈ ধৰি ঠিক কৰি থোৱা ছোৱালী টকাৰ অভাৱত হাতৰপৰা পিছলি পৰে। এইদৰে তালৈ ঠিক কৰা ছোৱালী যে কেইজনী পুলকি গ'ল তাৰ ঠিক নাই! অদৃষ্টৰ এনে পৰিহাস দেখি মনপুৰে শেষত আৰু বিযা নকৰাওঁ বুলি কবলৈ ধৰিলে। তাৰ বিয়াৰ কথা ওলালেই সি কয, “আমাক ছোৱালী নেলা।” “নেলাগে” শব্দটো তাৰ মুখৰপৰা খঁৰা হৈ “নেলা” হৈ ওলাইছিল। তাৰ “নেলা” শুনি হাঁহিবলৈকে আমি মাজে মাজে তাক তাৰ বিযাৰ কথা সুধিছিলো। কিন্তু বেচেৰাৰ নৈৰাশৰ গভীৰতাৰ অনুভৱ আমি কৰিব পাৰিছিলোঁনে? যি হওক, প্ৰজাপতি নিৰ্বন্ধ এবাৰ কিবা স্বৰূপে মনপুৰৰ বিযা সংঘটিত হ’ল; আৰু বিয়াৰ পিছত সি তাৰ ককায়েকক তাৰ কামত বদলি দি বিষয়-সুখ-সম্ভোগৰ নিমিত্তে, নিজৰ ঘৰলৈ গ'ল। কিন্তু বোলে “আইৰ ঘৰলৈ যাম দুইহাতে খাম”, বিধাতাৰ ইচ্ছাত তাৰ সেই সুখ-সম্ভোগ দীৰ্ঘকাল স্থাযী নহ’ল; বিয়াৰ এবছৰ কি দুবছৰৰ পিছতে মনপুৰৰ মৃত্যু হল।

 বৃটিছ গৱৰ্ণমেণ্টে অসমত ভদ্ৰলোকসকলৰ বন্দী-বেটীবোৰক মুক্তি দিয়াত পোন্ধৰ অনা বন্দী-বেটীয়ে সেই সুবিধা লৈ ওলাই স্বাধীনতাৱলম্বন কৰিলে; যি এক অনাই পুৰণি প্ৰভূৰ পুৰণি মায়া মমতাৰ ডোল কাটি নগ’ল বা যাব নোৱাৰিলে, সেই এক অনাৰ ভিতৰত আমাৰ ঘৰত এঘৰ আছিল-গিৰিয়েকৰ নাম মথন, ঘৈণীয়েকৰ নাম ঘিণলাগী। সিহঁত ছজনী জীযেকেৰে সৈতে এঘৰ ডাঙৰ গৃহস্থ। মথনক আমি ল’ৰা তৰপে মথন বলি নাম কাঢ়ি নামাতি “মথন ঘৰগিৰি” বুলিছিলোঁ আৰু ঘিণলাগীক “ঘিণলাগী বাই” বুলিছিলোঁ। সিহঁতৰ ডাঙৰজনী ছোৱালীৰ নাম আহিনী আছিল। এই আহিনীযেই মোৰ মাতৃদেৱীৰ লগত বিদেশত ফুৰি, মোক কোলাত লৈ আলপৈচান ধৰি ডাঙৰ-দীঘল কৰিছিল। আমি শিৱসাগৰলৈ উভতি অহাৰ কিছুদিনৰ পিছতে আহিনীক মাকে বিয়া দি উলিয়াই দিলে। তাইৰ ভনীয়েকবোৰকো এজনীৰ পিছত এজনীকৈ বিয়া দি উলিয়াই দিয়া হ'ল। মথনৰ মৃত্যু আমাৰ ঘৰতে হয় আৰু ঘিণলাগীয়েও আমাৰ ঘৰতে চিৰকাল থাকি জীৱন কটায়। শিৱসাগৰত “ঘিণলাগী বাই” প্ৰখ্যাত বেজিনী ( midwife) হৈ পৰিছিল। সেই কাৰ্যৰ নিমিত্তে সকলো ভদ্ৰলোকৰ ঘৰত ঘিণলাগী নহ'লে নচলিছিল। বাস্তৱিকতে সপৰিবাৰে ঘিণলাগী আমাৰ ঘৰৰ এক অচ্ছেদ্য অঙ্গবিশেষ হৈ পৰিছিল আৰু আমাৰ ভিতৰত বন্দী-বেটীৰ [ ৫৯ ]

ভাবতকৈ বন্ধুতাৰ ভাবহে প্ৰবল আছিল। পিতৃদেৱতা আৰু মাতৃদেৱীয়ে ঘিণলাগীক লগত লৈ জগন্নাথ, মথুৰা, বৃন্দাবন আদি তীৰ্থ কৰাই আনিছিল।

 পিতৃদেৱতাৰ পুতেকহঁতক বেজবৰুৱা বংশৰ প্ৰধান বিদ্যা আযুৰ্বেদ শাস্ত্ৰত পাৰদৰ্শী কৰিবলৈ অহোপুৰুষাৰ্থ কৰি বিফল-মনোৰথ হৈছিল—ঘাইকৈ মোক। বান্দৰে মুকুতা-মালাৰ মোল নুবুজাৰ দৰে সেই কালত মই তাৰ মোল নুবুজি অৱহেলা কৰিছিলোঁ। মোৰ মনত হৈছিল—“আচল বিদ্যাতো ইংৰাজী শাস্ত্ৰবিদ্যা; আৰু চিকিৎসাবিদ্যা শিকিব লাগে যদি পাশ্চাত্য এলোপাথিক ডাক্তৰী বিদ্যা। দেশীয় বেজৰ বিদ্যা বিদ্যাই নহয। দেশীয় বেজালী বিদ্যা উনবিংশ শতাব্দীত বাতিল, অসাৰ্থক আৰু অলাগতীযা।” এনে মূৰ্খামিৰ ভাবেৰে পৰিপূৰ্ণ হৈ মই ওচৰ নাচাপিছিলোঁ। এইবাবে এতিযা মোৰ মনত এনে অনুতাপ হয়, তাক ঈশ্বৰে জানে আৰু মই জানো। কি সুবিধাকে মই হেলাতে হেৰুৱাইছিলোঁ। কি ৰত্নকে মই বুটলি নলৈ ভৰিৰে ঠেলি পেলাইছিলোঁ। দেউতা ৰজাঘৰীয়া বেজ। অসমৰ শেষ ৰজা পুৰন্দৰসিংহই পিতৃ- দেৱতাক ৰাজসভাত ৰীতিমতে বৈদ্যশাস্ত্ৰত পৰীক্ষা কৰাই, ৰজাঘৰীয়া বেজৰ পদপ্ৰাৰ্থী- সকলৰ ভিতৰত শ্ৰেষ্ঠ স্থান দি, নিযমমতে কামাখ্যাৰ মন্দিৰত শপত খুৱাই লৈ নিজৰ বেজবৰুৱা পাতিছিল। এনেজনৰপৰা আযুৰ্বেদ শাস্ত্ৰ শিকিবলৈ সুবিধা পাই তাক অৱহেলা কৰিছিলোঁ মই—ইংৰাজী-সভ্যতাৰ জক্‌মকীযা মোহত পৰি!* পিতৃদেৱতাই তেওঁৰ ৰচিত বংশাৱলী গ্ৰন্থত লেখিছে-

মহাৰাজ পুৰন্দৰসিংহ নৃপমণি।
ঈশ্বৰ-ইচ্ছায়ে পাইলে ইটো ৰাজ্যখনি।৷
পঞ্চ তীৰ্থ মধ্যে তাক সাক্ষাত কৰন্তে।
তাহান প্ৰসন্ন দৃষ্টি মোত পৰিলন্তে।৷
মোৰ ইষ্টদেৱ গুৰু-প্ৰসাদত তৈতি।
বেজব বৰুৱা মোক ইটো স্থানে পাতি।৷
সঙ্গে আনি বৰ সমাদৰত ৰাখিয়া।
মান্য যশ বিভুতিক দিলে সমৰ্পিযা॥
বিশেষত মোৰ জ্যেষ্ঠ মই ব্যতিৰেকে।
কাহাৰো ঔষধ ৰাজা নাখায় সম্যকে॥


  • In man's history there come ages of fireworks which dazzle us by their

force and movement. They laugh not only at our modest household lamps but also at the eternal stars. But let us not for that Provocation be precipitate in our desire to dismiss our lamps. Let us patiently bear our present insult and realize that these fireworks have splendour but not permanence, because of the extreme explosiveness which is the cause of their power, and also of their ex haustion. They are spending a fatal quantity of onergy and substance compared to their gain and production." Nationalism, by Sir Rabindranath Tagore, [ ৬০ ]

তাহান কৃপাত তান দৰ্বাৰত ৰই।
ফৌজদাৰী চিৰস্তাৰ অধিপতি হই।৷
থাকন্তে ৰাজ্যৰ চ্যুত ভৈলেক ৰাজ্য়ৰ।
কোম্পানীৰ হস্তগত জানিবা সুসাৰ।৷

 মনত আছে, একো একোজনা পিতৃদেৱতাই মোক বলেৰে ধৰি আনি বৈদ্যশাস্ত্ৰ “ভাব-প্ৰকাশ” পুথি মেলি মোৰ আগত দি, মোক পঢ়াবলৈ ওচৰতে বহি অনৰ্গল তাৰ শ্লোকবোৰ মুখস্থ মাতি ব্যাখ্যা কৰি মোক শুনাই গৈছিল। কিন্তু মোৰ মন-বিযাগোম ক’ত উৰি ফুৰিছিল, তাক তেওঁ নাজানিছিল। ভাৱ-প্ৰকাশৰ__

পঞ্চাভিভূতত্বথ পঞ্চকত্বা
পঞ্চেন্দ্ৰিয়ং পঞ্চসু ভাৱয়িত্বা
পঞ্চত্বমাতি বিনাশকালে।৷

 এই শ্লোকৰ দাৰ্শনিক ব্যাখ্যা কৰি পিতৃদেৱতাই মোক পঢ়াব আৰু সেই শ্লোক আৰু তাৰ ব্যাখ্যাই মোৰ মনত পঞ্চত্ব লভি তেতিযাই বিনাশপ্ৰাপ্ত হয়। মোৰ আনবোৰ অগ্ৰজো যে বৈদ্যশাস্ত্ৰ-শিক্ষাৰ প্ৰতি মোতকৈ বেছি আগ্ৰহান্বিত আছিল, এনে বুলিব নোৱাৰোঁ; তথাপি তেওঁলোক যে মোৰ সমান হতভগীযা আছিল এনে নহয় , তেওঁ- লোকে কিছুদূৰ পঢ়িছিল আৰু চিকিৎসা কৰিবলৈ কিছুদূৰ শিকিছিল। তেওঁলোকৰ ভিতৰত ব্ৰজনাথ আৰু দুজন-এজন একপ্ৰকাৰ ভাল চিকিৎসকেই হৈ উঠিছিল। কিন্তু ৰীতিমতে শাস্ত্ৰ পঢ়ি শাস্ত্ৰ-বিদ্যাত বিশাৰদ হোৱাটো তেওঁলোকৰ অদৃষ্টতো ঘটিছিল বুলি কব নোৱাৰোঁ। পুতেকহঁতৰ গঢ়গতি দেখি হতাশ হৈ এদিন পিতৃদেৱতাই আমাক ক'লে—“বাৰু অকল ইংৰাজীকে পঢ়ি তহঁত যি হব খুজিছ হ, মই আৰু তহঁতক একো নকওঁ; কিন্তু মই মোৰ ল'ৰা এটাক মোৰ মনৰ মতেৰে আমাৰ পুৰণি বৈদ্যশাস্ত্ৰ পঢ়াই শিকাই-বুজাই লবলৈ থিৰ কৰিছোঁ; তাক আৰু ইংৰাজী পঢ়িবলৈ নিদিওঁ। লক্ষ্মণকে মই মোৰ মনৰ মতেৰে শিক্ষা দিম।”

 লক্ষ্মণ মোৰ পিছৰে মোৰ সৰু ভাই। দেউতাই তাক ইংৰাজী স্কুলৰপৰা নাম কটাই আনি ৰীতিমতে বৈদ্যশাস্ত্ৰ পঢ়াবলৈ ধৰিলে। এই কাৰ্য দেখি আমি “ইংৰাজী- ৱালা পণ্ডিতবোৰে” ভাবিলোঁ, লক্ষ্মণৰ ইহকাল-পৰকাল গ’ল। কিন্তু বাস্তৱিকতে লক্ষ্মণে দুই-চাৰি বছৰৰ ভিতৰতে আয়ুৰ্বেদীয় চিকিৎসা-বিদ্যাত বেছ পাৰদৰ্শিতা লাভ কৰিলে। “মানুহে পাতে, ঈশ্বৰে ভাঙে” বুলি কয়। ঈশ্বৰৰ ইচ্ছা নহয় হবলা যে অসমৰ পুৰণি কালৰেপৰা প্ৰসিদ্ধভাৱে চলি অহা আয়ুৰ্বেদ-বিদ্যাৰ প্ৰৱাহ থাকে; সেই দেখি পিতৃ-দেৱতাৰ আশা ভঙ্গ কৰি ঈশ্বৰে লক্ষ্মণক মাতৃদেৱীৰ সৈতে লগত লৈ গঙ্গাস্নান কৰিবলৈ কলিকতালৈ আহিছিল। মই তেতিয়া কলিকতাত প্ৰেছিডেঞ্চি কলেজত এম-এ পঢ়িছিলোঁ। পিতৃদেৱতাৰ নিমিত্তে মেডিকেল কলেজ ষ্ট্ৰীটত সুকীয়াকৈ এটা ঘৰ কেৰেয়া কৰি তাতে তেওঁলোকক থাকিবৰ দিহা কৰি দিলোঁ।কলিকতা পোৱাৰ পিছদিনাই লক্ষ্মণৰ বিসুচিকা ৰোগ হৈ সেই ৰোগতে একেদিনৰ ভিতৰতে [ ৬১ ]

১৮৯১ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত সি প্ৰাণত্যাগ কৰে। পিতৃদেৱতাৰ মূৰত হঠাৎ আকাশী চৰগ ভাগি পৰিল। কিন্তু এনে বিপদতো তেওঁৰ প্ৰশান্ত মূৰ্ত্তি আৰু ধৈৰ্য দেখি সকলোৱে আচৰিত মানিছিল। তেওঁ মাথোন এষাৰ কথা কৈছিল—“ঈশ্বৰৰ ইচ্ছা নহয় যে আসামত আমাৰ ঘৰত বংশানুক্ৰমে চলি অহা বেজৰ বিদ্যা থাকে।” মোৰ মনত আছে শ্ৰীযুত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়া তেতিয়া কলিকতাতে আছিল। লক্ষ্মণৰ মৃত্যুৰ সময়ত তেৱোঁ কাষতে বহি আছিল। এই মৃত্যুত তেওঁ অন্তৰত ইমান আঘাত পাইছিল যে শোকৰ বেগ সামৰিব নোৱাৰি হুক্‌ হুক্‌ কৰে কান্দিবলৈ ধৰিলে। আমি চাৰিজনে লক্ষ্মণৰ মৃতদেহ কান্ধত লৈ গঙ্গাৰ ঘাট নিমতলাত পুৰিবলৈ লৈ গলোঁ। পিতৃদেৱতাই কীৰ্ত্তন-ঘোষাৰপৰা “জয হৰি জয় ৰাম” এই যাত্ৰা-ঘোষা ধৰি, “গোপৰূপে নন্দৰ তনয। শুভক্ষণে কৰিলা বিজয়” পদ দি লগে লগে গ'ল আমি ঘোষা গাই গাই শ্মশান পাই, যথাবিধি শৱৰ সৎকাৰ কৰিলোঁ।

 পিতৃদেৱতাৰ এটা ঔষধালয আছিল। তাত তেওঁ আয়ুৰ্বেদোক্ত ঔষধ প্ৰস্তুত কৰিছিল। দৰবৰ উপাদানবোৰ খুন্দা, বটা, বৰি পকোৱা, জাৰোণ পোৰা, দৰবত ভাৱনা দিয়া ইত্যাদি কৰিবলৈ দৰ্মহা দি মানুহ ৰখা হৈছিল। সেই মানুহৰ ভিতৰত ৰাজকুমাৰ নামেৰে এটা বঙ্গালী মানুহ আছিল। সি প্ৰায় পাঁচ-ছবছৰ দেউতাৰ লগত থাকি সেই কাম কৰি, practical knowledge অৰ্থাৎ হাতে-কলমে হোৱা অভিজ্ঞতা লাভ, ডাক্তৰখানা বা আস্পাতালৰ কম্পাউণ্ডাৰ বা দেৰেচীযে চাকৰিৰ পৰা অৱসৰ লৈ, “গাযনৰ ঘৰৰ বোন্দাইও ৰাগ দিয়ে“ এই বাক্যৰ সাৰ্থকতা প্ৰমাণ কৰি, ডাক্তাৰী কৰা দি, তাৰ দেশলৈ উভতি গৈ “৺ৰাজকুমাৰ শীল কবিৰাজ” উপাধি লৈ কবিৰাজী কৰি সুখেৰে জীৱিকা নিৰ্বাহ কৰিছিল।

 দেউতাই যদিও তেওঁৰ ঔষধালয ব্যৱসায় হিচাপত চলাবলৈ গৈছিল, তথাপি তেওঁৰ দৰব আৰু চিকিৎসাৰ চাৰি ভাগৰ তিনি ভাগ বন্ধু-বান্ধৱ, চিনাকি মানুহ আৰু খোজনিয়াৰ মগনিযাৰৰ ভিতৰত “বিনামূল্যে বিতৰিত” শ্ৰেণীভুক্ত হৈ তেওঁৰ ব্যৱসায়ক অনেক দূৰ অব্যৱসায় কৰি তুলিছিল। তথাপি মুঠতে, তেওঁৰ দৰবৰ ব্যৱসায়ৰপৰা আয় যে নহৈছিল, এনেও নহয়।

 দেউতাই শিৱসাগৰলৈ আহিয়েই তেওঁৰ ঘৰৰ বাট-চ’ৰাৰ ওচৰতে এডোখৰ মাটিত এটা ডাঙৰ ৰাজহুৱা নামঘৰ সজাই তাত ৰাজহুৱা সবাহ, পূজা ইত্যাদি কৰাবৰ দিহা কৰিছিল; কি অদম্য উৎসাহেৰে দেউতাই সেই ৰাজহুৱা কাৰ্যবোৰত যোগ দি সেইবোৰ সুসম্পন্ন কৰাইছিল, দেখি আচৰিত মানিবলগীয়া। বৃদ্ধ তেওঁৰ উৎসাহ আৰু কাৰ্যকৰী শক্তিৰ “জোৰৰ আগত ৰাতিৰ পোহৰ”ৰ দৰে হৈ পৰিছিল।

 দলাদলি নামৰ এটা ডাঙৰ দৈত্যই অতীজৰেপৰা ভাৰতবৰ্ষক ভৰিৰে দলি আহিব লাগিছে। তাৰ গছকত ভাৰতবাসীয়ে মিলি-জুলি শক্তিমন্ত হৈ কোনো ভাল কামকে কৰিব নোৱাৰে। সেইবাবেই ঘাইকৈ, ভাৰত আজি শ শ বছৰ ব্যাপি পৰৰ গোলাম। বুজন-নিৰ্গত ভাৰতবাসীৰ যে এই কথাৰ ভূ নাই এনে নহয়; কিন্তু ভাৰতে দৈত্যটোৰ [ ৬২ ] প্ৰচণ্ড মূৰ্ত্তি দেখিয়েই, আপোনাৰ সম্মিলিত শক্তিৰ মহিমা পাহৰি ভয়ত জড়ভৰত হৈ পৰে। বাস্তৱিকতে এই দৈত্য দিতিৰ পুত্ৰ নহয়, ভাৰতবাসীৰ মানস-পুত্ৰহে। ভাৰত-বাসীক ‘বনৰ বাঘে খোৱা নাই, মনৰ বাঘেহে খাই মাৰিছে।” যিদিনাই ভাৰতবাসীয়ে এই মায়াপী মনৰ বাঘটো বধিব পাৰিব সেই দিনাৰপৰাই ভাৰতবাসীৰ সুদিন উভতি আহিব। যি হওক, শিৱসাগৰৰ সেই ৰাজহুৱা নামঘৰলৈও কিছুদিনৰ পিছত দলাদলিৰ সূত্ৰপাত হ’ল। তথাপি দেউতা যিমান দিন জীযাই আছিল, তেওঁ অকলে এশ হৈ সেই নামঘৰ ৰক্ষা কৰি তাৰ কাৰ্য সুচাৰুৰূপে চলাই আছিল।

 সম্ভৱতঃ বৰপেটাৰ তিথিৰাম বায়নৰ বঙ্গলা যাত্ৰাগানৰ “পালা” দেখি, শিৱসাগৰৰ অসমীয়া ভদ্ৰলোকসকলৰ ভিতৰত বঙ্গলা যাত্ৰাগান কৰিবৰ ধুম উঠিল। ফুকন মুক্তানাথ খাজাঞ্চী ভিনীহিদেওৰ নেতৃত্বত আৰু দুই-চাৰিজন বঙ্গালীৰ সাহায্যত ৰাধাৰ মানভঞ্জনৰ “পালাৰ“ আখৰা চলিবলৈ ধৰিলে। গানৰ উছাহৰ ঢৌৱে শিৱসাগৰত দল্ দোপ্হে ন্দোল্ দোপ্ লগাই দিলে। কিছুমান অসমীয়া ল’ৰাক “গানৰ ছোকোৰা” কৰা হ’ল আৰু দুই-চাৰিজন অসমীযা আদহীয়া ভদ্ৰলোকে দুই-এজন বঙ্গালী ভদ্ৰলোকেৰে সৈতে হাতত বেহেলা লৈ “ওস্তাদ” হৈ উঠিল। অসমীয়া ল’ৰাই—“দেখে যা গো চন্দ্ৰাৱলী, কোঞ্জ (কুঞ্জে) দুৱাৰে (দ্বাৰে) বনমাল”—বুলি কঁকাল ঘূৰাই যেতিয়া গানৰ সভাত নাচিবলৈ ধৰিলে, অসমীয়া দৰ্শকৰ আনন্দৰ পাৰ নোহোৱা হ’ল। বছৰচেৰেক এই গানৰ ঢৌৱে শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটক কোবাই, তাৰ সৰু হেন্দোলনিবোৰ দূৰৰ চাহ-বাগিচাবোৰৰ বৰমহৰী, সৰুমহৰী, হাজিৰা মহৰী, পাত-মহৰীৰ মাজলৈ সুমাই দি আৰু ওচৰৰ নদীযাল, বৃত্তিয়ালৰ ভিতৰৰ ডেকা ল’ৰাবোৰৰ গাত খলক লগাই, সেইবোৰৰ ভিতৰত ক্ষুদ্ৰ ক্ষুদ্ৰ গানৰ পালা একোটা সৃষ্টি কৰি দি বঙ্গলা গানৰ অসমীয়া শৰাধ কৰাই আপোনা-আপুনি মাৰ গ’ল৷ ওপৰত কোৱা হেন্দোলনিৰ ফলত বঙ্গলা যাত্ৰাগনৰ অনুৰাগী হোৱাসকলৰ গানৰ এফাকি-দুফাকি এতিযাও মোৰ মনত আছে; যেনে—

(১) ওৰে গা—ভীসৰ!
 কবে হাম্বা-আ-ৰব,
 দেখ গা—ভী-ই স—অ--ব।

(২)ঐ দেখ বকোলেৰ (বকুলেৰ) মূলে।
 সন্দ্ৰোদয় (চন্দ্ৰোদয়) কি ভো—ও—তলে (ভূতলে)।

(৩) ৰাধাৰোমণ ( ৰাধাৰমণ) হে বোল বোল (বল বল) বিৱৰণ।
 কাৰ কোঞ্জে (কুঞ্জে) চুখ ( সুখ) ভোজে (ভুঞ্জে)
 নিচি ( নিশি) কৈলে জাগৰণ॥


 ভাদ মাহত শ্ৰীশঙ্কৰদেৱৰ আৰু বদুলা আতাৰ তিথি হয়। এই তিনি তিথিক “ভাদৰ তিনি কীৰ্ত্তনো’’ বোলে। আমাৰ ঘৰত এই তিনি কীৰ্ত্তন দিনে-ৰাতিয়ে তিনি দিন ব্যাপি মহাসমাৰোহেৰে কৰা হৈছিল। তিথিৰ দহ-বাৰ দিনৰ আগৰেপৰা উছাহত [ ৬৩ ] আমাৰ তৎ নাথাকে। তিথিৰ থাপনিৰ দিনাৰেপৰা নাম-প্ৰসঙ্গত থাপনাৰ আগত শৰাইত দিবলৈ কল বিচাৰি শিৱসাগৰৰ মানুহৰ কলবাৰী চলাথ কৰি ফুৰোঁহক আৰু থোকা-থোকে কেঁচা কল কাটি আনি জাগ দি পকাবৰ দিহা কৰোঁহক। গাজিপ্ৰসাদৰ শৰাইৰপৰা আৰম্ভ কৰি আঠ-দহখন শৰাই মাহ-চাউল-কলেৰে কেনেকৈ উপচি পৰিব, এইটো আমাৰ মহা ভাবনাৰ বিষয হৈ পৰে। আমাৰ ঘৰতে তিনি-চাৰিযোৰ ভোৰ্ তাল, তথাপি আৰু পাঁচ ছযোৰ ভোৰ্‌তাল আমি গণকপটিৰপৰা গোটাই আনি বজাই নামপ্ৰসঙ্গৰ ধ্বনিৰে গোটেইখন চহৰ খলক লগাই দিওঁহক। তিথিৰ দিনা ৰাতিয়ে- দিনে গীত, ভটিমা, নাম-প্ৰসঙ্গ অখণ্ডভাৱে চলে। পিছদিনা অৰ্থাৎ তৃতীয় দিনা, যাত্ৰা-ঘোষা আৰু তাৰ অন্তত চৰিত্ৰ তোলা হৈহে তিথি-মহোৎসৱৰ ওৰ পৰে। চৰিত্ৰ তোলা মানে শ্ৰীশঙ্কৰদেৱৰ তিথিত শ্ৰীশঙ্কৰদেৱ, শ্ৰীমাধৱদেৱ আৰু বদুলা আতাৰ তিথিত মাধৱদেৱ আৰু বদুলা আবিৰ্ভাৱৰ আগৰেপৰা তিৰোভাৱলৈকে গোটেইবোৰ ঘটনা মালিনীযে ফুলৰ মালা গঁথাদি গাঁথি সূক্ষ্মাতিসূক্ষ্মৰূপে বৰ্ণনা কৰি যোৱা হয়। পুথি চাই নহয, নিজৰ মনৰপৰা সুঁৱৰি। আমাৰ ঘৰৰ তিথিত এই চৰিত্ৰ তোলা কাৰ্য পিতৃদেৱতাই নিজে কৰিছিল আৰু আমি সকলোৱে অতি সন্তৰ্পণে ভক্তিভাৱে শুনিছিলো। দুইজন গুৰুৰ শিষ্য বাৰজন আতাৰ যেনে মথুৰাদাস বা বুঢ়াআতা, বৰবিষ্ণু আতা, ভাতৌকুছি আতা ইত্যাদি) তিথিও বছৰে বছৰে নিয়মমতে আমাৰ ঘৰত কৰা হৈছিল আৰু সেইসকলৰৰ চৰিত্ৰ তুলি তিথিৰ সামৰণি মৰা হৈছিল। পুথি চাই বা পঢ়ি চৰিত্ৰ তোলাৰ নিয়ম নাই। বেদ বা শ্ৰুতি যেনেকৈ আগৰ কালত লিখিত হোৱাটো অবিহিত কাৰ্য বিবেচিত হৈছিল, দুইজনা মহাপুৰুষৰ আৰু আতাসকলৰ চৰিত্ৰও তেনেকৈ লিখি ৰখাটো অবিহিত বিবেচিত হৈ সন্ত সাধুসকলৰ মুখে মুখে সেই চৰিত্ৰ প্ৰচলিত হৈ আহিছিল , নতুবা শ্ৰীশঙ্কৰদেৱ, শ্ৰীমাধৱদেৱ আৰু আতাসকলৰ জীৱনচৰিত্ৰৰ আটক আজিকালি যেনেকৈ অনুভৱ কৰা যায়, সেইটো নাথাকিলহেঁতেন। বৰপেটা, কমলাবাৰী আদি মহাপুৰুষীয়া সত্ৰবোৰত এতিয়াও এই ৰীতি প্ৰচলিত, আৰু তিথিৰ শেষদিন, চৰিত্ৰ তোলাত দুইজনা মহাপুৰুষৰ আৰু আতাসকলৰ জীৱনৰ ঘটনাবোৰ বিস্তাৰিতভাৱে বিবৃত হয়।

