পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰীক্ষাত উঠিলোঁ যেতিয়া,তেতিয়া মই ভাবিলোঁ,মই আৰু আগৰ সেই ল’ৰাহঁতৰ ভিতৰত নাই,ডাঙৰৰ শাৰীলৈ প্ৰমোশ্যন পাইছোঁ,এতেকে মোৰ অনেক দিনৰ আকাংক্ষা এতিয়া সহজে পুৰোৱাতো আৰু কোনো বিঘিনি নঘটিব ইয়াকে ভাবি মই কলিকতাৰ পৰা এবাৰ মোৰ সোঁৱৰণীখন খুজি দেউতালৈ চিঠি লিখিলোঁ। কিন্তু এফ.এ. পাছ মোৰ স্বৰাজ লাভ কৰিবৰ যোগ্যতাৰ বিষয়ে দেউতাৰ যদিও তেতিয়া আপত্তি নাছিল,তথাপি মোৰ দুৰদৃষ্টৰ গুণত মোৰ চিঠি পাই তেওঁ ‘ওলোটা বুজিলি ৰাম’ হ’ল। দেউতাই ভাবিলে মই মনে মনে বিলাতত পঢ়িবলৈ যাবলৈ ফন্দি কৰিছোঁ সেই দেখিহে এতিয়া মোক সোঁৱৰণী লগা হৈছে। গতিকে উত্তৰত মই দেউতাৰ পৰা সোঁৱৰণী সলনি ডাবি আৰু বিলাত যাত্ৰাৰ বিৰুদ্ধে অলংঘনীয় শপত পালোঁ। এইখিনিতে লাহেকৈ কৈ থওঁ যে যদিও এই সোঁৱৰণী প্ৰাৰ্থনা-ব্যাপাৰৰ কালত মোৰ বিলাত প্ৰয়াণৰ নিচিনা কোনো দুৰভিসন্ধি নাছিল,তথাপি যে কিছুকালৰ পিছত মোৰ মনত এনে এটা অদম্য অকাংক্ষা উদ্ভুত হোৱা নাছিল আৰু সেই আকাংক্ষা পূৰ্ণ কৰিবলৈ চেষ্টা কৰাও নাছিলোঁ,মন খুলি এনেকৈ ক’ব নোৱাৰোঁ,কিন্তু এইটোও কওঁ যে তেতিয়াও পিতৃদেৱতাৰ অলংঘনীয় শপতে মোৰ সেই দুৰ্দান্ত আকাংক্ষাৰ “উছিত মঞ্চত চড়ি কেশত ধৰি তাৰ ঘণ্টা লাড়ি"পিতৃ ভক্তিৰূপ জগতৰ ভৰ দি তাক মাৰি মোৰ মন-সমজ্যাত পেলাই চোঁচৰাই লৈ ফুৰাবলৈ নেৰিছিল। পিতৃদেৱতা ঢুকুৱাৰ পিছত প্ৰপিতামহ,পিতামহ দেৱতাসকলৰ দিনৰেপৰা সংগৃহীত আৰু পিতৃদেৱতাৰ দ্বাৰাই অতি যত্নেৰে পৰিবৰ্ধিত আমাৰ ঘৰৰ মূল্যবান অসংখ্য পুৰণি পুথিবোৰেৰে সৈতে সেই সোঁৱৰণীৰ টোপোলাটো ক’লৈ গ’ল,আজিলৈকে মই নাজানো। ইত্যাদি কাৰণত,মোৰ জন্ম শকৰ সম্পৰ্কে মোৰ এই অজ্ঞাতৰ ইতিবৃত্ত আৰু স্বেচ্ছা প্ৰদত্ত কৈফিয়ৎ,যদি কোনোবাই বিচাৰে,সেইজনৰ সন্তোষৰ নিমিত্তে এইখিনি দিয়া গ’ল,নতুবাই অনাৱশ্যক আৰু অবান্তৰ মাথোন। মোৰ জন্মস্থান। ক’ত সেই important অৰ্থাৎ সাৰুৱা ঘটনা ঘটিছিল, মই থিৰাংকৈ ক’ব নোৱাৰোঁ। জীৱিতসকলৰ ভিতৰতে কোনোৱে ক'ব পাৰে বুলিও মই বিশ্বাস নকৰোঁ। ইয়াৰ কাৰণটো কি,অৱশ্যে মই ক’বলৈ বাধ্য। মোৰ জন্ম বিৱৰণ যিটো মোৰ শ্ৰুতিগোচৰ হৈছিল সেইটো নিম্নলিখিত প্ৰকাৰৰ – পিতৃদেৱতা মুন্সেফ কামত নগাঁৱৰপৰা বৰপেটালৈ বদলি হৈ নাৱেৰে গৈছিল। সেইকালত আসামত আজিকালিৰ নিচিনা জাহাজ চলাচল যে নাছিল,সেইটো কোৱাই বাহুল্য। আঁহতগুৰি নামেৰে এডোখৰ ঠাইৰ বালিত গধূলি নাও বন্ধা হ’ল। মাতৃদেৱীয়ে বালিত আঁৰ কাপোৰৰ ভিতৰত ভাত ৰান্ধিবলৈ সোমাইছিল,এনেতে তেওঁৰ গা বেয়া কৰাত তেওঁ ভাত ৰান্ধিবলৈ এৰি,নাৱৰ কুন্ধিলৈ আহিল,আৰু আজিৰ এই জীৱন সোঁৱৰণ-লেখক তেতিয়াৰ কোনো এক শুভমুহুৰ্তত ভূমিষ্ঠ নহৈ নৌকাস্থ হ’ল। শুনিছিলোঁ,সেইদিনা হেনো পূৰ্ণিমা আৰু লক্ষ্মীপূজা আছিল,সেইদেখিয়েই এই লেখকৰ নাম পিছত লক্ষ্মীনাথ ৰখা হৈছিল। বিৱৰণটোৰ গঢ়-গতি