আমাৰ দুইজনা আইৰ ভিতৰত অতি মধুৰ ব্যৱহাৰ আছিল। বৰজনাই সৰুজনাক
নিজৰ ভনীয়েকৰ নিচিনা যেন দেখিছিল আৰু সৰু জনাইও বৰজনাক আপোনাৰ
বায়েকৰ নিচিনাকৈ সেৱা-ভক্তি কৰিছিল। সতিনীৰ আঁহত ওপজা স্বাভাৱিক হিংসা-দ্বেষ
দুজনাৰ ভিতৰত কেতিয়াও দেখা মোৰ মনত নপৰে। মই শিৱসাগৰলৈ অহাৰপৰা
বাস্তৱিকতে মোক মোৰ নিজৰ আইতকৈ বৰজনা আয়েহে বেছি যতনেৰে তুলিছিল।
সৰু ডোখৰত মই তেওঁৰ লগত খাইছিলোঁ, তেওঁৰ লগত শুইছিলোঁ আৰু তেওঁৰ
অনুষ্ঠিত সকলো পূৰ্ণকাৰ্যত উৎসাহেৰে যোগদান কৰিছিলোঁ। মাঘমহীয়া গোটেইটো
মাহত মই দোকমোকালিতে উঠি তেওঁৰ সৈতে দিখৌত প্ৰাতঃস্নান কৰিবলৈ গৈছিলোঁ,
কাতিমহীয়া তুলসীৰ ভেটি মচি তুলসীৰ তলত চাকি আৰু ‘আকাশ-বাতি’ দিছিলোঁ।
আমাৰ ঘৰত ৰাতি অনেক পলমকৈ ভাত খোৱা দস্তুৰ আছিল। আমি সৰুবোৰে এঘুমটি দিয়াৰ পিছতহে আমাক ভাত খাবলৈ জগাই তুলি অনা হৈছিল। এদিন মোৰ আয়ে মোক তুলি আনি ভাতৰ পাতত বহুৱাই দিলে; কিন্তু তেতিয়ালৈকে মোৰ চকু মেল খোৱা নাছিল। আয়ে “খা” “খা” কৈ মোক কৈ আছে, মই ভাতৰ কাঁহীৰ ওপৰত বঢ়িয়াকৈ চেঙেলি টোপাই আছোঁ। তেওঁৰ আমনি লাগি উঠিল খং। মোৰ গলধনটোত ধৰি তেওঁ মোক ভাতৰ পাতত হেঁচা মাৰি ধৰিলে। ওচৰতে এচৰিয়া পানীৰে সৈতে এটা মুখ-ধোৱা চৰিয়া আছিল, হেঁচাত মই ভাতৰ কাঁহীত নপৰি, পৰিলোঁ মুখ- জোবোৰা খাই চৰিয়াৰ পানীত—পুহমহীয়া জাৰৰ ৰাতি। মোৰ দুৰ্দশা দেখি বৰজনা আই লৰি আহি মোৰ আইক তেনে কাৰ্যৰ বাবে নথৈ ককৰ্থনা কৰি মোক আতৌ-পুতৌ কৰি নি তপত পানীৰে ভালকৈ গা-পা ধুৱাই গা মচি দি, চুৰিয়া পিন্ধাই আনি তেওঁৰ লগত ভাত খাবলৈ বহুৱালে; আৰু মোৰ আইক টান হুকুম দিলে-সেইদিনাৰপৰা যেন তেওঁ মোক ভাত খাবলৈ তুলি নানে; বৰ আয়ে নিজে বা তেওঁৰ দুজনী বোৱাৰীয়েকৰ এজনীয়েহে আনিব।
বৰ ককাইদেও ৺ব্ৰজনাথ আৰু মাজু ককাইদেউ জগন্নাথ, এই দুজনৰ ঘৈণীয়েক দুজনাই মাথোন তেতিয়া আমাৰ ঘৰত বোৱাৰী। দুয়ো আকৃতিত যেনে শুৱনী প্ৰকৃতিতো তেনে আছিল। দুয়ো মোক নথৈ মৰম কৰিছিল; ময়ো তেওঁলোকক নথৈ ভাল পাইছিলো। বৰ-বৌৰ পিতা জোক্ তলীৰ মৌজাদাৰ আছিল। শৰাধ-বিধি বা আন কাম-কাজৰ সময়ত তেওঁ বাপেকৰ ঘৰলৈ গলে আমাকো পিছত মাতি লৈ গৈ এনে আদৰ-সাদৰকৈ খুৱাই-বুৱাই পঠিয়াইছিল যে সেই সুমধুৰ স্মৃতি এই জীৱন-স্মৃতি লেখকৰ স্মৃতিৰ ভিতৰত স্থায়ী হৈ আছে। বৰবৌ সৰবৌতকৈ বয়সত অনেক সৰু, আছিল, কাৰণ তেওঁ বৰ ককাইদেওৰ প্ৰথমা স্ত্ৰী-বিয়োগৰ পাছত বিয়া কৰোৱা দ্বিতীয়া স্ত্ৰী। সেইদেখি বৰবৌৱে সৰুবৌক নিজৰ জা-সম্পৰ্কতকৈও বায়েক সম্পৰ্কৰ চকুৰে দেখি সম্মান কৰিছিল। মুঠতে দুয়োজনী জাকৰ ভিতৰত মিলা-প্ৰীতিৰ দৃশ্যে অতি মনোৰম আছিল; দুয়ো অলপ অসমীয়া লেখা-পঢ়া জানিছিল। সৰুবৌৱে কাশীৰাম দাসৰ বঙ্গলা ছপা মহাভাৰতৰ কোনো এটা সৰু পৰ্ব পঢ়িব পাৰিছিল; কিন্তু লেখিব