অসম ৰজাৰ ৰাজধানী ৰংপুৰ বা শিৱসাগৰৰ দৃশ্য অসম ৰাজপ্ৰতিনিধিৰ চহৰ গুৱাহাটীৰ দৃশ্যতকৈ সুকীয়া। গুৱাহাটীৰ গাত লুইতৰ ৰিহা মেখেলা, ডিঙিত পৰ্বতৰ সাতসৰী হাৰ, মূৰত ভুবনেশ্বৰীৰ ধৱল কিৰীটি, বুকুত উমানন্দ আৰু উৰ্বশী। শিৱসাগৰ সমতল, চকুৰে দেখালৈকে প্ৰায় পৰ্বতশুন্য নিৰাভৰণা; মাথোন তেওঁৰ ক্ষীণ হাত দুটি দিখৌ আৰ, দিচাং নামৰ সৰু, বলয় এবুৰিয়ে অলপ উজলাই ৰাখিছে। গুৱাহাটীৰপৰা নাৱেৰে আহোঁতে, ব্ৰহ্মপুত্ৰৰ ওচৰত বিদায় লৈ দিখৌৰ বুকুত সোমাওঁতেও মোৰ যেনে লাগিছিল, নামনি আৰু মাজ অসম এৰি ৰংপুৰ চহৰত সোমাওঁতেও মোৰ তেনে লাগিছিল। নতুন ঠাই, আমাৰ নিজা পুৰণি ঘৰ ৰংপুৰলৈ যাব লাগিছোঁ, ৰংপুৰ নোপোৱালৈকে এই আনন্দই যেনেকৈ মোক আপ্লুত কৰি ৰাখিছিল, ৰংপুৰ পালত, সেই আনন্দ এটা অনিৰ্বচনীয় বিৰাগে শুকাই পেলালে।
অসম দেশখনক গোটেই ভাৰতৰ আন আন দেশবোৰেৰে সৈতে ৰিজাই কোনো কোনোৱে জকাইচুক বুলি উপলঙা কৰা শুনিছোঁ; তেনেকুৱা উপলুঙীয়া ৰিজনিকে দি যদি নামনি অসমৰে সৈতে উজনিৰ শিৱসাগৰক চোৱা যায়, তেনেহলে শিৱসাগৰকো অসম জকাইৰ চুক বুলিলে বুলিব পাৰি। অন্ততঃ আকৃতিত নহলেও প্ৰকৃতিত—কিন্তু জকাইৰ চুকটোক অগ্ৰাহ্য আৰু অমান্য কৰি চলিলে যেনেকৈ জকাইখনৰ কোনো মূল্য নাথাকে, শিৱসাগৰকো সেইদৰে অগ্ৰাহ্য অমান্য কৰিলে অসমৰ মূল্য নাথাকে। যিহওক অতি শীঘ্ৰে শিৱসাগৰৰ সম্পৰ্কে বিৰাগৰ এনে ভাব মোৰ মনৰপৰা আঁতৰি তাৰঠাই অনুৰাগে অধিকাৰ কৰিলে। তাৰ কাৰণ, শিৱসাগৰৰ বিশাল বিতোপন বৰপুখুৰী আৰু পাৰত ওখ ডাঙৰ দৌল তিনিটা। শঙ্কৰদেৱৰ ভাষাৰে কবলৈ গ'লে,এই দৌল তিনিটাৰ বিষ্ণুদ'ল আৰু দেৱীদ’ল—দুকাষৰ এই দ'ল
সুৱৰ্ণ ৰজত লোহা জ্বলে তিনি শৃঙ্গ।
চক্ষুত জমক লাগে দেখিতে বিৰিঙ্গ।
দ টাত যদিও ৰজতৰ শৃঙ্গ নাথাকি লোৰ চকু আৰু ত্ৰিশূলে সেই কাম কৰিছে, মাজৰটোৰ অৰ্থাৎ শিৱদ'লৰ ওপৰত চকুত জমক লগোৱা বিৰিঙ্গ শৃঙ্গই তিৰি-মিৰি কৰি দশোদিশ প্ৰকাশি যে শিৱসাগৰৰ মহিমা উজ্জ্বল কৰি ৰাখিছে, তাক এশখন মুখেৰে কব পাৰি। সুশীতল নিৰ্মল জলেৰে, চপ্চপীয়া শিৱসাগৰৰ বৰপুখুৰীটোকো সৰোবৰৰ সম্মান দি, শ্ৰীশঙ্কৰদেৱৰ অমৃতমৰ ভাষাৰে আকৌ এইদৰে বৰ্ণাব পাৰি-
তাহাৰ মাঝে সৰোবৰ এক।
সাগৰ-সঙ্কাশ দেখি প্ৰত্যেক॥
সুৱৰ্ণময় পদ্মে আছে জুৰি।
ভ্ৰমৰে মধু পিয়ে তাত পৰি।
ৰাজহংস আদি যতেক পক্ষী।
পৰি পাৰ থাকে নাযায় উপেক্ষি॥