 আমাৰ ঘৰত ফাকুৱা বছৰে বছৰে কৰা হৈছিল। এই ফাকুৱাত আমি ল’ৰাবোৰৰ ইমান উৎসাহ আছিল যে, কুলীযে বা চাকৰ-নাকৰে কৰিবলৈ অপেক্ষা নকৰি, ফাকুৱা- ঘৰৰ (দৌলৰ) পাঁচ-ছ হাত ওখ ভেটিটো আমি নিজে কোৰেৰে মাটি কাটি সেই মাটি বৈ আনি কৰি দিছিলোঁহক, ৰাজহুৱা নামঘৰতো ফল্গুৎসৱ কৰা হৈছিল। যিদিনা খাটোলাত তুলি কৃষ্ণ-মূৰ্তিক ফুৰাবলৈ লৈ যোৱা হয়, সেইদিনা ইটোৱে সিটোৰ গাত ফাকু মৰা, চেৰেকাপানী মৰা, কুঙ্কুম মৰা, আৰু গাত ঢলা-ঢলি কৰাৰ নিচিনা উৎকট ধেমালিত আমি বলীয়া হৈ ফুৰিছিলোঁহক। গণকপটিৰ ফাকুৱাৰ শোভাযাত্ৰা আমাৰ প্ৰতিদ্বন্দী আছিল। দুই দলৰ ভেটাভেটিত দুই দলৰ ভিতৰত উতনুৱা ডেকাবোৰৰ ভিতৰত খকাখুন্দা লাগি মৰামৰি পৰ্যন্ত হোৱা দেখা গৈছিল। [ ৬৪ ]  ৰাস-পূজা আমাৰ ঘৰত হৈছিল; কিন্তু এৰা-ধৰাকৈ। কোনো বছৰ হৈছিল, কোনো বছৰ নহৈছিল। হোৱা বছৰৰ গুৰিত মই “খোদ”। মই মাটিৰ মূৰ্তি সজা বিদ্যাত মনে মনে পাকৈত হৈ পৰিছিলোঁ। প্ৰথমতে দেউতাই নেদেখাকৈ ধান খেৰৰ জুমুথি বান্ধি, কুমাৰ-মাটি আনি, ৰাধা-কৃষ্ণৰ মূৰ্তি সাজি, পিছত সেই মূৰ্তি সম্পূৰ্ণ হবৰ সময়ত দেউতাৰ চকুত পৰাকৈ থৈ দিছিলোঁ। কাৰণ প্ৰতিমা প্ৰস্তুত দেখিলেই দেউতাই অগত্যা পূজা পাতিবলৈ বাধ্য হব। এইখিনিতে অবান্তৰভাৱে লাহেকৈ কৈ থওঁ যে, সৰুতে মাটিৰ মূৰ্তি সাজিবলৈ শিকা বিদ্যাই বুঢ়া বযসতো কাম দিছিল। সিদিনা মহাযুদ্ধৰ শান্তিপৰ্বৰ আৰম্ভণত (Peace celebration) সম্বলপুৰত নানাবিধ উৎসৱ আনন্দৰ দিহা কৰা হৈছিল। সম্বলপুৰৰ ডিপুটি কমিশ্যনাৰ মিষ্টাৰ ইংগোলছ (A L. Ingless) চাহাবে, কলিকতাৰ ৰয়েল থিযেটৰত ডাক্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ-বিৰচিত বাল্মীকি-প্ৰতিভা নাটৰ ভাৱনাত মোৰ অভিনয়ৰ কথা কেনেবাকৈ আন যুৰোপীয- সকলৰপৰা শুনিছিল। তেওঁ মোক বৰকৈ ধৰিলে যেন সালপুৰৰ ভিক্টোৰিযা মেম’ৰিযেল হলত মই সেই বাল্মীকি-প্ৰতিভা ভাৱনা কৰোঁ। মই অগত্যা মোৰ ছোৱালী-তিনিজনী আৰু গৃহিণীৰে সৈতে আৰু লগত আন চাৰি-পাঁচজন ভদ্ৰলোকক লগত লৈ সেই ভাৱনা কৰিছিলোঁ। তালৈ কালীৰ প্ৰতিমা দৰ্কাৰ। সম্বলপুৰত সেই প্ৰতিমা দুৰ্লভ হোৱাত, মই দুদিনৰ ভিতৰতে নিজ হাতে মাটিৰ কালীমূৰ্তি সাজি লৈ সেই কাৰ্য সুন্দৰৰূপে সামধা কৰিলোঁ।

 আপোনা-আপনি চেষ্টা কৰি সৰুতে মই চিত্ৰ-বিদ্যাতো অলপ-অচৰপ জ্ঞান লভিছিলোঁ। অসমত কীৰ্তনঘৰ বা নামঘৰবোৰৰ বেৰ গোবৰ মাটিৰে বা শুদা বোকাৰে লেপা নিয়ম নাই। তাৰ ভকতীয়া ব্যাখ্যা এই—ইন্দ্ৰদ্যুন্ম ৰজাই হৰিকীৰ্তন শুনি থাকিবলৈ সহস্ৰ কাণ প্ৰাৰ্থনা কৰিছিল। তেওঁৰ প্ৰাৰ্থনা পূৰ্ণ কৰা হ’ল। তেওঁৰ সহস্ৰ কাণেই কীৰ্তনঘৰৰ বেৰৰ সহস্ৰ বিন্ধা। মোৰ মনেৰে নামঘৰৰ বাহিৰত বহা আৰু থকা মানুহৰ কাণতো যাতে নাম-কীৰ্তনৰ ধ্বনি আহি অবাধে পৰে, এই অভিপ্ৰায়েৰে মহাপুৰুষে এই ব্যৱস্থা কৰিছিল। শ্ৰীশঙ্কৰদেৱ ৰচিত বৰগীতত আছে,—

বলহু ৰাম-নামেসে মুকুতি নিদান।
বুলিতে এক, শুনিনে শত নিতৰে,
নাম-ধৰম বিপৰীত।

 আমাৰ ঘৰৰ এনে কীৰ্তনঘৰৰ বেৰা এখনৰ এডোখৰত কুমাৰ-মাটি লেপি মই মনে মনে শ্ৰীকৃষ্ণলীলাৰ ছবি গোটাচেৰেক হেঙুল-হাইতালেৰে আঁকিছিলোঁ। কীৰ্তনঘৰৰ বেৰ লেপাৰ নিচিনা অবিধি কাৰ্য দেখিও, তাত কৃষ্ণমূৰ্তিবোৰ থকাৰ বাবে পিতৃদেৱতাই মোৰ দায় নধৰি, সেই মূৰ্তিবোৰ অনেক কাললৈকে ৰক্ষা কৰিছিল। দেউতাৰ মৃত্যুৰ পিছত কীৰ্তনঘৰৰ জীৰ্ণসংস্কাৰৰ সময়তহে সেই মূৰ্তিবোৰ বিলোপ হয়।

 আজিকালিৰ কথা কব নোৱাৰো, সেই কালত শিৱসাগৰৰ গণকপটিত নাম-কীৰ্তনৰ বৰ পযোভৰ আছিল। হৃদয়স্পৰ্শী সুললিত হীৰানামৰ নিমিত্তে গণকপটি সুবিখ্যাত [ ৬৫ ] আছিল। শ্ৰীযুত হৰকান্ত নাজিৰ আৰু শ্ৰীযুত গোপীনাথ শৰ্মাৰ নেতৃত্বত গণকপটিৰ নাম-কীৰ্তনৰ দল আহি কোনো ৰাজহুৱা সবাহত যেতিয়া আমাৰ ৰাজহুৱা নামঘৰত হীৰানাম গাবলৈ আৰম্ভ কৰে, তেওঁলোকৰ সুশৃঙ্খলিত আৰু সুললিত হৰিনাম কীৰ্তনৰ ধ্বনিত সকলো বিমুগ্ধ হয়। তেওঁলোকৰ সৰহ ভাগেই আউনীআটি আৰু দক্ষিণপাটৰ শিষ্য। কিন্তু দুই মহাপুৰুষৰ কীৰ্তনঘোষা আৰু নামঘোষাই তেওঁলোকৰ হৰি- কীৰ্তনৰ অক্ষয় ভাণ্ডাৰ। মহাপুৰুষ বিৰচিত নামঘোষা আৰু কীৰ্তনঘোষা বৰ্জন কৰি ওভোতা-সোঁত বোৱাবলৈ ওলোৱা আজিকালিৰ জনচেৰেক দৈৱজ্ঞ শ্ৰেণীৰ মানুহৰ নিচিনা সেই আগৰ তেওঁলোক নাছিল। কীৰ্তনঘোষাৰ পৰা ঘোষা আৰু পদ দি, ভক্তি গদ গদ কণ্ঠেৰে সুমধুৰে নাম-কীৰ্তন লগাই দিওঁতা শ্ৰীযুত হৰকান্ত নাজিৰ আৰু গোপীনাথ শমইি এই লেখকৰ অশেষ শ্ৰদ্ধা এনেকৈ আকৰ্ষণ কৰিছিল যে তাক পাহৰিব নোৱাৰো।

 শিৱসাগৰ জিলাৰপৰা পোন্ধৰ মাইলমান দূৰত জৰাবাৰী সত্ৰ। জৰাবাৰী মহাপুৰুষীয়া সত্ৰ। তাৰ অধিকাৰজন উদাসীন, ডেকাজন বিষযা। ডেকাজন সততে আহি আমাৰ ঘৰত থাকিছিল। আমাৰ মৰমৰ ডেকা কৱি শ্ৰীমান যতীন্দ্ৰনাথ দুৱৰাৰ পিতৃদেৱতা শ্ৰীযুত শ্যামসুন্দৰ দুৱৰাৰ ঘৰ তেওঁৰ কুটুম্ব-ঘৰ; আৰু আমাৰ ওচৰতে। তথাপি জৰাবাৰীৰ ডেকা গোসাঁযে দুৱৰা ডাঙৰীযাৰ ঘৰত নাথাকি আমাৰ ঘৰত থাকিবলৈ ভাল পাইছিল। তেওঁ জাঁজীৰপৰা মহাজনীযা ঘোঁৰা এটাত উঠি আহি গধূলি বেলিকা টকচ্‌ টকচ্‌ কৰে যিদিনা আমাৰ ঘৰত ওলাযহি, সেইদিনা আমাৰ মহা ৰং। ৰাতি তেওঁৰ ওচৰত বহি মই অনেক সাধুকথা শুনিছিলোঁ। মোৰ “সাধুকথাৰ কুকিত“ থকা “ঘৰপতা ককা” আৰু “মূলা খোৱা বুঢ়া“ তেওঁৰেপৰা মই শুনা সাধু। তেওঁৰ বৰপুতেক শ্ৰীযুত নিত্যানন্দ ডেকা গোসাঁই (যি আজিকালি জৰাবাৰী সত্ৰৰ অধিকাৰ) আমাৰ পুখুৰীপাৰৰ ঘৰতে থাকি, দেউতাৰ কাষত সংস্কৃত লেখা-পঢ়া শিকিছিল। নিত্যানন্দ ডেকা গোসাঁই মোৰ অতি মৰমৰ বন্ধু আছিল। আজি কত কাল যদিও মই তেওঁক দেখিবলৈ পোৱা নাই, তথাপি মোৰ সোঁৱৰণৰ সুমধুৰ চুক এটাত তেওঁ সদায় আছে।

 পিতৃদেৱতাৰ সদায় এটা বৰ ইচ্ছা আছিল যে তেওঁ চৰকাৰী কামৰ পৰা অৱসৰ লৈ শিৱসাগৰত থাকি ধৰ্মশাস্ত্ৰালোচনা কৰি তেওঁৰ জীৱনৰ বাকীডোখৰ কাল কটায়। শিৱসাগৰলৈ আহিয়েই তেওঁ সেই ইচ্ছা কাৰ্যত পৰিণত কৰিলে; প্ৰথমডোখৰত তেওঁ আবেলি চাৰিমান বজাৰ পৰা আন সকলো কাৰ্য এৰি, চ’ৰাঘৰত বহি, অসমীয়া ৰামায়ণ, মহাভাৰত আদি পুৰাণ পুথি আনৰ হতুৱাই পঢ়াই শুনিছিল , আৰু মই আৰু মোৰ ককাইদেও শ্ৰীনাথ শ্ৰোতা শ্ৰেণীভুক্ত আছিলোঁ। ইয়াৰ পিছত পিতৃদেৱতাই নিজে সংস্কৃত বাৰস্কন্ধ ভাগৱত পাঠ আৰু ব্যাখ্যা কৰিবলৈ ধৰিলে আৰু আমিও স্কুলৰপৰা আহি গা-পা ধুই ওচৰতে বহি একান্তমনে আনন্দেৰে সেই ভাগৱত পাঠ আৰু ব্যাখ্যা শুনিবলৈ ধৰিলোঁ। চ’ৰাঘৰৰ মাজ ঠাইতে মাটি সাৰি-মচি এখন কাঠৰ [ ৬৬ ] আসনৰ ওপৰত শ্ৰীমদ্ভাগৱত শাস্ত্ৰ ৰখা হৈছিল আৰু পিতৃদেৱতাই তাৰ সমুখতে বহি পঢ়ি ব্যাখ্যা কৰিছিল। শ্ৰোতাসকল তেওঁৰ তিনিওফালে বহিছিল। মই পৰাপক্ষত কেতিয়াও সেই শাস্ত্ৰ ব্যাখ্যা শুনাৰপৰা অনুপস্থিত নহৈছিলোঁ! শ্ৰোতাসকলৰ ভিতৰত এজন বৰ “মজাৰ” বুঢ়া বামুণ মানুহ আছিল , তেওঁৰ নাম বটু বাপু। বটু বাপুৰ ঘৰ অৰ্জুনগুৰিত। অৰ্জুনগুৰি আমাৰ ঘৰৰপৰা তিনি-চাৰি মাইলমান দূৰত। কি ৰ’দ, কি বৰষুণ, কি ধুমহা-বতাহ, বা আন দুৰ্যোগ একোৱে বটু বাপুক ভাগৱত শুনিবলৈ অহাত বাধা দিব নোৱাৰিছিল। তেওঁ দিনৌ খোজ কাঢ়ি আহি ঠিক সময়ত উপস্থিত হৈছিলহি আৰু ৰাতি এন্ধাৰেই হওক বা পোহৰেই হওক, হাতত লাখুটি এডাল লৈ তাৰে খট্‌ খট্ কৈ মাটি কোবাই গৈ গৈ তেওঁৰ ঘৰ পাইছিল। তেওঁ শ্ৰীনাথ ককাইদেওৰপৰা আষাৰচেৰেক ইংৰাজী কথা শিকি মুখস্থ কৰি ৰাখিছিল, যথা-“Well, my dear Sir, how do you do? Quite well ’’ তেওঁৰ মুখৰপৰা সেই কথা-কেইষাৰ এনে আকাৰ ধৰি ওলাইছিল—“ৱাল, মাইডিযেৰ ছাৰ, হাডুইও ডু? কোটোৱাল।” তেওঁক বাটত ‘কলৈ যায়’ বুলি কোনোৱে সুধিলে, তেওঁ উত্তৰ দিছিল “দীননাথ বেজবৰুৱাকা হাউছ, হিন্দু বাইবোল হিয়েৰ্‌ আই গো।” এই কেইষাৰৰ বাহিৰে তেওঁ আন ইংৰাজী কথা একো নাজানিছিল। তেওঁ আহিয়েই আমাৰ ঘৰত এবাটি চাহ খাবলৈ পাইছিল। তেওঁক দেখিলেই আমি লৰি গৈ শিলৰ বাটিত এবাটি চাহ আনি আমাৰ গোসাঁইঘৰৰ টুপতে তেওঁক খাবলৈ দিছিলোঁ। আমাৰ ঘৰত তেওঁৰ এইদৰে চাহ খোৱা সম্বৎসৰব্যাপী অখণ্ডমণ্ডলাকাৰে চলিছিল। তেওঁক চাহ খুৱাই আমিও আনন্দ পাইছিলোঁ, তেওঁ তৃপ্তি লভি খাই উঠি গৈ ভাগৱত শ্ৰৱণানন্দ লভিছিল।

 বৰ বাৰজনীয়া সত্ৰ কাথপাৰ আৰু চুপহা আৰু সৰু বাৰজনীয়া শলগুৰি সত্ৰ শিৱসাগৰ চহৰপৰা কিছু দূৰতে। এই সত্ৰবোৰৰ আতা সকল সততে আমাৰ ঘৰলৈ আহি দেউতাৰ সৈতে দেখা-সাক্ষাৎ কৰিছিল আৰু দেউতায়ো তেওঁলোকক যথোচিত আদৰ সম্মান কৰিছিল। বছৰে বছৰে শলগুৰি সত্ৰৰ তিথিত আমি দেউতাৰে সৈতে ভাৱনা চাবলৈ শলগুৰি সত্ৰলৈ গৈছিলোঁ। সত্ৰৰ অধিকাৰে হাতী পঠিয়াই দি আমাক নিযাই বৰ আদৰসাদৰ কৰি খুৱাই-বুৱাই তেওঁলোকৰ ভাৱনা দেখুৱাইছিল। ভাৱনাত, শলগুৰীয়া আতাই তিনিটা খোল একে সময়তে বজাই সুন্দৰকৈ ঘোষা-কীৰ্তন কৰা মই দেখা মনত আছে। শলগুৰি সত্ৰৰ এজন মেধি আছিল; তেওঁ সততে আমাৰ ঘৰলৈ আহিছিল। নিষ্ঠাৱন্ত ভকত সেই মেধিজনক আমি বৰ শ্ৰদ্ধাৰ চকুৰে

দেখিছিলোঁ৷ [ ৬৭ ]

॥ষষ্ঠ আধ্যা॥

 পণ্ডিত ৰামকুমাৰ বিদ্যাৰত্ন নামেৰে এজন ব্ৰহ্মধৰ্মপ্ৰচাৰক বঙ্গালীয়ে ব্ৰাহ্মধৰ্ম প্ৰচাৰ কৰিবৰ নিমিত্তে অসমৰ জিলাই জিলাই বক্তৃতা দি ফুৰিছিল। বিদ্যাৰত্ন “সাধাৰণ ব্ৰহ্ম-সমাজৰ’’ প্ৰচাৰক আছিল। তেওঁ স্থুলোদৰ আৰু দীৰ্ঘশ্মশ্ৰুবিশিষ্ট আছিল। বাস্তৱিকতে তেওঁৰ ডাঢ়িকোছা ইমান দীঘল আছিল যে এহেজাৰৰ ভিতৰত ন-শ নিৰান্নবইটা মানুহৰ মুখত তেনে দীঘল ডাঢ়িৰ হাবি সতকাই বিচাৰি পোৱা নাযায়। হেনো ধুবুৰীতে নে গুৱালপাৰাতে—মোৰ মনত নাই—বিদ্যাৰত্নৰ সুদীৰ্ঘ শ্মশ্ৰুকে লক্ষ্য কৰি, এজন অহৌবলীয়া হিন্দুৱে, হিন্দু ধৰ্মৰ বিপক্ষে তেওঁৰ বক্তৃতা শুনি, বক্তৃতাৰ সভাতে থিয় হৈ ভৰিৰে মাটিত গেৰোহনি মাৰি, বিদ্যাৰত্নৰ বক্ততাৰ সুৰতে সুৰ মিলাই, হাত-মূৰ জোকাৰি চিয়ঁৰি কৈছিল—“লম্বা লম্বা ডাঢ়ি লইয়া যাঁহাৰা বক্তৃতা কৰিতে আসেন, তাঁহাদেৰ বুকে পদাঘাত! মাথায় পদাঘাত!’’ শিৱসাগৰৰ ইংৰাজী স্কুলঘৰতে বিদ্যাৰত্নই ব্ৰাহ্মধৰ্মৰ বিষযে বঙ্গলা ভাষাৰে এটা ডাঙৰ বক্তৃতা দিলে। সেই বক্তৃতাৰ পিছত শিৱসাগৰীয়া ডেকা ল’ৰা আৰু স্কুলীয়া ছাতৰৰ ভিতৰত এটা উদ্বেগৰ আন্দোলন উঠিল। গতি বিষম দেখি, পিতৃদেৱতাৰ নেতৃত্বত হিন্দু- অভিভাৱকসকল ৰামকুমাৰ বাবুৰ বিপক্ষে থিয হ’ল। আমাৰ হেডমাষ্টৰ ৺চন্দ্ৰমোহন গোস্বামী “ফিলচফাৰ’’ মানুহ, কোনো ধৰ্মকে তেওঁ আমোল নিদিছিল। তেওঁৰ ধৰ্ম মাথোন জ্ঞানোপাৰ্জন। তেওঁ দুই পক্ষৰ মাজত যুঁজ লগাই দি ৰং চাবৰ মনেৰে হিন্দুধৰ্মৰ ফালৰপৰা ব্ৰাহ্মধৰ্মৰ উত্তৰ গাবলৈ, পিতৃদেৱতাৰে সৈতে পৰামৰ্শ কৰি শ্ৰীযুত তুলসীৰাম বৰুৱা পণ্ডিতক তুলি দিবলৈ ঠিক কৰিলে। তুলসীৰাম বৰুৱা শিৱসাগৰৰ নৰ্মাল স্কুলৰ হেডপণ্ডিত আৰু হিন্দুধৰ্মশাস্ত্ৰবিদ। সংস্কৃততো তেওঁৰ ব্যুৎপত্তি আছিল। অসমীষা “হেমকোষ” আৰু “অসমীযা ব্যাকৰণ” ৰচোঁতা সুবিখ্যাত ৺হেমচন্দ্ৰ বৰুৱাৰ তেওঁ ভাষেক। হিন্দুৰ প্ৰাচীন ক্ৰিয়াকাণ্ড আৰু অনুষ্ঠান আদিত তুলসী পণ্ডিত অতি অনুৰাগী মানুহ আছিল। ব্ৰাহ্মণৰ জাত্যাভিমানৰ ষোল অনা দাবী তেওঁৰ “আৰ্জিত’’ সদায থাকে। বঙ্গালী ৰামকুমাৰ পণ্ডিতৰ বক্তৃতাৰ সাদিন- মানৰ পিছত সেই ইংৰাজী স্কুলঘৰতে আমাৰ অসমীয়া তুলসীৰাম পণ্ডিতক হিন্দু ধৰ্মৰ সপক্ষে এখন ৰচনা পঢ়িবলৈ তুলি দিয়া হ’ল। কোৱা বাহুল্য যে ৰামকুমাৰ বাবু সেই সভাত উপস্থিত আছিল। তুলসীৰাম পণ্ডিতৰ ৰচনা পঢ়াৰ ওৰ পৰিলতে ৰামকুমাৰ পণ্ডিতে একেজাপেই উত্তৰ দিবলৈ উঠিল, আৰু লগে লগে সিংহনাদেৰে মেদিনী কঁপাবলৈ ধৰিলে। তেওঁৰ বক্তৃতাৰ চিয়ঁৰে শ্ৰোতাসকলৰ কাণ তাল মাৰিলে। পণ্ডিত বিদ্যাৰত্নই পণ্ডিত বৰুৱাৰ বক্তৃতাৰ যুক্তি-তৰ্ক কিমানদূৰ খণ্ডন কৰিছিল, ক’ব নোৱাৰোঁ, কাৰণ সেই ফালতকৈ তেওঁৰ চিয়ঁৰ-বাখৰ আৰু হাত-মূৰ জোকাৰৰ ফালেহে মোৰ ঘাইকৈ মন আছিল। কেনেকৈ চিয়ঁৰি-বাখৰি, হাত-মূৰ জোকাৰি, [ ৬৮ ] কথা ফেনাই ফেনাই কোৱাকে কৈ, বঙ্গালী বক্তাই বক্তৃতা দিয়ে সেইটোহে মই ভালকৈ নিৰীক্ষণ কৰি লৈছিলোঁ‌, কাৰণ মোৰ বৰ ইচ্ছা হৈছিল, ময়ো যেন তেনেকুৱাকৈ বক্তৃতা দিব পৰা হওঁ। বাস্তৱিকতে, ইয়াৰ পিছত মোৰ ইচ্ছা সফল কৰিবৰ মনেৰে মই অনেক দিনলৈকে, বাটে-পথে হাবিয়ে-বননিয়ে আৰু; ঘাইকৈ বৰগছৰ তলত থিয় হৈ হাত জোকাৰি, টেঁ‌টু-ফটা চিঞৰেৰে একেটা শব্দকে একেটা বাক্যকে, তাৰ যিমানবোৰ প্ৰতিশব্দ আৰু, অনুৰূপ বাক্য বিচাৰি পাইছিলোঁ সেইবোৰ লগাই দি বক্তৃতা দি ফুৰিছিলোঁ। অৱশ্যে কোৱা বাহুল্য যে বয়োজ্যেষ্ঠসকলক মই অতি সতৰ্কভাৱে দূৰতে পৰিহাৰ কৰি মোৰে নিচিনা বক্তা-যশ-প্ৰাৰ্থী চেঙ্গেৰা বন্ধু দুজন-চাৰিজনক আৰু মৌনী-শ্ৰোতা তৰু-তৃণ বৃক্ষ-বল্লবীক লৈহে মোৰ বক্তৃতাৰ বিৰাট সভা সংগঠন কৰিছিলোঁ।

