পৃষ্ঠা:মোৰ জীৱন-সোঁৱৰণ বেজবৰুৱা.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বুলি কৈ তাৰে সৰু হাড় এডোখৰ মোৰ গাৰ ফালে দলি মাৰি দিছিল আৰু মই চুৱা হ’বৰ ভয়ত একে লৰে আমাৰ ঘৰ পাইছিলোঁহি। শ্ৰীযুত হলিৰাম বৰুৱাৰ ওপৰত মোৰ বিতৃষ্ণা জন্মাৰ আৰু এটা কাৰণ ঘটিছিল। দিন চেৰেকৰ আগতে তেওঁৰ ঘৰৰ চালত এটা হুদু পৰিছিল আৰু সেইটো অমঙ্গলৰ কথা দেখি তেওঁ পূজা শান্তিকৰম আদি কাৰ্য বামুণৰ হতুৱাই কৰাই, সেই অমঙ্গলৰ প্ৰতিবিধান কৰিবলীয়াত পৰিছিল। এদিন মই গধুলি মোৰ পাঠ্য বঙ্গলা কিতাপ এখন পঢ়ি থাকোঁতেই তেওঁ আহি মোৰ ওচৰত বহিল। কিতাপখনত এটা ফেঁচাৰ ছবি আছিল। তেওঁ ছবিটো দেখিয়েই, ততালিকে মোৰ আগতে জিয়াচলিৰ কাঠী এটা মাৰি তাৰে ফেঁচাটোৰ মুখাগ্নি কৰিলে। ফেঁচাৰ মুখেৰে অলঙ্কৃত মোৰ কিতাপৰ পাতটোৰ সেই ডোখৰ পুৰি গৈ তাত ভাঙৰ ফুটা এটা হ’ল। মুখাগ্নি কৰা ফেঁচাৰ শোকাগ্নিত মোৰ কুমলীয়া মনৰো এডোখৰ দগ্ধ হৈ গ'ল; মই কান্দিবলৈ ধৰিলোঁ। মোক যদিও ঘৰৰ আন মানুহে নানা কথা কৈ চেঁচনি-বুজনি দি কিছুমান বেলিৰ মৰত শান্ত কৰিলে, কিন্তু মোৰ dislike বিতৃষ্ণা শ্ৰীযুত বৰুৱাৰ প্ৰতি আৰু বদ্ধমূল হ’ল। ঘাইকৈ আৰু এইবাবে যে ফেঁচা-পোৰা বৰুৱা ডাঙৰীয়াই তেওঁৰ দুস্কৃতিৰ নিমিত্তে এখুদমানো অনুতাপ নকৰি আৰু মোৰ শোকাগ্নি নিৰ্বাপন কৰিবলৈ এতিলমানো চেষ্টা নকৰি, লঙ্কা দাহ কৰি হনুমন্তই নিজৰ বিবেকত এটা বেজাৰৰ ঘোচাকো অনুভৱ নকৰাকৈ বীৰদৰ্পে অশোকবনলৈ গুচি গল।

 আমাৰ ঘৰৰ কাষতে তোলন সাজতোলা নামেৰে দিহিঙৰ গোসাঁইৰ সাজতোলা এজন আছিল। সাজতোলা বয়সত বুঢ়া, জাতত আহোম আৰু দিহিঙৰ গোসাঁইৰ বৰ নিষ্ঠাৱান সেৱক আছিল। নাম-প্ৰসঙ্গ, গীত-পদ আদিত সদায় তেওঁৰ ৰতি আছিল দেখি আৰু দেউতাক বৰ মান-সৎকাৰ উপাসা-ভাৰসা কৰি চলিছিল দেখি, সাজতোলাক দেউতাই বৰ ভাল পাইছিল। আমিও ভাল পাইছিলো। সাজতোলা ঘৈণীয়েক, পুতেক, বোৱাৰীয়েকেৰে সমৃদ্ধিশালী আছিল।

 ধনী নামৰ আমাৰ এটা লগুৱা আছিল। তাৰ ঘৰ যোৰহাটৰ ওচৰৰ চাওখাত মৌজাত। বাস্তৱিক পক্ষত সেই কালত চাওখাতক আমাৰ ঘৰৰ পক্ষে লগুৱাৰ বৰ-ভঁৰাল বুলিলে বঢ়াই কোৱা নহয়। বেঙ্কলৈ চেক ( cheque) পঠিয়াই দিলে টকা পোৱাৰ দৰে আমাৰ দেউতা আৰু ককাইদেওসকলে আৱশ্যকমতে চাওখাতলৈ বাতৰি পঠিয়াই তাৰপৰা লগুৱা পাইছিল। ধনীৰে সৈতে তাৰ ককায়েক গোজৰ আৰু ভায়েক সিদ্ধিৰাম, এই তিনিও পাল পাতি এবছৰ দুবছৰকৈ দেউতাৰ লগত নগাওঁ, বৰপেটা, তেজপুৰ, লখীমপুৰ আৰু গুৱাহাটীত লগুৱা কাম কৰিছিল; আজি-কালি লগুৱা আৰ গিৰিহঁতৰ ভিতৰত যেনেকৈ মাথোন দৰমহাৰহে সম্বন্ধ, সেই কালত তেনে নাছিল, সেই কালত লগুৱা-লিগিৰীবোৰ গৃহস্থৰ পৰিয়ালৰ একো একোটা অপৰিহাৰ্য অঙ্গ আছিল। ধনৰ সম্বন্ধতকৈ মৰমৰ সম্বন্ধ প্ৰবল আছিল। হিন্দু শাস্ত্ৰৰ সুন্দৰ অনুশাসন-“ছায়া স্বদাসবৰ্গশ্চ” অৰ্থাৎ দাস-দাসীবোৰ গৃহৰ গাৰ ছাঁৰ