পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
ষষ্ঠ আধ্যা

প্ৰাইজৰ দিনা তৃতীয় প্ৰাইজটো মোৰ হাতত পৰিলত মই লাজত অধোবদন হলোঁ। ভাবিলোঁ, দৈৱই পৰিহাস এনেকুৱাকৈয়ে কৰে। তৃতীয় হবৰ উপযুক্ত ইমানবোৰ ল’ৰা থাকোঁতে, মোক দৈৱই ঠেলি-হেঁচুকি তৃতীয় কৰি দিবৰ মানেটো কি? মানেটো নিশ্চয ৰং চোৱা। মূৰ তুলি এবাৰ লাহেকৈ আমাৰ ক্লাছৰ মাষ্টজনক সুধিলোঁ, “স্যাৰ, সঁচাকৈযে আপোনাসকলৰ কাৰো ভুলত মোৰ এই বিলাই বিপত্তি ঘটা নাইনে?” মাষ্টৰে হাঁহি উত্তৰ দিলে, “কাৰো ভুল হোৱা নাই। এইবাৰৰপৰা তুমি ভালকৈ পঢ়িবা।”

 স্কুলঘৰৰ বাহিৰত মোৰ বুধিটো আঁকোৱালে নোপোৱা হৈ উঠাৰ আৰু ভিতৰত খীণাই-শুকাই চেৰেলা হৈ যোৱাৰ অৱশ্যে যে কোনো কৈফিযৎ নাই, এনে নহয। কৈফিযৎ অনেক। সৰুৰেপৰা মই মুকলি আকাশ আৰু মুকলি বতাহৰ তলত বঢ়া মুকলিমুৰীযা ল’ৰা, চাৰি বেৰেৰে বন্ধ ঘৰে, জপোৱা দুৱাৰে আৰু নিয়ম-কানুনৰ জিঞ্জিৰিযে মোক সমূলি নুশুজে। স্কুলত অগত্যা বহি থাকোঁতে, এফালে মোৰ মনে মোক ফুচফুচাই সোধে—“বতাহে তোমাৰে সৈতে উমলিবলৈ তোমাক বাহিৰলৈ মাতিছে , ওলাই নাহা কেলৈ?” “ৰ’দে তোমাক ৰিঙিযাব লাগিছে; নোযোৱানে?” “বোলোঁ দেখা নাইনে, আলিবাটৰ গছে তোমাক হাতবাউলি দি মাতি কোলা মেলি বহি আছে, ইযাত বোদ্‌ বোদ্‌ কৰে বহি কৰিছা কি?” “সৌৱা চাই পঠিওৱাচোন তোমাৰ বান্ধৱ দিখৌৱে কেনেকৈ কোনোবা ধুবুৰীলৈ বৈ যাব লাগিছে; তোমাৰ দেখোন উমঘামেই নাই?” “বৰপুখুৰীয়েও তোমালৈ বুকু পাতি ৰৈ আছে , তুমি বাৰু ল’ৰাটো দেখিছোঁ , বোলো বেলি কৰিছা কিয?”—আনফালে, দেখিবলৈ মন নোযোৱা মাষ্টৰে হাতত কঠুৱা কিতাপ লৈ মোক সোধে—“Spell Valetudinarian?” “What is the masculine gender of heifer?” “where is Podopopol?” “Define gulf-stream ” মোৰ দুই নাৱত দুই ভৰি; মই কৰোঁ কি?

 ইয়াৰ উপৰিও আৰু এটা ডাঙৰ কৈফিযৎ আছে, যাৰ বিৱৰণ তলত দিলোঁ— স্কুলীয়া পাঠৰ চৰ্চাতকৈ আমাৰ ঘৰৰ ল’ৰাবোৰৰ, ঘাইকৈ মোৰ ককাইদেও শ্ৰীনাথৰ, ধৰ্মকাৰ্য্যৰ চৰ্চাত অত্যন্ত বেছি সময় ব্যয হৈছিল। তলত দিযা আমাৰ দৈনিক কাৰ্যৰ তালিকা দেখিলেই এই কথা স্পষ্ট হব।

 (১) আমি পুৱা শুই উঠিযেই নিত্যকৰ্ম কৰি শুচি-সংযম হৈ, দেউতাৰ গোসাঁই- পূজালৈ ফুল তুলিবলৈ ফুলনিবাৰীত সোমাওঁ। একো একো দিনা, আমাৰ ফুলনিবাৰীৰ ফুল তুলি শেষ কৰি, উৎসাহৰ কোবত গৈ ওচৰ-চুবুৰীয়াৰ ফুলনিবাৰীতো সোমাই ফুলনিবাৰী মহটিয়াই ফুলৰ শৰাধ কৰোঁ; কাৰণ, কুকি ভৰাই একুকিকৈ ফুল আনিলেহে মোৰ মনে মোক “বাহ্‌বা“ দিযাটো যেন লাগিছিল। ফুল তোলা হলে, হাত-ভৰি ধুই, স্কুলৰ কিতাপ আগত লৈ বহোঁ , আৰু আগত লোৱা কিতাপ আগতে থাকে, মোৰ মনে ত্ৰিভূৱন ভ্ৰমে। সেই কিতাপেৰে সৈতে মোৰ মনৰ সম্বন্ধটো তেল আৰু পানীৰ সম্বন্ধ।