 ইয়াৰ পিছত শিৱসাগৰত ব্ৰাহ্মধৰ্মৰ বিপক্ষে অসমীয়া হিন্দু ভদ্ৰলোকসকলৰ ৰাগ- দ্বেষাদি ভাব (feelings) প্ৰবল হৈ উঠিল আৰু তেওঁলোক সঙ্ঘবদ্ধ হ’ল। আমাৰ স্কুলত থাৰ্ডমাষ্টৰ শ্ৰীযুত গোপালচন্দ্ৰ ঘোষ যদিও আনুষ্ঠানিক বা দীক্ষিত ব্ৰাহ্ম নাছিল, তথাপি তেওঁ শিৱসাগৰীয় ব্ৰাহ্মধৰ্মৰ পৃষ্ঠপোষক হৈ উঠিল। তেওঁৰ ঘৰতে দেওবৰীয়া ব্ৰাহ্মসমাজৰ অধিবেশন হবলৈ ধৰিলে। এই ব্ৰাহ্মসমাজৰ অধিবেশনলৈ কোনো হিন্দু, অসমীয়া গ’লেই তেওঁ হিন্দু সমাজৰ দ্বাৰাই দণ্ডিত হৈছিল। পিতৃ- দেৱতা এই বিষয়ত বৰ সজাগ আছিল আৰু দুই-চাৰিজন ডেকাক সেই দোষত দোষী পাই, তেওঁ দণ্ডও বিহিছিল। এই নিমিত্তে পিতৃদেৱতাৰ প্ৰতি দণ্ডিতসকলৰ আক্ৰোশ জন্মিল। তেওঁলোকৰ ভিতৰত ষড়যন্ত্ৰ চলিল, কেনেকৈ তেওঁলোকে পিতৃদেৱতাক জব্দ কৰিব পাৰে। আগেয়ে কৈ আহিছোঁ যে শ্ৰীনাথ ককাইদেও হোজা স্বভাৱৰ ল’ৰা আছিল। চৰকাৰী আলিৰ কাষতে গোপাল বাবুৰ ঘৰ। এদিন গোপাল বাবুৰ ঘৰত ব্ৰাহ্মসমাজৰ বক্তৃতা হৈ থাকোঁতে বাটেদি শ্ৰীনাথ ককাইদেও গৈছিল। সঁ‌চা-মিছা ক’ব নোৱাৰো তেওঁ হেনো কৌতুহলৰ বশবৰ্তী হৈ বাটৰপৰা এফলীযা কাটি ক্ষন্তেক থিয় হৈ ব্ৰাহ্মসমাজৰ বক্তৃতাত কাণ দিছিল। এই ৰৌটোকে ঢৌটো কৰি দণ্ডিতাগ্ৰজসকলৰ ফালৰপৰা পিতৃদেৱতাৰ আগত অভিযোগ উপস্থিত কৰা হ’ল যে তেখেতৰ পুতেক শ্ৰীনাথেই অমুক দিনা গোপাল বাবুৰ ঘৰৰ ব্ৰাহ্মসমাজত যোগ দিছিল। দেউতাই এই অভিযোগ শুনি পুতেকৰ supposed অথাৎ কল্পিত কাৰ্যৰ দ্বাৰাই নিজক অত্যন্ত অপমানিত বোধ কৰি, তেতিয়াই শ্ৰীনাথ ককাইদেওক মাতি আনি ধৰি বেতেৰে বৰকৈ কোবাই দিলে। বেচেৰা শ্ৰীনাথ ককাইদেৱে আত্মসমৰ্থনৰ অৰ্থে যি ক’বলৈ গৈছিল, সেই কথা তেওঁৰ মুখতে থাকিল আৰু বাজ হবলৈ নাপালে। বপুৰাই বিনা দোষতে মাৰ খালে।

 বছৰদিষেকৰ মূৰত ব্ৰাহ্মধৰ্মৰ প্ৰতি গোপাল বাবুৰ নিষ্ঠা উতি গ’ল, তেওঁ ব্ৰাহ্মৰ মোটটো সলাই পেলাই দি আকৌ হিন্দু সমাজত সোমাল। সিফালে কলিকতাত পণ্ডিত ৰামকুমাৰ বিদ্যাৰত্নৰো তথৈবচ। তেওঁ ৰামানন্দ স্বামীয়েই কি আন কিবা এটা [ ৬৯ ] “আনন্দ” লগোৱা “স্বামী’’ নাম লৈ, হিন্দু “গুৰু মহাৰাজ’’ হৈ বঙ্গদেশত শিষ্য-শিষ্যাণী ভজাই সুখ আৰু সন্মানেৰে জীৱিকা উপাৰ্জন কৰিবলৈ ধৰিলে। ৰামকুমাৰ বিদ্যাৰত্নই “উদাসীন সত্য-শ্ৰৱাৰ আসাম-ভ্ৰমণ” নামেৰে এক সুপাঠ্য কিতাপ বঙলা ভাষাত ৰচনা কৰিছিল।

 অসমৰ সুযোগ্য সন্তান শ্ৰীযুত মাণিকচন্দ্ৰ বৰুৱা আৰু সুবিখ্যাত আনন্দৰাম ঢেকীয়ালফুকনৰ পুতেক অন্নদাৰাম ঢেকীয়ালফুকনে “বৰুৱাফুকন ব্ৰাদাৰ্ছ’’ নাম দি গুৱাহাটীত সাউদৰ ব্যৱসায় খুলিছিল। শ্ৰীযুত ভোলানাথ বৰুৱা (পিছত বিখ্যাত সদাগৰ বি. বৰুৱা) সেই ব্যৱসাষৰ কাঠৰ “বিজনেছ” বিভাগৰ মেনেজাৰ আছিল। “বৰুৱা-ফুকন ব্ৰাদাৰ্ছ”ৰ বেহা-বেপাৰ খুব ডাঙৰভাৱে ভাল ৰকমেই চলিছিল। তেওঁ- লোকৰ সৰু জাহাজ এখনো আছিল। বাস্তৱিকতে য়ুৰোপীয় ধৰণেৰে অসমত বেহা- বেপাৰৰ প্ৰথম পথপ্ৰদৰ্শক (pioneer) বৰুৱা-ফুকন ব্ৰাদাৰ্ছকেই বুলিব লাগে। দুখৰ বিষয় অন্নদাৰাম ঢেকীযালফুকন অকালত কালৰ গৰাহত পৰিল। মাণিকচন্দ্ৰ বৰুৱাৰ জ্যেষ্ঠ ভ্ৰাতা সুবুদ্ধিমান ফটিকচন্দ্ৰ বৰুৱা গৱৰ্ণমেণ্টৰ উচ্চপদস্থ কৰ্মচাৰী আছিল। তেওঁৰ বিচক্ষণ বুদ্ধি আৰু উপদেশ মাণিকচন্দ্ৰৰ ব্যৱসায়ৰ এটা ঘাই ধৰণী- স্বৰূপ আছিল। ফটিকচন্দ্ৰ বৰুৱাৰো অকালতে মত্যু হ’ল। ফটিকচন্দ্ৰ বৰুৱাৰ মৃত্যুত অসম দেশৰ যি ক্ষতি হ’ল, সেই ক্ষতি পূৰাব নোৱাৰা। আৰু বাস্তৱিক পক্ষত ফটিকচন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পিছৰপৰাই মাণিকচন্দ্ৰ বৰুৱাৰ ব্যৱসায়ৰ অৱনতি ঘটিল।

 “বৰুৱা-ফুকন ব্ৰাদাৰ্ছ”ৰ পৃষ্ঠপোষকতাত সুপণ্ডিত হেমচন্দ্ৰ বৰুৱাই গুৱাহাটীৰপৰা “আসাম-নিউচ” নাম দি সাদিনীয়া ইংৰাজী অসমীয়া বাতৰি কাকত এখন উলিযায়। হেমচন্দ্ৰ বৰুৱাৰ কাপৰ গুণত “আসাম নিউচে” অতি শীঘ্ৰে ওখ ঠাই অধিকাৰ কৰিলে। সকলোৱে অতি আগ্ৰহেৰে সেই কাকত লৈছিল আৰু পঢ়িছিল। ইয়াৰ আগৰেপৰা “আসাম-বিলাসিনী” নামেৰে এখন মাহেকীয়া অসমীয়া বাতৰি কাকত আউনীআটি সত্ৰৰপৰা ওলাই আছিল। আউনীআটি সত্ৰৰ অধিকাৰ অশেষ গুণসম্পন্ন প্ৰগাঢ় পণ্ডিত পৰম-বৈষ্ণৱ দণ্ডেদেৱ পুৰুষৰ “আসাম বিলাসিনী” এটি সুকীৰ্তি। কিন্তু “আসাম-বিলাসিনী”ৰ বাক্য-বিন্যাস প্ৰণালী, বিষয-নিৰ্বাচন আদি কাৰ্যই উঠি অহা শিক্ষিত ডেকা তৰপৰ মন হৰণ কৰিব পাৰিছিল বুলি ক’ব নোৱাৰোঁ। তাত অনেক সময়ত ব্যক্তিগত আক্ৰমণে ঠাই পোৱাত প্ৰাচীন সকলৰ মনতো যে সি যথোচিত সমাদৰৰ ঠাই অধিকাৰ কৰিব পাৰিছিল এনে নহয়। সেই নিমিত্তে তেনেকুৱা দোষবিবৰ্জিত,অথচ ৰসাল ভাষাৰে সুলিখিত বৰ্তমান কালোপযোগী “আসাম নিউচ’’ ওলালত সকলোৰে মনত হৰ্ষ হ’ল।

 “আসাম-নিউচ”খন ভালকৈ পঢ়া ৰোগে মোক বৰকৈ ধৰিছিল। কেতিয়া “আসাম-নিউচ’’ আহিব মই বাটলৈ চাই থাকোঁ আৰু এটাইৰে আগেয়ে মই কাকতখন মেলি পঢ়োঁ বুলিলে ঠিক কোৱা নহয়, গিলোঁ বুলিলেহে ঠিক হ’ব। বাস্তৱিকতে “আসাম-নিউচ’’ পঢ়ি তাৰ অসমীয়া লিখাৰ গঢ়ৰ ফালে ভালকৈ মন দিহে প্ৰথমতে মই

[ ৭০ ] অসমীয়া ভাষাত ৰচনা লিখিবলৈ শিকোঁ। “আসাম-নিউচে’’ নিশ্চয় অসমীয়া ভাষাৰ

যুগান্তৰ উপস্থিত কৰিলে। বৰ দুখৰ কথা, কাকতখন ঘাইকৈ ৺হেমচন্দ্ৰ বৰুৱাৰ শাৰীৰিক অসুস্থতাৰ নিমিত্তে দীৰ্ঘকাল স্থায়ী নহ’ল। আজিলৈকে “আসাম-নিউচ”ৰ নিচিনা কাকত এখন অসমত নোলাল।

 অসমৰ গৌৰৱ ৰায গুণাভিৰাম বৰুৱা বাহাদুৰে তেওঁৰ “চৰকাৰী কৰ্ম” জীৱনৰ শেষৰফালে, “আসাম-বন্ধু” নামৰ এখন অসমীয়া মাহেকীয়া কাকত উলিয়াইছিল। সেইকালত কলিকতাবাসী অসমীয়া ছাত্ৰসকলৰ সহায়ত “আসাম-বন্ধু’’ কলিকতাত ছপা হৈছিল। “আসাম-বন্ধু” ও অসমত অসমীয়া মাহেকীয়া কাকতৰ প্ৰথম পথ-প্ৰদৰ্শক আৰু সি অসম আৰু অসমীয়া ভাষাৰ প্ৰকৃত বন্ধুৰূপে দেখা দিছিল। “আসাম- বন্ধু”ৰ পাতত বিদ্বান ৺লম্বোদৰ বৰাৰ কাপৰপৰা ওলোৱা “সদানন্দৰ কলাঘুমটি”, শ্ৰদ্ধাস্পদ শ্ৰীযুত সত্যনাথ বৰাৰ সুন্দৰ কবিতাকেইটি আৰু বুৰঞ্জীবিজ্ঞ ৰাষবাহাদুৰ সম্পাদক ডাঙৰীয়াৰ “আগৰ দিন, এতিয়াৰ দিন”ৰ দৰে ঐতিহাসিক প্ৰবন্ধবোৰে মোৰ মন বৰকৈ আকৰ্ষণ কৰিছিল। দুখৰ বিষয়, “আসাম-বন্ধু” ও সৰহ দিন নাথাকিল। এইটো ক’বই লাগিব যে অসমীযা ভাষাৰ মহাৰথীদ্বয “আসাম-নিউচ” আৰু “আসাম-বন্ধু”ৰেই আধুনিক আৰ্হিত অসমীয়া গদ্য আৰু পদ্য সাহিত্য সৃষ্টিৰ অৰ্থে spadework, কোৰৰ কাম কৰে, অৰ্থাৎ মাটি কুৰি চহাই দিযে। পিতৃদেৱতাই “আসাম-নিউচ” আৰু “আসাম-বন্ধু” বৰ আগ্ৰহেৰে সদায পঢ়িছিল। “আসাম- বন্ধু”ত ওলোৱা কোনো কোনোটো ঐতিহাসিক প্ৰবন্ধত থকা খুঁত দেখুৱাই তেওঁ ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱা ডাঙৰীয়ালৈ চিঠি লেখাও মই দেখিছিলোঁঁ। মুঠতে ইযাকে কওঁ যে, অসমীয়া ভাষাত সকলো অসমীয়াৰ মনোৰঞ্জন কৰি সুললিত, সৰল, ৰসাল, অথচ ওখ শাৰীৰ গদ্য ৰচনা যে হব পাৰে, এইটো “আসাম-নিউচ” আৰু; “আসাম-বন্ধু’’ৱেই প্ৰথমতে দেখুৱালে।

 শিৱসাগৰৰ স্কুলত পঢ়াডোখৰ কালত মই পঢ়াশুনাত চোকা ল’ৰা বুলি কেতিয়াও খ্যাতি নাপাইছিলোঁ। স্কুলীয়া পাঠতকৈ আন আন বাহিৰা বিষয়ত মোৰ বুদ্ধিৰ চোক ওলাইছিল নে নাই ক’ব নোৱাৰোঁ। দেখোতাসকলহে তাৰ বিচাৰক; কিন্তু তেনেবোৰ কাৰ্যত যে মই দহৰ সুদৃষ্টিয়েই হওক বা কুদৃষ্টিয়েই হওক আকৰ্ষণ কৰিছিলোঁ, এইটো হলে ক’ব পাৰে। মই যে পঢ়া-শুনাত স্কুলীয়া চোকা-বুধীয়া ল’ৰাৰ লেখৰ বাহিৰত পৰিছিলোঁ, এই কথা নিশ্চষ স্কুল ঘৰটোৰ চালৰ চ’তি-ৰুৱা, মাৰলি আৰু বেত-সুতৰ গাঁঠিৰে সৈতে হাজাৰডাল খেৰে সাক্ষী ক’বলৈ ওলাব, যদি স্কুলঘৰটোৰে সৈতে সেইবোৰ আজিও টিকি আছে। স্কুলৰ বছেৰেকীয়া “প্ৰাইজ”ৰে সৈতে মোৰ সম্পৰ্ক গো-মাংস আছিল; মাথোন এবাৰ, কেনেকৈ ক’ব নোৱাৰো, সজ্ঞানে নহয়, সুস্থ-শৰীৰে নহয় আৰু আপোন ইচ্ছাতেতো নহয়েই (নিশ্চয by fluke) পঞ্চম শ্ৰেণীতে, মই দৈৱৰ হেঁচোকত হামখুৰি খাই নাইবা পাহৰা ধানৰ ভাত খোৱা পৰীক্ষকৰ পাহৰণিত পৰি কেনেবাকৈ ভটং কৰে তৃতীয় হৈ ওলাই সকলোকে অবাক কৰি দিলোঁ। [ ৭১ ] প্ৰাইজৰ দিনা তৃতীয় প্ৰাইজটো মোৰ হাতত পৰিলত মই লাজত অধোবদন হলোঁ। ভাবিলোঁ, দৈৱই পৰিহাস এনেকুৱাকৈয়ে কৰে। তৃতীয় হবৰ উপযুক্ত ইমানবোৰ ল’ৰা থাকোঁতে, মোক দৈৱই ঠেলি-হেঁচুকি তৃতীয় কৰি দিবৰ মানেটো কি? মানেটো নিশ্চয ৰং চোৱা। মূৰ তুলি এবাৰ লাহেকৈ আমাৰ ক্লাছৰ মাষ্টজনক সুধিলোঁ, “স্যাৰ, সঁচাকৈযে আপোনাসকলৰ কাৰো ভুলত মোৰ এই বিলাই বিপত্তি ঘটা নাইনে?” মাষ্টৰে হাঁহি উত্তৰ দিলে, “কাৰো ভুল হোৱা নাই। এইবাৰৰপৰা তুমি ভালকৈ পঢ়িবা।”

 স্কুলঘৰৰ বাহিৰত মোৰ বুধিটো আঁকোৱালে নোপোৱা হৈ উঠাৰ আৰু ভিতৰত খীণাই-শুকাই চেৰেলা হৈ যোৱাৰ অৱশ্যে যে কোনো কৈফিযৎ নাই, এনে নহয। কৈফিযৎ অনেক। সৰুৰেপৰা মই মুকলি আকাশ আৰু মুকলি বতাহৰ তলত বঢ়া মুকলিমুৰীযা ল’ৰা, চাৰি বেৰেৰে বন্ধ ঘৰে, জপোৱা দুৱাৰে আৰু নিয়ম-কানুনৰ জিঞ্জিৰিযে মোক সমূলি নুশুজে। স্কুলত অগত্যা বহি থাকোঁতে, এফালে মোৰ মনে মোক ফুচফুচাই সোধে—“বতাহে তোমাৰে সৈতে উমলিবলৈ তোমাক বাহিৰলৈ মাতিছে , ওলাই নাহা কেলৈ?” “ৰ’দে তোমাক ৰিঙিযাব লাগিছে; নোযোৱানে?” “বোলোঁ দেখা নাইনে, আলিবাটৰ গছে তোমাক হাতবাউলি দি মাতি কোলা মেলি বহি আছে, ইযাত বোদ্‌ বোদ্‌ কৰে বহি কৰিছা কি?” “সৌৱা চাই পঠিওৱাচোন তোমাৰ বান্ধৱ দিখৌৱে কেনেকৈ কোনোবা ধুবুৰীলৈ বৈ যাব লাগিছে; তোমাৰ দেখোন উমঘামেই নাই?” “বৰপুখুৰীয়েও তোমালৈ বুকু পাতি ৰৈ আছে , তুমি বাৰু ল’ৰাটো দেখিছোঁ , বোলো বেলি কৰিছা কিয?”—আনফালে, দেখিবলৈ মন নোযোৱা মাষ্টৰে হাতত কঠুৱা কিতাপ লৈ মোক সোধে—“Spell Valetudinarian?” “What is the masculine gender of heifer?” “where is Podopopol?” “Define gulf-stream ” মোৰ দুই নাৱত দুই ভৰি; মই কৰোঁ কি?

 ইয়াৰ উপৰিও আৰু এটা ডাঙৰ কৈফিযৎ আছে, যাৰ বিৱৰণ তলত দিলোঁ— স্কুলীয়া পাঠৰ চৰ্চাতকৈ আমাৰ ঘৰৰ ল’ৰাবোৰৰ, ঘাইকৈ মোৰ ককাইদেও শ্ৰীনাথৰ, ধৰ্মকাৰ্য্যৰ চৰ্চাত অত্যন্ত বেছি সময় ব্যয হৈছিল। তলত দিযা আমাৰ দৈনিক কাৰ্যৰ তালিকা দেখিলেই এই কথা স্পষ্ট হব।

 (১) আমি পুৱা শুই উঠিযেই নিত্যকৰ্ম কৰি শুচি-সংযম হৈ, দেউতাৰ গোসাঁই- পূজালৈ ফুল তুলিবলৈ ফুলনিবাৰীত সোমাওঁ। একো একো দিনা, আমাৰ ফুলনিবাৰীৰ ফুল তুলি শেষ কৰি, উৎসাহৰ কোবত গৈ ওচৰ-চুবুৰীয়াৰ ফুলনিবাৰীতো সোমাই ফুলনিবাৰী মহটিয়াই ফুলৰ শৰাধ কৰোঁ; কাৰণ, কুকি ভৰাই একুকিকৈ ফুল আনিলেহে মোৰ মনে মোক “বাহ্‌বা“ দিযাটো যেন লাগিছিল। ফুল তোলা হলে, হাত-ভৰি ধুই, স্কুলৰ কিতাপ আগত লৈ বহোঁ , আৰু আগত লোৱা কিতাপ আগতে থাকে, মোৰ মনে ত্ৰিভূৱন ভ্ৰমে। সেই কিতাপেৰে সৈতে মোৰ মনৰ সম্বন্ধটো তেল আৰু পানীৰ সম্বন্ধ। [ ৭২ ]  (২) ৯ বাজিলেই, কিতাপৰূপী তেল সামৰি থৈ সৰিয়হৰ তেল গাত ঘঁহি পুখুৰীলৈ যাওঁ আৰু পুখুৰীৰে সৈতে জলক্ৰীড়া কৰি আহি গোসাঁইঘৰ মচিবলৈ সোমাওঁ। হৰি-মন্দিৰ মাৰ্জন পুণ্য কাৰ্য্য, অব্ৰাহ্মণ চাকৰক গোসাঁইঘৰত সোমাই সেই কাৰ্য্য কৰিবলৈ দিয়া নহয়।

 (৩) মন্দিৰ-মাৰ্জন শেষ কৰি, দেউতাৰ পূজাৰ সঁজুলি–তামী-অৰ্ঘ্য, থাল, চন্দনৰ খুৰি আদি ধুই-মাজি চাফ্ কৰি সেইবোৰ পূজাৰ ঠাইত সজাই থওঁ; জাতি-চন্দন পিহি চন্দনৰ খুৰিত থওঁ।

 (৪) ইয়াৰ পিছত গোসাঁই-ঘৰতে বহি পুৱাৰ প্ৰসঙ্গৰ গীত-ভটিমা গাই, তাল লৈ প্ৰসঙ্গ আৰম্ভ কৰোঁ। কুলপীয়া আৰু ধৰি গোৱা, ঘোষা গোৱা শেষ হ’লে, এজনে কীৰ্তন পুথি মেলি বহি কীৰ্তন দিয়ে। শ্ৰীনাথ ককাইদেৱে তাল লৈ নাম লগোৱা হ’লে, কীৰ্তন-ঘোষা দিবলৈ মই বহোঁ আৰু, vice versa অৰ্থাৎ মই নাম লগোৱা হ’লে তেওঁ কীৰ্তন দিবলৈ বহে। একো একোদিনা আন আন ককাইদেওসকলেও এই বাব লয়। দুটা কীৰ্তন-ঘোষাৰ অন্তত প্ৰসঙ্গৰ সামৰণি মৰা হয়। প্ৰসঙ্গৰ শেষত কীৰ্তন ঘোষা দিওঁতাজনে ৰত্নাৱলী পুথিৰপৰা সুৰ ধৰি পাঠ পঢ়ে, আৰু অলপ পঢ়ি ওৰ পেলাই, দুইজনা মহাপুৰুষৰ বা বদুলা আতাৰ চৰিত্ৰৰপৰা এটা ঘটনা বা কথা সংক্ষেপকৈ কয়; ইয়াকে চৰিত্ৰ তোলা বোলে। ইয়াৰ পিছত প্ৰসঙ্গ সাৱশেষ কৰি থাপনাৰ ফালে সেৱা কৰা হয়, আৰু, আশীবাদ দিব জনা এজনে আশীবাদৰ দীঘল “গৎ” মাতি আশীৰ্বাদ দিয়ে। ইষাৰ আগেয়ে কোনো কোনো দিনা প্ৰসঙ্গৰ মাজত দেউতাৰ পূজা শেষ কৰি নিজেই কীতন-ঘোষা দিবলৈ বহে।

 (৫) পুজা-সেৱা নাম-প্ৰসঙ্গ আৰু, আশীৰ্বাদ দিয়াৰ অন্তত উঠি কাঁহ, ঘণ্টা, শঙ্খ আৰু ডবা থাকিলে ডবা বজোৱা হয়। তৎপশ্চাৎ, তপতে তপতে লৰালৰিকৈ ভাত এগাল গিলি, কাপোৰ কানি পিন্ধি আমি কুললৈ লৰ ধৰোঁহক।

 (৬) আবেলি চাৰি বজাৰ পিছত আমি স্কুলৰপৰা আহি, স্কুলীয়া অপবিত্ৰ কাপোৰ-কানি সুকীয়াকৈ এফালে থৈ দি পুখুৰীত জোবোৰা শুচি হৈ আহি জলপানত বহোঁ। আমি স্কুলৰপৰা অহাৰ আগেয়েই তিনিমান বজাত দেউতাই বিয়লিৰ প্ৰসঙ্গ কৰে। দেওবাৰৰ দিনা বা যিদিনা আমি স্কুললৈ নাযাওঁ, আমিয়েই সেই প্ৰসঙ্গ সমাপন কৰোঁ।

 (৭) জলপান খাই উঠি আমি অলপ পৰ আমাৰ টোলৰ ভিতৰতে ইফাল-সিফাল কৰোঁ; আৰু, পাঁচমান বজাৰ আগতে, দেউতাৰ পুৰাণ-পাঠ নাইবা ভাগৱত-পাঠলৈ আমাৰ ডাক পৰে। আমি চৰাঘৰৰ মাজতে ঠাই মচি, পুথি আনি ঠগাত সজাই থৈ, আসন পাৰি দি শ্ৰোতা-শ্ৰেণীভুক্ত হওঁ। এই “আমি”ৰ বহুবচনত্ব, মাথোন বাহিৰৰ দুই-এজন শ্ৰোতাৰে সৈতে মোক আৰু শ্ৰীনাথ ককাইদেওক লৈ সিদ্ধ হৈছিল।

 (৮) সন্ধ্যা লাগি অহাৰ সময়ত পুৰাণ যা ভাগৱত পাঠ বন্ধ হয় আৰু আমি ভৰি-হাত ধুই লৰি গৈ গোসাঁইঘৰত বন্তি লগাই, শঙ্খ, ঘণ্টা, ডবা, কাঁহ বজাবলৈ ধৰোঁ [ ৭৩ ] আৰু পিতৃদেৱতায়ো সেই কাৰ্যত যোগ দিয়ে। শঙ্খঘণ্টা বজোৱাৰ অন্তত, মুখে মুখে স্তোত্ৰ পাঠ কৰি, সকলোৱে আঁঠু কাঢ়ি থাপনাৰ ফালে সেৱা কৰোঁহক। ইয়াৰ পিছত দেউতা ওলাই আহি ইফালে-সিফালে অলপ ফুৰিবলৈ যায়; আৰু আমি—

 (৯) গুণমালা-ভটিমা গাবলৈ বহোঁ। গুণমালা-ভটিমা গোৱাৰ পিছত আমি ল’ৰাবোৰে ল’ৰানাম গাবলৈ বহোঁ আৰু এঘণ্টামানৰ পিছত সেই নাম শেষ কৰি উঠি আহি—

 (১০) পঢ়িবলৈ কিতাপ মেলি লওঁ। কিতাপ আগত লৈ কোনোৱে অলপ-অচৰপ পঢ়ে, কোনোৱেবা কলমটিয়ায আৰু কোনোৱেবা কিছুমান বেলিৰ পিছতে, কিতাপৰ ওপৰতে, তেল-বিযলী কৰি থোৱা মূৰটো থৈ, হাঁহ-শোৱাদি পঢ়াশুনাৰে সৈতে টালি- বাজি কৰে।

 (১১) ৰাতি ১০ মান বজাত আমি গা ধুবলৈ যাবলৈ ৰান্ধনিঘৰৰ পৰা খবৰ আহে। আমি বুকুত বান্ধি লৈ বহি থকা দুই বন্ধু টোপনি আৰু এলাহক অতি কষ্টে বিসৰ্জন দি পঢ়া ঠাইৰপৰা উঠি গৈ, জাৰেই হওক বা জহেই হওঁক, পানী তপতেই হওক বা চেঁচাই হওঁক, হুৰ হুৰ কৰে গাত ঢালি দিওঁ আৰু সেহাই ফোঁপাই গা মচি, ধুতি-চুৰিয়া পিন্ধি গোসাঁইঘৰ সোমাই, তাত লৈ ৰাতিৰ প্ৰসঙ্গ আৰম্ভ কৰি দিওঁ। ৰাতিৰ প্ৰসঙ্গত নাম-লোৱা ভকতৰ লেই সৰহ হয়। পুৱাৰ দৰেই, দেউতাই বা আন এজনে কীৰ্তন-ঘোষা মেলি কীৰ্তন দিয়ে আৰু অন্তত পাঠ পঢ়ি আৰু চৰিত্ৰ তুলি প্ৰসঙ্গ শেষ কৰে।

 (১২) ইযাৰ পিছত ৰাতিৰ সাজ ভাত খাবলৈ মজিয়াত বহা হয়। ভাত খাওঁতা- সকলেৰে মজিয়া প্ৰায় ভৰি পৰে।

 (১৩) ভাত খাই উঠি আমি আকৌ বৰে-সৰুৱে মিলি গোসাঁই-ঘৰৰ টুপত শেহ-নাম গাবলৈ বহোঁ। সেই নাম সমাপন কৰোঁতে ৰাতি এঘাৰ-বাৰ বাজে। এইখিনিতে কোৱা যাওক যে, যদিও আমাৰ চৰাঘৰত সদায ডাঙৰ ঘড়ী এটাই টিক্‌ টিক্‌ কৰে গৈ আৰু ঢং ঢং কৰে বাজি তাৰ কৰ্তব্য কৰি গৈছিল, তথাপি আৰু তাক আমাৰ খোৱা-বোৱা আদিৰ সময়ত হস্তক্ষেপ কৰিবলৈ নিদিছিলোঁ। তাক আঁৰি থৈছো, খাবলৈ “দম” দিছোঁ, বচ্‌। আৰু সি কিবা বিচাৰিলে শুনিব কোনে?

