পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
মোৰ জীৱন-সোঁৱৰণ

বৰদলৈকে প্ৰমুখ্য কৰি অসমীয়া ছাতসকল এইটো মেছত আছিল। তেতিয়া আসাম সাহিত্যাকাশত “আসাম-বন্ধু” অস্ত আৰ, “মৌ” উদয়। “মৌ” বিলাতৰ কুপৰ্ছহিল কলেজত পঢ়ি অহা শ্ৰীযুত বলিনাৰায়ণ বৰা ইঞ্জিনীয়ৰ চাহাবৰ অসমীয়া মাহেকীয়া কাকত। বৰা চাহাবৰ ভায়েক ৺হৰনাৰায়ণ বৰাৰ গাত “মৌ”ৰ সম্পাদকীয় ভাব নামত, ককায়েক বৰা চাহাবহে সম্পাদক কামত। ১০০ নম্বৰ বহুবাজাৰ ষ্ট্ৰীটৰ ছাপাখানা এটাত “মৌ” ছপা হৈছিল। সুযোগ্য বলিনাৰায়ণ বৰাৰ কাপৰ বলত “মৌ”ৱে প্ৰথমৰেপৰা বঙ্গলুৱা কাকতবোৰৰ দৰে গতানুগতিকভাৱে নচলি, অৰ্থাৎ কলিকতীয়া বঙ্গালীয়ে চলোৱা কাকতবোৰব নেজত ধৰি নগৈ, স্বাধীন চিন্তাৰ বাট ধৰি যাবলৈ ধবিলে। আমি তেতিযা বঙ্গলুৱা কাকতৰ বিদ্যাৰ খুন্দ খোৱা অসমীয়া ছাতৰৰ মোনা। আমাৰ মূৰ মেলি দিলেই বঙ্গলুৱা বিদ্যাৰ মাহ-সৰিয়হ ওলাই পৰে। নতুন কংগ্ৰেছৰ ৰাজনৈতিক মতৰ কমাৰ-শালে আমাৰ মন পৰি ৰঙাকৈ থৈছিল। আমাৰ অচিনাকি আওবাটে “মৌ”ক যোৱা দেখি আমি টিঙিৰি-তুলা যেন হলোহঁক। আৰু আমি যেতিয়া দেখিলো যে কংগ্ৰেছ-বিৰোধী ইংৰাজী “ইংলিশমেন” কাকতত “মৌ”ৰ প্ৰশংসা ওলাল, আমাক আৰু পায় কোনে? আমি প্ৰতাপচন্দ্ৰ চাটুৰ্জীৰ লেনৰ মেছত বহি সভাৰ উপৰি সভা কৰি “মৌ” মাৰিবলৈ কঁকালত টঙালি বান্ধি উঠিলোঁহক। ৺কালীকান্ত বৰকাকতী আৰু ৺মথুৰামোহন বৰুৱাৰ (পিছত “Advocate of Assam” কাকতৰ সম্পাদক) নেতৃত্বত জনচেৰেকে বৰা ডাঙৰীয়াৰ effigy অথাৎ ধানখেৰৰ জুমুধিৰে সজা মূৰ্তি পৰিবলৈ ওলাল। আমি শাঁতি-শুৰ্তি এৰি টাংগটি ওফৰাদি উফৰি ফুৰিবলৈ ধৰিলেহিক। মই আৰু মথুৰামোহনে মহাপৰাক্ৰম প্ৰদৰ্শন কৰি “মৌ”লৈ প্ৰতিবাদ প্ৰবন্ধ লেখি পঠিয়াইছো। প্ৰবন্ধ ছপা হ’ল। বৰা ডাঙৰীয়াই “সম্প্ৰতি কলিকতা-নিবাসী শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱাই” বুলি আৰম্ভ কৰি মোৰ প্ৰতিবাদ-প্ৰবন্ধৰ উত্তৰ সেই প্ৰবন্ধৰ লগে লগে ছপাই উলিয়ালে। মনত আছে, আমাৰ “মৌ” মাৰিবৰ চেষ্টা যে ব্যৰ্থ, সেইটো বুজাবলৈ বৰা ডাঙৰীয়াই “মৌ”ত লেখিলে—“যি গছত মৌৱে বাহ লৈছে, সেই গছ হালি নপৰিলে মৌ নমৰে।” কিন্তু দুখৰ বিষয়, আমাৰ misdirected energy অথাৎ কুপথেদি নিয়োজিত শক্তিৰ বলত মৌৱে বাহ সোৱা গছ পৰিল হলি। মৰিল “মৌ”। আমি লৰালি কৰি তেতিযা নজিছিলোঁ যে “মোৰ নিচিনা এনে ভাল কাকত এখন বধ কৰি আমাৰ দেশৰ কি অনিষ্টকে সাধন কৰিলো! সম্ভৱতঃ আমাৰ ওপৰত বিৰক্ত হৈ বৰা ডাঙৰীয়াই তেতিয়াৰেপৰা অসমীয়া ভাষাত লেখা একেবাৰেই এৰি দিলে; কাৰণ তাৰ পিছৰপৰা আজিলৈকে তেওঁৰ কাপৰপৰা অসমীয়াত আৰু একো ওলোৱা আমি দেখা পোৱা নাই।

 ডাঙৰীয়া হৰিবিলাস আগৰৱালাৰ সুযোগ্য পুত্ৰ বধুবৰ শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাই তেতিয়া বোধকৰোঁ, কলিকতাৰ প্ৰেছিডেন্সি কলেজৰ দ্বিতীয় বাৰ্ষিক শ্ৰেণীত এফ-এ পঢ়িছিল। কলিকতাৰ বৰবজাৰত ১০ নম্বৰ আৰ্মেনিয়ান স্ত্ৰীটত তেওঁলোকৰ ব্যৱসায়ৰ নিজা কুঠি অছিল। শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালা তাতে থাকি তেওঁলোকৰ