পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
চতুৰ্থ আধ্য়া

উদাত্ত-অনুদাও স্বৰবিকম্পিত গাম্ভীৰ্যৰ ব্যোম ভেদ কৰি মোৰ খু্ক্‌খুকীয়া হাঁহি বিষম বিদ্ৰোহী হৈ উঠিছিল। এই ব্যাপাৰটো ঠিক যেন—কোনো দ্বাপৰযুগীয়া পূজাৰীয়ে তেওঁৰ গোসাঁইঘৰত অকলৈ বহি শালগ্ৰাম বা দেৱতাৰ মুৰ্তিৰ আগত মৃদু কণ্ঠেৰে একান্ত মনেৰে স্তোত্ৰ পাঠ কৰি থাঁকোতে সেই গোসাঁইৰ-ঘৰৰ মুধচত জানিবা দুটা ডালশলিয়াৰ দ্বন্দ-হাইৰ ধ্বনিৰে অকস্মাৎ সেই পৱিত্ৰ স্তোত্ৰৰ পৱিত্ৰাৱৰণ-ভেদ।

 লগুণ-দিয়নিৰ অন্তত যেতিযা টকলামুৰীয়া এডলীবা টিকনীয়া “বাচ্চা” ব্ৰহ্মচাৰী ল’ৰা মই হাতত পলাশৰ ডাল এটাৰ দণ্ড, কমণ্ডলু আৰু ভিক্ষাৰ মোনা হাতত লৈ মাতৃদেৱীৰ আগত উপস্থিত হলোগৈ, আৰু “ভৱতি মাতৰ ভিক্ষাং দেহি।” বুলি তেওঁক ভিক্ষা মাগিলোঁ, আৰু মোক বেঢ়ি থকা নামতী তিৰোতাবোৰে “—এ নাযাবা বৰাগী হৈ এ!” বুলি কৰুণ ৰসাত্মক গীত ধৰিলে, দেখিলো মাতৃদেৱীৰ চকু চল্‌চলীয়া হ’ল আৰু তেওঁ ৰিহাৰ আঁচলেৰে চকু মচিবলৈ ধৰিলে। কিয় কব নোৱাৰোঁ, ততালিকে মোৰো চকুৰপৰা দুধাৰ লো বৈ গ’ল। মই তিনি দিনলৈকে এই ব্ৰহ্মচৰ্য ৰাখি অন্তত দণ্ড পৰিত্যাগ কৰিলোঁ। সন্ধ্যাৰ সৰু পুথি এখনৰ মন্ত্ৰ এই তিনি দিনৰ ভিতৰত সম্পৰ্ণেকৈ মুখস্থ কৰিবলগীযাত পৰিছিলোঁ; আৰু অগত্যা কৰিছিলোঁও। প্ৰথম দিন চেৰেকলৈকে আনে দেখুৱাই দি মোক সন্ধ্যা কৰিবলৈ শিকাইছিল। পিছত নিজেই কৰিব পৰা হলোঁ।

 তেতিযা সন্ধ্যাৰ মন্ত্ৰবোৰ মোৰ মনত নগাৰ দোৱান যেন লাগিছিল; কাৰণ তাৰ মানে একো নুবুজিছিলোঁ; আৰু আনে বুজাইও নিদিছিল, অথচ মুখস্থ মাতি সেইবোৰেৰে সন্ধ্যা কৰিবলগীযাত পৰিছিলো; নকৰিলে হেনো ব্ৰাহ্মণ পতিত হয়। সেই দেখি প্ৰাণপণে সেই কাৰ্য সমাপন কৰিছিলোঁ। মই অনেক কালৰ পিছতহে হৃদয়ঙ্গম কৰিছিলোঁ যে সন্ধ্যাৰ বেদমন্ত্ৰবোৰৰ মানে অতি সুন্দৰ; অথচ মোক আগে সেইবোৰৰ মানে কোনেও ভালকৈ বুজাই নিদি সেইবোৰক মোব পক্ষে সন্নিপাত জ্বৰত পৰা মানুহব বী-বিয়নি আৰু সন্ধ্যাৰ অনুষ্ঠানবোৰক সেই নৰিয়াৰে আনুষঙ্গিক বহু বুলি ভবা কৰি তুলিছিল। আগডোখৰত সেই দেখিয়েই মই দিনে পাঁজি মেলি আঁউশী একাদশী বিচাৰি ফুৰিছিলোঁ, যাতে সন্ধ্যা খতি পাওঁ; কাৰণ “সাযং সন্ধ্যা ন্যাস্তি” পাঁজিৰ বচন মোৰ পক্ষে স্বস্তি-বচন হৈ পৰিছিল।

 প্ৰথমতে মোক বঙ্গলা স্কুলত নাম লগাই দিয়া হ’ল, একেবাৰেই তৃতীয় শ্ৰেণীত। সেইকালত অসমীয়াৰ মাতৃভাষা বঙ্গলা; অসমীয়া ভাষাটো এটা স্বতন্তৰীয়া ভাষা নহয়, মাথোন বঙ্গলা ভাষাৰহে এটা হেনাহুচা মাত, এই ভ্ৰমৰ বশবৰ্ত্তী হৈ গৱৰ্ণমেণ্টে আসামত অসমীয়া ল'ৰাৰ নিমিত্তে “আদৰ্শ বঙ্গ বিদ্যালয” নাম দি ছাত্ৰবৃত্তি পাছ কৰিবলৈ বঙ্গলা স্কুলবোৰ পাতি দিছিল। আমাৰ শিৱসাগৰতো ইংৰাজী স্কুলৰ ওচৰতে শাৰী পাতি এনেকুৱা মিছা দাবীৰ ঢোকাৰে থিয হোৱা আদৰ্শ-বঙ্গ-বিদ্যালয় এটাই বৰ ঘৰ, বৰ মেজ, বৰ চকী, বেঞ্চ লৈ, অসমীয়া কুমলীয়া ল'ৰাৰ কুমলীয়া মনৰ ওপৰত ঘেঁহু পিহা জাতৰ নিচিনা বঙ্গলা ভাষাৰ জাত এখন ঘৰ্ঘৰ কৰে ঘূৰাই আছিল। সেই স্কুলতে প্ৰথমতে