 (১৪) ইয়াৰ পিছত দেউতাই অলপ ভৰি চলাই, ঘোষা গাই গাই আহি বৰঘৰৰ টুপৰ মুকলি খোঁটালী এটাত শোৱে। জাৰকালি হ’লে দেউতাৰ চালপীৰাৰ ওচৰতে আফিঙৰ বহল পেৰা এটাত মাটিজুহাল কৰি লোৱা হয় আৰু কাষতে দুজন-চাৰিজন ভিতৰুৱাল মানুহ আহি বহি জুই পাৱায়। সেই সময়ত দেউতাৰ ভৰিত লগুৱা এটাই তেল-টেঙা ঘঁহে আৰু ভৰি পিটিকে; আৰু ময়েই বা শ্ৰীনাথ ককাইদেৱে মহাভাৰত বা ৰামায়ণ মেলি লৈ জাত লগাই পঢ়িবলৈ বহোঁ। মোৰ পুথি পঢ়া দেউতাই শুনিবলৈ ভাল পাইছিল দেখি, সেই বাবটো মোৰ গাত বৰকৈ পৰিছিল। পুথি শুনি থাকোঁতেই

দেউতাৰ চিল্‌মিল্‌কৈ টোপনি আহে আৰু সেই টোপনি গভীৰ হোৱা আমি গম পালেই [ ৭৪ ]
৭০
মোৰ জীৱন-সোঁৱৰণ

আৰু যদি সেই কাকতালীয়-সংযোগ ঘটি পুথিৰো একাধ্যা পৰে, তেন্তে লাহেকৈ পুথিখন সামৰি থৈ শুবলৈ যাওঁ। কেতিয়াবা এনে সংযোগ সুবিধা লব খোজোঁতেই, দেউতাই “তাৰ পিছত” বুলি মাত লগাই ৰস-ভঙ্গ কৰি দিয়ে; আৰু মনে মনে কপালকে দুষি আকৌ একাধ্যা পঢ়িবলৈ আৰম্ভ কৰিব লগীযাত পৰোঁ। আচৰিত মানিবলগীয়া কথা যে নাম-প্ৰসঙ্গ পূজা-সেৱাৰ এনে ধুমেও আমাক নাটিছিল। ইয়াৰ উপৰিও আমি ল’ৰাবোৰ আমাৰ পুখুৰী-পাৰতে ফুলনীবাৰীৰ মাজত সৰু (toy) গোসাঁইঘৰ এটা সাজি লৈছিলোঁহক; আৰু তাতো ডাঙৰ গোসাঁইঘৰৰ সমানে সমানে জোৰ মাৰি নাম- প্ৰসঙ্গ পূজা-সেৱা চলাইছিলোঁহক। দেওবাৰে বা আন কোনদিনা কোনো পৰ্বোপলক্ষত স্কুল বন্ধ হলে, মই সময় পালেই অসমীয়া পুথি নকল কৰিছিলোঁ। ডাঠ তুলাপাত কাটি পুথিৰ পাত কৰি তাক হাইতালেৰে বোলাই লৈ, কুট দি সমানকৈ শাৰী কাটিবলৈ বাঁহৰ চলি এটা কাটি কুট দি শাৰী কাটি লৈ আৰু গৰুৰ মুত, শিলিখা আৰু লোহোৰাৰ ছাইৰে মহী প্ৰস্তুত কৰি লৈ মই পুথি লেখিছিলোঁ। শ্ৰীশঙ্কৰবিৰচিত একাদশ স্কন্ধ ভাগৱত পুথি দুখন মই সম্পূৰ্ণকৈ লেখি পুথি থবলৈ নিজ হাতে কাঠৰ পেৰা দুটা কৰি তাত পুথি দুখন থৈছিলোঁ। সেই পুথি দুখন সম্ভৱতঃ এতিয়াও আমাৰ শিৱসাগৰৰ ঘৰত আছে। এনে অৱস্থাৰ অন্তৰালত থাকিও যে মই বগুৱা বাই এণ্ট্ৰেঞ্চ ক্লাছ পাইছিলোঁগৈ সেইটোহে আচৰিত। কোনে প্ৰচাৰ কৰি দিছিল কব নোৱাৰোঁ, তেতিযা শিৱসাগৰত প্ৰায় সকলোৰে মনত এনে ধাৰণা আছিল যে ছাতৰ এণ্ট্ৰেঞ্চ ক্লাছত দুবছৰ থাকিলেহে সি allow হবলৈ অৰ্থাৎ এণ্ট্ৰেঞ্চ পৰীক্ষা দিবলৈ যাবৰ যোগ্য হয। এনে বিশ্বাসৰ বশৱৰ্তী হৈযেই সেই কালত প্ৰাযবোৰ ছাতৰে এণ্ট্ৰেঞ্চ ক্লাছত উঠিয়েই, এবছৰলৈ পঢ়াশুনাৰ গুৰি বঠাখন এৰি দি, ৰং-ধেমালিত উটি গৈছিল। বাস্তৱিকতে সেই দেখিযেই এবছৰীযা ছাতৰ allow নহৈছিল। একেই মই বঢী নাচনিয়াৰ, তাতে যেতিয়া এণ্ট্ৰেঞ্চ ক্লাছত উঠি এই নাতিনীৰ বিয়া দেখিলোঁ, মোক আৰু পায কোনে? মোৰ পঢ়া-শুনাই মোক চা মোক চা কবি ডেও দিবলৈ ধৰিলে; আৰু মই মোৰ কিতাপ-পত্ৰবোৰ বৰ-চাঙত তুলি থৈ দি নিশ্চিন্ত হলোঁ। ফলত সম্পূৰ্ণ এবছৰ মোৰ নপঢ়া-নুশুনা নামৰ ৰূপহী মদাৰ জোপা জক্‌মকীয়া হৈ ফুলিল, তল ভৰি সৰিল আৰু গুৰু-ভকত ক’তো তাৰ ফুল এপাহি নালাগিল।

 দ্বিতীয় বছৰ মই যুৱলি কান্ধত ললোঁ। পণ্ডিত হবৰ মনে “ছেকেণ্ড লেংগুইজ” সংস্কৃত ললোঁ। আমাক সংস্কৃত পঢ়োৱা পণ্ডিতজন যে সংস্কৃতত পৈণত আছিল, এনে মনে নধৰে। মই তেওঁৰ তলত সংস্কৃত পঢ়িবলৈ ধৰিলোঁ; মোৰ বিদ্যাৰ “দৌৰ” দেখি তেওঁ আশ্বস্ত হ’ল আৰু ময়ো ভাবিলোঁ যে মই খুব সংস্কৃত শিকিলোঁ। কিন্তু দুখৰ কথা কি কম আনবোৰ বিষযত চুচৰি-বাগৰি “পাছ” হৈও, সংস্কৃতত দিলো মাৰি ডাঙৰ “ফেল।” অথচ মই ভাবিছিলো যে সংস্কৃতত মই এজন মহামহোপাধ্যায় হৈ উঠিছিলো।

 এইবাৰ মোৰ লগৰীয়া জনচেৰেক এণ্ট্ৰেঞ্চ পৰীক্ষাত উঠি কলিকতাত পঢ়িবলৈ গ'ল। [ ৭৫ ] আৰু মই থাকিলো দাঁত চেলাই পৰি। মনত এনে ধিক্কাৰ লাগিল আৰু কি কম! দৃঢ়সঙ্কল্প কৰিলো, যে অহা বছৰত মই ভালকৈ মন দি পঢ়ি এণ্ট্ৰেঞ্চ পৰীক্ষাত উঠিমেই উঠিম। আমাৰ ঘৰত পঢ়িবলৈ বহিলে নানা বাধা-বিঘিনি ওলাই মোৰ মন বিক্ষিপ্ত কৰে, সেইদেখি মই মনক এশিকা দিবৰ নিমিত্তে, আমাৰ ঘৰৰ ওচৰতে থকা ৰাজহুৱা নামঘৰত মনে মনে বহি পঢ়িবলৈ থিৰ কৰিলো। এই নামঘৰৰ কথা মই আগেয়ে কৈছো। ৰাজহুৱা পূজা-সবাহৰ সময়ত নামঘৰটো সাৰি মচি পৰিষ্কাৰ কৰা হয়, নতুবা সি নিৰ্জন নিস্তদ্ধভাৱে থাকি উদঙীয়া গৰু-ঘোঁৰাৰ বাহ হৈ পৰে। মই নামঘৰটোৰ ভিতৰৰ চুক এটাৰপৰা একাঠুৱা গোবৰ-জাবৰ নিজ হাতে সাৰি অঁতাই লৈ, তাতে স্বহস্ত-গ্ৰথিত কলাঠহুৰাৰ কঠ এখন পাৰি লৈ বহি পঢ়িবলৈ আৰম্ভ কৰিলো। পুৱাই কাউৰীযে কা কৰোতেই উঠি, আগৰ দৈনিক সকলো কাৰ্য কাতি কৰি থৈ মই নামঘৰত পঢ়িবলৈ সোমাওঁ, ঘৰত মোক কোনেও চকুত বাটি দিবলৈকো দেখা নাপায় আৰু স্কুললৈ যাবৰ সময়ত ওলাই গৈ লৰালৰিকৈ গা ধুই, নমোকৈ সন্ধ্যা সামৰি, চকুৱে-কাণে ভাত এগাল গুজি স্কুললৈ লৰ ধৰোঁ।

 শঙ্কৰ মেতোৰৰ গাড়ীৰ কথা আগেয়ে কৈ আহিছো। সি “ৰাতাৰাতি” যেনেকৈ ডাঙৰ মানুহ হৈ উঠিছিল, তেনেকৈ “ৰাতাৰাতি” আকৌ ফকিৰ হ’ল। দৈৱদুৰ্বিপাকত তাৰ গাড়ী-ঘোঁৰা সকলো নাইকিযা হ’ল আৰু ঘৈণীয়েকেও তাক এৰি গুচি গ’ল। মনৰ বেজাৰত শঙ্কৰ আধা-বলীয়া হৈ ফকিৰ হ’ল। তাৰ হাতত সম্বল এখন ফটা কম্বল আৰু এটা ডাঙৰ চিলিম ৰ’ল। সি একো একোদিনা আহি নামঘৰৰ ওচৰতে আমাৰ বাটচৰাত ভাং খাই পৰি থাকিছিলহি। মোক সি নামঘৰত সেইদৰে সোমাই থকাটো লক্ষ্য কৰি থাকি ভাবিলে, মই নামঘৰৰ কোনো এজনা “দেও”। এদিন সি অতি সন্তৰ্পণে গৈ মোৰ আগত দীঘল দি পৰি হাত যুৰি মোক তুতি কৰিবলৈ ধৰিলে। মই অবাক। তাৰ তেনে ব্যৱহাৰৰ মানে মই তাক সুধিলত, সি মোক যি ক’লে, সেই কথা শুনি মোৰ হাঁহিত পেটুনাড়ী ছিগিবলগীযা হ’ল। সি কিন্তু তাৰ বিশ্বাসত অটল। তাৰ ভুল ভাঙিবৰ চেষ্টা কৰিও মই অকৃতকাৰ্য হলো। লাহে লাহে নামঘৰত “দেও” দেখা পোৱা কথা সকলোৰে আগত প্ৰকাশ কৰি দিলে আৰু মোৰ পাঠ-প্ৰকোষ্ঠৰ গুপ্তৰহস্য ভেদ হ’ল। মাতৃদেৱীযে এদিন মোক শঙ্কৰৰ সেই কথা উলিয়াই হাঁহি হাঁহি ক’লে, “বাৰু ভাল হৈছে, তই ভালকৈ মন দি নামঘৰতে পঢ়, তোক কোনেও মাত-বুলি আমনি কৰিবলৈ নিদিওঁ।” যি হওক সেই বছৰতে (খৃষ্টাব্দ ১৮৮৬) শঙ্কৰ মেতোৰৰ দেৱতাই দ্বিতীয় বিভাগত এণ্ট্ৰেঞ্চ পৰীক্ষা “পাছ কৰিলে। মোৰ সৈতে মোৰ সহপাথী, ডিশ্বেশ্বৰ বৰুৱাৰ পুতেক চন্দ্ৰশেখৰ বৰুৱা আৰু হেডমাষ্টৰ চন্দ্ৰমোহন গোস্বামীৰ পুতেক শুভ্ৰেন্দুমোহন গোস্বামীও দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’ল। সেই কালত আজি-কালিৰ দৰে প্ৰথম বিভাগত সৰহ, দ্বিতীয় বিভাগত তাতকৈ তাকৰ আৰু তৃতীয় বিভাগ তাতোকৈ তাকৰ ল’ৰা “পাছ” হোৱা দেখা নগৈছিল। তেতিয়া [ ৭৬ ] প্ৰাসক্ৰমে ইয়াৰ ওলোটা প্ৰকাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিভাগত ছাতৰ উত্তীৰ্ণ হোৱাটোহে প্ৰচলিত ৰীতি আছিল।

 ইয়াৰ পিছত মোক কলিকতাত পঢ়িবলৈ পঠিওৱাৰ কথা লৈ বিষম সমস্যা উপস্থিতি হ’ল। দেউতাৰ ইচ্ছা নাই যে তেওঁ কলিকতাত আৰু এটা ল’ৰাক পঢ়িবলৈ পঠিয়াই হেৰুৱায়; কাৰণ তেওঁৰ মতে আগৰ দুটা ল’ৰাক কলিকতাত পঢ়িবলৈ পঠিয়াই, তেওঁ একৰকম হেৰুৱাইছিল; দেউতাৰ ইচ্ছা, মই অসমতে ওকালতি পৰীক্ষা দি শ্ৰীযুত কালিপ্ৰসাদ চলিহাৰ দৰে উকীল হওঁ। মোৰ কিন্তু প্ৰবল ইচ্ছা যে মই কলিকতাত পঢ়ো। মোৰ ইচ্ছাৰ প্ৰধান সমৰ্থক মই দুজন ককাইদেওক পালো-শ্ৰীযুত বিনন্দ ককাইদেৱে মোৰ বাট-খৰচৰ নিমিত্তে ধন যোগালে। শ্ৰীযুত গোবিন্দ ককাইদেও তেতিয়া গোলাঘাটত আছিল; তেওঁ শিৱসাগৰলৈ আহি মোক কলিকতালৈ পঠিয়াবলৈ দেউতাক বৰকৈ আমনি কৰিবলৈ ধৰিলে। অন্তত মোৰ কলিকতালৈ যোৱাই

থিৰাং হ’ল। [ ৭৭ ]

৷৷সপ্তম আধ্যা৷৷

 কলিকতাৰ কালীঘাটত থাকি মোৰ পঢ়িবৰ দিহা হ’ল। কালীঘাটত হালদাৰ উপাধিকাৰী বঙ্গালী বামুণ এঘৰত মোৰ নিবাসস্থান থিৰ কৰা হ’ল। এনে বন্দবস্তৰ মানে—যাতে মই অসমীয়া ছাতৰৰ “মেছ”ত থাকি জাতৰূপে মোত অৱতাৰ হোৱা শিশুটিক বধ কৰিব নোবাৰোঁ। মই কলিকতালৈ যাত্ৰা কৰাৰ আগতে পিতৃদেৱতাই মোক মাতি আনি ওচৰতে বহুৱাই অনেক সজ উপদেশ দিলে। মই কেনেকৈ নিতৌ গঙ্গাস্নান, সন্ধ্যা, আহ্নিক আদি কৰি আৰু ঘাইকৈ নাম-প্ৰসঙ্গ কৰি চলিব লাগিব আৰু কেনেকৈ স্বাস্থ্য ৰক্ষা কৰিব লাগিব, কোন নৰিয়াত কি দৰব খাব লাগিব ইত্যাদি কথা তেওঁ তন্নতন্নকৈ কৈ সেইবোৰ মোৰ হতুৱাই “নোটবুক” এটাত লেখাই দিলে। সেই মূল্যবান “নোটবুক“টো আজিও মোৰ হাতত আছে। বেজাৰৰ কথা যে তাত থকা উপদেশবোৰৰ সৰহখিনি মোৰ পক্ষে dead letter অফিচত মৰা-চিঠিৰ মৰা শৰ নিচিনা হৈ পৰি আছে মাথোন। মই কলিকতালৈ যাত্ৰা কৰি ওলালোঁ। মোক কলিকতাত দিহা-পোহা লগাই থৈ আহিবলৈ মোৰ লগতে ককাইদেও এজনো ওলাল।

 আমি দুযো কলিকতা পাই, প্ৰথমতে শানকিভাঙ্গা নামৰ ঠাইত অসমীয়া ছাতৰৰ মেছ এটা বিচাৰি উলিয়াই তাতে উঠিলোঁ। এদিন এৰাতি সেই মেছতে বাস কৰি, পিছদিনা কালীঘাটৰ হালদাৰৰ ঘৰ পালোঁগৈ। আগেয়ে কেতিয়াও মই লোকৰ ঘৰত আলহী হৈ থকা নাছিলোঁ। সেই দেখি যদিও হালদাৰৰ ঘৰত মই paying guest অৰ্থাৎ গাঁঠিৰপৰা ধন দি ভাত খাই থকা আলহী হলোঁ আৰু হালদাৰ পৰিবাৰে মোক সুখে-সন্তোষে ৰাখিবলৈ যত্ন কৰিছিল, তথাপি প্ৰথমতে বঙ্গালীৰ ঘৰত অচিনাকি আঞ্জা-ভাতে মোৰ মনত বৰকৈ পীড়া দিবলৈ ধৰিলে। যেতিয়াই দুডাল চাইডাল মৰিচা শাকৰ ঠাৰি, এচিৰা কি দুচিৰা ছাজনাগুটিৰ ডোখৰ- চেৰেকেৰে চৰ্চৰীয়া, এহেতা মগুমাহৰ পানী আৰু ক্ষুদ্ৰ এটুকুৰা মাছেৰে সৈতে মচলা দি ক’লাকৈ ৰন্ধা মাছৰ আঞ্জা আগত লৈ ভাতৰ পাতত বহোঁ, তেতিয়াই মোৰ ঘৰলৈ মনত পৰি চকুৰ পানী ওলায় আৰু জলা আঞ্জাই সেই পানীত পোহ দিয়ে। মোৰে সৈতে ৰাহি-যোৰা নহা এনে আহাৰে ৰুগীযা মোক দুই-চাৰি দিনতে আৰু ৰুগীয়া কৰি পেলালে। মই সুৰেন্দ্ৰবাবুৰ ৰিপন কলেজত নাম লগাইছিলোঁ। দিনৌ ট্ৰেম- গাড়ীত উঠি মই কালীঘাটৰপৰা মিৰ্জাপুৰ ষ্ট্ৰীটস্থ ৰিপন কলেজলৈ পাৰি দিবলৈ ধৰিলোঁ। সেইকালত ট্ৰেমগাড়ীক ঘোঁৰাইহে টানিছিল; আজিকালিৰ দৰে বিজুলীয়ে নহয়। একোপেটকৈ ভাত খাই ডেৰ গুণ গধূৰ হোৱা এট্ৰেম যাত্ৰীক এহাল ঘোঁৰাই প্ৰাণকাতৰে হেকেৰ্‌-পেকেৰ্‌কৈ টানি কলিকতাৰ অফিচ, কাছাৰী, স্কুল, কলেজৰ কাষত উলিয়াই দিয়া কাৰ্য সম্পাদনত, ঘোঁৰা আৰু যাত্ৰী দুই পক্ষ সমানে ভাগৰিছিল। ঘোঁৰাই নিছিল—“সৰু নাৱত বৰ ভৰা। মহাপ্ৰভু ৰক্ষা কৰা।” যাত্ৰীয়ে বুলিছিল, [ ৭৮ ] “হে প্ৰভু! আজি অফিচত বৰচাহাবৰ হাতৰপৰা ৰক্ষা কৰা।” আৰু স্কুল-কলেজৰ ছাতৰে বেজাৰকৈ বুলিছিল—“আজি ক্লাছৰ হাজিৰাত আমাৰ ’পাৰ্ছেন্টেজ’ গ’ল!“

 মোক কলিকতাত পঢ়িবলৈ পঠোৱা-নপঠিওৱা হেঙ্গামে মোক কলেজত ভৰ্তি হোৱাত অনেক দিনৰ পিছ পেলাই দিছিল। কলেজৰ ক্লাছত বহি দেখিলোঁ যে কলেজৰ প্ৰফেছৰে দিযা ক্লাছ লেক্চৰ follow কৰাটো মোৰ পক্ষে অসাধ্য ব্যাপাৰ , অৰ্থাৎ কলেজৰ অধ্যাপকে ছাতৰক পঢ়াই গৈ প্ৰায়বোৰ কিতাপৰ মাজ ছোৱা নাইবা শেহ-ছোৱা পালেগৈ, অথচ মই গুৰিতে। মই পাঠ্য পুস্তকৰ দেশলৈ যাবলৈ গৰুৰ গাড়ী এখনত উঠিছো মাথোন আৰু সিফালে অধ্যাপকে আনবোৰ ছাতৰক লগত লৈ ৰেলৰ ডাক- গাড়ীতে উঠি ভোঁ-ভো কৰে লৰিছে। নৈৰাশ্যেৰে মোৰ মন পূৰ হৈ পৰিল। আন- ফালে মোৰ গাটোও বেয়া লাগিবলৈ ধৰিলে। কঁটীয়া মাহেৰে এমাহমান এইদৰে অনুকল অৱস্থাৰ সৈতে যুঁজি থাকি মই শোট্ মোট্ খাই পৰিলো। মনত বৰ বিচাট্‌ লাগিল। ভাবিলো, মোৰ কলিকতাত পঢাসোপা আৰু হ’ল। এতিযা ঘৰৰ ল’ৰা ঘৰলৈ উভতি যাব পাৰিলেই মঙ্গল। মোৰ লগৰীযা ককাইদেওজনক সকলোবোৰ দুখৰ কথা ভাঙি কৈ ঘৰলৈ উভতি যাবৰ ইচ্ছা প্ৰকাশ কৰিলো। তেওঁ মোৰ দুৰৱস্থাৰ গঢ়-গতি সোপাকে লক্ষ্য কৰি আছিল; গতিকে তেৱোঁ সেইটোকে সমীচীন বিবেচনা কৰি, সেই কথা জনাই পিতৃদেৱতালৈ টেলিগ্ৰাফ কৰিলে। পিতৃদেৱতাৰপৰা ততালিকে আমাক উভতি যাবলৈ আদেশ দিয়া উত্তৰ আহিল। সেইদিনাই কলিকতাক নেওচা দি আনন্দ মনেৰে আমি দুয়ো শিয়ালদহৰ ৰেলগাড়ীত উঠিলোগৈ। সেই কালত “আসাম- বেঙ্গল ৰেল” নাছিল। যাত্ৰাপুৰ-কাওনিযাইদি সৰু ৰেল, সৰু জাহাজত উঠি আমি ধুবুৰী পালোগৈ। ধুবুৰীত তেতিযা পিতৃদেৱতাৰ নাতিযেক পূৰ্ণানন্দ ছোটচাহাব হৈ আছিল। দেউতাই তেওঁলৈ মোৰ বিষযে টেলিগ্ৰাফ দি থৈছিল; সেই দেখি আমি ধুবুৰী-ঘাট পালতে তেওঁ আমাক নিযাই তেওঁৰ ঘৰতে ৰাখিলে। মোৰ গাৰ ৰোগতকৈ মনৰ ৰোগেহে মোক বেছি পীড়া দিছিল , আৰু কলিকতা এৰি আসামমুৱা হলতে সেই ৰোগ অন্তৰ্ধান হ’ল , সেই দেখি পূৰ্ণনান্দ বৰুৱাই মোক চিকিৎসা কৰাবৰ দিহা কৰোতেই মই মোৰ গা ভাল পাইছো বুলি কৈ সেই দিহা Veto অৰ্থাৎ ৰদ কৰিলো। তিনি-চাৰি দিন তেওঁৰ ঘৰতে থাকি আমি ডাক-জাহাজেৰে শিৱসাগৰৰ ফালে উজাবলৈ ধৰিলো। মোৰ লগৰীয়া ককাইদেওজনে গোলঘাট গৱৰ্ণমেণ্ট কাছাৰীত কাম কৰিছিল, সেই দেখি তেওঁ নেঘেৰীটিঙত নামি গ’ল। মই পিছদিনা দিচাংমুখ পালোগৈ। দিচাংমুখৰপৰা শিৱসাগৰ চহৰ আঠ-ন মাইলমান দূৰ। সেইডোখৰ বাট মই খোজ কাঢ়িযেই গলো, কাৰণ মই যে সেইদিনাই দিচাংমুখ পামগৈ সেই বাতৰি দেউতই নাজানি মোক জাহাজঘাটৰপৰা নিবলৈ ঘোঁৰা পঠিওৱা নাছিল। আজিকালিৰ কথা ক’ব নোবাৰোঁ, সেইকালত ঘোঁৰা বা হাতীৰ বাহিৰে আন যানৰ কথা শিৱসাগৰীয়াই ভাবিবই নোৱাৰিছিল। বৰ ৰ’দ। খোজ কাঢ়ি যাওঁতে যাওঁতে ভাগৰি বাটৰ কাষৰ পুল এটাৰ ওপৰত বহিছিলো। এখন্তেকমান বহি আছো, এনেতে [ ৭৯ ] দিচাংমুখৰ ফালে খোজ লোৱা বঙ্গালী বাবু এজন মোৰ কাষ চাপি অহা দেখিলো। বাবুজনে মৰম পতিযাই মোক সুধিলে, “মশায় কি কলিকাতা থেকে এসেছেন?” মই “আজ্ঞে হা” বুলিলত, তেওঁ ক'লে—“বোধহয় বড় ক্লান্ত হয়ে পড়েছেন। শিৱসাগৰে যদি আৰ কেউ আপনাৰ পৰিচিত লোক না থাকে তাহলে আপনি বাবু অক্ষয় কুমাৰ ঘোষ বলে একজন বাঙ্গালী উকীল আছেন, তাৰ বাসায় গিয়ে উঠবেন। অক্ষয় বাবু বৰ সদাশয় ব্যক্তি। বাঙ্গালীদেৰ জন্য তাৰ অবাৰিত দ্বাৰ।” মই বাবুজনক ধন্যবাদ দি উঠি আকৌ খোজ ললো। কোৱা বাহুল্য যে বাবুজনে মোক বাঙ্গালী বুলি ভ্ৰম কৰিছিল। যি হওক সন্ধ্যা লাগি ভগাৰ সময়ত মই আমাৰ ঘৰত ওলালোগৈ। মোক দেখি দেউতা আৰু আই আনন্দত বিহ্বল হ’ল। তেওঁলোকৰ হেৰোৱা ল’ৰাটো তেওঁলোকে আকৌ পালে। দেউতাই লৰি গোসাঁই-ঘৰলৈ গৈ গোসাঁইক সেৱা কৰি কৃতজ্ঞতা জনালে।

