পঞ্চম আধ্যা
শিৱসাগৰলৈ আহি মই শ্ৰীযুত গঙ্গাগোবিন্দ ফুকন ডাঙৰীয়াক ( Mr. G. G. Phookan) দেখোঁ। তেওঁ তেতিয়া শিৱসাগৰত একষ্ট্ৰা এছিষ্টেণ্ট কমিশ্যনৰ। শিৱসাগৰ বৰপুখুৰীৰ পাৰৰ বঙ্গলা এটাত তেওঁৰ থকা ঠাই আছিল। ফুকনৰ ঘৰৰ সৈতে আমাৰ ঘৰৰ বন্ধুতাৰ ঘনিষ্ঠতা আৰু কুটুম্বিতা আছিল। মোৰ পিতৃদেৱতাৰ নাতিযেক ৺পূণানন্দ ছোট চাহাবৰ ভায়েক ফুকনৰ বাইদেৱেকৰ স্বামী আছিল। ইয়াৰ উপৰি আমাৰ বৰ ককাইদেউ ৺ব্ৰজনাথ বেজবৰুৱাৰে সৈতে ফুকনে সখি পতাইছিল, দুয়ো দুইকো ইংৰাজীত “নন্” (Nun) বলি মতা শুনিছিলোঁ। ফুকন ডাঙৰীয়াৰ চলা-ফুৰা থকা-মেলাৰ গঢ় য়ৰোপীয়ৰ নিচিনা আছিল, কিন্তু সেইবুলি যে সকলো বিষযতে তেওঁ য়ুৰোপীয় আৰ্হি লৈ চলিছিল, এনে নহয়। প্ৰায় দেখা যায় যে য়ুৰোপীয় সকলৰ ভিতৰত মদ্যপান প্ৰচলিত। হিন্দুৰ চকুত প্ৰধান দোষ ‘পান-দোষ’ৰ তেওঁ বহিৰ্ভুত আছিল। এদিনলৈকে আমি তেওঁক চেলেউ এটা খোৱা বা আন প্ৰকাৰে ধপাত খোৱা, আনকি তামোল এখনকে খোৱা নেদেখিছিলোঁ। ফুকন ডাঙবীযাব গৌৰবৰ্ণ, সুগঠিত অঙ্গ-প্ৰত্যঙ্গ, সুদীৰ্ঘ সুঠাম আকৃতি আৰু ধীৰ গম্ভীৰ প্ৰকৃতিয়ে মোৰ মনত তেতিয়া এটি চিৰকলীয়া চাব মাৰিছিল। তেওঁ দেখিবলৈ যেনে সভা-শুৱনি পুৰুষ, কথা-বাৰ্তা আৰু বুদ্ধিতো তেনে প্ৰখৰ। বাস্তৱিকতে ফুকন ডাঙৰীযা হেজাৰৰ ভিতৰত জিলিকা মানুহ। অসমীয়াৰ ভিতৰত ফুকনেই প্ৰথমতে নিজৰ সহধৰ্মিনীক পাশ্চাত্য উচ্চ শিক্ষাত শিক্ষিত কৰিবৰ নিমিত্তে কলিকতালৈ পঠাইছিল। কিছুদিনৰ পিছত ফুকন শিৱসাগৰৰ পৰা গোলাঘাটলৈ বদলি হয় আৰু বোধকৰো তাতে তেওঁ গৱৰ্ণমেণ্টৰ চাকৰি এৰি আকৌ শিৱসাগৰলৈ উভতি আহি, “ফুকন-নগৰ” নামৰ ঠাইত বাস কৰিবলৈ ধৰে। গৱৰ্ণমেণ্টৰ চাকৰি পৰিত্যাগ কৰাৰ পিছত তেওঁ ৰাজনৈতিক আন্দোলন আৰু স্বাধীন ব্যৱসায়ত লাগে। ঈশ্বৰৰ কৃপাত ফুকন ডাঙৰীয়া আজিও জীয়াই থাকি শিৱসাগৰৰ মুখ পোহৰাই আছে। তেওঁৰ নিৰ্মল চৰিত্ৰ মিতাচাৰেই ( abstemious habit) এই দীৰ্ঘ জীৱনৰ গুৰি বুলি মোৰ মনত হয়। তেওঁৰ উদ্যম শক্তি (energy) ইমান বেছি যে, যোৱা বাছনিত তেওঁ অসমৰ আইন সভাৰ সভ্য হবলৈ আগবাঢ়িছিল। গোটেই অসমৰ আৰু ঘাইকৈ শিৱসাগৰ মঙ্গলৰ অৰ্থে সকলো কাৰ্যতে ফুকন ডাঙৰীয়া সদায় অগ্ৰণী।
মোৰ পিতৃদেৱতাৰ দুজন ভাৰ্য্যা আছিল। মোৰ মাতৃদেৱী সৰু-জনা ভাৰ্য্যা। মাতৃদেৱীৰ বিষয় পিতৃদেৱতাই তেওঁৰ ৰচিত “বেজবৰুৱা বংশাৱলীত” লেখিছে-
“দ্বিতীয় বিবাহ মোৰ দিবো পৰিচয়॥
অনন্ত কন্দলি ঘৰে যাৰ জন্ম ভৈল।
তনু বৰপূজাৰী তাহাৰ নাম ৰৈল॥
পৰম বিশিষ্ট বিপ্ৰ গুণে অতিশয়।
তাৰ সুতা ঠানশ্বৰী বিবাহিলোঁ মই॥”