দিচাংমুখৰ ফালে খোজ লোৱা বঙ্গালী বাবু এজন মোৰ কাষ চাপি অহা দেখিলো। বাবুজনে মৰম পতিযাই মোক সুধিলে, “মশায় কি কলিকাতা থেকে এসেছেন?” মই “আজ্ঞে হা” বুলিলত, তেওঁ ক'লে—“বোধহয় বড় ক্লান্ত হয়ে পড়েছেন। শিৱসাগৰে যদি আৰ কেউ আপনাৰ পৰিচিত লোক না থাকে তাহলে আপনি বাবু অক্ষয় কুমাৰ ঘোষ বলে একজন বাঙ্গালী উকীল আছেন, তাৰ বাসায় গিয়ে উঠবেন। অক্ষয় বাবু বৰ সদাশয় ব্যক্তি। বাঙ্গালীদেৰ জন্য তাৰ অবাৰিত দ্বাৰ।” মই বাবুজনক ধন্যবাদ দি উঠি আকৌ খোজ ললো। কোৱা বাহুল্য যে বাবুজনে মোক বাঙ্গালী বুলি ভ্ৰম কৰিছিল। যি হওক সন্ধ্যা লাগি ভগাৰ সময়ত মই আমাৰ ঘৰত ওলালোগৈ। মোক দেখি দেউতা আৰু আই আনন্দত বিহ্বল হ’ল। তেওঁলোকৰ হেৰোৱা ল’ৰাটো তেওঁলোকে আকৌ পালে। দেউতাই লৰি গোসাঁই-ঘৰলৈ গৈ গোসাঁইক সেৱা কৰি কৃতজ্ঞতা জনালে।
এইদৰে মোৰ কলিকতাত পঢ়াৰ প্ৰথম পৰ্বৰ ওৰ পৰিল। ইয়াৰ পিছত “টহলৰাম শৰ্মা” হৈ তিনি মাহ শিৱসাগৰত টহলি কটালো; আযে ৰান্ধি দিয়া ভাত খাওঁ, যতনাই দিয়া জলপান বজাওঁ, টৌ টৌ কৰি ঘূৰি ফুৰোঁ, মেলমাৰোঁ আৰু ঘুমটি মাৰোঁ। ওকালতি পঢ়া-ফটা জহৰ্নামে গ’ল। কাছাৰীত কুৰি-টকীয়া চাকৰিত সোমাবলৈ বা এপ্ৰেণ্টিচ্ হবলৈকো শৰ্মা একেবাৰেই নাৰাজ। গতিকে ওপৰত লেখ দিয়া কাম- কেইটাৰ বাহিৰে টহলৰাম শৰ্মইি কৰে কি? ভাগ্যে সকলো কথাৰ এটা অন্ত থকাটো বিধতাই কৰি দিছিল , সেই দেখি মোৰো এনে হেদাঙি মেলা জীৱনৰ অন্ত নাথাকি যায কলৈ? তাৰ অন্ত ওলাল। কৰ্মনাশাৰ পানী পি পি মোৰ নিষ্কৰ্মা দিনবোৰৰ পেট ঢকা-ডিঙৰা লাগিল। মোৰ মন আকৌ নৰিয়াত পবিল। ভাবিলোঁ অলপ অসুবিধা ভোগ কৰিয়েই নপঢ়ি কলিকতা এৰি গুচি আহিলো। মই গবয় নে কবয়? এনে হলে দেখোন মই এই সংসাৰত একোকে কৰিব নোৱাৰিম। Better late than never ‘সজ কাম নকৰাতকৈ পলমকৈ কৰাও ভাল, এতেকে মই আকৌ কলিকতাত পঢ়িবলৈ যাম--যি থাকে কপালত। মোৰ এই নতুন সঙ্কল্পৰ কথা, সুবিধা বুজি এদিন পিতৃদেৱতাৰ কাণ চোৱালোঁ। দেখি আচৰিত মানিলোঁ, পিতৃদেৱতাই আপত্তি নকৰিলে। নিশ্চয় তেওঁ মোক এইদৰে নিস্কৰ্মাভাৱে সময় কটোৱা দেখি পেটে পেটে ভাল নাপাইছিল। তেওঁ ভালকৈ দেখিছিল যে ওকালতি পঢ়া বা কুৰি-পঁচিশ টকাত চাকৰি কৰাটোত মোৰ পৰিস্ফুট বিতৃষ্ণা। সেই নিমিত্তে তেওঁ দেখিলে যে মই আকৌ কলিকতাত পঢ়িবলৈ যোৱাৰ বাহিৰে আৰু নান্যঃ পন্থা বিদ্যতে? দেউতাৰ অনুমতি পাই, এইবাৰ “বান্ধিলো মন শিলৰ খুটি, মেলিলো মন ঘোঁৰাৰ ছুটি” কৈ আকৌ কলিকতা ওলালোঁগৈ। কালীঘাটত পৰ-গৃহবাস আৰু কলিকতাৰ ইমূৰত থাকি সিমূৰৰ কলেজত পঢ়িবলৈ পাৰি দিয়াৰ নিচিনা উপসৰ্গবোৰ গঙ্গাৰ জলত বিসৰ্জন দি, ৫৩ নম্বৰ কলেজ ষ্ট্ৰীটৰ বঙ্গালী ছাতৰৰ “মেছ” এটাত থাকিবলৈ দিহা কৰি ললোঁ। হাইকোৰ্টৰ অসমীয়া ট্ৰেঞ্চলেটৰ শ্ৰদ্ধাস্পদ শ্ৰীযুত ৰমাকান্ত বৰকাকতী সেই মেছতে