 এইদৰে মোৰ কলিকতাত পঢ়াৰ প্ৰথম পৰ্বৰ ওৰ পৰিল। ইয়াৰ পিছত “টহলৰাম শৰ্মা” হৈ তিনি মাহ শিৱসাগৰত টহলি কটালো; আযে ৰান্ধি দিয়া ভাত খাওঁ, যতনাই দিয়া জলপান বজাওঁ, টৌ টৌ কৰি ঘূৰি ফুৰোঁ, মেলমাৰোঁ আৰু ঘুমটি মাৰোঁ। ওকালতি পঢ়া-ফটা জহৰ্নামে গ’ল। কাছাৰীত কুৰি-টকীয়া চাকৰিত সোমাবলৈ বা এপ্ৰেণ্টিচ্‌ হবলৈকো শৰ্মা একেবাৰেই নাৰাজ। গতিকে ওপৰত লেখ দিয়া কাম- কেইটাৰ বাহিৰে টহলৰাম শৰ্মইি কৰে কি? ভাগ্যে সকলো কথাৰ এটা অন্ত থকাটো বিধতাই কৰি দিছিল , সেই দেখি মোৰো এনে হেদাঙি মেলা জীৱনৰ অন্ত নাথাকি যায কলৈ? তাৰ অন্ত ওলাল। কৰ্মনাশাৰ পানী পি পি মোৰ নিষ্কৰ্মা দিনবোৰৰ পেট ঢকা-ডিঙৰা লাগিল। মোৰ মন আকৌ নৰিয়াত পবিল। ভাবিলোঁ অলপ অসুবিধা ভোগ কৰিয়েই নপঢ়ি কলিকতা এৰি গুচি আহিলো। মই গবয় নে কবয়? এনে হলে দেখোন মই এই সংসাৰত একোকে কৰিব নোৱাৰিম। Better late than never ‘সজ কাম নকৰাতকৈ পলমকৈ কৰাও ভাল, এতেকে মই আকৌ কলিকতাত পঢ়িবলৈ যাম--যি থাকে কপালত। মোৰ এই নতুন সঙ্কল্পৰ কথা, সুবিধা বুজি এদিন পিতৃদেৱতাৰ কাণ চোৱালোঁ। দেখি আচৰিত মানিলোঁ, পিতৃদেৱতাই আপত্তি নকৰিলে। নিশ্চয় তেওঁ মোক এইদৰে নিস্কৰ্মাভাৱে সময় কটোৱা দেখি পেটে পেটে ভাল নাপাইছিল। তেওঁ ভালকৈ দেখিছিল যে ওকালতি পঢ়া বা কুৰি-পঁচিশ টকাত চাকৰি কৰাটোত মোৰ পৰিস্ফুট বিতৃষ্ণা। সেই নিমিত্তে তেওঁ দেখিলে যে মই আকৌ কলিকতাত পঢ়িবলৈ যোৱাৰ বাহিৰে আৰু নান্যঃ পন্থা বিদ্যতে? দেউতাৰ অনুমতি পাই, এইবাৰ “বান্ধিলো মন শিলৰ খুটি, মেলিলো মন ঘোঁৰাৰ ছুটি” কৈ আকৌ কলিকতা ওলালোঁগৈ। কালীঘাটত পৰ-গৃহবাস আৰু কলিকতাৰ ইমূৰত থাকি সিমূৰৰ কলেজত পঢ়িবলৈ পাৰি দিয়াৰ নিচিনা উপসৰ্গবোৰ গঙ্গাৰ জলত বিসৰ্জন দি, ৫৩ নম্বৰ কলেজ ষ্ট্ৰীটৰ বঙ্গালী ছাতৰৰ “মেছ” এটাত থাকিবলৈ দিহা কৰি ললোঁ। হাইকোৰ্টৰ অসমীয়া ট্ৰেঞ্চলেটৰ শ্ৰদ্ধাস্পদ শ্ৰীযুত ৰমাকান্ত বৰকাকতী সেই মেছতে [ ৮০ ] আছিল; ময়ো তেওঁৰ লগতে জাপ খালোঁগৈ। ওচৰতে চিটি কলেজ। ৰিপন কলেজ এৰি চিটি কলেজত নাম লগাই ললোঁ। মই নপঢ়ি বলিয়ালি কৰি উৰি-ফুৰি যি ছমাহ কটাইছিলো, সেই ছমাহৰ ক্ষতিপূৰণ কৰিবলৈ আঁকোৰ-গজালিকৈ মনপুতি লাগিলো। শিৱসাগৰৰ ৰাজহুৱা নামঘৰত সোমাই শঙ্কৰ মেতোৰৰ গোসাঁইৰ পদ লভি এণ্ট্ৰেঞ্চ পৰীক্ষাত উঠিবলৈ লগা সঙ্কল্পই মোক আকৌ পালে। দেখিলো, কলেজ ক্লাছৰ কিতাপবোৰ আন আন ছাতৰে পঢ়ি প্ৰায় শেষ কৰিছে। আৰু ক্লাছৰ অধ্যাপকৰ লেক্‌চৰ বোৰৰো অন্তিম অৱস্থা। কিন্তু Labour omnia Vincit অৰ্থাৎ “যত্ন সৰ্বজয” এই বাক্য সাৰোগত কৰি লৈ মই নডৰি দুগুণ উৎসাহেৰে ঘৰত ভালকৈ পঢ়িবলৈ ধৰিলো। দুমাহমানৰ ভিতৰতে মোৰ ক্ষতিবোৰৰ সৰহভাগ পূৰণ কৰি পেলালো। মই অঙ্কবিদ্যাত (Mathematics) বৰ অপটু আছিলো। এফ্-এ পৰীক্ষা দিবলৈ অঙ্কৰ যি বিদ্যা লাগে সেই বিদ্যাৰ area অৰ্থাৎ ক্ষেত্ৰফলো বৰ কম নহয। সেই বিদ্যাত মই একেবাৰেই বিদ্যাদিগ্গজ বুলিলেই হয়। এতিয়া কৰোঁ কি? ঈশ্বৰে উপায় উলিয়াই দিলে। মোৰ অন্তৰঙ্গ বন্ধু শ্ৰীযুত ঘনশ্যাম বৰুৱা (পিছত অনাৰেবোল ৰাযবাহাদুৰ মন্ত্ৰী ঘনশ্যাম বৰুৱা ডাঙৰীয়া) মোৰ সহায়ক হ’ল। তেওঁ তেতিয়া চতুৰ্থ বাৰ্ষিক শ্ৰেণীত বি-এ পৰীক্ষা দিবলৈ সাজু হৈছিল। সেইকালত কলিকতাত যতবোৰ অসমীযা ছাতৰ আছিল, এটাইৰে ভিতৰতে তেওঁ অঙ্কবিদ্যাত বেছি অভিজ্ঞ আছিল। বন্ধু-বৎসলতা আৰু পৰোপকাৰিতা গুণতো তেওঁ সকলোৰে অগ্ৰণী আছিল। অসমীযা ল’ৰাৰ মেছে মেছে খোঁটালীযে খোঁটালীযে গৈ তেওঁ আপোন ইচ্ছাতে আনন্দ মনেৰে ছাতৰক অঙ্কবিদ্যাত আৰু শক্তি অনুসাৰে আন আন বিষয়তো সহায় কৰাটো তেওঁৰ স্বভাৱৰ এটা অঙ্গ আছিল। সৰুৰেপৰা মই তেওঁৰে সৈতে একেলগে ডাঙৰ-দীঘল হোৱা মৰমৰ বন্ধু; এতেকে তেওঁ যে মেকি অতি আগ্ৰহেৰে অঙ্কবিদ্যা উপাৰ্জনত সহায় কৰিব, তাত বিচিত্ৰ কি? তেওঁৰ স্বাস্থ্য ল’ৰাকালৰেপৰা বেয়া আছিল। কলিকতাত থাকিও তেওঁ তেওঁৰ হেৰোৱা স্বাস্থ্য লাভ কৰিব নোৱাৰিছিল। মই ন দি ক’ব পাৰোঁ, যদি তেওঁৰ স্বাস্থ্য ভাল হ’লহেঁতেন আৰু নিয়মমতে তেওঁ পৰিশ্ৰম কৰিব পাৰিলেহেতেন, অন্ততঃ অঙ্কবিদ্যাত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ এজন নামজলা ছাতৰ হৈ উঠিব পাৰিলেহেঁতেন। সুন্দৰ প্ৰকৃতি, সুমধুৰ ব্যৱহাৰ আৰু পৰৰ নিমিত্তে স্বাৰ্থত্যাগ তেওঁৰ অঙ্গৰ ভূষণ আছিল। মোৰ প্ৰতি থকা তেওঁৰ বন্ধুত্বভাবৰ স্মৃতি মোৰ মনৰপৰা কেতিয়াও অন্তৰ্হিত নহয়।

 কলিকতাত মোৰ পঢ়াৰ খৰচ আমাৰ ঘৰৰপৰা নানো বুলি মই মনতে থিৰ কৰি আহিছিলো। মই গুৰিৰেপৰা কলেজত নিয়মমতে নপঢ়াৰ নিমিত্তে, মোৰ স্কলাৰশ্বিপ অৰ্থাৎ আসাম গৱৰ্ণমেন্টে মোক মাহে কুৰি টকাকৈ দিয়া বৃত্তিটো বন্ধ হৈছিল। চিটি কলেজ গৰাকীসকলে মোৰ হৈ অনেক লেখালেখি কৰি সেইটো উদ্ধাৰ কৰি দিয়ালে। মই একেবাৰেই ছকুৰি কি সাতকুৰি টকা পালো। “কাৰ্যস্বা সাধয়েৎ শৰীৰস্বা [ ৮১ ] পাতয়েৎ” কৰি মই নিশ্চিন্ত মনেৰে পঢ়িবলৈ লাগি গলো। ফলত, মই এফ্‌-এ পৰীক্ষাত উত্তীৰ্ণ হলো। আৰু সেই বাতৰি শুনিহে ঘৰমুৱা হলো।

 ৰায়বাহাদৰ গুণাভিৰাম বৰুৱা ডাঙৰীয়াৰ সহধৰ্মিণী শ্ৰীমতী বিষ্ণুপ্ৰিয়া দেবী আসামৰপৰা আহি তেওঁৰ ল'ৰা-ছোৱালীকেইটিৰে সৈতে, কলিকতাত মাণিকতলা ষ্ট্ৰীটৰ ভেৰোণীয়া ঘৰ এটাত আছিল। মই দ্বিতীয়বাৰ কলিকতালৈ আহি তেওঁলোকৰে সৈতে দেখা কৰিবলৈ গৈছিলো। ৰাষবাহাদৰ ডাঙৰীযাই তেতিয়াও কামৰপৰা অৱসৰ লই নগাও এৰি কলিকতালৈ অহা নাছিল। বৰুৱা ডাঙৰীয়াৰ একো একোটি পুতলা যেন ল’ৰা-ছোৱালীৰে সৈতে কি সুন্দৰ পৰিবাৰটি। তেওঁৰ সাদৰী সহধৰ্মিণীয়ে আদৰসাদৰৰ মাত-কথাৰে তিলেকতে মোৰ শ্ৰদ্ধা আকৰ্ষণ কৰি পেলালে। সম্বন্ধত ডাঙৰীয়ানীৰ মই মোমায়েক হওঁ। তেওঁৰ ঘৰলৈ গলেই তেওঁ “মোমাইদেও ইয়াতে বহক, এইটো খাওক, সেইটো চাওক”, ইত্যাদি আদৰৰ মাতেৰে সদায় মাক বাপেকৰ আদৰ পাই থকা আৰু, ঘৰ এৰি প্ৰবাসত থকা এই home sick অথাৎ নিজঘৰ-কাতৰুৱা ল’ৰাটোৰ নিমিত্তে তেওঁলোকৰ প্ৰবসুৱা ঘৰখন একেবাৰেই নিজা ঘৰ যেন কৰি পেলাইছিল। তেওঁৰ জীয়কে শ্ৰীমতী স্বৰ্ণ লতাই তেতিয়া বেথুন স্কুলত পঢ়িছিল। অসমীযা ছোৱালীৰ পক্ষে সেইটো নতুন কথা। মোৰ আপোন ভনীৰ দৰে স্বৰ্ণৰ সৰল ব্যৱহাৰত মই মদ্ধ হৈছিলো। শ্ৰীমান জ্ঞানদাভিৰাম (এতিয়া জে, বৰুৱা স্কোয়াৰ, বেৰিষ্টৰ-এট্‌-ল, প্ৰিঞ্চিপেল, আৰ্ল-ল কলেজ) তেতিয়া নুমলীয়া সৰু ল'ৰা। তেওঁক মই কোলাত লৈ, বোকোচাত তুলি মৰম কৰি নথৈ সন্তোষ লভিছিলো। তেওঁ গঢ় আৰ, বৰণত হবে, এটি য়ুৰোপীয থোলোকা ল’ৰা যেন আছিল। তেওঁৰ বৰ ককাইদেৱেক কৰুণা আৰু মাজু ককাইদেৱেক কমলাও বগা আৰু দেখনিয়াৰ ল’ৰা আছিল। কি পৰিতাপৰ বিষয়, এনে দুটি ল’ৰা অকালতে পৰলোকলৈ গ'ল। ডাক্তৰ নন্দকুমাৰ ৰায় নামেৰে এজন বিলাতত ডাক্তাৰী পঢ়ি অহা বঙ্গালী ভদ্ৰলোকেৰে সৈতে শ্ৰীমতী স্বৰ্ণলতাক বিয়া দিয়া হৈছিল। দুজনী সৰু ছোৱালীৰে সৈতে স্বৰ্ণলতাক বিধৱা কৰি থৈ ডাক্তৰ ৰায়ো অকালত পৰলোকলৈ গ'ল। বিষ্ণুপ্ৰিয়া দেৱীয়ে “নীতিকথা” নামেৰে নীতিগত কিতাপ এখনি ৰচনা কৰিছিল। মন কৰিবলগীয়া কথা যে পইত্ৰিশ-ছয়ত্ৰিশ বছৰৰ আগেয়ে অসমীয়া ভদ্ৰমহিলা এজনাই শুৱলা আৰু প্ৰাঞ্জল অসমীয়া ভাষাত এনে এখনি গ্ৰন্থ ৰচনা কৰিছিল। ডাঙৰীনী বিষ্ণুপ্ৰিয়া যে বুৰঞ্জীবিজ্ঞ প্ৰবীণ সাহিত্যক “আসাম-বন্ধু”ৰ সম্পাদক সুবিখ্যাত ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱাৰ উপযুক্ত সহধৰ্মিণী—এই কাৰ্যই সেইটোকে ভালকৈ প্ৰমাণ কৰে।

 মই তেতিয়া কলিকতাৰ ৫৩ নম্বৰ কলেজ স্ট্ৰীটৰ অসমীয়া আৰু বঙ্গালী ছাতৰেৰে সান-মিহলি মেছত। এই মেছৰ গাতে লগা ১৪১, প্ৰতাপচন্দ্ৰ চাটুৰ্জীৰ লেনত এটা অবিমিশ্ৰ অসমীয়া ছাতৰৰ মেছ আছিল। শ্ৰীযুত সত্যনাথ বৰা, শ্ৰীযুত দেৱীচৰণ বৰুৱা, ৺কালীকান্ত বৰকাকতী, ৺ঘনশ্যাম বৰুৱা (অনাৰেবোল ৰায়বাহাদুৰ), শ্ৰীযুত ৰাধাকান্ত সন্দিকৈ (ৰায়বাহাদুৰ), শ্ৰীযুত গজানন বৰুৱা, শ্ৰীযুত গোপীনাথ [ ৮২ ] বৰদলৈকে প্ৰমুখ্য কৰি অসমীয়া ছাতসকল এইটো মেছত আছিল। তেতিয়া আসাম সাহিত্যাকাশত “আসাম-বন্ধু” অস্ত আৰ, “মৌ” উদয়। “মৌ” বিলাতৰ কুপৰ্ছহিল কলেজত পঢ়ি অহা শ্ৰীযুত বলিনাৰায়ণ বৰা ইঞ্জিনীয়ৰ চাহাবৰ অসমীয়া মাহেকীয়া কাকত। বৰা চাহাবৰ ভায়েক ৺হৰনাৰায়ণ বৰাৰ গাত “মৌ”ৰ সম্পাদকীয় ভাব নামত, ককায়েক বৰা চাহাবহে সম্পাদক কামত। ১০০ নম্বৰ বহুবাজাৰ ষ্ট্ৰীটৰ ছাপাখানা এটাত “মৌ” ছপা হৈছিল। সুযোগ্য বলিনাৰায়ণ বৰাৰ কাপৰ বলত “মৌ”ৱে প্ৰথমৰেপৰা বঙ্গলুৱা কাকতবোৰৰ দৰে গতানুগতিকভাৱে নচলি, অৰ্থাৎ কলিকতীয়া বঙ্গালীয়ে চলোৱা কাকতবোৰব নেজত ধৰি নগৈ, স্বাধীন চিন্তাৰ বাট ধৰি যাবলৈ ধবিলে। আমি তেতিযা বঙ্গলুৱা কাকতৰ বিদ্যাৰ খুন্দ খোৱা অসমীয়া ছাতৰৰ মোনা। আমাৰ মূৰ মেলি দিলেই বঙ্গলুৱা বিদ্যাৰ মাহ-সৰিয়হ ওলাই পৰে। নতুন কংগ্ৰেছৰ ৰাজনৈতিক মতৰ কমাৰ-শালে আমাৰ মন পৰি ৰঙাকৈ থৈছিল। আমাৰ অচিনাকি আওবাটে “মৌ”ক যোৱা দেখি আমি টিঙিৰি-তুলা যেন হলোহঁক। আৰু আমি যেতিয়া দেখিলো যে কংগ্ৰেছ-বিৰোধী ইংৰাজী “ইংলিশমেন” কাকতত “মৌ”ৰ প্ৰশংসা ওলাল, আমাক আৰু পায় কোনে? আমি প্ৰতাপচন্দ্ৰ চাটুৰ্জীৰ লেনৰ মেছত বহি সভাৰ উপৰি সভা কৰি “মৌ” মাৰিবলৈ কঁকালত টঙালি বান্ধি উঠিলোঁহক। ৺কালীকান্ত বৰকাকতী আৰু ৺মথুৰামোহন বৰুৱাৰ (পিছত “Advocate of Assam” কাকতৰ সম্পাদক) নেতৃত্বত জনচেৰেকে বৰা ডাঙৰীয়াৰ effigy অথাৎ ধানখেৰৰ জুমুধিৰে সজা মূৰ্তি পৰিবলৈ ওলাল। আমি শাঁতি-শুৰ্তি এৰি টাংগটি ওফৰাদি উফৰি ফুৰিবলৈ ধৰিলেহিক। মই আৰু মথুৰামোহনে মহাপৰাক্ৰম প্ৰদৰ্শন কৰি “মৌ”লৈ প্ৰতিবাদ প্ৰবন্ধ লেখি পঠিয়াইছো। প্ৰবন্ধ ছপা হ’ল। বৰা ডাঙৰীয়াই “সম্প্ৰতি কলিকতা-নিবাসী শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাই” বুলি আৰম্ভ কৰি মোৰ প্ৰতিবাদ-প্ৰবন্ধৰ উত্তৰ সেই প্ৰবন্ধৰ লগে লগে ছপাই উলিয়ালে। মনত আছে, আমাৰ “মৌ” মাৰিবৰ চেষ্টা যে ব্যৰ্থ, সেইটো বুজাবলৈ বৰা ডাঙৰীয়াই “মৌ”ত লেখিলে—“যি গছত মৌৱে বাহ লৈছে, সেই গছ হালি নপৰিলে মৌ নমৰে।” কিন্তু দুখৰ বিষয়, আমাৰ misdirected energy অথাৎ কুপথেদি নিয়োজিত শক্তিৰ বলত মৌৱে বাহ সোৱা গছ পৰিল হলি। মৰিল “মৌ”। আমি লৰালি কৰি তেতিযা নজিছিলোঁ যে “মোৰ নিচিনা এনে ভাল কাকত এখন বধ কৰি আমাৰ দেশৰ কি অনিষ্টকে সাধন কৰিলো! সম্ভৱতঃ আমাৰ ওপৰত বিৰক্ত হৈ বৰা ডাঙৰীয়াই তেতিয়াৰেপৰা অসমীয়া ভাষাত লেখা একেবাৰেই এৰি দিলে; কাৰণ তাৰ পিছৰপৰা আজিলৈকে তেওঁৰ কাপৰপৰা অসমীয়াত আৰু একো ওলোৱা আমি দেখা পোৱা নাই।

 ডাঙৰীয়া হৰিবিলাস আগৰৱালাৰ সুযোগ্য পুত্ৰ বধুবৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাই তেতিয়া বোধকৰোঁ, কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ দ্বিতীয় বাৰ্ষিক শ্ৰেণীত এফ-এ পঢ়িছিল। কলিকতাৰ বৰবজাৰত ১০ নম্বৰ আৰ্মেনিয়ান স্ত্ৰীটত তেওঁলোকৰ ব্যৱসায়ৰ নিজা কুঠি অছিল। শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা তাতে থাকি তেওঁলোকৰ [ ৮৩ ] বেহাবেপাৰৰ কাৰ্যৰ তত্ত্বাৱধান কৰিছিল আৰু কলেজতো পঢ়িছিল। যিদিনা প্ৰথমতে তেওঁৰে সৈতে মোৰ চিনা-জনা হয়, সেই দিনাৰপৰাই তেওঁৰ হাঁহিমুখ, মিঠা কথা আৰু মোহন বাৱহাৰে মোৰ মন তেওঁৰ ফালে টানি নিলে। অচিৰতে আমাৰ দুইৰো মাজত বন্ধুতাৰ ঘনিষ্ঠতা সংস্থাপিত হ’ল। তেওঁৰ মনৰ ঢাল সাহিত্য-চৰ্চাৰ ফালে; আৰু মোৰো তথৈৱচ। তেওঁ “জোনাকী” নামেৰে এখন মাহেকীয়া অসমীয়া কাকত উলিয়াবলৈ থিৰ কৰি আমাৰে সৈতে পৰামৰ্শ কৰিলে। মই তেওঁক সেই কাৰ্যত নথৈ উৎসাহ দি “জোনাকী”লৈ প্ৰবন্ধ লেখিবলৈ সাজু হলো। ১৮১০ শকৰ মাঘ মাহত “জোনাকী”ৰ প্ৰথম সংখ্যা ওলাল। সেই সংখ্যাৰেপৰা এবছৰলৈকে লেছাৰি নিছিগাকৈ মোৰ “লিটিকাই” তাত ওলাবলৈ ধৰিলে। একাধাৰে সম্পাদক, কাৰ্যাধ্যক্ষ আৰু স্বত্বাধিকাৰী শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাই “জোনাকী“ৰ নিমিত্তে অশেষ পৰিশ্ৰম কৰিবলৈ ধৰিলে। প্ৰথম সংখ্যাত তেওঁৰ সুলিখিত “আত্মকথা”ই জোনাকীৰ উদ্দেশ্য শুৱলাকৈ কৈ দিলে। “আত্মকথা”ত লেখিছিল, “অসমত কাকতৰ গতি কচুপাতত পানীটুপি’ৰ দৰে। মানুহৰ চেষ্টা অজৰ-অমৰ বুলি জানিহে আমাৰ সাহ , উদ্যোগীষে মৰণ কি ক’ব নোৱাৰে। জীৱনেই হৈছে কাৰ্যশীল, কৰিবলগীয়া কাম কৰিম—ফল লাভ পাছৰ কথা। কামৰ চকৰিৰ তলত বহু মৰেও, জীয়েও; মৰি জীহে সংসাৰৰ কাৰ্য সাধিব পাৰি। আমাৰ উদ্দেশ্য কি অনেকে সুধিব। সম্প্ৰতি ইয়াকে ক’লেই হব যে আমাৰ কাৰ্য দেখি আমাক সকলোৱে বুজিব পাৰিব—আমাৰ কামটি বুজিব নোৱাৰা সাঁথৰ নহয়। ৰাজনীতি আমাৰ “ৰাজ্য“ৰ বাহিৰ, এই পৰাধীন দেশত “প্ৰজানীতি”হে ধৰিবলগীয়া। সাহিত্য, বিজ্ঞান, সমাজ ইত্যাদি আমাৰ আলোচনাৰ বিষয—এইবিলাক সাধ্যমতে বুজিবলৈ আৰু প্ৰকাশ কৰিবলৈ যত্ন কৰিম। “বাদ”, “প্ৰতিবাদ’ আমি আদৰেৰে আমাৰ কোলাত ঠাই দিম। সেইবুলি ব্যক্তিগত নিন্দাক ওচৰ চাপিবলৈ নিদিওঁ। ভাষালৈ আমাৰ বিশেষ চকু থাকিব। অসমৰ আটাই শ্ৰেণীৰ মানুহে যেন আমাক মৰম কৰে তালৈ আমি যত্ন কৰিম। নকৈ উঠি অহা অসমৰ নিমিত্তে আমাৰ আটাই শক্তি ব্যষ কৰিম। এই পাছ পৰি থকা আন্ধাৰ দেশলৈ অলপ ‘জোনাক’ সুমুৱাব নোৱাৰিলেও, যদি নিজে নিজেও যত্নৰ ফিৰিঙ্গতিৰ পোহৰত বাট পাওঁ তেনে আমাৰ শক্তিৰ মিছা ব্যয় হোৱা নাই বুলি ভাবিম। আমি জানো আমাৰ দেশ শিক্ষাত পাছ, জ্ঞানত ভিখাৰী, ধনত দুখীয়া, সংখ্যাবলত শক্তিহীন, স্বাস্থ্যত ৰুগীযা, কামত এলেহুৱা ও পৰাধীন—কিন্তু আমি নিজশক্তি অনুযাষী হৈহে কামত হাত দিব পাৰোঁ। আমি যুঁজিবলৈ ওলাইছোঁ “আন্ধাৰ”ৰ বিপক্ষে। উদ্দেশ্য—দেশৰ উন্নতি “জোনাক”। কিমানলৈ আগ বাঢ়িব পাৰিমহক সেইটো নিজৰ শক্তিচালনা ও সুযোগৰ ওপৰতহে ৰৈ আছে। আটাইযে উঠিপৰি লাগোঁহক, সুযোগও আপুনি ওলাবহি; পাটীত পৰি দিন গণিবৰ সময় নাই। চাৰিওফালে হুৰহুৰাই “কাম” চলিছে—অসমীযা বহি থাকিবনে? এই ভাপ-নাও, ভাপ-ৰথ, বিজুলী-ডাকৰ দিনতো যদি হাত-ভৰি কোঁচাই বহি থাকোঁহক, তেনে আৰু আগ বাঢ়ি যোৱাসকলৰ লগ [ ৮৪ ] ধৰিবলৈ আশা কৰিব নোৱাৰি। আমি নিজকে নিজে “যোগ্য” নকৰিলে অন্যে কৰি নিদিয়েহি। এই সংসাৰেই হৈছে যোগ্যৰ ঘৰ। অযোগ্য অধঃপাতলৈ যাব—Survival of the fittest—পাঠকে দায় নধৰিব, এইখিনিতে সুন্দৰ ইংৰাজী কথা এফাকি তুলি দিলো, তাৰ অৰ্থ ওপৰত দিয়া হৈছে। তুঁহৰ জুইৰ দৰে অসমীয়াৰ “তেজ“ আৰু উৎসাহ এতিয়া ভাগ্যৰ জাপৰ তলত লুকাই আছে—এবাৰ ভমকাই উঠিবই উঠিব।

 এবাৰ বঙ্গদেশৰ বৰ্দ্ধমানত বহা ‘প্ৰভিঞ্চিয়েল কনফৰেঞ্চ’ত সুপ্ৰসিদ্ধ বেৰিষ্টাৰ এ. চৌধুৰীয়ে (পিছত ছাৰ আশুতোষ চৌধুৰী নাইট্‌, কলিকতা হাইকোৰ্ট জজ) কৈছিল “A subject nation has no politics” অৰ্থাৎ পৰাধীন জাতিৰ ৰাজনীতি বুলি এটা বস্তু নাই , অৰ্থাৎ পৰাধীন জাতিয়ে ৰাজনীতি চৰ্চা কৰাটো বিড়ম্বনা মাথোন। সেইকালত এই নতুন বচন শুনি ভাৰতত ৰাজনৈতিক আন্দোলন কৰোঁতা- সকল জ্বলি উঠিছিল। বোম্বাইৰ সিংহ ছাৰ ফিৰোজ স্যাহ-মেহটা, দিন্ ছা ৱাচা, আনকি মহামতি গোখলেও আৰু বেঙ্গলৰ সুৰেন্দ্ৰনাথ বানুৰ্জী প্ৰভৃতিয়ে এই বচনৰ (dictum) দুৰ্ঘোৰ প্ৰতিবাদ কৰিছিল। কিন্তু তেওঁলোকে প্ৰতিবাদকে কৰক বা খঙকে কৰক, এইটো ঠিক যে এই বচনৰ সত্যতা সকলোৱে আনকি তেওঁলোকেও হাড়ে-হাড়ে মজ্জায় মজ্জায অনুভৱ নকৰি নাথাকিছিল। আচৰিত কথা নহয় নে, প্ৰবীণ ৰাজনৈতিকৰ মুখৰপৰা ওলোৱাৰ অনেক কালৰ আগেযেই, অল্প-বয়সীযা ছাতৰ “জোনাকী”ৰ সম্পাদক শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাৰ ল’ৰা-মুখৰপৰাও এই কথাই ওলাইছিল?

