পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
দ্বিতীয় আধ্যা

এটাক তেওঁলোকৰ ভাত ৰান্ধনি কৰি পঠিয়াই কৰা হয়। কিন্তু লাহে লাহে দেখা গ’ল যে ককাইদেওসকলৰ দ্বাৰাই কলিকতাত অচিৰতে ৰান্ধনি শশধৰ অনাৱশ্যক বিবেচিত হ’ল; আৰু এবছৰমানৰ পিছতে অসমীয়া শশধৰ বঙ্গাকাশৰ মেঘমুক্ত হৈ পুনৰ অসম আকাশত উদয় হ’লহি। সিফালে কলিকতাত, জাতৰ বাৰখৰে শুকাই ককৰীয়াকৈ থোৱা দুই ভাইক বিদেশী ৰান্ধনিৰ আঞ্জা-ভাতে ধাৰাসাৰে বোৱাই পেলালে। সন্তানসকলৰ বিপৰ্যৰ বুদ্ধি দেখি বেচেৰা পিতৃদেৱতাই কলিকালৰ প্ৰকাণ্ড প্ৰতাপ অনুভৱ কৰি ঈশ্বৰক চিন্তি বিষাদ মনেৰে ৰ'ল।

 দুইজন ককাইদেওৰ চুলি-কটা ব্যাপাৰ লৈও আমাৰ ঘৰত কম আন্দোলন উপস্থিত হোৱা নাছিল। অথচ তেনে চুলি কটা বা টিকনিকটা ঘটনা সাতোটা বাৰৰ ছাপন্ প্ৰহৰত আজি-কালি নিতৌ ঘটিব লাগিবে, “ব্ৰাহ্মণ ক্ষত্ৰিয় পুণ্য-তনু” সকলে নিৰ্বিবাদে, অপ্ৰতিৰোধ গতিৰে নিতৌ স্ব স্ব মস্তকৰ শিখা কাটি তহিলং কৰিব লাগিছে, কিন্তু তেনে কাণ্ড-কাৰখানা দেখি অলেখ কাউৰীৰ এটা কোৱাইও একাষাৰ ‘কা’ কৰা নাই, অসংখ্য চিলনীৰ এটা চিলাইও এটা “চি” বোলা নাই, বৰ গছে এটা টোপাল পেলোৱা নাই, ৰান্ধনীয়ে পুহমহীয়া চৰুৰ তলত জাল দিওঁতে গেৰেহা কাঠ-খৰিৰে সৈতে এবাৰ সেহোৱা নাই, আন কি ‘সনাতনী’ ধৰ্ম সম্প্ৰদায়সভাৰপৰা এটা unanimously passed resolution অৰ্থাৎ সৰ্বসম্মতিক্ৰমে নিৰ্ধাৰিত প্ৰস্তাৱৰ সিদ্ধান্ত লাট আবু বৰলাট বাহাদুৰৰ সভালৈ দূৰ্ঘোৰ প্ৰতিবাদ স্বৰপে পঠিওৱা হোৱা নাই আৰু সেই ‘ৰিৰাট’ সভাৰ সেই বিষয়ৰ কাৰ্যাৱলী কোনো দৈনিক মাসিক বাতৰি কাকতত প্ৰৱেশ কৰি শদিয়াৰপৰা ধুবৰীলৈকে তুমুল আন্দোলনৰ তৰঙ্গ তোলা নাই। কালৰ কি প্ৰৱল প্ৰতাপ, আগৰটো আন্দোলনৰ দৰে এই টিকনি-বিনাশনৰ আন্দোলন টোৱেই কালক্ৰমত আমাৰ ঘৰত নিৰ্বাণ-মুক্তি লাভ কৰিলে , আৰ, কলেনো কোনে হাতত ধৰিব, যে টিকনিতো একৰকম সৰু কথাই, দেখোঁতে দেখোঁতেই চাহাবী হেট কোট আৰু পট্‌লুঙৰ বৰ বৰ কথাবোৰ পৰ্যন্ত সৰুৰো সৰু একোটি হৈ কেনিবা সৰকি.পৰিল।

 পিতৃদেৱতা লখীমপুৰত থাকোঁতেই কিছুমান দুষ্ট মানুহে ষড়যন্ত্ৰ কৰি তেওঁৰ ওপৰত এটা মিছা অভিযোগ আনে; আৰু সেই অভিযোগৰ বিচাৰৰ নিমিত্তে তেওঁ ডিব্ৰুগড়লৈ যাবলগীয়াত পৰে। তেতিয়া ডাক জাহাজ বা ৰেল আসামত নাছিল; গতিকে তেওঁ নাৱেৰে আহিবলগীয়াত পৰিছিল। পিতৃদেৱতা বাটত থাকোঁতেই কিবা স্বৰুপে জুই লাগি ডিব্ৰুগড়ৰ কাছাৰী ঘৰটো পুৰি যায়। তেওঁৰ ওপৰত অভিযোগ আনোতা দুষ্ট মানুহকেইটাই চেলু পাই, তেওঁ মানুহ লগাই দি কাছাৰী ঘৰটো পোৰালে বুলি ডেপুটি কমিশ্যনৰ কৰ্ণেল ক্লাৰ্কক কৈ দিলে। কৰ্ণেল ক্লাৰ্কে কোনো বিচাৰ আৰু বিবেচনা নকৰি, দণ্ডবিধি আইনৰ ‘ঘৰ জ্বালানি’ অভিযোগ ধাৰাত পিতৃদেৱতাক পেলাই তেওঁ ডিব্ৰুগড় পালতে তেওঁক হাজোতত দিলে। এই মোকৰ্দমাই সেই কালত আসামৰ ইমূৰৰপৰা সিমূৰলৈকে সকলো মানুহৰ মনত