সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
ষষ্ঠ আধ্যা

আৰু মই থাকিলো দাঁত চেলাই পৰি। মনত এনে ধিক্কাৰ লাগিল আৰু কি কম! দৃঢ়সঙ্কল্প কৰিলো, যে অহা বছৰত মই ভালকৈ মন দি পঢ়ি এণ্ট্ৰেঞ্চ পৰীক্ষাত উঠিমেই উঠিম। আমাৰ ঘৰত পঢ়িবলৈ বহিলে নানা বাধা-বিঘিনি ওলাই মোৰ মন বিক্ষিপ্ত কৰে, সেইদেখি মই মনক এশিকা দিবৰ নিমিত্তে, আমাৰ ঘৰৰ ওচৰতে থকা ৰাজহুৱা নামঘৰত মনে মনে বহি পঢ়িবলৈ থিৰ কৰিলো। এই নামঘৰৰ কথা মই আগেয়ে কৈছো। ৰাজহুৱা পূজা-সবাহৰ সময়ত নামঘৰটো সাৰি মচি পৰিষ্কাৰ কৰা হয়, নতুবা সি নিৰ্জন নিস্তদ্ধভাৱে থাকি উদঙীয়া গৰু-ঘোঁৰাৰ বাহ হৈ পৰে। মই নামঘৰটোৰ ভিতৰৰ চুক এটাৰপৰা একাঠুৱা গোবৰ-জাবৰ নিজ হাতে সাৰি অঁতাই লৈ, তাতে স্বহস্ত-গ্ৰথিত কলাঠহুৰাৰ কঠ এখন পাৰি লৈ বহি পঢ়িবলৈ আৰম্ভ কৰিলো। পুৱাই কাউৰীযে কা কৰোতেই উঠি, আগৰ দৈনিক সকলো কাৰ্য কাতি কৰি থৈ মই নামঘৰত পঢ়িবলৈ সোমাওঁ, ঘৰত মোক কোনেও চকুত বাটি দিবলৈকো দেখা নাপায় আৰু স্কুললৈ যাবৰ সময়ত ওলাই গৈ লৰালৰিকৈ গা ধুই, নমোকৈ সন্ধ্যা সামৰি, চকুৱে-কাণে ভাত এগাল গুজি স্কুললৈ লৰ ধৰোঁ।

 শঙ্কৰ মেতোৰৰ গাড়ীৰ কথা আগেয়ে কৈ আহিছো। সি “ৰাতাৰাতি” যেনেকৈ ডাঙৰ মানুহ হৈ উঠিছিল, তেনেকৈ “ৰাতাৰাতি” আকৌ ফকিৰ হ’ল। দৈৱদুৰ্বিপাকত তাৰ গাড়ী-ঘোঁৰা সকলো নাইকিযা হ’ল আৰু ঘৈণীয়েকেও তাক এৰি গুচি গ’ল। মনৰ বেজাৰত শঙ্কৰ আধা-বলীয়া হৈ ফকিৰ হ’ল। তাৰ হাতত সম্বল এখন ফটা কম্বল আৰু এটা ডাঙৰ চিলিম ৰ’ল। সি একো একোদিনা আহি নামঘৰৰ ওচৰতে আমাৰ বাটচৰাত ভাং খাই পৰি থাকিছিলহি। মোক সি নামঘৰত সেইদৰে সোমাই থকাটো লক্ষ্য কৰি থাকি ভাবিলে, মই নামঘৰৰ কোনো এজনা “দেও”। এদিন সি অতি সন্তৰ্পণে গৈ মোৰ আগত দীঘল দি পৰি হাত যুৰি মোক তুতি কৰিবলৈ ধৰিলে। মই অবাক। তাৰ তেনে ব্যৱহাৰৰ মানে মই তাক সুধিলত, সি মোক যি ক’লে, সেই কথা শুনি মোৰ হাঁহিত পেটুনাড়ী ছিগিবলগীযা হ’ল। সি কিন্তু তাৰ বিশ্বাসত অটল। তাৰ ভুল ভাঙিবৰ চেষ্টা কৰিও মই অকৃতকাৰ্য হলো। লাহে লাহে নামঘৰত “দেও” দেখা পোৱা কথা সকলোৰে আগত প্ৰকাশ কৰি দিলে আৰু মোৰ পাঠ-প্ৰকোষ্ঠৰ গুপ্তৰহস্য ভেদ হ’ল। মাতৃদেৱীযে এদিন মোক শঙ্কৰৰ সেই কথা উলিয়াই হাঁহি হাঁহি ক’লে, “বাৰু ভাল হৈছে, তই ভালকৈ মন দি নামঘৰতে পঢ়, তোক কোনেও মাত-বুলি আমনি কৰিবলৈ নিদিওঁ।” যি হওক সেই বছৰতে (খৃষ্টাব্দ ১৮৮৬) শঙ্কৰ মেতোৰৰ দেৱতাই দ্বিতীয় বিভাগত এণ্ট্ৰেঞ্চ পৰীক্ষা “পাছ কৰিলে। মোৰ সৈতে মোৰ সহপাথী, ডিশ্বেশ্বৰ বৰুৱাৰ পুতেক চন্দ্ৰশেখৰ বৰুৱা আৰু হেডমাষ্টৰ চন্দ্ৰমোহন গোস্বামীৰ পুতেক শুভ্ৰেন্দুমোহন গোস্বামীও দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’ল। সেই কালত আজি-কালিৰ দৰে প্ৰথম বিভাগত সৰহ, দ্বিতীয় বিভাগত তাতকৈ তাকৰ আৰু তৃতীয় বিভাগ তাতোকৈ তাকৰ ল’ৰা “পাছ” হোৱা দেখা নগৈছিল। তেতিয়া