 ওপৰত কৈ আহিছো যে প্ৰথম বছৰৰ “জোনাকী”ৰ প্ৰতি সংখ্যাতে মোৰ “লিটিকাই” ওলাইছিল। ন লেখাৰু আৰু ন বোৱাৰী একেখন ফলিতে উঠে। ন লেখাৰু মই; সেই দেখি মোৰ “লিটিকাই” পঢ়ি লোকে কি ক’ব, কি বুলিব, এই ভযত মই চক্‌ খাই ফুৰিছিলো। কোনোবাই “জোনাকী”ত ওলোৱা “লিটিকাই”ৰ কথা উলিয়ালে মই সেই ঠাইৰপৰা উঠি সুৰ সুৰ কৰে পলাইছিলো আৰু পলাব নোৱাৰিলে লাজত অধোবদন হৈছিলো; অথচ লোকে কি কষ শুনিবৰো নথৈ মন। যি হওক “লিটিকাই“ পঢ়ি সকলোৱে ৰং পোৱা দেখি মোৰ উছাহ বাঢ়িছিল। কোনোৱে নেদেখাকৈ লুকাই মই “লিটিকাই” ৰচনা কৰিছিলো। “লিটিকাই” কবিতা নহয়; ৰচোঁতাজন কবিযশ-প্ৰাৰ্থীও নহয়। গতিকে কলিকতাৰ ইডেন উদ্যানেৰে সৈতে “লিটিকাই” আৰু “লিটিকাই“ ৰচক বাপুদেউৰ কি সম্বন্ধ লাগিছিল আজিলৈকে মই ভাবি নাপাওঁ। কিন্তু ভাবৰপৰা আঘাইতং লিটিকাষে ইডেন গাৰ্ডেনৰ গছৰ তলত বাপুদেউৰ “চূণ খাই মৰিব’’ খুজি বাপুদেউৰ গাত শুদ্ৰ-বধ পাতক লগাবলৈ গৈছিল। কথাষাৰৰ বাকলি গুচাই কেঁওটো কাটি ভিতৰখন দেখুৱাবলৈ গলে ক’ব লাগিব যে শনিবাৰ-দেওবাৰৰ দিনা মই ইডেন উপবনৰ নিজান গছৰ তলত, বেঞ্চৰ ওপৰত বহি “লিটিকাই“ৰ একো আধ্যা লেখি লৈ মোৰ থকা ঠাই মেছলৈ উভতি আহিছিলো। “লিটিকাই’’ সাধুটো মনত আছিল; গতিকে ভাবি-চিন্তি কোনো ‘প্লট’ plot নগঢ়ি একেবাৰেই লেখি গৈছিলো। প্ৰথমতে [ ৮৫ ] বালিৰ কাকতত পেঞ্চিলেৰে যি লেখি গৈছিলাে, কাটি-কুটি নুশুধৰােৱাকৈয়ে নাইবা ভাল কাকতত নকল নকৰাকৈয়ে তাকে ছপা কৰিবলৈ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাৰ হাতত মনে মনে গুজি দিছিলাে; আমাৰ বন্ধু-বৎসল আগৰৱালাই সম্পাদকীয় বা কাৰ্যাধ্যক্ষীয় নিয়মাৱলীৰ কোনাে বাণকে সেই কুন্ধচ লেখাৰ বিপক্ষে টোণৰপৰা নাটানি, হাঁহি মাৰি তাক হাত মৈলি লৈ গৈ তপতে তপতে “জোনাকী”ৰ বুকুত সুমাই দিছিল।

 প্রথম সংখ্যা “জোনাকী”তে আগবৱালাৰ “বনকুঁৱৰী” কবিতাটি ওলায়। যিসকলে আগেযে ভাবিছিল যে অসমীয়া ভাষাত বর্তমান কালৰ উপযোগী শুৱলা কবিতা (poem) লেখিব নােৱাৰি, এই কবিতা পঢ়ি সেই সকলৰ ভ্ৰান্তি গ’ল। মনত আছে, এদিন ৰায়বাহাদুৰ জগন্নাথ বৰুৱা বি-এ আৰু মাণিকচন্দ্ৰ বৰুৱাই মােৰ হতুৱাই “বনকুঁৱৰী” কবিতাটো পঢ়াই শুনি বিস্ময-বিমিশ্রিত আনন্দ লভিছিল। মই স্পষ্ট বুজিব পাৰিছিলাে যে তেওঁলােকে আগেযে ভাবিবকে নােৱাৰিছিল যে ৱৰ্ডছৱৰ্থৰ কবিতাৰ নিচিনা এনে মনােৰম কবিতা এটা কলেজত পঢ়া অসমীযা ছাতৰ এজনে অসমীয়া ভাষাত ৰচনা কৰিব পাৰে। ইয়াৰ পিছত দ্বিতীয় সংখ্যা “জোনাকী’’ত শ্রদ্ধাস্পদ বন্ধু শ্ৰীযুত হেমচন্দ্র গােস্বামীৰ “কাকো আৰু হিযা নিবিলাওঁ” নামৰ প্ৰেমৰ কবিতা ওলাল। এই কবিতাযো অনেকৰ মনত সন্তোষ দিছিল। ৺ঘনশ্যাম বৰুৱাৰ (ৰাযবাহাদ ৰ) গদ্য প্রবন্ধ “আত্মশিক্ষা”, “চিন্তানল”ৰ শ্ৰীযুত কমলাকান্ত ভট্টাচাৰ্যৰ “পাহৰণি” কবিতা আৰু সম্পাদক আগৰবালাৰ মকুতাৰ মণিৰ নিচিনা “নীযৰ” কবিতাই এই বছৰৰ “জোনাক”ক সুবেশ আৰু সুগম্ভীৰ কৰি তুলিছিল।

 দ্বিতীয বছৰত জোনাকীক, ১০ নং আৰ্মেনিযান ষ্ট্ৰীটৰ পৰা ২ নং ভবানীচৰণ দত্ত লেনৰ অসম ছাতৰৰ মেছলৈ তুলি অনা হয। শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাও তেওঁলােকৰ আৰ্মেনিযান ষ্ট্ৰীটৰ ঘৰৰপৰা আহি সেই মেছবাসী হ’ল। তাতে আগৰৱালা, শ্ৰীযুত হেমচন্দ্র গােস্বামী আৰু এই লেখক এই তিনি অস্তৰঙ্গ বন্ধুৰ একত্র সমাবেশ ঘটিল , আৰু তিনিও “জোনাকী”ৰ উন্নতি কাৰ্যত ব্যস্ত হৈ পৰিলোহঁক। এই ত্ৰ্যহস্পৰ্শৰ ফলত “জোনাকী” প্রবন্ধসম্পদেৰে চহকী হৈ উঠিল। ৺ৰত্নেশ্বৰ মহন্তৰ “অসমত মান”, ৺লম্বােদৰ বৰাৰ “অসমীযা ভাষাৰ আখৰ-জোঁটনি’’, ৰাযবাহাদুৰ গুণাভিৰাম বৰুৱা ডাঙৰীযাৰ “সৌমাৰ ভ্ৰমণ”, বিষ্ণুপ্ৰসাদ আগৰৱালাৰ “শঙ্কৰদেৱ” কোলাত লৈ “জোনাকী”যে ৰাইজৰ সভাত প্রৱেশ কৰিলে। এই লেখকৰ “কৃপাবৰ বৰুৱাৰ কাকতৰ টোপােলা” এই দ্বিতীয় বছৰৰ “জোনাকী”ৰ এসংখ্যাতে আৰম্ভ হয়। এবছৰৰ জোনাকীৰ চেষ্টাই অসমীযা ভাষাৰ কঁকালত অনেক বল দিলে , আৰু ভাষা- আকাশত পুৱাৰ পােহৰ পৰিল। অসমীয়া ভাষাটো আমাৰ অলাগতিয়াল বস্তু, কিছুমান ইংৰাজী শিক্ষিত অসমীযাৰ যে এনে এটা অদ্ভুত সংস্কাৰ আছিল, সেইটোৱে বৰকৈ জোকাৰ খালে। এই শাৰীৰ মানুহকে লক্ষ্য কৰি দ্বিতীয় বছৰৰ “জোনাকী’’ৰ “আত্মকথা”ত লেখা হৈছিল-“দুখৰ বিষয-অসমীয়া ভাষাটো যে আমাৰ লাগতিয়াল, তাক কোনাে কোনাে অসমীয়াই দকৈ গমি নেচাই উপলুঙা কৰে।••••••হায়! হায়!

[ ৮৬ ] অসমীয়া মানুহে নিজ ভাষাৰ উন্নতিলৈ পিঠি দিয়াৰ কাৰণে কতখনি কাকত উপজি মৰি

গ’ল, সদাশয় পাঠকসকলে এবাৰ তাক সুঁৱৰি বহি কান্দোক।”

 মাতৃভাষাৰ ভালৰ অৰ্থে আমি অকল “জোনাকী” উলিয়ায়ে বহি থকা নাছিলো। “অসমীয়া ভাষা উন্নতি সাধিনী সভা” নামেৰে সভা এখন স্থাপন কৰি তাৰ উন্নতি সাধন কৰিবলৈ প্ৰাণপণে লাগি গৈছিলোঁহক। এই বছৰৰ “জোনাকী’’ত ছপা হোৱা অ. ভা.উ. সা. সভাৰ কাৰ্য-বিৱৰণ পঢ়িলেই তাৰ আভাস পোৱা যায়। এই লেখক সেই সভাৰ সম্পাদক আছিল। তেওঁ লেখা বছেৰেকীযা কাৰ্য-বিৱৰণৰপৰা অলপ তুলি দিলো। এই বছেৰেকীযা সভা ১৮১২ শকৰ ২০ আহিনত ২ নং ভবানীচৰণ দত্তৰ লেনৰ ঘৰত বহিছিল আৰু তাৰ সভাপতি আছিল ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱা।

 জন্মৰ সংক্ষেপ বিৱৰণ: কলিকতাত থকা অসমীয়া ছাতৰসকলৰ “টি পাৰ্টি’’ (অৰ্থাৎ চাহ খোৱা মেল) নামেৰে এখন সম্মিলনী আছিল। সেই সম্মিলনী প্ৰতি শনিবাৰে গধূলি অসমীয়া ডেকাসকলৰ কোনো এটি বহাত বহি সেইসকলৰ মাজত পৰস্পৰ সম্ভাৱ-প্ৰীতি আদি উৎপন্ন কৰাৰ প্ৰধান উপায় সাধিছিল। আৰু সেই সুযোগতে তাত দেশহিতকৰ ভাল ভাল বিষয়বিলাকৰ অলপ অলপ আলচ হৈছিল। সেই আলচৰ ফলস্বৰপে এই “অসমীয়া ভাষা উন্নতি সাধিনী সভা”ৰ জন্ম। পৃথিৱীৰ ইতিহাসলৈ চকু দিলে দেখিবলৈ পোৱা যায় যে এই জগতত যতবিলাক ডাঙৰ ডাঙৰ কাৰ্যৰ অনুষ্ঠান হৈছে প্ৰায় সকলোেবোৰৰ উৎপত্তিৰ সূত্ৰপাত এনে সৰু কাৰ্য বা ক্ষুদ্ৰ ঘটনাৰপৰা হৈছে। বিলাতী পণ্ডিত জনছন্‌, এডিছনৰ দিনৰ “কফি হাউছ” ইউৰোপ, এছিযা আৰু আমেৰিকা জুৰি পৰা বহুত ডাঙৰ কথাৰ ওপজা ঠাই। এতিয়াও অসমীয়া ভাইসকলৰ এই নগণ্য ক্ষুদ্ৰ “টি পাৰ্টি”ৰ পৰা গজালি মেলা পুলি “অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ” ডালপাত যে কালক্ৰমত প্ৰকাণ্ড আকাৰ ধৰি এশ যোজন ব্যাপী পৰিবৰ সম্ভৱ তাক কোন অসমীয়াৰ ওখ আশাৰে চপচপীয়া হিয়াই নুই কৰিবলৈ আগবাঢ়িব পাৰিব? ১৮১০ শকৰ ভাদ মাহত (ইংৰাজী ১৮৮৮ চনৰ ২৫ আগষ্ট তাৰিখে) ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীটৰ বহাত হোৱা “টি পাৰ্টিত’’ অসমীয়া ভাষাৰ উন্নতি সাধিবৰ অৰ্থে এখন সভা কৰিবৰ প্ৰস্তাৱ হৈ সেই প্ৰস্তাৱ কাৰ্যত পৰিণত হোৱাৰ ফলস্বৰূপে “অসমীয়া ভাষা উন্নতি সাধিনী সভা”ৰ জন্ম হয়।

 এই সভাৰ উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ উন্নতি সাধন কৰা। সেই উদ্দেশ্যৰূপ মহামন্ত্ৰক হিয়াত ঠাই দি এই সভাই “অসমীয়া ভাষা উন্নতি সাধনী” নাম লৈ উপজিছে। কেঁচুৱা মাতৃভাষা কেনেকৈ ডাঙৰ দীঘল হব , কেনেকৈ সি পৃথিৱীৰ আন আন ধনী আৰু উন্নতিশীল ভাষাৰ সমান হৈ আপোন গৌৰৱবেলিৰ পোহৰ চাৰিওফালে পেলাই দুখীষা আৰু এন্ধাৰ অসমৰ মুখ পোহৰাব পাৰিব; কেনেকৈ সি দুৰ্বল, ৰুগীয়া আৰু জীৰ্ণ অৱস্থাৰপৰা সবল, সুস্থ আৰু শকত অৱস্থা পাব, তাৰ উপায় সাধনেই এই সভাৰ উদ্দেশ্য।

 এই উদ্দেশ্য সাধন কৰিবলৈ সভাই অসমীয়া পুথিবিলাক একে ঠাইতে গোটাবলৈ [ ৮৭ ] যত্ন কৰিছে। পুৰণি পুথিবিলাক যাতে নষ্ট নেপায় আৰু ক্ৰমে ছপা হৈ প্ৰকাশিত হয় সভা তাৰে চেষ্টাত আছে। আসামৰ সকলো বিধৰ পঢ়াশালিতে যাতে অসমীয়া ভাষা প্ৰচলিত কৰা হয় আৰু অসমীয়া ল’ৰা-ছোৱালীয়ে যাতে নিজ নিজ ভাষা সুকলমে পঢ়িবলৈ পায, তাৰ নিমিত্তে অসমৰ শিক্ষা বিভাগৰ অধিকাৰসকলৰ মনোযোগ আকৰ্ষণ কৰা; লেখা-পঢ়া কাৰ্যত অশুদ্ধ ব্যাকৰণ, অশুদ্ধ বৰ্ণবিন্যাস ক্ৰমে লোপ কৰি তাৰ স্থলত পৰিশুদ্ধ ভাষা ব্যৱহাৰ কৰিবলৈ পঢ়াশালি আদিত দূষিত ভাষাৰ পুথিৰ সলনি শুদ্ধ ভাষাৰ পুথি চলাবৰ নিমিত্তে আন্দোলন কৰিবলৈ; শ্ৰীধৰ কন্দলি, ৺শঙ্কৰদেৱ আদি পুৰণি গ্ৰন্থকাৰ আৰু কবিসকলে লিখা পুথিবিলাকৰ টান টান ভাগৰ টীকা-টিপ্পনী লেখিবলৈ আৰু দোষ-গুণ আলচ কৰিবলৈ; আমাৰ ভাষাত নোহোৱা লাগতিয়াল পুথিবিলাক সংস্কৃত বা আন ভাষাৰপৰা অনুবাদ কৰি বা সংক্ষিপ্ত সাৰ সংগ্ৰহ কৰি আমাৰ ভাষালৈ আনিবলৈ, আসামৰ আগৰ দিন বা এতিয়াৰ যিবিলাক ধৰ্মনীতি, সমাজনীতি, ৰাজনীতি আৰু খেল, মেল, গাওঁ ভুঁইৰ আনুপূৰ্বিক বৃত্তান্ত আছে, তাক সংগ্ৰহ কৰি এখন বিস্তৃত বৰঞ্জী লেখিবলৈ; দেশৰ ইতৰ সাধাৰণ সকলো শ্ৰেণীৰ মানুহৰ ভিতৰত যাতে লেখা-পঢ়াৰ চৰ্চা হয় তাৰ নিমিত্তে উজু, উপায় উলিয়াবলৈ , বাতৰি কাকতৰ প্ৰতি লোকৰ আগ্ৰহ বঢ়াবলৈ; আৰু অসমৰ সকলো অঞ্চলতে এটা মাত্ৰ লিখিত ভাষাৰ সষ্টি কৰিবলৈ সভাৰ যত্ন থাকিব।

 অসমীয়া পুথি—এই সভাই অসমীযা পুৰণি আৰু নতুন পুথিৰ নাম অতি যতনেৰে সংগ্ৰহ কৰি এটি তালিকা কৰি ৰাখিছে।••• এই পুথিবিলাকৰ নাম সংগ্ৰহ কৰাৰ উদ্দেশ্য এই—

 (১) অসমীয়া ভাষাক যে ভাষা নহয় বুলি কোনোৱে কয়, তেনেকুৱা ভাষা নোহোৱা ভাষাত নো কিমান পুথি হব পাৰে, তাক জানি, সেই মতাৱলম্বী লোকসকলৰ মতত নো কিমান সাৰ বা পলস আছে সেই কথা বুজাৰ সুগম হ’ব। আৰু যিটো বস্তুৰ উন্নতি কৰিবলৈ যোৱা হৈছে সেইটো নো কি মাত্ৰক বস্তু তাৰ আকৃতি-প্ৰকৃতি, গঢ়-পিত কি আৰু সি কিমান ডাঙৰ-দীঘল, শকত-আৱত সেইবোৰ জনাটো অতি লাগতিয়াল কথা।

 (২) পুৰণি কালৰপৰা আজিলৈকে অসমীয়া মানুহৰ মানসিকতাৰ কি প্ৰকাৰ ক্ৰমবিকাশ হৈ আহিছে, তাক জানিবৰ ঘাই উপায় হৈছে এই পুথিবিলাক অসমীয়া মানুহৰ মন-ৰাজ্যৰ, দেহ-ৰাজ্যৰ আৰু ধৰ্মৰাজ্যৰ আনুক্ৰমিক আৰু জল্‌জলীয়া প্ৰাস লগা বুৰঞ্জী অসমীযা পুথিবিলাকৰ পিঠিযে অমূল্য দাৰ্শনিক আৰু ঐতিহাসিক সত্যবোৰ লোৰ পেৰাত হীৰা-মৰকত মণি-মাণিক থোৱা দি থৈছে। আমাৰ হাত, ভৰি, মূৰ ইত্যাদি যেনেকৈ আমাৰ শৰীৰৰ অঙ্গ আৰু সেইবোৰ নহলে যেনেকৈ আমাৰ শৰীৰ সম্পূৰ্ণ নহয়, অতীতৰেপৰা লেখা হৈ অহা অসমীয়া পুথিবিলাক সেইদৰে অসমীয়া সমাজ-শৰীৰ, অসমীয়া সাহিত্য-শৰীৰ আৰু অসমীয়া ধৰ্ম-শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গ; আৰু সেইবোৰ নাথাকিলে বা লোপ পালে এই তিনিটা প্ৰকাণ্ড শৰীৰ খোৰা, কোঙা আৰু [ ৮৮ ] চাকোলা হ’ব। এই পুথিবোৰেই এই তিনিটা বিৰাট দেহৰ উৎপত্তি, বৃদ্ধি আৰু বিকাশৰ প্ৰধান সাক্ষী। * * *

 (৩) পুৰণি পুথিবিলাক আমাৰ পুৰণি ৰত্ন। ৰত্ন যেনেকৈ পুৰণি হলেও অকামিলা নহয়, বৰং তাৰ মোল বাঢ়েহে, সেইদৰে আমাৰ পুৰণি পুথিবিলাক আমাৰ আমোল সম্পত্তি। আমাৰ উপৰি-পুৰুষসকলে তাক আৰ্জি আমি পো-নাতিহঁতলৈ থৈ গৈছে। এতিযা আমি সেই বাপতি-সাহোন ৰাখি খাব লাগে। তাক কৰিব নোৱাৰিলে আমি তেওঁলোকৰ পো-নাতি বুলি কবৰ যোগ্য নহওঁ। * * * ভাৰত- বৰিষত ৩০০-৪০০ বছৰৰ আগেয়ে কেইটা জাতিৰ বোপা-ককাই অসমীয়াৰ দৰে ১২ স্কন্ধ ভাগৱত, ১৮ পৰ্ব মহাভাৰত, ৭ কাণ্ড ৰামায়ণ আৰু পুৰাণ-তন্ত্ৰাদি প্ৰায় ৫০০ খন পুথি নিজ মাতৃ-ভাষালৈ ভাঙি ৰচি থৈ গৈছিল? শুনিলে আচৰিত হব লগা কথা।’

 তৃতীয় বছৰৰ “জোনাকী”যে আকৃতি-প্ৰকৃতিত আৰু ৰচনা আদিৰ বিষয়ত বিস্তৰ উন্নতি লাভ কৰিছিল। এই বছৰৰ “জোনাকী”ৰ সম্পাদকতা কৰিবৰ ভাৰ এই লেখকৰ গাত সম্পূৰ্ণৰূপে পৰিছিল। প্ৰিয়বৰ শ্ৰীযুত হেমচন্দ্ৰ গোস্বামী আৰু “জোনাকী’’ৰ সৰ্বহ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাৰপৰা তেওঁ অৱশ্যে এই কাৰ্যনিবাহত যে অনেক সহায় পাইছিল, তাক কোৱা বাহুল্য মাথোন। ৺লম্বোদৰ বৰা, শ্ৰীযুত আনন্দচন্দ্ৰ আগৰৱালা (ৰায়বাহাদুৰ), ৺ৰত্নেশ্বৰ মহন্ত, শ্ৰীযুত কনকলাল বৰুৱা ( ৰাযবাহাদুৰ), ৺লক্ষেশ্বৰ শৰ্মা, শ্ৰীযুত ৰজনীকান্ত বৰদলৈ, ৺পাণীন্দ্ৰনাথ গগৈ ইত্যাদি প্ৰবন্ধেৰে জোনাকীৰ জেউতি চৰি পৰিছিল। ৺ৰত্নেশ্বৰ মহন্তৰ “মোৱামৰীযা বিদ্ৰোহ” নামৰ বহুমূলীয়া প্ৰবন্ধবোৰ এই বছৰৰ “জোনাকী”তে ওলাইছিল। শ্ৰীযুত হেমচন্দ্ৰ গোস্বামীৰ উল্লেখযোগ্য সুন্দৰ “জোনাকী” কবিতাই এই বছৰৰ প্ৰথম সংখ্যা “জোনাকী”ক প্ৰথমতে আদৰি নি ৰাইজৰ সভাত বহুৱাই দিছিল। এই লেখকৰ নগণ্য “পদুমকুঁৱৰী” উপন্যাসো এই বছৰৰ “জোনাকী”তে।

 চতুৰ্থ বছৰৰ “জোনাকী“ও এই লেখকৰ সম্পূৰ্ণ সম্পাদনাত পৰিচালিত। পঞ্চম বছৰত মই যদিও “জোনাকী”ত অনেক ৰচনা দিছিলো, কিন্তু সম্পাদক হৈ থকা নাছিলোঁ। “জোনাকী” ১৮নং আমহাৰ্ষ্ট ষ্ট্ৰীটৰপৰা সেই মেছবাসী অসমীয়া ছাতৰ- সকলৰ দ্বাৰা পৰিচালিত হবলৈ ধৰিলে। শ্ৰীযুত সোণাৰাম চৌধুৰী সেই বছৰৰ “জোনাকী’’ৰ প্ৰকাশক। যি হওক, প্ৰবন্ধগৌৰৱত এই বছৰৰ “জোনাকী”য়েও আগৰ কেইবছৰৰ “জোনাকী”ৰ সম্মান অক্ষুণ্ণ ৰাখিব পাৰিছিল বুলি মোৰ বিশ্বাস। ষষ্ঠভাগ “জোনাকী“ৰ প্ৰকাশক শ্ৰীযুত মীনধৰ হাজৰিকা। এই ভাগৰ সম্পৰ্কেও পঞ্চম ভাগৰ সম্বন্ধে কোৱা কথা নাখাটিবৰ কাৰণ নেদেখোঁ। ইয়াৰ পিছত “জোনাকী“য়ে আকাৰ সলাই ডাঙৰ আকৃতিৰে শ্ৰদ্ধাস্পদ সাহিত্যিক সুলেখক শ্ৰীযুত সত্যনাথ বৰা বি-এল্‌ ডাঙৰীয়াৰ সম্পাদকতাত গুৱাহাটীৰপৰা ওলাবলৈ ধৰে। তাৰপৰাই ৩ বছৰৰ ৩ ভাগ ওলাই “জোনাকী” চিৰকাললৈ অন্তৰ্ধান হয়। কোৱা বাহুল্য যে বৰা ডাঙৰীয়াৰ বিচক্ষণ [ ৮৯ ] হাততো “জোনাকী“ত মোৰ “আৰ্জি”, “চেনিচম্পা”, “কেকো ককা”, “জয়ন্তী”, “পুত্ৰবান পিতা” নামৰ সৰু গল্পবোৰ ওলায়।

 ২নং ভবানীচৰণ দত্ত লেনৰ মেছত থাকোতেই আমি ভ্ৰমৰঙ্গৰ ভাৱনা কৰোঁহক। ভ্ৰমৰঙ্গ ছেক্সপিযেৰৰ “কমেডি অব্‌ এবৰ্ছৰ“ অসমীয়ালৈ ভাঙনি। ৺ৰত্নেশ্বৰ বৰুৱা, শ্ৰীযুত ৰমাকান্ত বৰকাকতী, শ্ৰীযুত গজানন বৰুৱা, ৺ঘনশ্যাম বৰুৱা এই চাৰিজনে গোট খাই এই ভাঙনি কৰে। শ্ৰীযুত শিৱৰাম বৰদলৈ আৰু লেখক সহায়ক হয়। এই কাৰ্যত আগৰপৰা অন্তলৈকে ৺ৰত্নশ্বৰ বৰুৱাৰ বৰ উৎসাহ আছিল। ভ্ৰমৰঙ্গ নামটো শ্ৰীযুত শিৱৰাম বৰদলৈৰ দান। তেওঁ “ভ্ৰমৰং ভ্ৰান্তিমূলং” বুলি তাৰ সংস্কৃতি বুৎপত্তি (derivation) উলিয়াই আমাক হঁহুৱাইছিল।

