সমললৈ যাওক

পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
সপ্তম আধ্যা

বেহাবেপাৰৰ কাৰ্যৰ তত্ত্বাৱধান কৰিছিল আৰু কলেজতো পঢ়িছিল। যিদিনা প্ৰথমতে তেওঁৰে সৈতে মোৰ চিনা-জনা হয়, সেই দিনাৰপৰাই তেওঁৰ হাঁহিমুখ, মিঠা কথা আৰু মোহন বাৱহাৰে মোৰ মন তেওঁৰ ফালে টানি নিলে। অচিৰতে আমাৰ দুইৰো মাজত বন্ধুতাৰ ঘনিষ্ঠতা সংস্থাপিত হ’ল। তেওঁৰ মনৰ ঢাল সাহিত্য-চৰ্চাৰ ফালে; আৰু মোৰো তথৈৱচ। তেওঁ “জোনাকী” নামেৰে এখন মাহেকীয়া অসমীয়া কাকত উলিয়াবলৈ থিৰ কৰি আমাৰে সৈতে পৰামৰ্শ কৰিলে। মই তেওঁক সেই কাৰ্যত নথৈ উৎসাহ দি “জোনাকী”লৈ প্ৰবন্ধ লেখিবলৈ সাজু হলো। ১৮১০ শকৰ মাঘ মাহত “জোনাকী”ৰ প্ৰথম সংখ্যা ওলাল। সেই সংখ্যাৰেপৰা এবছৰলৈকে লেছাৰি নিছিগাকৈ মোৰ “লিটিকাই” তাত ওলাবলৈ ধৰিলে। একাধাৰে সম্পাদক, কাৰ্যাধ্যক্ষ আৰু স্বত্বাধিকাৰী শ্ৰীযুত চন্দ্ৰকুমাৰ আগৰৱালাই “জোনাকী“ৰ নিমিত্তে অশেষ পৰিশ্ৰম কৰিবলৈ ধৰিলে। প্ৰথম সংখ্যাত তেওঁৰ সুলিখিত “আত্মকথা”ই জোনাকীৰ উদ্দেশ্য শুৱলাকৈ কৈ দিলে। “আত্মকথা”ত লেখিছিল, “অসমত কাকতৰ গতি কচুপাতত পানীটুপি’ৰ দৰে। মানুহৰ চেষ্টা অজৰ-অমৰ বুলি জানিহে আমাৰ সাহ , উদ্যোগীষে মৰণ কি ক’ব নোৱাৰে। জীৱনেই হৈছে কাৰ্যশীল, কৰিবলগীয়া কাম কৰিম—ফল লাভ পাছৰ কথা। কামৰ চকৰিৰ তলত বহু মৰেও, জীয়েও; মৰি জীহে সংসাৰৰ কাৰ্য সাধিব পাৰি। আমাৰ উদ্দেশ্য কি অনেকে সুধিব। সম্প্ৰতি ইয়াকে ক’লেই হব যে আমাৰ কাৰ্য দেখি আমাক সকলোৱে বুজিব পাৰিব—আমাৰ কামটি বুজিব নোৱাৰা সাঁথৰ নহয়। ৰাজনীতি আমাৰ “ৰাজ্য“ৰ বাহিৰ, এই পৰাধীন দেশত “প্ৰজানীতি”হে ধৰিবলগীয়া। সাহিত্য, বিজ্ঞান, সমাজ ইত্যাদি আমাৰ আলোচনাৰ বিষয—এইবিলাক সাধ্যমতে বুজিবলৈ আৰু প্ৰকাশ কৰিবলৈ যত্ন কৰিম। “বাদ”, “প্ৰতিবাদ’ আমি আদৰেৰে আমাৰ কোলাত ঠাই দিম। সেইবুলি ব্যক্তিগত নিন্দাক ওচৰ চাপিবলৈ নিদিওঁ। ভাষালৈ আমাৰ বিশেষ চকু থাকিব। অসমৰ আটাই শ্ৰেণীৰ মানুহে যেন আমাক মৰম কৰে তালৈ আমি যত্ন কৰিম। নকৈ উঠি অহা অসমৰ নিমিত্তে আমাৰ আটাই শক্তি ব্যষ কৰিম। এই পাছ পৰি থকা আন্ধাৰ দেশলৈ অলপ ‘জোনাক’ সুমুৱাব নোৱাৰিলেও, যদি নিজে নিজেও যত্নৰ ফিৰিঙ্গতিৰ পোহৰত বাট পাওঁ তেনে আমাৰ শক্তিৰ মিছা ব্যয় হোৱা নাই বুলি ভাবিম। আমি জানো আমাৰ দেশ শিক্ষাত পাছ, জ্ঞানত ভিখাৰী, ধনত দুখীয়া, সংখ্যাবলত শক্তিহীন, স্বাস্থ্যত ৰুগীযা, কামত এলেহুৱা ও পৰাধীন—কিন্তু আমি নিজশক্তি অনুযাষী হৈহে কামত হাত দিব পাৰোঁ। আমি যুঁজিবলৈ ওলাইছোঁ “আন্ধাৰ”ৰ বিপক্ষে। উদ্দেশ্য—দেশৰ উন্নতি “জোনাক”। কিমানলৈ আগ বাঢ়িব পাৰিমহক সেইটো নিজৰ শক্তিচালনা ও সুযোগৰ ওপৰতহে ৰৈ আছে। আটাইযে উঠিপৰি লাগোঁহক, সুযোগও আপুনি ওলাবহি; পাটীত পৰি দিন গণিবৰ সময় নাই। চাৰিওফালে হুৰহুৰাই “কাম” চলিছে—অসমীযা বহি থাকিবনে? এই ভাপ-নাও, ভাপ-ৰথ, বিজুলী-ডাকৰ দিনতো যদি হাত-ভৰি কোঁচাই বহি থাকোঁহক, তেনে আৰু আগ বাঢ়ি যোৱাসকলৰ লগ