পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
মোৰ জীৱন সোঁৱৰণ

 তেতিয়া মোৰ বয়স কিমান কব নোৱাৰো। মই চুৰিয়া যদিও পিন্ধিছিলোঁ, কিন্তু এৰা-ধৰাকৈহে। মই শুনিলোঁ, আৰু দুই-এদিনতে আমি ৰংপুৰ পামগৈ। মই ভাবিলোঁ, আমাৰ ৰংপুৰৰ ঘৰৰ ন মানুহবোৰৰ আগত মোৰ কঁকালেৰে সৈতে চুৰিয়াৰ এনে এৰা-ধৰা সমন্ধটো বৰ লাজৰ কথা হ’ব; ইয়াকে ভাবি, দিনে ৰাতিয়ে সমন্ধ নিছিগাকৈ পিন্ধি থাকিবলৈ দুখন চুৰিয়া মোক দিবলৈ মাতৃদেৱীক কলোঁ। মাতৃদেৱীয়ে মোৰ প্ৰাৰ্থনা যুক্তিসঙ্গত বিবেচনা কৰি সেইমতে মোক চুৰিয়া দুখন দিলে আৰু মই ভব্য−গব্য সভ্য ল’ৰা হৈ আমাৰ ৰংপুৰৰ ঘৰত প্ৰবেশ কৰিলোঁ।