আমি কেঁকোজেকোকৈ সহিছিলোহঁক। তেওঁৰ মূৰটো টপা আছিল দেখি, আমাৰ ভিতৰৰ দুষ্টবোৰে তেওঁৰ নাম ৰাখিছিল “টপা মাষ্টৰ” আৰু তেওঁৰ অসাক্ষাতে তেওঁৰ উল্লেখ সেই নামেৰেই কৰিছিল। মতিলাল ঘোষ নামেৰে বঙ্গালী ছাতৰ এজনে প্ৰথম শ্ৰেণীত অৰ্থাৎ এণ্ট্ৰেঞ্চ ক্লাছত পঢ়িছিল। তেওঁক প্ৰথম ধ্ৰুবতৰাৰ দৰে কত বছৰ যে দেখিছিলোঁ, ঠিক নাই। তেওঁ কঁটীয়া আৰু ডঢ়ীয়া আছিল। তেওঁৰ মুখত ভোবোকাৰ ডাঢ়িৰ প্ৰভাৱ ইমান সৰহ আছিল যে তেওঁৰ মুৰটোতকৈ ডাঢ়িৰ ভৰ সৰহ, এই ভুল ধাৰণা অনেক কাললৈকে মোৰ মনত আছিল। তেওঁক মাজে মাজে আমাৰ শ্ৰেণীত পঢ়াবলৈ হেডমাষ্টৰে পঠিয়াই দিছিল। মনত আছে, তেওঁ আহিলেই গোটেইটো স্কুলৰ চকু তেওঁৰ ফালে পোন হৈছিল; কাৰণে তেওঁ আহিয়েই ক্ষন্তেকৰ ভিতৰতে ইটোক “Stand up on the bench, Sir!” সিটোক “Go out of the class, Sir! You!” এনেবোৰ হুকুমৰ ভৈৰৱ নিনাদেৰে স্কুল-ঘৰটো থলক লগাই পেলাইছিল।
শ্ৰীযুত গোপালচন্দ্ৰ ঘোষ নামেৰে এজন মাষ্টৰে আমাক ওপৰ ক্লাছত পঢ়াইছিল। তেওঁ মৃদু, স্বভাৱৰ আৰু সৰল প্ৰকৃতিৰ মানুহ আছিল। তেওঁলোক বহুকলীয়া আসাম-প্ৰবাসী বঙ্গালী। আচাৰ-ব্যৱহাৰ, মাত-কথাত তেওঁলোক প্ৰায় অসমীয়াৰ নিচিনা হৈ গৈছিল। তেওঁৰ পিতাক ঠাকুৰদাস ঘোষক দেখা মোৰ এতিয়াও মনত আছে। ঠাকুৰদাস ধাৰ্মিক আৰু মৃদু, স্বভাৱৰ মানুহ আছিল। গোপাল বাবুৱে আমাৰ ক্লাছলৈ আহি দিনৌ ছপা কৰা মানে-কিতাপ এখন হাতত লৈ ক্লাছত বহা প্ৰথম ল’ৰাটোৰেপৰা আৰম্ভ কৰি, মানে-কিতাপখনত থকা শব্দবোৰৰ মানে এটাৰ পিছত এটাকৈ সুধি গৈছিল। আমি তেওঁৰ গতি বুজি জুৱাচুৰি বুদ্ধি উলিয়াই, ক্লাছত য’ত বহো তালৈকে, প্ৰথমটো ল'ৰাৰেপৰা লেখি আনি আৰু মানে থকা কিতাপৰ শব্দবোৰো সেইদৰে লেখি আনি, কাৰ গাত কোনটো শব্দৰ মানে কোৱাৰ ভাৰ পৰিব সেইটো ঠিক কৰি লৈ মুখস্থ কৰি থওঁহক আৰু গোপাল বাবুৱে আমাৰপৰা টপুৰ কৰে নিৰ্ভুল উত্তৰ পাই ভাবে ল’ৰাহঁতে বঢ়িয়াকৈ সিহঁতৰ “লেছন” তৈয়াৰ কৰি থৈছে। এনেকৈ অনেকদিন চলি আছিল, আৰু আমিও ভটীয়া পানীত উটি গৈ আছিলোঁহক। কিন্তু এদিন বিধি বিবাদী হ’ল আৰু আমাৰ বিড়ম্বনা ঘটিল! গোপাল বাবুৰ বকুত কিহে খুন্দিয়াই দিলে কব নোৱাৰোঁ, তেওঁ সেই কৰালবন্ধা নিয়ম ভঙ্গ কৰি, মানে কিতাপখন হাতত লৈ শব্দ-শ্ৰেণীৰ প্ৰাস নাৰাখি য’ৰে ত’ৰেপৰা মানে সুধিবলৈ ধৰিলে; ফলত আমাৰ ছত্ৰভঙ্গ হ’ল। আমাৰ ফলিয়া ৰণুৱাবোৰ বিদ্যাৰ পৰ্বতৰ গাৰপৰা খহি পৰিবলৈ ধৰিলে। মনত আছে, গোপাল বাবুৱে মোৰপৰা তেওঁৰ প্ৰশ্নৰ বলিয়ালি অৰ্থাৎ ভুল উত্তৰ শুনি লাহেকৈ মোক তিৰস্কাৰ কৰি কলে, “আজি মদৎ-খানাৰপৰা এইফালে বতাহ মাৰিছিলনেকি?” মই সেই তিৰস্কাৰৰ আচল মৰ্মত যদিও তেতিয়া প্ৰবেশ কৰিব নোৱাৰিছিলোঁ, তথাপি এইটো বুজিছিলো যে মাষ্টৰে মোক খুব শুনাই দিলে। যি হওক, সেই দিনাৰপৰা মই সকলো চালাকি পৰিত্যাগ কৰি লেছনটোৰ