সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
তৃতীয় আধ্যা

“কীৰ্তন ঘোষাত এই দুৰা কাছ খাবলৈ কৈছে; যেনে, ‘দুৰাচাৰ মন মোৰ ৰাম হৰি বোল’ অৰ্থাৎ মোৰ মনে তোক খাবলৈ কৈছে, তই মই খাব পৰা হ?”

 আমাৰ নাৱৰীয়া এটাই এদিন বালিত ফুৰি উভতি আহি তাৰ চুৰিয়াৰ কোঁচ উবুৰিয়াই আমাৰ আগত একোঁচ কাছ-কণী বাকি দিলে; তাৰ কিছুমান সম্পূৰ্ণ ঘুৰণীয়া, কিছুমান দীঘলীয়া। ঘুৰণীয়াবোৰ বৰ-কাছৰ কণী আৰু দীঘলীয়াবোৰ দুৰা কাছৰ কণী। পাঁচ-ছদিনলৈকে সেই কণী সিজাই নাইবা ভাতত দি আমি সকলোৱে খাই তৃপ্তি লভিছিলোঁ।

 এদিন ৰাতি খাই বৈ আমি নাৱত শুই আছোহঁক; এনেতে নাৱৰীয়াহতে দেউতাক ক'লে যে বৰ ধুমুহা বতাহ আহিবৰ সম্ভৱ, কাৰণ ক’লা মেঘ এটা পশ্চিমফালে আকাশত ওলাইছে। লৰালৰিকৈ দেউতাই সিহঁতৰ হতুৱাই নাও দুখনৰ গোজ কাচি মজপুতকৈ পোতাই বন্ধালে আৰু আন আন যি সতৰ্কতা অৱলম্বন কৰিব লাগিছিল, কৰালে। পোন্ধৰ মিনিটমানৰ পিছতে গোটেইখন আকাশ ক’লা মেঘে চাটি পেলালে; হুৰ্ হুৰ্ গিৰ্ গিৰ্ শৱদ হ’ল; বিজুলী মাৰিবলৈ ধৰিলে আৰু লগে লগে ভয়ানক ধুমুহা আৰম্ভ হ’ল আৰু আমাৰ নাও দুখনক ধুমুহাই পানীত পেলাই বোন্দা থেকেচা দিবলৈ ধৰিলে। যাত্ৰা কৰি গুৱাহাটীৰ ঘাটত নাৱত উঠাৰ দিনাৰ দৰে সেইদিনাও দেউতাই নাৱৰীয়াহঁত আৰু চাকৰ-নাকৰবোৰৰে সৈতে ৰাতি পানীত পৰি কান্ধ পাতি নাও দুখন কোনোমতে ৰক্ষা কৰিছিল। পিছদিনা উজাই যাওঁতে এঠাইত দেখিলো, আমাৰ নাৱৰে নিচিনা নাওঁ এখন উবুৰি হৈ এটা ডাঙৰ জাঁজিত লাগি আছে। পিছত শুনিলোঁ বোলে সেই নাৱৰ সকলোকেইটা আৰোহী, গল ৰাতিৰ সেই ধুমুহাত নাও বুৰি নৈৰ গৰ্ভত চিৰকাললৈ বিলুপ্তি হ’ল। কৰাল কালে কোন দুৰ্ভগীয়াক সপৰিবাৰে এইদৰে পানীৰ মৈদামত দিলে কোনে কব!

 যাওঁতে যাওঁতে এদিন পুৱা নল খাগৰি আৰু কঁহুৱা থকা জেকা বালি এটাৰ ওপৰত এজাক বনৰীয়া ম’হ দেখিলোঁ। সশিঙ্কত হৈ নাৱৰীয়াহঁতে নৈৰ সিপাৰলৈ পাৰি দি যাবৰ মনোগত কৰোতেই, ম’হ জাকেই আত্মশক্তি-বিস্মৃত হৈ, ভয় খাই টেঁটাই ঢপলিযাই লৰ মাৰি হাবিত সোমাল। ডাঙৰবোৰৰ লগে লগে সমানে লৰিব নোৱাৰা চাৰি-পাঁচোটা সুন্দৰ ম’হ পোৱালি পিছ পৰি লৰি যোৱা দেখি এনে ভাল লাগিছিল! সিহঁতক পাৰিলে ধৰি মৰম কৰি পুহিবৰ মোৰ বৰ মন গৈছিল।

 এদিন দেখা গ’ল, এজোপা ডাঙৰ গছত বহি এটা কুৰুৱা চৰায়ে এটা ডাঙৰ ৰৌমাছ খাবৰ দিহা কৰিছে। আমাৰ নাৱৰ আগোৱাল এটাই কুৰুৱাটোৰ ফালে কাঠখৰি এডাল ফৰ্মুঠি মাৰি পঠিয়ালে। ভোজত বহা কুৰুৱাটোৱে ভোজনৰ আগেয়ে ভয় খাই উৰি লৰ মাৰিলে, আৰু মাছটো তাৰ নখৰ পৰা খহি ধুপুৰ্ কৰে গছৰ তলত পৰিল। ফৰ্মুঠি মাৰোতা আগোৱালটোৱে একে জাপেই নাৱৰপৰা নামি বামত পৰি, লৰি গৈ মাছটো লৈ আহি আমাৰ আগত বুকু ফিন্দাই পেলাই দিলেহি। বৰ ডাঙৰ ৰৌ। কাটিলত পেটৰ ভিতৰত তিনি সেৰমান কণী পোৱা গ’ল। ভোজত বহি