[ ৯০ ]

অষ্টম আধ্যা

 তেতিয়া মই জেনেৰেল এছেম্‌ব্লি কলেজৰ তৃতীয় বাৰ্ষিক শ্ৰেণীত। “পলগ্লেভ্‌ছ গোল্ডেন্‌ ট্ৰেজাৰি অব্‌ লিৰিক্স” নামৰ ইংৰাজী কবিতাৰ সংগ্ৰহ মোৰ পাঠ্য। তাৰ উপৰি বাইৰন, শ্যেলি, কীটছ্‌ৰ কবিতাবোৰ আৰু কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাবোৰ লিখিছোঁ। কবিতাৰ বৰষুণৰ জাকৰ ওপৰত জাক পৰি মোৰ মন একেবাৰেই “প্ৰেমৰস’’ত আৰ্দ্ৰ। মোৰ মনৰ বহল পথাৰখন বাইৰনৰ কবিতাই কোমলালে, শ্যেলিৰ কবিতাই হাল বালে, কীটছ্‌ৰ কবিতাই মৈয়ালে আৰু ৰবীন্দ্ৰৰকবিতাই এনে কৰিলে যে তাত লাহী ধানৰ কঠীয়াৰতো কথাই নাই, বিহমনা, কোট্‌কো‌ৰা, পথৰুৱা বিহলঙনি আৰু চোৰাতকে আদি কৰি যিহৰে গুটি হওক পৰিলেই, সিযেই ভৰভৰ কৰি গজি “মোক চা’’ কৈ উঠিব। বঙ্গালীয়ে কবৰ নিচিনা, তেতিযা মোৰ মনৰ অৱস্থা সঙ্গীন”; অৰ্থাৎ বন্দুকত “সঙ্গীন” (bayonet) চৰোৱা বিধৰ। সপোনত কেনেবাকৈ মই বিতচকু এযোৰ পালো। সেই অপৰূপ বিতচকুযোৰৰ গুণত মই জগৎ গোটেইখনকে দেখিবলৈ ধৰিলো।

I slept and dreamt that life was beauty

 যিপিনেই চাই পঠিযাওঁ সেইপিনেই পুঞ্জীভূত সৌন্দৰ্য, স্তুপীকৃত মাধুৰ্য্য, ৰাশীকৃত আন। জলত মধু, থলত মধু, মানুহত মধু, ফলত মধু। আকাশে মধু, বৰষিছে, বতাহে মধু, বলাইছে। মোৰ মনত প্ৰেম আৰু ভাল পোৱা এই দুটাৰ chemical combination অৰ্থাৎ ৰাসায়নিক সংমিশ্ৰণ ঘটি ভয়ানক খেলিমেনি লাগি পৰিল। এজনী চিলনীৰ দৰে এছাটি মলয়া বতাহে, “চিলনীৰ জীয়েক’’ৰ দীঘল চুলি যেন মোৰ দীঘল মনটো উৰাই নি ক’ৰবাত তুলিলে; মন উধাও, উদাস হ’ল। ক্ষন্তেকে ক্ষন্তেকে তাৰ পৰিৱৰ্তন এবাৰ সি ৰঙৰ ৰহ-ঘৰা আৰু চকু-চাওঁতেই অভাৱৰ তাড়নাত অথিৰ।

সুখ ভৰা এ ধৰায়
মন বাহিৰিতে চায,
কাহাৰে বসাতে চায় হৃদয়ে।
তাহাৰে খুঁজিব দিক-দিগন্ত।

 মন উৰি গৈ কোনোবা নজনা-নুশুনা দেশত ওলাই মোৰে নিচিনা কোনোবাই কত বীণ বাই প্ৰেমৰ সুমধুৰ সুৰেৰে নিজক মতলীয়া আৰু জগতক বলীয়া কৰিছে; মোৰে নিচিনা কাৰ চকুৱে চিকুণ পুৱাৰ পোহৰ পোহৰাইছে, চাবলৈ ব্যাকুল হৈ উঠিল।

যেমন দখিণে বায়ু ছুটেছে!
কে জানে কোথায় ফুল ফুটিছে!
তেমনি আমিও যাব
নাজানি কোথায় দেখা পাব!

[ ৯১ ]

 কাৰ সুধাস্বৰ মাঝে
জগতেৰ গীত বাজে,
প্ৰভাত জাগিছে কাৰ নষনে!
কাহাৰ প্ৰাণেৰ প্ৰেম অনন্ত!
তাহাৰে খুঁজিব দিক-দিগন্ত!

 থকা ঘৰৰ তিনি মহলাৰ চালত উঠি অকলৈ নিস্তদ্ধ নিশা পূৰ্ণিমাৰ জোনৰ ফালে অনিমেষে চাই থাকি টোপনিক ওচৰ চাপিবলৈ নিদিযা হলোঁ। ফুল এটা বুটলি পালে, তাকে চকুৰ আগত লৈ ঘূৰাই-পকাই তাৰ ৰেহ-ৰূপ চাই ৰঙত বিভোৰ হবলৈ ধৰিলোঁ। মোৰ গঢ়-গতি দেখি কোনোবাই “সেইটো কি?” বুলি সুধিলে মই উত্তৰ দিওঁ,--

 আমি স্বপনে ৰযেছি ভোৰ।
সখি, আমাৰে জাগাইও না।

 মনত আছে, এদিন ওলোটা ৰথৰ দিনা শিয়ালদহৰ ফালে বহা হাটৰপৰা ছটা পইচা দি তিনিজোপা গোলাপ-গছ কিনিলোঁ। তিনি অনা দুই পইচাৰে তিনিটা মাটিৰ “টব্‌” বা “পট” (গামলা) আৰু মাটি কিনি আনি সেই টবত গোলাপ তিনিজোপা ৰুই পানী দি পতি কৰিবলৈ ধৰিলোঁ। গোলাপৰ ওচৰত বহি গোলাপক সোধোঁ-

 বল গোলাপ মোৰে বল্‌,
তুই ফুটবি সখি কবে?
চাঁদ হাসিছে সুধা হাস,
বাযু ফেলিছে মৃদু শ্বাস,
পাখী গাইছে মধু ৰবে,
তুই ফুটিবি সখি কবে?

 এমাহমানৰ মূৰত যেতিযা তাৰে এজোপাই এটা কলি পেলালে মোৰ মহা আনন্দ, মহা উছাহ,—যেন মই পত্ৰ-ৰত্নহে লাভ কৰিবলৈ গৈছোঁ। কলিটো ফুলিল। মেমেৰা গছৰ মেমেৰা কলি, মেমেৰা ফুল। কিন্তু হলে কি হব, তথাপি সি মোৰ চকুত পদ্মলোচন। মোৰ আনন্দৰ পাৰ নাই। ফুলটোৰে সৈতে কথা পাতোঁ আৰু তাক চুই চুই মৰম কৰোঁ। এনেকৈ হাত লগাই মৰম কৰোঁতে এদিন তাৰ পাহিবোৰ পৰিল সৰি। মোৰ চকুত পানী ওলাই গ’ল। বুজিলোঁ মৰমৰ আলসুৱা বস্তুক এইদৰে দৌৰাত্ম কৰিবলৈ গলেই এনে ফল হয়। থিৰ কৰিলোঁ আজিৰপৰা মৰমৰ সমলক দূৰৰপৰাহে মৰম কৰিম। মনত খেলালে, জোন-তৰাক এই দেখিয়েই আমি হাত লগাব নোৱাৰাকৈ ঈশ্বৰে দুৰৈত থৈ দিছে। জোন-তৰা মানুহৰ হাতে ঢুকি পোৱাহেঁতেন, মানুহে দুদিনতে সিহঁতৰ কণ-কঠীয়া মাৰিলেহেঁতেন। আমাৰ ভিতৰৰ কাজুৱাসকলে নিশ্চয় তাত কল-কাৰখানা ( workshop) বহুৱাই নাগমাটি পোৰা চিম্‌নিৰ ধোঁৱাৰে জোন আৰু তৰাক চুৱা চৰুৰ তলি যেন কৰি পেলালেহেঁতেন। যি হওক, মনৰ দুখ মনতে গুপুত কৰি থৈ আকৌ ন ফুলৰ আশাৰে গোলাপ-গছ কেইজোপাত পানী-দুনি দি যত্ন [ ৯২ ] কৰিবলৈ ধৰিলোঁ। এদিন আমাৰ দেশৰ এজন ব্যৱসায়-বাণিজ্য কৰোঁতা ভদ্ৰলোক বন্ধুৱে মোৰ সৈতে দেখা কৰিবলৈ আহি, মোক সেই মেমেৰা গোলাপ গছ কেইজোপা এইদৰে “টব’’ত ৰুই যত্ন কৰা দেখি মিচিকিয়া হাঁহি মাৰি ক’লে, “বাৰু এইকেইডাল টবত ইমানকে যত্ন কৰি ৰুই কি লাভ হৈছে? ইয়াতকৈ যদি তিনিজোপা মৰিচৰ গছ ইয়াত ৰুলাহেঁতেন তেন্তে ভাত খাবলৈ দুটা-চাৰিটা মৰিচকে পালাহেঁতেন।” কথাষাৰ মোৰ আমঠু সৰকি গ’ল; ভাবিলোঁ কি unpoetic মন্তব্য! ইয়াৰ কিছুদিনৰ পিছত মোৰ ইমান আপ্ডাল সত্বেও গোলাপ গছ কেইজোপা হালধীয়া পৰি মৰি গ’ল। ভাবিলো, গোলাপে ব্যৱসাযী বন্ধুৰ সেই নিদাৰুণ, নিৰ্মম মন্তব্য শুনি অভিমানত প্ৰাণ পৰিত্যাগ কৰিলে।

 মোৰ তৰ-চেঙেলী মনটোক লৈ এইদৰে কলৰ-জপৰ কৰি থাকোঁতেই, এদিন দলঙত শাল মাছ পৰাদি ঘপহ কৰে পাৰিলো—প্ৰেমত। নকলেও হব যে এজনী সুন্দৰীৰ। হায, কি চকু, কি মুখ, কি চুলি! আহা কি ৰূপ। অৱশ্যে সেই কালৰ মোৰ হৈহে এই “হায়’’! “হায়’’! “আহ”! “ইহি”! বোৰ উচ্চাৰিত। ভাবিলোঁ, এই বস্তুটিকে আজি অত দিন মই হাবাথুৰি খাই বিচাৰি ফুৰিছিলোঁ। তেতিয়াই ঠাকুৰ কবিৰ গান মোৰ মুখেদি ফুটি ওলাল—

আমাৰ পৰাণ যাহা চায়,
তুমি তাই, তুমি তাই গো!
তোমা ছাড়া আৰ এ জগতে
মোৰ, কেহ নাই কিছু নাইগো!

 মোৰ হৃদযত ভাবৰ লহৰী উঠিল। আন সকলো চিন্তা-চৰ্চা সেই লহৰীযে উটাই নিলে। ৰূপহীৰ আগত নিবেদন জনালোঁ

তোমাৰ সকলি ভাল লাগে
ওই ৰূপৰাশি!
ওই খেলা, ওই গান, ওই মধু হাসি
ওই দিয়ে আছ ছেয়ে জীৱন আমাৰি,
কোথায় তোমাৰ সীমা ভূবন মাঝাৰে!

 কিন্তু ৰূপহী নিমাত। অথচ ৰূপহীৰ মুখৰ ভাব-ভঙ্গীত মোৰ সকলো নিবেদনৰ সঁহাৰি পাওঁ। যি হওক, নিমাতী কন্যাৰ উদ্দেশ্যে ইংৰাজী, বঙ্গলা, অসমীয়া এই তিনি ভাষাত প্ৰেম-কবিতা (love poem) ৰচনা কৰি মোৰ কলেজ ক্লাছৰ নোট লেখা এক্সছাইজ বহীকেইটা ভৰাই পেলালোঁ। তেতলাৰ চালত অকলৈ অকলৈ ভৰি চলাই জাত লগাই ইংৰাজী গান ধৰোঁ—

 Her hands are white as sdow
O white as snow!
O Brignal banks are wild and fair
Greta woods are green!

[ ৯৩ ]  এদিন “Her hands are white as snow” গাওঁতেই এজনে শুনি পিছফালে থিয় দি সুধিলে, “বোলো বৰুৱাদেও, কাৰ হেণ্ডছ আৰ হোৱাইট এজ্‌ স্নো?” মই উচপ্ খাই উভতি চাই লাজত ৰঙা পৰি পকা থেকেৰাটো যেন হলো। কিন্তু ততালিকে নিজকে চম্ভালি প্ৰকৃতিস্থ হৈ সেই প্ৰশ্নৰ উত্তৰ নিদি আন কথা উলিয়াই সেইটো ঢাকি পেলালো।

 ইয়াৰ পাছত ভাবিলো, মোৰ এই অমূল্য কবিতাবোৰ মাহেকীষা কাকতৰ পাতত তুলি অমৰ কৰি ৰাখিব লাগিল। মোৰ ৰচিত ইংৰাজী কবিতা-ৰত্নবোৰ (gems) কলৈ পঠিয়াম ভাবি নেপালো। অসমীয়াবোৰ “জোনাকী“লৈ পঠিওৱাকে থিৰ কৰি হঠাৎ মনত পেলালে—যদি মোৰ লগৰীয়াসকলে এই কবিতাৰ ৰোগৰ বাতৰি পাই পুং উলিয়াই লৈ মোক হাড়-ভঙা ঠাট্ট-তামাচা কৰে, তেনেহলে হৈছে আৰু। ইয়াকে ভাবি সেইফালে দুৱাৰ নেমেলাটোকে পিছত থিৰ কৰিলো। দুৱাৰ নিৰ্বিঘ্নে মেলিব পাৰি মাথোন এখন। সেইখন বঙ্গলা কবিতাবোৰলৈ। বোলো আভুৱা নাম এটা দি এটা দুটাকৈ বঙ্গলা মাহেকীয়া কাকত দুখনলৈ সেইবোৰ নপঠিয়াওঁ কিয়? এইটোকে সাৰোগত কৰি দিলো দুখন বঙ্গলা কাকতলৈ মোৰ দুটা প্ৰেমৰ কবিতা পঠিয়ায়। আভুৱা নাম ললো “শ্ৰীৰঙ্গলাল চট্টোপাধ্যায়”। এমাহ গ’ল, দুমাহ গ’ল মোৰ কবিতা-কোৱামণি দুধাৰিৰ কোনো উৱাদিহ নেপালো। কাকত দুখন আহিলেই আথেবেথে মেলো আৰু পাত লুটিযাই চাই মোৰ কবিতা-ভৈযাই দুটিৰ মুখ নেদেখি জঁই পৰি যাওঁ। অলপৰ পিছতে, অহা মাহত ওলাব বুলি আকৌ সঁজাল ধৰো, কিন্তু “পুনৰেৱ পাপী, পুনৰেৱ দৰিদ্ৰ”।

 শেষত সম্পাদক দুজনলৈ দুখন চিঠি লেখিলো মোৰ কবিতা পাইছেনে নাই? যদি পাইছে ছপা হবনে নহষ? যদি নহয়, মোলৈ যেন ওলোটাই পঠিওৱা হয, কাৰণ মই তাৰ নকল ৰখা নাই। দুই সম্পাদকলৈ লেখা দুখন চিঠিৰ ভিতৰত দুটা ডাক-টিকট সুমাই দিলো। আৰু পুঃ বুলি তলতে এশাৰী যোগ কৰি দিলো যে মই তেওঁলোকৰকাকতৰ গ্ৰাহক আৰু হিতাকাঙ্ক্ষী।

 এজন সম্পাদক নিশ্চয় অৰসিক বা বেৰসিক। তেওঁৰপৰা উত্তৰ আহিল—“আপনাৰ কবিতাটি ছাপাইবাৰ অযোগ্য। ফেৰৎ পাঠাইলাম।” আনজন যে ৰসিক তাৰ ভুল নাই। তেওঁ লেখিলে—“আপোনাৰ কবিতাটি আমাৰ ৱেষ্টপেপাৰ বাস্কেটে যত্নপূৰ্বক ৰেখে দিয়েছি। সেখানে থেকে তুলে নিয়ে আপনাৰ কাছে পাঠাতে কষ্ট হল। পাৰিলাম না ক্ষমা কৰিবেন। আপনি নিশ্চয় স্কুল কি কলেজেৰ ছাত্ৰ। কবিতা লিখিবাৰ বৃথা প্ৰয়াস পৰিত্যাগ কৰিয়া পাঠ্য পুস্তকে মনোযোগ দিলে বাধিত হব।” এই উত্তৰ পাই মই খঙত ঘৃতাহুতি হলো। ৰসিক সম্পাদকৰ ৰসটোপা চেপি উলিয়াই দিওঁ বুলি গালি পাৰি তেওঁলৈ এখন চিঠি লেখি দিলো। চিঠিৰ মৰ্ম যে, তেওঁ কাকতৰ সম্পাদকতা কৰিবৰ উপযুক্ত নহয়। কাৰণ প্ৰকৃত কবিতা কাক কয় তেওঁ নুবুজে। তেওঁৰ কাকত ৰাজ্যৰ অপদাৰ্থ প্ৰবন্ধেৰে ভৰপূৰ, সেই দেখি মই তেওঁৰ কাকতৰ পাতেৰে মোৰ [ ৯৪ ] জোতাৰ ধূলিহে মচোঁ, ইত্যাদি। সম্পাদকে মোৰ এই চিঠিৰ কোনো উত্তৰ নিদিলে। মই ভাবিলো মোৰপৰা এসেকা পাই সম্পাদকৰ ৰস শুকাল। কিন্তু সম্পাদকৰ যি হওক নহওক, এই ঘটনাৰ পিছত মই নিজেই দমি গলো, আৰু মোৰেই কবিতাৰ ভমুকটো শুকাল। আনফালে নিমাতী কন্যাৰ মাত উলিষাব নোৱাৰিও হতাশ হৈ চেঁচা পৰি গলোঁ।

 এইখিনিতে ঘটনাটোৰ ভেদ ভোঁহাৰি দি কওঁ যে--মই এদিন চান্দনি বজাৰত “ডছন”ৰ জোতা এযোৰ কিনিবলৈ গৈছিলো। জোতাৱালাই বোধকৰোঁ মোক ঠগাই জোতাৰ বেচ সৰহকৈ লৈ মনত হৰ্ষ লভি, ভৱিষ্যতত মোক আকৌ তেনেকৈ ঠগাবলৈ পাবলৈ আশা ৰাখি বাৰত আঁৰি থব পৰা বিলাতত ছপা হোৱা এখন date calender অৰ্থাৎ তাৰিখৰ কাকত বঁটা বা টোপ দিছিল। কেলেণ্ডাৰখনত এজনী সুশ্ৰী ইংৰাজী ছোৱালীৰ এটা ডাঙৰ ছবি আছিল। সেই ছবিৰ “প্ৰেমতে পৰি’’ মই তিনি-চাৰি মাহমান ওপৰত কোৱাৰ দৰে ককবকাই ফুৰিছিলো। কিমধিকমিতি।

 কলেজৰ তৃতীয় বাৰ্ষিক শ্ৰেণীটো আন ছাতৰৰ পক্ষে কেনে হয় ক’ব নোৱাৰোঁ, কিন্তু মোৰ পক্ষে হলে সি মহা মস্কিলৰ ব্যাপাৰ হৈ পৰিছিল। তৃতীয় বাৰ্ষিকত মই এটা অপৰূপ জন্তু হৈ পৰিছিলো, যাক ভুচৰ, খেচৰ, জলচৰ, স্থলচৰ, ইষাৰ কোনো পৰ্যায়ভুক্ত কৰিব নোৱাৰি বিশ্বচৰাচৰৰ বাহিৰত থবলগীয়া হৈছিল। শ্যেলি, বেইন, হিউম, বেন্থাম, কল্‌ডৰ, উড্‌ প্ৰভৃতি মেণ্টেল্ আৰু নবেল্‌ ফিলচফিৰ পাতচেৰেক লুটিয়ায়েই মই আঁকোৱালে নোপোৱা দাৰ্শনিক; এডেম স্মিথ আৰু ফচেটৰ পলিটিকেল ইকনমিৰ সূত্ৰ গোটাচেৰেক মুখস্থ কৰিয়েই বিদগ্ধ পলিটিকেল ইকনমিষ্ট; ইংৰাজ গ্ৰন্থকাৰৰ ৰচিত ইংলেণ্ড আৰু ভাৰতবৰ্ষৰ বুৰঞ্জীৰ আধ্যাচেৰেক আয়ত্ত কৰিয়েই প্ৰকাণ্ড হিষ্টৰিয়ান , বাৰ্কৰ বক্তৃতাৰ দুৰ্গ গোটাদিয়েক প্ৰফেছৰৰ নোটৰ সহায়েৰে “বম্বাৰ্ড“ কৰিয়েই ৰাজনীতিবিদ পলিটিকেল ফিলচফৰ , মিল্‌টনৰ “পেৰেডাইজ লষ্ট”ৰ এডোখৰ মোৰ বিদ্যাৰে “ৰিগেইন” কৰিবলৈ দৰখাস্ত দাখিল কৰিয়েই মই মহাকবি হৈছিলো। শ্যেলি, কীটছ, টেগৰৰ আৰ্হিত গীতি-কবিতা আৰু খণ্ড-কবিতাত মোৰ পকিবৰ মতলবৰ বাতৰিতো আগতে দিয়েই আহিছোঁ। মই কথাই কথাই উল্লিখিত গ্ৰন্থকাৰসকলৰ দোহাই দিওঁ , আৰু সেইসকলৰ মত আৰু কথাবোৰ মোৰ মন “বটতলা”ৰ সস্তা ছাপাখানাত, ছাপাখানাৰ ভুতৰ সহায়েৰে পাচিয়ে পাচিযে ভুলকৈ পুনৰ্মুদ্ৰিত কৰি নতুন তাঙ্গৰণ বুলি সকলোৰে আগত প্ৰকাশ কৰি আত্মপ্ৰসাদ লাভ কৰোঁ। মই সকলো কথাতে এনে opinionative অৰ্থাৎ নিজৰ মতত মই-বৰ-চন্দ্ৰ হৈ উঠিছিলো যে আজিকালি সেইটো মনত পৰিলেও মোৰ ওকালি আহিব খোজে। স্বমতত অত্যাসক্ত আৰু পৰমতত অসহিষ্ণু মই নিজক ভইব-লোক ভাবিবলৈ ধৰিলো আৰু লোকৰ সকলো কথাকে “ক্ৰিটিচাইজ” (সমালোচনা) কৰি “এইস্যা নাহি হো সেক্তা”, “তেইস্যা নাহি হো সেক্তা” আৰু নিজৰ মতানুযায়ীটো “অলবৎ হো সেক্তা” বুলি মূৰৰ মই-বৰ-পাগুৰি দুপিয়াবলৈ ধৰিলে। মুঠতে শৰ্মা ৰাজনীতিত [ ৯৫ ] বাৰ্ক, পিট, ফক্স, দাদাভাই নৌৰজী, সুৰেন্দ্ৰ বানাজী; দৰ্শনত বেইন, হিউম, বেন্থাম, শ্যেলি; সমাজ সংস্কাৰত ৰানাডে, কেশব সেন; স্ত্ৰী-শিক্ষাত ছিডনি স্মিথ; গীতি- কবিতাত বাইৰন, শ্যেলি, কীটছ, টেগৰ; আৰু মহাকাব্যত মিল্‌টন, মধুসূদন হৈ নিজৰ মনৰূপী মহাকাশত প্ৰকাশ হলোঁ। মোৰ মনত মিল্‌টনৰ পেৰেডাইজ লষ্টৰ নিচিনা মহাকাব্য এখন ৰচনা কৰিবৰ মহাভাৱ এটাৰ সঁচা-সঁচিকৈয়ে ‘পযদা’ হ’ল। এদিন তুলাপাত কিনি আনি বহী এখন বান্ধি লৈ সঁচা-সঁচিকৈয়ে মই মাইকেলী ধৰণেৰে অমিত্ৰাক্ষৰ ছন্দত মোৰ কল্পিত মহাকাব্যৰ একুৰি-ছঅৰা পদৰ শাৰী লেখি পেলালো। আকাশ-লঙ্ঘা কল্পনাৰ কাকিনী-তামোলৰ আগত লগা তামোলথোকাৰ পকা তামোল এটাৰ সেই বেটুটো মই ক’ত হেৰুৱালো ক’ব নোৱাৰো, আজি সেইটো বিচাৰি পোৱাহেঁতেন জীৱন-সোঁৱৰণৰ পাঠকসকলৰ চকুৰ আগতে সেইটো থৈ “মাইওচিন-যুগ’’ৰ (Miocene Age) এই মহাকবিৰ মহাকাব্যৰ তামোলথোকা কেনেকুৱা হ’লহেঁতেন তাৰ আভাস দিব পাৰিলোহেঁতেন। শ্যেক্সপীয়েৰৰ হেমলেট, কিং জন, হেন্‌ৰী আৰু মিডছামাৰ নাইটছ-ড্ৰীম্‌ কলেজত মোৰ পাঠ্য আছিল। ভাবিলো মযো তেনে অপূৰ্ব নাট খনচেৰেক অসমীযাত ৰচনা কৰি অসমীয়া সাহিত্য-ভঁৰালত যুগমীয়া কীৰ্তি থৈ যাম। ইয়াকে ভাবি, প্ৰথমতে হেমলেটৰ আৰ্হিত “হেমচন্দ্ৰ” নাম দি নাট এখন লেখিবলৈ মনস্থ কৰি, ভাৱৰীয়া-ভাৱৰীয়ানীৰ নামবোৰ থিৰ কৰি, প্ৰথম অঙ্কৰ দুটা কি তিনিটা দৰ্শন লেখি পেলালোঁ। আকৌ ভাব-সাগৰত আন ঢৌ উঠিল, “হেমচন্দ্ৰ’’ক সেইখিনিতে ‘দম’ লবলৈ এৰি থৈ, মিডছামাৰ নাইটছ ড্ৰীমৰ নিচিনা আন এখন নাট ৰচনাত হস্তক্ষেপ কৰিলো। এইখনৰ নামকৰণ কৰা হ’ল “দিনৰ সপোন”। ইয়াৰো এখুটুৰা বাছি থৈ এৰি আন কিবা এটা ঢৌত খৰ মাৰি দিলো।

