পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
চতুৰ্থ আধ্য়া

সৈতে গেৰিলা-ৱাৰফেয়াৰ (guerrilla-warfare) অৰ্থাৎ অনিয়মিত ভাবে “হায়ৰানি যুদ্ধ” আৰম্ভ কৰি দিলে। এই যুদ্ধত বঙ্গলা যাত্ৰা-গানৰ “টেঙ্ক” (tank) ওলাল। আমি শিৱসাগৰলৈ যোৱাৰ কিছুদিনৰ আগতে হেনো বৰপেটাৰ বিখ্যাত তিথিৰাম বায়নে তেওঁৰ বঙ্গলা “যাত্ৰা-গানৰ-পালা” লৈ উজনি দিগ্বিজয় কৰি ফুৰিছিল। বায়নৰ সেই যাত্ৰা-গানৰ অন্তৰ্গত বাধাৰ “মানভঞ্জন পালা”ৰ পৰা একো একোটা গানৰ একো একো বিকৃত টুকুৰা সুৰ-লয়-তাল−শূন্য কৰি “গিৰি-গুহা-বন-নদী-সৰোব”ৰ ওপৰেদি দুয়ো হুৰ্ হুৰ্ কৰে চলিবলৈ ধৰিলে; আৰু তাৰ প্ৰবল গতিত মানভঞ্জনৰ গানবোৰ ডালে-পাতে চুৰ্ণীকৃত হবলৈ ধৰিলে। সেই গীতবোৰৰ এডোখৰ কঙ্কৰ এতিয়াও মোৰ মনত গধুৰ হৈ পৰি আছে; যেনে-

ও ৰাই! আগে প্ৰেম কৰিলি হেসে হেসে।
এখন কান্দ কেন নিৰ্জনে বসে॥

মই ভাবিলোঁ, ই কি হ’ল! এইবাৰতো মোৰ আৰু ৰক্ষা নাই। মোৰ দেখোঁ পতং! তেতিয়ালৈকে মই কোনো বঙ্গলা যাত্ৰা গান দেখা নাছিলোঁ, শুনা নাছিলোঁ। গতিকে এই musician “সঙ্গীতজ্ঞ” দুজনৰ হাতত মোৰ ঘাট অনিবাৰ্য। মই দেখা আৰু শুনা অসমীয়া ভাৱনাৰ গীত-পদ-বাইক-বচন দুটা-এটা মাতি এই ভবানক “ধাক্কা” চম্ভালিবলৈ প্ৰাণপণে চেষ্টা কৰিলোঁ হয়; কিন্তু প্ৰতিপক্ষই মোৰ সেইবোৰক ধুলি−মাকতি rubbish আৰু অসভ্য বুলি একে টিলিকিতে উৰাই দিলে। যদিও সিহঁতে তেতিয়ালৈকে কোনো ভাৱনা দেখা নাছিল। বঙ্গলা ভাষা, বঙ্গলা গান, বঙ্গালীৰ নিচিনাকৈ চুলি কটা, চুৰিয়া-চোলা পিন্ধা, মুঠতে বঙ্গালী “ফেশ্যন" (fashion) আৰু everything Bengali অৰ্থাৎ যি−কি নহওক সকলো বঙ্গালী আমাৰ অসমীয়াতকৈ যে শ্ৰেষ্ঠ, এই ৰোগে তেতিয়াৰ ডেকা তৰপৰ গাত ভালকৈযে ধৰিছিল; আৰু এই ৰোগৰ প্ৰকোপ ইমান বাঢ়িছিল যে ডাঙৰ ডাঙৰ সত্ৰবোৰত সুন্দৰ অসমীয়া অঙ্কীয়া ভাৱনাৰ লগে লগে নাইবা অঙ্কীযা ভাৱনাক খেদাই নাট ৰচোঁতা গোসাঁই মহন্তসকলে বাৰেবাঙ্কৰা অশুধ বঙ্গলা ভাষাত নাট ৰচি, ভাৱনা কৰি, নিজক গৌৰৱান্বত আৰু দৰ্শকক সুখী বিবেচনা কৰিছিল। বৰবোৰ যেনি যায় সৰুবোৰো তেনি যায়, গতিকে ময়ো ভাবিলো যে মোৰ বঙ্গলা গানৰ অনভিজ্ঞতা অমাৰ্জনীয়। আকৌ ভাবিলোঁ মোৰে বা দোষ কি? মই বঙ্গলা যাত্ৰা দেখিবৰ, বঙ্গলা গান শুনিবৰ সুবিধা ক’ত পালোঁ যে মই ইহঁতেৰে সৈতে সেই বিষয়ত সমানে জোৰ মাৰিম? ইয়াকে ভাবি মৌন হৈ, আকাৰে ইঙ্গিতে প্ৰতিদ্বন্দ্বী সকলৰ ওচৰত ঘাট মানি শিৱসাগৰলৈ তিথিৰাম বায়নৰ পুনৰাগমনৰ প্ৰতিক্ষা কৰি “নিচুকি স্তম্ভিয়া ৰৈলোঁ।”

 কিন্তু যি হওক, অচিৰতে আন আন সকলো বিষয়তে ঘৰৰ ল'ৰাবোৰৰ আৰু ওচৰ-চুবুৰীয়াৰ সমবয়স্ক বালকবৃন্দৰ নেতাৰ স্থান মই অধিকাৰ কৰিলোঁ, আৰু সেই অধিকাৰত কোনো বিবাদী নহ'ল। মোৰ পৰিচালনাত পৰিপক্ক বালকবৃন্দেৰে সৈতে অনেক প্ৰকাৰ ৰং-ধেমালী আৰু খেলত মই পৈণত হৈ পৰিছিলোঁ; যেনে⸺হৈ−গুদু,