পাতয়েৎ” কৰি মই নিশ্চিন্ত মনেৰে পঢ়িবলৈ লাগি গলো। ফলত, মই এফ্-এ পৰীক্ষাত উত্তীৰ্ণ হলো। আৰু সেই বাতৰি শুনিহে ঘৰমুৱা হলো।
ৰায়বাহাদৰ গুণাভিৰাম বৰুৱা ডাঙৰীয়াৰ সহধৰ্মিণী শ্ৰীমতী বিষ্ণুপ্ৰিয়া দেবী আসামৰপৰা আহি তেওঁৰ ল'ৰা-ছোৱালীকেইটিৰে সৈতে, কলিকতাত মাণিকতলা ষ্ট্ৰীটৰ ভেৰোণীয়া ঘৰ এটাত আছিল। মই দ্বিতীয়বাৰ কলিকতালৈ আহি তেওঁলোকৰে সৈতে দেখা কৰিবলৈ গৈছিলো। ৰাষবাহাদৰ ডাঙৰীযাই তেতিয়াও কামৰপৰা অৱসৰ লই নগাও এৰি কলিকতালৈ অহা নাছিল। বৰুৱা ডাঙৰীয়াৰ একো একোটি পুতলা যেন ল’ৰা-ছোৱালীৰে সৈতে কি সুন্দৰ পৰিবাৰটি। তেওঁৰ সাদৰী সহধৰ্মিণীয়ে আদৰসাদৰৰ মাত-কথাৰে তিলেকতে মোৰ শ্ৰদ্ধা আকৰ্ষণ কৰি পেলালে। সম্বন্ধত ডাঙৰীয়ানীৰ মই মোমায়েক হওঁ। তেওঁৰ ঘৰলৈ গলেই তেওঁ “মোমাইদেও ইয়াতে বহক, এইটো খাওক, সেইটো চাওক”, ইত্যাদি আদৰৰ মাতেৰে সদায় মাক বাপেকৰ আদৰ পাই থকা আৰু, ঘৰ এৰি প্ৰবাসত থকা এই home sick অথাৎ নিজঘৰ-কাতৰুৱা ল’ৰাটোৰ নিমিত্তে তেওঁলোকৰ প্ৰবসুৱা ঘৰখন একেবাৰেই নিজা ঘৰ যেন কৰি পেলাইছিল। তেওঁৰ জীয়কে শ্ৰীমতী স্বৰ্ণ লতাই তেতিয়া বেথুন স্কুলত পঢ়িছিল। অসমীযা ছোৱালীৰ পক্ষে সেইটো নতুন কথা। মোৰ আপোন ভনীৰ দৰে স্বৰ্ণৰ সৰল ব্যৱহাৰত মই মদ্ধ হৈছিলো। শ্ৰীমান জ্ঞানদাভিৰাম (এতিয়া জে, বৰুৱা স্কোয়াৰ, বেৰিষ্টৰ-এট্-ল, প্ৰিঞ্চিপেল, আৰ্ল-ল কলেজ) তেতিয়া নুমলীয়া সৰু ল'ৰা। তেওঁক মই কোলাত লৈ, বোকোচাত তুলি মৰম কৰি নথৈ সন্তোষ লভিছিলো। তেওঁ গঢ় আৰ, বৰণত হবে, এটি য়ুৰোপীয থোলোকা ল’ৰা যেন আছিল। তেওঁৰ বৰ ককাইদেৱেক কৰুণা আৰু মাজু ককাইদেৱেক কমলাও বগা আৰু দেখনিয়াৰ ল’ৰা আছিল। কি পৰিতাপৰ বিষয়, এনে দুটি ল’ৰা অকালতে পৰলোকলৈ গ'ল। ডাক্তৰ নন্দকুমাৰ ৰায় নামেৰে এজন বিলাতত ডাক্তাৰী পঢ়ি অহা বঙ্গালী ভদ্ৰলোকেৰে সৈতে শ্ৰীমতী স্বৰ্ণলতাক বিয়া দিয়া হৈছিল। দুজনী সৰু ছোৱালীৰে সৈতে স্বৰ্ণলতাক বিধৱা কৰি থৈ ডাক্তৰ ৰায়ো অকালত পৰলোকলৈ গ'ল। বিষ্ণুপ্ৰিয়া দেৱীয়ে “নীতিকথা” নামেৰে নীতিগত কিতাপ এখনি ৰচনা কৰিছিল। মন কৰিবলগীয়া কথা যে পইত্ৰিশ-ছয়ত্ৰিশ বছৰৰ আগেয়ে অসমীয়া ভদ্ৰমহিলা এজনাই শুৱলা আৰু প্ৰাঞ্জল অসমীয়া ভাষাত এনে এখনি গ্ৰন্থ ৰচনা কৰিছিল। ডাঙৰীনী বিষ্ণুপ্ৰিয়া যে বুৰঞ্জীবিজ্ঞ প্ৰবীণ সাহিত্যক “আসাম-বন্ধু”ৰ সম্পাদক সুবিখ্যাত ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱাৰ উপযুক্ত সহধৰ্মিণী—এই কাৰ্যই সেইটোকে ভালকৈ প্ৰমাণ কৰে।
মই তেতিয়া কলিকতাৰ ৫৩ নম্বৰ কলেজ স্ট্ৰীটৰ অসমীয়া আৰু বঙ্গালী ছাতৰেৰে সান-মিহলি মেছত। এই মেছৰ গাতে লগা ১৪১, প্ৰতাপচন্দ্ৰ চাটুৰ্জীৰ লেনত এটা অবিমিশ্ৰ অসমীয়া ছাতৰৰ মেছ আছিল। শ্ৰীযুত সত্যনাথ বৰা, শ্ৰীযুত দেৱীচৰণ বৰুৱা, ৺কালীকান্ত বৰকাকতী, ৺ঘনশ্যাম বৰুৱা (অনাৰেবোল ৰায়বাহাদুৰ), শ্ৰীযুত ৰাধাকান্ত সন্দিকৈ (ৰায়বাহাদুৰ), শ্ৰীযুত গজানন বৰুৱা, শ্ৰীযুত গোপীনাথ