 শম্ভুচন্দ্ৰ মুখুৰ্জীৰ “ৰেইজ এণ্ড ৰায়েৎ” আৰু বাৰিষ্টৰ-প্ৰফেছৰ এন্‌ এন্ ঘোষৰ “ইন্ডিয়ান নেশ্যন” নামৰ কাকত দুখনৰ ইংৰাজী লেখাৰ গঢ় মোৰ বৰ ভাল লাখিছিল। দুইখন কাকতৰ মই গ্ৰাহক হৈ ললো আৰু তাৰ ইংৰাজী বাক্যবচনবোৰ যথাসাধ্য মুখস্থ কৰিবলৈ ধৰিলো। মনে মনে থিৰ কৰিলো যে বি-এ পাছ কৰি অঁতাই তেনে গঢ়ৰ এখন সাদিনীয়া অসমীয়া-ইংৰাজী বাতৰি কাকত উলিয়াই দিম; তাৰ নাম থম “অসমীয়া—The Assamese”। এইখিনিতে কওঁ যে মই সুৰেন্দ্ৰ বাবুৰ বৰ admirer ( ভক্ত) আছিলো। মহাৰাণীৰ বৰ নাতিয়েক প্ৰিঞ্চ এলবৰ্ট ভিক্টৰৰ ভাৰত- আগমণৰ উপলক্ষে কোনো এটা ভাল কাৰ্য কৰিবৰ নিমিত্তে যেতিয়া কলিকতাত আন্দোলন উপস্থিত হ’ল, তেতিয়া এন্‌-এন্‌ ঘোষৰ “ইণ্ডিয়ান নেশ্যনে’’, সুৰেন্দ্ৰ বাবুৰ “লেপাৰ এছাইলাম” স্থাপন কৰিবৰ প্ৰস্তাৱৰ বিৰুদ্ধাচৰণ কৰি বাজী পোৰা আৰু বাইজী নচুৱাৰ প্ৰস্তাৱ সমৰ্থন কৰিবলৈ ধৰিলে। সেই দেখি এন্এ‌ন্‌ ঘোষৰ ওপৰত মোৰ খং উঠিল আৰু তেওঁৰ কাকতৰ ওপৰত থকা মোৰ ভক্তিৰ কফুৰফেৰা উতি গ’ল। মই “ইণ্ডিয়ান নেশ্যন’’ কাকতৰ গ্ৰাহকৰ শাৰীৰপৰা নাম কটালো। শম্ভু মুখুৰ্জীৰ কাকতৰ বিষয়তো সেই কথাই ঘটিল। এইখিনিতে অবান্তৰভাৱে কওঁ যে [ ৯৬ ] শুনিছিলো, শম্ভু মুখুৰ্জীয়ে ওৰে-ৰাতি কানিৰ টিকিৰা পুৰি, তেওঁৰ “ৰেইজ এণ্ড ৰায়েৎ”-কাকত লিখে আৰু বেলি দুপৰলৈকে শুই থাকি আবেলিৰ পৰা সজাল ধৰি ৰাতি কাকত লেখিবলৈ সাজু হয়। শুনা কথা, সঁচা-মিছা নাজানো। মোৰ একো একোবাৰ মনত খেলাইছিল যে শম্ভু মুখুৰ্জীৰ নিচিনা বাছকবনীয়া ইংৰাজী লেখিবলৈ দুই-চাইটা কানিৰ টিকিৰা পুৰিব লাগিব। কিন্তু বাস্তৱিকতে কানি খোৱাটো বৰ হেয কাৰ্য বুলি মোৰ সদায় ধাৰণা, সেই দেখি, সেই সঙ্কল্প nebulous অৰ্থাৎ এৱাঁ অৱস্থাতে এৰি, কাৰ্যকালত যি হয় এটা কৰা যাব বুলি থৈছিলো। এতিযা এন্‌-এন্‌ ঘোষৰ লগতে শম্ভু মুখুৰ্জীকো বিদায দি মোৰ অসমীয়াৰ ইংৰাজীৰ গঢ়ৰ ফালে সতা-কথা এৰি দিলো। দশন-শাস্ত্ৰৰ তৰ্কত মই দুই মুনিহে আঁকোৱালি নোপোৱা ইমান ডাঙৰ তাৰ্কিক হৈ পৰিছিলো যে মোৰ তৰ্কৰ বা’মাৰলীত তেত্ৰিশ কোটি দেৱতাৰে সৈতে হিন্দুৰ ঈশ্বৰ, মাইকেল্‌ গেব্ৰিয়েল আৰু মোল্লা মৌলাধৰে সৈতে হজৰত মহম্মদৰ আল্লা-হো-আকবৰ আৰু ভাৰ্জিন মেৰীৰ সৈতে যীশু-খ্ৰীষ্টৰ “গ্ৰেট ফাদাৰ গড”ৰ সিংহাসন উৰি গৈ বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰত থাকিবলৈ ঠাই নাপাই বাহিৰৰ ক’ৰবাত পৰিছিলগৈ। সৃষ্টি কৰিলে ঈশ্বৰে, ঈশ্বৰক কৰিলে কোনে? এই প্ৰশ্নৰ উত্তৰ মোক কোনেও দিব নোৱাৰিলে দেখি মই, ঈশ্বৰ আছে যদি য’তে মন ত’তে থাওক, তেওঁক আমাক নেলাগে বুলি সিদ্ধান্ত কৰি ওফোন্দ পাতি ফুৰিবলৈ ধৰিলো। কলিকতা চহৰৰ য’তে যি বিষয়ৰ public lecture অৰ্থাৎ সৰ্বসাধাৰণৰ উপস্থিতি-প্ৰাৰ্থক বক্তৃতা হৈছিল, ৰ’দেই হওক বা বৰষুণেই হওক, ত’তে শৰ্মা টো টো কৰে ওলাইছিলগৈ; আৰু বক্তৃতাৰ ভিতৰৰ ভাল ভাল কথাবোৰ নোট বুক এটাত সংক্ষেপকৈ টুকি আনি ঘৰত পাগুলিছিলহি; আৰু বক্তৃাৰ যিবোৰ কথা তেওঁৰ মনে-চিতে নাখাইছিল, সেইবোৰৰ বিষয়ে তুমুল আলোচনাৰ ধোঁৱা উৰাই দি তেওঁৰ মেছবাসী লগৰীয়াসকলৰ চকু ধুঁৱলী-কুঁৱলী কৰি দিছিল।

 ইংৰাজী etiquette অৰ্থাৎ দস্তুৰত দোৰস্ত নোহোৱা বঙ্গালীযে কোনো নতুন মানুহেৰে সৈতে দেখা হলে “মহাশয়েৰ নামটা কি?” “মহাশয়েৰ নিবাস কোথায়?’’ “কি কৰেন?” “কত মাহিয়ানা পান?” ইত্যাদি অশিষ্ট (rude)—অৱশ্যে কোনো বেয়া অভিপ্ৰাযেৰে বা ৰুক্ষ হবৰ মনেৰে নহয়—প্ৰশ্ন কৰি আলাপ-পৰিচয়টো জমজমাই লব খোজে; কাৰণ তেনে কৰাটোত যে কোনো অন্যায বা অসঙ্গতি আছে, সেইটো তেওঁলোকৰ মনত নেখেলায। নতুন চাহাব এই লেখকে কোনো কোনো নিৰীহ বঙ্গালী ভদ্ৰলোকৰপৰা তেনে প্ৰশ্ন শুনি কিলাবলৈ কেইবাবাৰো উঠাও মনত আছে। পৰাপক্ষত সেই দেখি ৰেলত বা ট্ৰেমগাড়ীত লৰোঁতে তেওঁ কোনো বঙ্গালী ভদ্ৰলোকেৰে সৈতে কথা নাপাতিছিল আৰু কোনোবাই তেওঁৰে সৈতে কথা পাতিব খুজিলেও তেওঁ এনে গোমোঠা-মুৱা হৈছিল যে কথা পাতিব খোজোঁতাই আৰু কথাৰ শৰাই লৈ এখোজো তেওঁৰ ফালে আগ বাঢ়িব নোৱাৰিছিল। এদিনৰ আৰু এটা ঘটনাৰ পিছত তেওঁৰ এই গঢ়ে আৰু ভীষণ মূৰ্তি ধৰিলে। গধূলি “হাৱা খাব’’ৰ মনেৰে এদিন তেওঁ কলিকতাৰ গোলদীঘিৰ পাৰৰ বেঞ্চ এখনত অকলে বহি আছে। এনেতে এজন আদহীয়া বঙ্গালী [ ৯৭ ] ভদ্ৰলোক আহি তেওঁ বহি থকা বেঞ্চখনৰ এমূৰে বহিলহি। বাবুজনৰ গাত নয়নচুক কাপোৰৰ হাত-কটা ফতুৱা চোলা; কঁকালত ক’লা পাৰি দিয়া মিহি চুৰিযা; বুকুৰ সৰু, জেপ বা মোনাত সোণৰ ঘড়ী-চেইন; আধা-পকা আধা-কেঁচা চুলিৰে মূৰটো ভালকৈ সেওঁতা ফলা; হাতত হাতী-দাঁতৰ বেকোৱা মূৰেৰে মিহিকৈ পালিছ কৰা কাঠৰ লাখুটি এডাল। অলপৰ পিছতে তেওঁ মোৰ ফালে চাই আলাপ লগাই দিলে,-“তুমি কোন কলেজে পড়?” “কোথায় থাক?” “কত দিন বাড়ী যাওনি?” মই অনিচ্ছাপূৰ্বক এটা এটাকৈ উত্তৰ দি আছোঁ আৰু তেওঁ প্ৰশ্নৰ বাতলুগুটি এটা এটাকৈ মোৰ ফালে মাৰি আছে। আৰু দেখিলো, তেওঁ প্ৰশ্নৰ লগে লগে অলপ অলপকৈ মোৰ ফালে আগবাঢ়ি আহিব লাগিছে। মই বিৰক্ত হৈ “আৰ আপনাৰ প্ৰশ্নেৰ জবাব দিতে পাৰব না, মাফ কৰবেন মশায" বুলি ঘপহ্‌ কৰে উঠি গোলদীঘিৰ বাগিচাৰ দ ৱাৰৰ বাহিৰ পালোঁগৈ। তেওঁ “ৰাগ কৰলে কেন? শুনে যাও, শুনে যাও!” বুলি মোক মতা মোৰ কাণত যিমান পৰিল, সিমান বেগেৰে মই ভোঁ-ভোঁ কৰে গুচি আহি আমাৰ “মেছ” পালোঁহি। এই ঘটনাৰ পিছত এমাহমানলৈকে আৰু মই গোলদীঘিৰ পাৰলৈ যোৱা নাছিলো।

 এবাৰ মই কলেজৰ বন্ধত ঘৰলৈ গৈছিলো। বন্ধু-বৰ শ্ৰীযুত হেমচন্দ্ৰ গোস্বামীও মোৰ সহযাত্ৰী। মোৰ চাহাবী মিজাজৰ অন্ত নাই। গোসাঁইক সাৱধান কৰি দিলোঁ, তেওঁ যেন ৰেলগাডীত কোনো বঙ্গালীৰ সৈতে কথা নাপাতে। গোসাঁযে বন্ধুৰ বাক্য বৰ্ণে বৰ্ণে প্ৰতিপালন কৰিলে। দুযো শিযালদহ ষ্টেশনত ৰেলগাড়ীত উঠিলোঁ। সেই কালত সাৰাঘাটত দুখন ৰেলগাডী প্লেটফৰ্মৰ দুকাযে কলিকতাৰ ফালৰপৰা অহা যাত্ৰীলৈ বাট চাই থকা নিযম আছিল। এখন অসমলৈ আৰু, আনখন দাৰ্জ্জিলিঙৰ ফাললৈ যাব। আমি ৰাতি ৮ কি ৯ মান বজাত সেইখিনি, পাই কাকো একো নামাতি নুবুলি এফালৰ এখন ট্ৰেইনৰ এখন গাডীত উঠি, দুযো দুখন বেঞ্চ অধিকাৰ কৰি দুইৰো বিছনা মেলি লৈ দীঘল হৈ পৰিলোঁ। মোৰখন বিছনা ওপৰৰপৰা ওলমা “বাঙ্ক’’ত। মোৰতো উৎকৃষ্ট চাহাবী মূৰ্ত্তি আৰু মিজাজো তথৈবচ , সেইদেখি মইতো গাড়ীৰ ভিতৰত থকা বঙ্গালী সহযাত্ৰী দুজনেৰে সৈতে বাক্যালাপৰ আদান-প্ৰদান নকৰিলোঁবেই , গোসাঁইও প্ৰিয বন্ধুৰ নেতৃত্বত নিমাত নিস্তদ্ধ। ওৰে ৰাতি ৰেল- গাড়ী গৈ গৈ ৰৈ বৈ পৱা এটা ষ্টেশ্যনত ৰ’লগৈ। চাহৰ চেষ্টাত চকু মেলি উঠিলোঁ। গোসাঁইক সুধিলোঁ, “এইটো কি ষ্টেশ্যন?” গোসাঁযে কি ক’লে বুজিব নোৱাৰিলোঁ। বাঙ্কৰপৰা নামি আহি বাহিৰলৈ মূৰ উলিযাই চাওঁ—দেখোন কিবা অচিনাকি ষ্টেশ্যন এটা , নামটো হল্ দিঘাটা। গোসাঁইক সুধিলোঁ, এইটো ষ্টেশ্যন দেখোন আমি আগেযে অহা-যোৱা কৰোঁতে দেখা নাছিলোঁ। তেওঁ মিচিকিয়া হাঁহি মাৰি ক’লে, “আমাৰ যি হবলগীয়া হ'ল, আমি ভুলকৈ দাৰ্জ্জিলিঙৰ কাষ পালোঁহি।” মই শোৱাৰপৰা উঠাৰ আগতে তেওঁ মৎবিহিত নিয়ম ভঙ্গ কৰি সহযাত্ৰী বঙ্গালী যাত্ৰী দুজনেৰে সৈতে কথা পাতি সেইটো জানিব পাৰিছিল। মোৰ চাহাবী মুখ শুকাই একণমান হ’ল। আমাৰ বিপদ বুজিব পাৰি, বাঙ্গালী ভদ্ৰলোক দুজনে ক’লে, [ ৯৮ ] “আপনাৰা এইখানেই নেমে যান, গাড়ী প্ৰায় দশ মিনিট দাঁড়াবে। অমুক সময় দাৰ্জ্জিলিং থেকে একখানা গাড়ী আসবে। সেই গাড়ীতে ফিৰে যাবেন। ষ্টেশ্যন মাষ্টাৰকে আপনাদেৰ ভুলে কথা বল্লেই ষ্টেশ্যন মাষ্টাৰ certify কৰে দেবেন, আৰ ভাড়া লাগবে না।” এইবুলি তেওঁলোকৰ এজন আমাৰ লগতে গৈ ষ্টেশ্যন মাষ্টৰক সেই কথা কৈ আমাক বিনা-কেৰেয়াত সাৰাঘাটলৈকে উভতি যাবলৈ অনুৰোধ কৰিলে। আমি গাড়ীৰপৰা তাতে নামি কেবা ঘণ্টা ৰৈ থাকি সেইৰূপেই আমাৰ এই হাঁহি উঠা ওলোটা যাত্ৰা সমাপণ কৰিলোঁ। জীৱনত মোৰ উগ্ৰ চাহাবীয়ে এই প্ৰথম ঢকা খালে, মোৰ শিক্ষা হ’ল নে নহ’ল ক’ব নোৱাৰো, কিন্তু হোৱাটো হলে উচিত আছিল। গোসাঁয়ে পিছত অনেক লোকৰ আগত মোৰ এই কথা কৈ অনেক দিনলৈকে মোক জোকাই ৰং কৰিছিল।

 আগতে উনুকিয়াই আহিছোঁ পিতৃদেৱতাই দুই পুতেক গোবিন্দ আৰু গোলাপক কলিকতাত পঢ়িবলৈ পঠিয়াইছিল। গোলাপ ককাইদেও ৰুগীয়া। কলিকতাত সততে তেওঁৰ গা বেয়া হৈ থকা লেখি তেওঁক কলিকতাত থাকি পঢ়াৰপৰা এৰুৱাই নি লাহে লাহে আসামতে কামকাজ এটাৰ দিহা কৰাটো ভাল হবনে নহয দেউতাই বিবেচনা কৰি আছিল , এনেতে এটা ডাঙৰ কাৰণ ওলাই দেউতাৰ দোদুল্যমান মনক দৃঢ় কৰি দিলে। ঘুনুক ঘানাককৈ বাতৰি ওলাল, যে দীননাথ বেজবৰুৱাৰ পুতেক গোলাপে মনে মনে কলিকতাৰ মেডিকেল কলেজত ভৰ্ত্তি হৈ ডাক্তৰী পঢ়িছে। পুতেকৰ এনে অভাৱনীয় ব্যৱহাৰত দেউতা স্তম্ভিত হ’ল। ডাক্তৰী পঢ়িলে মৰা শ কাটিব লাগিব। মৰা শ কটা ছিঙা কৰিলে হিন্দুৰ, বিশেষকৈ বামুণৰ জাত যায়, এই মত আৰু বিশ্বাস আসামত দৃঢ়মূল। একালত বঙ্গদেশতো এনেকুৱাই আছিল। সেইদেখি প্ৰথমতে যিজন বঙ্গালী হিন্দু ছাতৰে সাহ কৰি কলিকতাৰ মেডিকেল কলেজত ভৰ্ত্তি হৈ কাৰ্যত হস্তক্ষেপ কৰিছিল তেওঁৰ উৎসাহ আৰু সন্মানৰ অৰ্থে ফ’ৰ্ট উইলিয়েম দুৰ্গৰপৰা বৰটোপ এজাঁই মৰা হৈছিল। সেই ছাতৰজনৰ নাম মধুসুদন। দেউতাই পুতেকক ডাক্তৰী পঢ়িবলৈ অনুমতি নিদিয়াটো ধ্ৰুৱ নিশ্চয; বৰং তেওঁৰ বিনা অনুমতিত পুতেক তেনে কাৰ্য কৰিবলৈ গলে চুড়ান্ত অঘটন ঘটাব, এই কথা দুই পুতেক গোবিন্দ আৰু গোলাপে ভালকৈ জানিছিল; সেইদেখি এই কাৰ্য তেওঁলোকে অতি সংগোপনে কৰিবলৈ গৈছিল। কিন্তু এনে খবৰৰ মুখত সোপা দি ৰাখিবৰ সাধ্য কাৰ? দেউতাই তৎক্ষণাৎ গোলাপ ককাইদেওক ঘৰলৈ উভতি যাবলৈ আদেশ দি পঠিয়ালে। নিৰুপায় গোলাপ অচিৰতে শিৱসাগৰত ওলালগৈ। পিতৃদেৱতাই পুতেকক আৰু কলিকতালৈ নপঠিযাবলৈ থিৰাং কৰি পৰাচিত কৰাই শুদ্ধ কৰি লৈ শ্ৰীযুত গঙ্গাগোবিন্দ ফুকন ডাঙৰীযাৰে সৈতে পৰামৰ্শ কৰি গোলাঘাটত এটা ইংৰাজী স্কুল পতাই তাৰ হেডমাষ্টৰ পতাই দিয়ালে। ফুকন ডাঙৰীয়া তেতিয়া গোলাঘাটত হাকিম হৈ আছিল। স্কুলৰ লাগ বান্ধ নোহোৱা অৱস্থাৰ গতিকে গোলাপ ককাইদেওৰ স্কুল-মাষ্টৰীয়া জীৱনৰ অচিৰতে ওৰ পৰিল। শিৱসাগৰত পিতৃদেৱতাৰ সিংদুৱাৰ আৰু ৰজাবাৰী নামেৰে দুখন চাহ বাগিচা [ ৯৯ ] আছিল। বাগিচা দুখনকে ভালকৈ চলাবলৈ গোলাপক শিৱসাগৰলৈ আনি সিংদুৱাৰত ঠাই দিয়া হ’ল। সিফালে কলিকতাত গোবিন্দ ককাইদেৱে ভায়েক গোলাপক কেনেকৈ বিলাতত ডাক্তৰী পঢ়ুৱাই ডাঙৰ ডাক্তৰ কৰি আনিব, তাৰ উপায় উদ্ভাৱন কৰিবলৈ ধৰিলে। তেওঁ ভাবিলে, তেওঁ স্বাধীন হৈ ধন ঘটিব পাৰিলে আৰু কালৈকো অপেক্ষা নাৰাখি তেওঁৰ সঙ্কল্প কাৰ্যত পৰিণত কৰিব পাৰিব; ইয়াকে ভাবি তেওঁ বি-এ পৰীক্ষা দিবলৈ বাট নাচাই চতুৰ্থ বাৰ্ষিক শ্ৰেণীৰপৰা পঢ়া পৰিত্যাগ কৰি কলিকতাৰ হাইকোৰ্টত অসমীয়া-ট্ৰেন্সলেটৰ কামত সোমাল। কঁকালত এইদৰে বল বান্ধি লৈ তেওঁ ভাযেক গোলাপক আকৌ কলিকতালৈ আনিবলৈ তলে তলে চেষ্টা কৰিবলৈ ধৰিলে। গোলাপে চাহ বাগিচা দুখন ভালকৈ চলাবলৈ সৰহকৈ কুলী সংগ্ৰহ কৰি আনিব লাগে বুলি পিতৃদেৱতাক বুজাই তেওঁৰপৰা অনুমতি লৈ কছাৰী কুলী আনোগৈ বুলি গুৱাহাটী পালেহি। গুৱাহাটীতে তেওঁ দিনচেৰেক থাকি সুৰুক কৰে কলিকতা ওলালহি। গোবিন্দ ককাইদেওৰ ইচ্ছা পূৰ্ণ হ’ল; তেওঁ ততালিকে গোলাপক আকৌ মেডিকেল কলেজত সুমাই দিলে।

 ইয়াৰ পিছত গোবিন্দ ককাইদেৱে ভায়েকক বিলাতলৈ পঠিয়াই দিলে আৰু নিৰুপায় পিতৃদেৱতা বিষাদত মগ্ন হ’ল। ভায়েক গোলাপক ষোল অনা ডাক্তৰ কৰি অনাৰ আগতে দৈবদুৰ্বিপাকত গোবিন্দৰ চাকৰি গৈ অৱস্থাৰ পৰিৱৰ্তন হ’ল; ফলত বিলাতত খৰচৰ অভাৱত ভায়েক দুখত পৰিল। তেতিযা পিতৃদেৱতা আৰু বৰ ককাইদেও ব্ৰজনাথে যথাসাধ্য ধনেৰে গোলাপক সহায় কৰিছিল যদিও, তথাপি যথোচিত খৰচৰ টকাৰ অভাৱত তেওঁৰ দুখ নহৈ নাথাকিছিল। যি হওক, দুখকষ্টত পৰিও গোলাপে গ্লাছগো আৰু এডিনবৰাৰ পৰা ডাক্তৰী পৰীক্ষাত উত্তীৰ্ণ হৈ এল-আৰ্‌-চি-পি, এল্‌- এফ-পি-চি উপাধি লভি, ভাৰতবৰ্ষলৈ উভতি নাহি, পোনেই দক্ষিণ-আমেৰিকাৰ বৃটিছ গিযেনাৰ মাৰা আৰু ডেমেৰেৰ নামৰ ঠাইত চিভিল ছাৰ্জনৰ কাম লৈ গ’ল। অনেক বছৰ তেওঁ বৃটিছ-গিয়েনাত সুখ্যাতিৰে চাকৰি কৰি আছিল। এইডোখৰ কালত তেওঁ লাহে লাহে ঘৰলৈ চিঠি-পত্ৰ দিবলৈ এৰি দি, শেহত একেবাৰেই অঃফুট হ’ল। অনেক বছৰ আমি তেওঁৰ খবৰ পোৱা নাছিলোঁ। মই এণ্ট্ৰেঞ্চ পাছ কৰি কলিকতালৈ আহি অনেক চেষ্টা কৰি তেওঁৰ খবৰ উলিয়াই তেওঁলৈ চিঠি লেখি শেহত উত্তৰ পালোঁ। মোৰ মহা আনন্দ হ’ল। পিতৃদেৱতাকে আদি কৰি সকলোৱে মোৰপৰা গোলাপৰ খবৰ শুনি পৰমানন্দিত হ’ল।

 গোলাপ ককাইদেৱে অকল যে মোলৈ চিঠিকে লিখিবলৈ ধৰিলে এনে নহয, কলিকতাত মোৰ পঢ়া খৰচৰ অৰ্থে মাহে মাহে ২৫/৩০ টকাকৈ নিজ ইচ্ছাতে পঠিয়াবলৈ ধৰিলে। আসাম গৱৰ্ণমেণ্টৰপৰা মই কুৰি টকাকৈ স্কলাৰ্শ্বিপ পাইছিলোঁ; সেই দেখি এতিয়াৰপৰা মোৰ আয় মাহে ৪০/৫০ টকাকৈ হবলৈ ধৰিলে। তৃতীয় বাৰ্ষিক শ্ৰেণীৰ গুৰিৰেপৰা মেষ-ৰশীয়া মোৰ বৰ্ষফল—আয়, ব্যয়, স্থিতিৰ ঘৰ সুখকৰ আৰু [ ১০০ ] সুবিধাপ্ৰদৰূপেই বিৰাজিত হ’ল; এই ফলং-ফলে-ফলানি একেবাৰেই ৰাশিচক্ৰৰ মেষৰ ঘৰত ডেৰ বছৰ আছিল।

 কলেজৰ তৃতীয়-বাৰ্ষিকীয়া জীৱনত মোৰ এনে জয়-জয়-মষ-ময় অৱস্থা। নীতি- শাস্ত্ৰই বচন এফাঁকি মাতি থৈছে—

যৌৱনং ধন-সম্পত্তিঃ প্ৰভুত্বমৰিৱেকতা
একৈকমপ্যনৰ্থায কিমু তত্ৰ চতুষ্টয়ম্‌।

 যৌৱনৰ কথা যদি সোধাঁ, তেন্তে কওঁ যে সেই সময়ত সি দুই পাৰ বুৰাওঁ বুৰাওঁ। ধন-সম্পত্তিৰ লেখতো পালাযেই—আলিবাটৰ কাষৰ গতিত থকা এটকা ৰূপৰ সত্ৰাধিকাৰ ডেও দিযা ভেকুলীৰ দৰে। আৰু বাস্তৱিকপক্ষত পঢ়াশলীয়া ছাতৰ এটাৰ পক্ষে কমেই বা কি? প্ৰভুত্বটো কিহৰ বুলি প্ৰশ্ন কৰা যদি কওঁ যে, লোকে মানক বা নামানক, নিজৰ মনতে নিজে মই-বৰচন্দ্ৰ। অবিবেকতা,—অথাৎ বিবেকতাৰ অভাৱত স্বভাৱ আঁকোৱালো নোপোৱাটো হোৱাৰ কথাতো ওপৰত কৈ আহিছোঁৱেই। সেইদেখি মই সোধোঁ, এই চাৰিটা অনৰ্থৰ ভিতৰত কোনটোৰ মই দুখীযা, ৰাইজসকল, তোমালোকে কথাটো দকৈ বিবেচনা কৰি চাই কোৱাঁহকচোন। মই কওঁ একৈকৰ কথাৰে নালাগে চতুষ্টযং একত্ৰং বৰ্তমানং ইতি ভাবঃ। এনে মই কলিকতা হেন চহৰৰ জহন্নাম নামৰ খাৱৈত পৰিবলৈ বাট বিচাৰি ঘুৰ্মুটিযাই ফুৰিব লাগিবনে? কিন্তু সুখৰ বিষয, ঈশ্বৰৰ অনুগ্ৰহত মই খাৱৈবোৰৰপৰা অনেক আঁতৰত আছিলোঁ। আচল কথা, গুৰিডোখৰত অটল চৰিত্ৰবান পিতৃদেবতাৰ কট্ কটীযা নীতি আৰু ধৰ্ম-শিক্ষাৰ বান্ধোনে মোকো উলামূলা পছোৱাকুৰুৱাই লৰাব নোৱাৰো কৰি থৈছিল। সেই সমযত মোৰ সহপাঠী আৰু সহনিবাসী ছাতৰ বন্ধুসকলেই এই কথাত মোৰ ফালে সাক্ষী দিব বুলি মোৰ বিশ্বাস। মুঠতে এইফেৰা ক’লেই হব যে, এই বাবে আমি থকা “মেছ” অৰ্থাৎ ছাত্ৰাবাসটোৱে কাৰো কাৰোবাৰ “পিউৰিটানিক” এই nickname “অৰ্থাৎ উপলুঙা নাম পোৱাটোও জানো।

⸻⸻